Share
 
Comments

যুৱশক্তিক সু-সজ্জিত কৰা

ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক যুৱশক্তিৰে সমৃদ্ধ এখন দেশ। জনসাংখ্যিক বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে উন্নত মানৰ শিক্ষা আৰু সংস্থাপনৰ সুযোগ সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ যুৱসমাজ অধিক সবলীকৰণ আৰু উন্নত জীৱন-যাপনৰ বাবে অধিক ইচ্ছুক সময়ৰ পৰিৱৰ্তনৰ লগে লগে চৰকাৰেও তেওঁলোকৰ আকাংক্ষাসমূহ পূৰণৰ বাবে সঁহাৰি জনাইছে। এই আকাংক্ষাসমূহৰ প্ৰতি গুৰুত্ব আৰোপেৰে যুৱশক্তিক সু-সজ্জিত কৰি তোলাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে বিদ্যালয়ৰ শিক্ষা, উচ্চ শিক্ষা, গৱেষণা আৰু উন্নয়ন দক্ষতাৰ ক্ষেত্ৰত কেতবোৰ পৰিৱৰ্তনশীল পদক্ষেপ গ্ৰহণ কৰিছে।  

শিক্ষাৰ পৰিৱৰ্তন, অধিক সবলীকৰণ

স্কুলীয়া শিক্ষাৰ সংস্কাৰমূলক দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি প্রথমবাৰলৈ শিক্ষার্থীসকলৰ মাজত শৈক্ষিক ফলাফল আৰু বিভিন্ন অংশীদাৰৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

 

নতুন দক্ষতা গঢ়ি তোলাৰ বাবে দেশৰ বিভিন্ন বিদ্যালয়ত ১০০টা অটল টিংকাৰিং গৱেষণাগাৰ স্থাপনত অনুমোদন জনোৱা হৈছে। ইয়াৰ লক্ষ্য হৈছে ৩ডি প্ৰিণ্টিং, ৰটিকছ, আইঅটি আৰু মাইক্ৰপ্ৰচেছৰছৰ দৰে ক্ষেত্ৰত নতুনত্ব উদ্ভাৱন আৰু ভাৰতত নতুন উদ্ভাৱক সৃষ্টি কৰিব পৰাকৈ শিক্ষাৰ্থীসকলক উলিয়াই অনা

 

সেৱাখণ্ডৰ উপৰি তথ্য প্ৰযুক্তি, গৱেষণা আৰু নতুনত্ব উদ্ভাৱন ইত্যাদি বিষয়ত ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বৰ পৰ্যায়ত এক স্থান নিগাজী কৰিলেও এইক্ষেত্ৰত আৰু উৎসাহিত কৰাৰ থল আছে। বৈজ্ঞানিক গৱেষণাই সময়, সম্পদ আৰু উদ্গনি বিচাৰে। এইবোৰৰ অবিহনে যুৱক-যুৱতীসকলৰ গৱেষণাৰ প্ৰতি আগ্ৰহ থকা সত্ত্বেও বজাৰত উপলব্ধ চাকৰিতে সন্তুষ্ট থাকিবলৈ বাধ্য হয়।

এই বিষয়সমূহক লৈ বিগত চাৰি বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, প্ৰধানমন্ত্ৰীৰ ৰিচাৰ্ছ ফেলশ্বীপ(পিএমআৰএফ)ৰ কথাকে কব পাৰি। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীৰ ৰিচাৰ্ছ ফেলশ্বীপৰ অধীনত বিজ্ঞান আৰু গৱেষণা শিতানত বৃহৎ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে, যত পাঁচ বছৰৰ বাবে প্ৰতিমাহে ৭০,০০০-৮০,০০০ টকাৰ জলপানি প্ৰদান কৰাৰ লগতে পিএইচডি আৰু শৈক্ষিক দিশৰ যাৱতীয় খৰচ আৰু বিদেশ/দেশৰ বিভিন্ন ঠাই ভ্ৰমণৰ বাবে হোৱা খৰচৰ বাবদ বছৰি ২ লাখ টকাকৈ পাঁচ বছৰৰ বাবে প্ৰদান কৰা হৈছে।

কেইবাখনো বিশ্ববিদ্যালয়, ৭খন আইআইটি, ৭খন আইআইএম, ১৪খন আইআইআইটি, ১খন এন আই টি, ১০৩খন কেন্দ্ৰীয় বিদ্যালয় আৰু ৬২খন নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছে। ২০১৭ চনত ভাৰত চৰকাৰে ইণ্ডিয়া ইনষ্টিটিউট মেনেজমেণ্ট(আইআইএম) বিল, ২০১৭ত অনুমোদন জনায়, যাৰ অধীনত এই আইআইএমসমূহক দেশৰ গুৰু্ত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰি ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদানত অনুমোদন জনায়। ইয়াৰ দ্বাৰা আইআইএমসমূহৰ স্বতন্ত্ৰতা বৃদ্ধি পাব।

  • উচ্চ শিক্ষাত সুযোগ

    পূৰ্বতে অৱজ্ঞা কৰি অহা বিষয়সমূহত এই চৰকাৰে চাৰি বছৰত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে এক ধাৰণা দিয়ে যে শিক্ষা ব্যৱস্থা চাৰি বছৰত যথেষ্ট সবলীকৰণ হৈছে আৰু ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকল উপকৃত হৈছে। সেইবোৰ হৈছেঃ

    • চৰকাৰে শিক্ষাখণ্ডত এক উদাৰীকৰণ ব্যৱস্থা অন্তৰ্ভূক্ত কৰা বাবে গুৰুত্ব আৰোপ কৰাৰ লগতে গুণগত মানৰ স্বতন্ত্ৰতাৰ সৈতে সংযোগ স্থাপনত জোৰ দিছে। ২০১৮ৰ মাৰ্চত ইউজিচিয়ে এক ঐতিহাসিক সিদ্ধান্ত মৰ্মে উচ্চ শৈক্ষিক মানদণ্ড বজাই ৰখা ৬০খন বিশ্ববিদ্যালয়ক স্বতন্ত্ৰতা প্ৰদান কৰে।
    • ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সিক আন্তঃৰাষ্ট্ৰীয় মানৰ হিচাপত উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা আয়োজন কৰাৰ বাবে এক স্বতন্ত্ৰ আৰু বহনক্ষম অগ্ৰণী পৰীক্ষণ সংস্থা হিচাপে প্ৰতিষ্ঠা কৰে।
    • বহু শিক্ষাৰ্থীক তেওঁলোকৰ অধ্যয়ণ সম্পূৰ্ণ কৰাৰ বাবে যথেষ্ট পৰিমাণে জলপানি প্ৰদান কৰা হৈছে।
    • শিক্ষণৰ ফলাফল শিক্ষকৰ গুণাগুনৰ ওপৰতো নিৰ্ভৰশীল। উত্তম শিক্ষক গঢ় দিয়াৰ হকে শিক্ষক প্ৰশিক্ষণৰ ওপৰত ব্যাপক হাৰত গুৰুত্ব দিয়া হৈছে।
    ২০টা প্ৰতিষ্ঠানক শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হব। ইয়াৰ দ্বাৰা আশা কৰা হৈছে যে ১০ বছৰৰ ভিতৰত এই নিৰ্বাচিত প্ৰতিষ্ঠানসমূহে বিশ্বৰ শীৰ্ষ ৫০০খন প্ৰতিষ্ঠানৰ ভিতৰত স্থান পোৱা লগতে পৰৱৰ্তী সময়ত সেইবোৰ শীৰ্ষ ১০০খনৰ তালিকাত অন্তৰ্ভূক্ত হয়।
  • গৱেষণা আৰু পাৰদৰ্শীতাৰ বাবে অটল ইনোভেচন মিচন
  • বিদ্যালয়ৰ পৰা গৱেষণা আৰু উদ্ভাৱনৰ দিশৰ কাম কৰিব পৰাকৈ এক অনুকূল পৰিৱেশ গঢ়ি তোলা। ইয়াৰ জৰিয়তে দেশৰ অভিনৱ উদ্ভাৱন ব্যৱস্থাক একেটা মঞ্চৰ অধীনলৈ অনাৰ লগতে বিভিন্ন আঁচনিৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে পৰিৱেশ অনুকূল পৰিৱেশ সৃষ্টিৰে জাগৰণ সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ হৈছে।

যুৱ সমাজৰ মাজত গৱেষণা আৰু নতুনত্ব উদ্ভাৱনক দেশজুৰি প্ৰচাৰৰ লক্ষ্যৰে ২০১৭ চনত ২৪০০ বিদ্যালয়ত ইনকিউবেচন চেণ্টাৰ স্থাপন কৰা হয়৷ এই অভিযানে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান, নিৰীক্ষক, উদ্যোগীৰ লগতে প্ৰতিভাসম্পন্ন ব্যক্তিয়ে আমাৰ যুৱ সম্প্ৰদায়ক এগৰাকী ভাল উদ্যোগী হব পৰাকৈ তত্বাৱধান কৰাৰ এখন মঞ্চ লাভ কৰে৷ ইয়াৰ দ্বাৰা নতুন উদ্ভাৱনসমূহক বজাৰলৈ নিয়াৰ লগতে এই উদ্ভাৱনৰ বাবে এক উদ্যোগ গঢ়ি তোলা হয়৷ 

   দক্ষতা বিকাশ আৰু বৃত্তিমুলক প্ৰশিক্ষণৰ পৰিৱেশ গঢ় দিয়া

প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষতা বিকাশৰ জৰিয়তে কেতবোৰ হ্ৰস্ৰকালীন প্ৰশিক্ষণ প্ৰদান কৰি দেশৰ যুৱ সমাজৰ দক্ষতাক চিহ্নিত কৰি যুৱ সমাজক সবলীকৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ শুভাৰম্ভ কৰে, যাতে তেওঁলোকে সংস্থাপন লাভ কৰে৷ দক্ষতা বিকাশ আৰু ঔদ্যমিতা মন্ত্ৰালয়ৰ অধীনত বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে ইতিমধ্যে দেশৰ ১ কোটিতকৈ অধিক যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে৷ দেশত ইয়াৰ অধীনত ৩৭৫টা শাখাৰ ১৩,০০০তকৈ অধিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়৷ দেশৰ প্ৰতিখন জিলাতে প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰা হৈছে৷ 

 আত্ম-সংস্থাপনৰ জৰিয়তে যুৱশক্তিক সজ্জিত কৰা

যুৱ উদ্ভাৱনকাৰী আৰু উদ্যোগী গঢ় দিয়াৰ লক্ষ্যৰে ২০১৬ৰ ১৬ জানুৱাৰীত ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ শুভাৰম্ভ কৰা হয়৷ ইয়াৰ অধীনত ৭ বছৰীয়া ষ্টাৰ্ট-আপ আৰু অন্যান্য ব্যয়ৰ ক্ষেত্ৰত প্ৰথম তিনি বছৰৰ কৰ ৰেহাই দিয়া হয়৷

 

  • প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত উদ্যোগীসকলক সকাহ দিয়াৰ লক্ষ্যৰে তেওঁলোকৰ কোনোধৰণৰ বন্ধকী নোলোৱাকৈ ঋণ প্ৰদান কৰা হৈছে৷ ২০১৫ৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ১৩ কোটিতকৈ অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীয়ে প্ৰায় ৬.৫ লাখ কোটি টকা ঋণ লাভ কৰিছে, যিটোৱে এক ঔদ্যোগিক পৰিৱেশ গঢ় দিছে৷ ২০১৮ চনৰ বাজেটত পূৰ্বৰ বছৰতকৈ ২০% অধিক ব্যয় ধাৰ্যৰে ৩ লাখ কোটি আবণ্টন কৰা হৈছে৷ 
  • সংস্থাপন সৃষ্টিৰ তিনিটা দীৰ্ঘস্থায়ী দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে৷
  • অধিক সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰে সৰ্বাধিক সুযোগ সৃষ্টিকাৰী ৰাজহুৱা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে৷ এই ক্ষেত্ৰত কৰা সমীক্ষাসমূহে ৰাজহুৱা খণ্ডত সুযোগৰ হাৰ বৃদ্ধি পোৱা বুলি দেখুৱাইছে৷ একেদৰে ব্যক্তিগত খণ্ডত যুৱশক্তিক মুদ্ৰা, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়া দৰে ক্ষেত্ৰসমূহ জৰিয়তে সু-সজ্জিত কৰি তোলা হৈছে৷
  • ক্ৰীড়া আৰু ক্ৰীড়াসুলভ পৰিৱেশ বৃদ্ধি
  • জীৱনৰ বাবে ক্ৰীড়া আৰু ফিটনেছ দুয়োটা অতি মূল্যবান৷ খেলৰ জৰিয়তে দলগতভাৱে কাম কৰা মনোভাৱ, কৌশলগত মনোভাৱৰ উন্নয়ন আৰু বিশ্লেষণাত্মক চিন্তা-ভাৱনা, নেতৃত্বৰ দক্ষতা, লক্ষ্যত উপনীত হোৱা আৰু প্ৰত্যাহ্বান গ্ৰহণ ইত্যাদিৰ ক্ষেত্ৰত শক্তি যোগায়৷
  • ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভাৰ সন্ধান তথা ক্ৰীড়াৰ জৰিয়তে গৌৰৱ বৃদ্ধি কৰিবলৈ চৰকাৰ পৰ্যায়ত তথা ব্যক্তিগতভাৱেও প্ৰধানমন্ত্ৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷

  • ক্ৰীড়াক্ষেত্ৰত উৎসাহ যোগাবলৈ গ্ৰহণ কৰা কেতবোৰ পদক্ষেপ হৈছেঃ

    • মণিপুৰত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন৷ ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া ব্যৱস্থাপনা, ক্ৰীড়া প্ৰশিক্ষণৰ প্ৰচাৰৰ বাবে স্থাপন কৰা এয়াই দেশৰ এনেধৰণৰ প্ৰথমটো প্ৰতিষ্ঠান, যত নিৰ্বাচিত প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাৰ্যনিবাহ কৰিব৷ ইয়াৰ জৰিয়তে উত্তৰ-পূবত আৰু অধিক প্ৰতিভাসম্পন্ন ক্ৰীড়া প্ৰতিভা গঢ় দিয়াৰ লক্ষ্য লোৱা হৈছে৷
    • ২০১৭ৰ ৫ ফেব্ৰুৱাৰীত গুজৰাটৰ গান্ধীনগৰত বিশ্বমানৰ সুবিধাযুক্ত দেশৰ প্ৰথমটো পেৰা এথলীট প্ৰশিক্ষণ কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰা হয়৷

    ভাৰতে ২০১৮ৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেল্থ গেমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৬৬টা পদক অৰ্জন কৰি অভিলেখ ৰচনা কৰে৷

    খেলো ইণ্ডিয়া হৈছে এক গণ আন্দোলন,যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ সংস্কৃতি আৰু ফিটনেছৰ ধাৰণা প্ৰচাৰ কৰিব পাৰি৷ ইয়াৰ জৰিয়তে তৃণমুল পৰ্যায়ত আমাৰ ক্ৰীড়া সংস্কৃতি পনৰুজ্জীৱিত কৰাৰ লগতে আমাৰ দেশত খেলা খেলসমূহৰ বাবে এক শক্তিশালী আন্তঃগাঁথনিৰে ভাৰতক এখন বৃহৎ ক্ৰীড়াপ্ৰধান দেশ হিচাপে গঢ়ি তোলা৷

    ক্ৰীড়াক্ষেত্ৰত উৎসাহ যোগাবলৈ গ্ৰহণ কৰা কেতবোৰ পদক্ষেপ হৈছেঃ

    • বিভিন্ন পৰ্যায়ত অগ্ৰণী ক্ৰীড়া শাখাৰ প্ৰতিভাসম্পন্ন খেলুৱৈৰ বাবে ৮ বছৰৰ বাবে প্ৰতিবছৰে ৫লাখকৈ বিত্তীয় সাহায্য আগবঢ়াই বিত্তীয় অনিশ্চয়তা দূৰ কৰা৷
    • ২০১৮ৰ জানুৱাৰীত প্ৰথম খেলো ইণ্ডিয়া বিদ্যালয় ক্ৰীড়াৰ শুভাৰম্ভ কৰা হয়, যত দেশৰ ২৯খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৩৫০৭গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷
    • ২০১৭-১৮ৰ পৰা ২০১৯-২০ লৈ খেলো ইণ্ডিয়া কাৰ্যসূচীৰ বাবে সৰ্বমুঠ ১,৭৫৬ কোটি টকা ধাৰ্য কৰা হৈছে৷
    • দেশৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলে তেওঁলোকৰ কৃতিত্ব শ্বেয়াৰ কৰিব পৰাকৈ এক স্বচ্ছ ক্ৰীড়া প্ৰতিভা সন্ধানী পৰ্টেলৰ শুভাৰম্ভ কৰা হয়৷
    ক্ৰীড়া ক্ষেত্ৰত সৃষ্টি কৰা এই পৰিৱেশৰ বাবে বহু যুৱক-যুৱতীয়ে ক্ৰীড়াক এতিয়া কেৰিয়াৰ হিচাপে লব পাৰে৷

With the ecosystem in place to nurture the sports talent, many youth can take up sport as a respectable career path.

ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
‘Modi Should Retain Power, Or Things Would Nosedive’: L&T Chairman Describes 2019 Election As Modi Vs All

Media Coverage

‘Modi Should Retain Power, Or Things Would Nosedive’: L&T Chairman Describes 2019 Election As Modi Vs All
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!