টাইমছ নাউ সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে কৰদাতাসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিবিচাৰে৷ তেওঁ কয় যে পূৰ্বে ভাৰতৰ দমনশীল প্ৰক্ৰিয়াচালিত কৰ ব্যৱস্থা এতিয়া নাগৰিক অনুকূল হিচাপে বিবেচিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে জিএছটি, এইবাৰৰ বাজেটত সন্নিৱিষ্ট কৰা বৈকল্পিক আয়কৰ শ্লেব আৰু ঔদ্যোগিক কৰৰ হ্ৰাসৰ দৰে সংশোধনীমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ কয় যে চৰকাৰে পূৰ্বৰ গড় জিএছটি হাৰ ১৪.৪%ৰ পৰা ১১.৮%লৈ হ্ৰাস কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বৈষম্যতা তথা হাৰাশাস্তি নোহোৱা কৰিবলৈ আয়কৰ মূল্যায়নৰ মানৱ হস্তক্ষেপবিহীন প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰয়াসসমূহৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কৰ আদায়ৰ প্ৰযোজনীয়তা তথা ই আন্তঃগাঁথনি বিকাশ লগতে প্ৰাথমিক সা-সুবিধাসমূহৰ বিকাশত কিদৰে অৱদান আগবঢ়াব পাৰে সেই বিষয়ে উল্লেখ কৰে৷ দেশৰ বিকাশৰ বাবে জনসাধাৰণক কৰ আদায় দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘তিনি কোটিত কৈও অধিক লোকে ব্যৱসায়িক কাৰণত অথবা পৰ্যটক হিচাপে বিদেশলৈ যাত্ৰা কৰে৷ বহু লোকে যান-বাহন ক্ৰয় কৰিছে৷ কিন্তু পৰিস্থিতি এনেকুৱা হৈছে যে ১৩০ কোটি জনতাৰ কেৱল ১.৫ কোটিয়েহে কৰ আদায় দিছে৷’’ তেওঁ ইয়াকো কয়, ‘‘এয়া অবিশ্বাস্য যদিও দেশৰ কেৱল ২,২০০ পেছাদাৰী লোকেহে তেওঁলোকৰ বাৰ্ষিক আয় ১ কোটি টকা বুলি ঘোষণা কৰিছে!’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry