মহামহিম,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

আপোনালোক সকলোকে ভাৰতলৈ আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত।

ভাৰত আৰু ওমানৰ সম্পৰ্কত আজি এক ঐতিহাসিক দিন।

আজি ২৬ বছৰৰ মূৰত ওমানৰ চুলতান ভাৰতলৈ ৰাষ্ট্ৰীয় ভ্ৰমণত আহিছে।

আৰু মই তথা ১৪০ কোটি ভাৰতীয়ই আপোনাক আদৰণি জনোৱাৰ সুযোগ পাইছোঁ।

সকলো দেশবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ভাৰত আৰু ওমানৰ যুগ যুগ ধৰি গভীৰ বন্ধুত্বৰ অবিচ্ছেদ্য বান্ধোন আছে।

আৰব সাগৰৰ এটা মূৰত ভাৰত আৰু আনটো মূৰত ওমান।

আমাৰ পাৰস্পৰিক ঘনিষ্ঠতা কেৱল ভূগোলতে সীমাবদ্ধ নহয়, হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা আমাৰ বাণিজ্য, আমাৰ সংস্কৃতি আৰু আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰতো ই প্ৰতিফলিত হয়।

এই গৌৰৱময় ইতিহাসৰ বলত আমি এটা উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিছোঁ।

আজি আমি এটা নতুন ‘ভাৰত-ওমান যৌথ দৃষ্টিভংগী – ভৱিষ্যতৰ বাবে অংশীদাৰিত্ব’ (‘India-Oman Joint Vision – A Partnership for Future’) গ্ৰহণ কৰিছোঁ। এই যৌথ দৃষ্টিভংগীত ১০টা ভিন্ন ক্ষেত্ৰত সুনিৰ্দিষ্ট একচন-পইণ্টৰ ওপৰত সহমতত উপনীত হৈছোঁ।

মোৰ বিশ্বাস যে এই যৌথ দৃষ্টিভংগীয়ে আমাৰ অংশীদাৰিত্বক এক নতুন আৰু আধুনিক ৰূপ দিব। মই আনন্দিত যে দুয়োপক্ষৰ মাজত CEPA চুক্তিৰ আলোচনা চলি আছে।

এই আলোচনাৰ দুটা ৰাউণ্ড সফলতাৰে সমাপ্ত হৈছে য’ত বহু গুৰুত্বপূৰ্ণ বিষয়ত একমতত উপনীত হৈছে।

মই আশা কৰিছোঁ যে আমি এই চুক্তিখন অতি সোনকালে স্বাক্ষৰ কৰিবলৈ সক্ষম হ’ম, যিয়ে আমাৰ অৰ্থনৈতিক সহযোগিতাত এক নতুন অধ্যায় যোগ কৰিব।

আনকি বিশ্ব পৰ্যায়তো ভাৰত আৰু ওমানে ঘনিষ্ঠ সমন্বয়ৰে আগবাঢ়ি আহিছে।

অতিথি দেশ হিচাপে ওমানে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাত অতি মূল্যৱান অৱদান আগবঢ়ায়।

ভাৰতীয় মূলৰ বৃহৎ সংখ্যক লোকে ওমানক দ্বিতীয় ঘৰ বুলি গণ্য কৰে।

এইসকল লোক আমাৰ ঘনিষ্ঠ সম্পৰ্ক আৰু আমাৰ বন্ধুত্বৰ জীৱন্ত উদাহৰণ।

তেওঁলোকৰ তত্বাৱধানৰ বাবে মই ব্যক্তিগতভাৱে মহামহিম চুলতান হাইথামৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

আজিৰ বৈঠকে প্ৰতিটো ক্ষেত্ৰতে আমাৰ বহুমাত্ৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰিব বুলি মোৰ বিশ্বাস।

মহামহিম,

আকৌ এবাৰ ভাৰতলৈ আপোনাক বহুত বহুত আদৰণি জনাইছোঁ।

যোৱা মাহত ওমানে ২০২৪ চনত টি-২০ ক্ৰিকেট বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰ বাবে আপোনাক বহুত বহুত অভিনন্দন জনাইছোঁ আৰু শুভকামনা জনাইছোঁ।

এতিয়া মই অপেনিং ৰিমাৰ্কছৰ বাবে আপোনাক আমন্ত্ৰণ জনাইছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari