আমাৰ কৃষকসকলৰ সবলীকৰণ

Published By : Admin | September 26, 2016 | 16:50 IST
Share
 
Comments

আমাৰ কৃষকসকলৰ সবলীকৰণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰে কৃষকসকলৰ প্ৰতি অভূতপূৰ্ব গুৰুত্ব প্ৰদান কৰিছে৷ উৎপাদনশীলতা বৃদ্ধি, কৃষকসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ উপাৰ্জনৰ লগতে সামগ্ৰিক কল্যানৰ দিশত বিগত দুবছৰত বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে৷ চৰকাৰৰ এই পদক্ষেপ যেনে- সাৰৰ সহজলভ্যৰ পৰা উন্নত জলসিঞ্চন ব্যৱস্থালৈ, শস্যৰ বীমাৰ পৰা সহজে ঋণ লাভ কৰালৈকে, বিজ্ঞানসন্মত সহায়ৰ পৰা উৎপাদিত সামগ্ৰীৰ বিপৰীতে ভাল মূল্য পোৱালৈকে কৃষকসকলক বিভিন্ন ধৰণে সহায় কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে বহু আৰ্হি ব্যৱস্থাৰ জৰিয়তে ২০২২চনৰ ভিতৰত কৃষকসকলৰ আয় দুগুন কৰাৰ কথা ঘোষণা কৰিছে৷

ভাৰতে ২০১৪-১৫ আৰু ২০১৫-১৬ত একেৰাহে খৰাঙৰ কবলত পৰিছিল৷ তৎসত্তেও ভাৰতীয় কৃষকসকলৰ ধৈৰ্য্যৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ লগতে যোগান আৰু মুদ্ৰাস্ফীতিও সুস্থিৰ হৈ থাকে৷ ২০১৫-১৬ত খাদ্যশস্যৰ আনুমানিক উৎপাদনৰ পৰিমাণ ২৫২.২৩ মেট্ৰিক টন হোৱাৰ  বিপৰীতে ২০১৪-১৫ত এই পৰিমাণ আছিল ২৫২.০২ মেট্ৰিক টন৷ কৃষি মন্ত্ৰালয়ক কৃষি আৰি কৃষক কল্যান মন্ত্ৰালয় হিচাপে নামকৰণ কৰা হয়৷ এই দৃষ্টিভংগীয়ে এক আদৰ্শগত পৰিৱৰ্তনকে প্ৰতিফলিত কৰে, য’ত কৃষকক অগ্ৰাধিকাৰ দিয়া হৈছে৷ কৃষি আৰু কৃষকসকলৰ কল্যানৰ বাবে বাজেটত ৩৫,৯৮৪ কোটি টকা বৃদ্ধি কৰা হৈছে৷

চৰকাৰে উপলব্ধি কৰিছে যে কৃষিখণ্ডক অধিক প্ৰত্যাশী, উৎপাদনক্ষম আৰু লাভদায়ক কৰি তোলা দৰকাৰ৷ ইয়াৰ বাবে কৃষকসকলক বিভিন্ন সমস্যাৱলী বহুপক্ষীয় দৃষ্টিভংগীৰে সমাধান কৰিব লাগিব, যাতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰয়িতে চৰকাৰে ইয়াৰ সমাধানৰ দিশসমূহ বিচাৰি উলিয়াইছে৷

শস্য চপোৱাৰ আগতেঃ

১. ভূমি স্বাস্থ্য কাৰ্ডে কৃষকক উপযুক্ত পছন্দত সহায় কৰা৷

চৰকাৰে ইতিমধ্যে ১.৮৪ কোটি ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰিছে. ইয়াৰ লক্ষ্য হৈছে দেশৰ ১৪ কোটি কৃষকক ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰা৷

  1. ২. সাৰ

    সাৰৰ বাবে দীঘলীয়া শাৰী পতাটো এতিয়া ইতিহাস হ’ল৷ চৰকাৰে কৃষকসকৰ বাবে সাৰ সহজলভ্য কৰি তুলিছে৷ সাৰৰ দামো গুৰুত্বপূৰ্ণভাৱে হ্ৰাস পাইছে৷ দেশত ১০০% নিম মিশ্ৰিত ইউৰিয়াৰ উপলব্ধ হৈছে৷ ইউৰিয়াৰ ব্যৱহাৰিক সক্ষমতা ১০-১৫ শতাংশলৈকে বৃদ্ধি পোৱাৰ বাবে ইউৰিয়াৰ উপভোক্তা হ্ৰাস পাইছে৷

    ৩. বিত্ত

    চৰকাৰে কৃষকৰ ঋণত ১৮,২৭৬ কোটি টকাৰ সুদ সাহায্যত অনুমোদন জনাইছে৷ এইটোৱে ইয়াকে সুনিশ্চিত কৰে যে এগৰাকী কৃষকে বজাৰৰ পৰা লোৱা ঋণত ৯% সুদৰ ভৰিব লগাৰ বিপৰীতে হস্ৰকালীন শস্য খণত ৪%, শস্য চপোৱাৰ পিছত ৭%, প্ৰাকৃতি দুৰ্যোগৰ ক্ষেত্ৰত ৭% সুদ দিব লাগিব৷

শস্য চপোৱাৰ সময়তঃ

১. জলসিঞ্চনৰ সুবিধাঃ

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাক এক অভিযান হিচাপে ৰূপায়ণ কৰি ২৮.৫ লাখ হেক্টৰ ভূমিক জলসিঞ্চনৰ অধীনত সামৰি লোৱা হ’ব৷ এইআইবিপিৰ অধীনত ৮৯টা জলসিঞ্চন প্ৰকল্প ৰূপায়ণ কৰা হৈছে, যিসমূহ দীৰ্ঘদিনে পৰিত্যক্ত আছিল, সেইবোৰৰ দ্ৰুতগতিত কামত পুনৰুজ্জীৱিত কৰি তোলা হৈছে৷ নাবাৰ্দত ২০,০০০ কোটি প্ৰাৰম্ভিক মুলধন হিচাপে এক দীৰ্ঘকালীন জলসিঞ্চন পুঁজি গঠন কৰা হৈছে৷ এমজিএনৰেগাৰ অধীনত বৰ্ষাৰণ্য অঞ্চলত ৫লাখ পুখুৰী আৰু কুঁৱা খনন কৰাৰ লগতে জৈৱিক পদ্ধিতিৰে উৎপাদন কৰাৰ বাবে ১০ লাখ পিট খনন কৰা হৈছে৷

  1. ২. সমৰ্থন তথা তত্ত্বাৱধান

    কোটি কোটি কৃষকলৈ এছএমএছ আৰু ফোন কলৰ জৰিয়তে বিজ্ঞানসন্মত পৰামৰ্শৱলী প্ৰদান কৰা হৈছে৷

    শস্য চপোৱাৰ পাছতঃ

    ১. প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

    পিএমএফবিৱায়ে কৃষকসকলক ন্যূনতম হাৰত শস্যৰ বীমা প্ৰিমিয়াম নিশ্চিত কৰিছে৷ পিএমএফবিৱায়ে এবিধ শস্যৰ বাবে এটা হাৰ যেনে-খাৰিফ শস্যঃ ২%, ৰবি শস্যঃ ১.৫৫, উদ্যান শস্যঃ ৫% ইত্যাদিন ধৰণে ধাৰ্য কৰিছে৷ ইয়াত প্ৰিমিয়ামৰ হাৰত কোনো কেপিং আৰু পাবলগীয়া বীমা মূলধনৰো কোনো হ্ৰাস নহয়, সেয়েহে ই কৃষকৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰে৷ স্বাধীনতাৰ পাছৰ পৰা দেশত কেৱল প্ৰায় ২০% কৃষককহে বীমাৰে সামৰি লোৱা হৈছিল৷ পিএমএফবিৱাইৰ পৰৱৰ্তী ৩ বছৰৰ লক্ষ্য ৫০% কৃষকক সামৰি লোৱা৷

  1. ২. ই-নাম

    কৃষি বিপণন অধিনিয়ম অনুসৰি কৃষিজাত সামগ্ৰী বজাৰখন প্ৰতিখন ৰাজ্যই পৰিচালনা কৰে, য’ত ৰাজ্যখনক বিভিন্ন বজাৰ এলেকাত বিভক্ত কৰা হয়৷ বজাৰৰ এই বিভাজনে এখন বজাৰ এলেকাৰ পৰা  অন্য এখন ৰাজ্যৰ কৃষিজাত সামগ্ৰীসমূহৰ মক্ত প্রবাহক বাধা দিয়ে আৰু কৃষকক সুবিধাৰ পৰা বঞ্চিত কৰি উপভোক্তাসকলৰ বাবে দাম বৃদ্ধি কৰে৷ ই-নামে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰি ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এখন একক বজাৰৰ জৰিয়তে অনলাইন বিপণন মঞ্চৰ গঢ় দি ঐক্যতাৰ প্ৰচাৰ কৰাৰ লগতে সংহত বজাৰ ব্যৱস্থাৰ সকলোতে সম্প্ৰসাৰণ, ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ তথ্যৰ বৈষম্য আঁতৰি কৰে আৰু প্ৰকৃত সময়ত সামগ্ৰীৰ মূল্যৰ আৱিষ্কাৰক প্ৰচাৰ, প্ৰকৃত চাহিদা আৰু যোগানৰ ভিত্তিত স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ প্ৰচাৰ আৰু কৃষকৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰৰ ব্যৱস্থা, সামগ্ৰীৰ গুণমান আৰু অনলাইন পেমেণ্ট আৰু উন্নত উঁপাদিত সামগ্ৰীৰ উপলব্ধতা তথা উপভোক্তাক অধিক ন্যায্য মূলত সামগ্ৰী যোগান ইত্যাদি সুনিশ্চিত কৰে৷

ওপৰত উল্লেখ কৰা ব্যৱস্থাৱলীৰ উপৰি, কৃষকৰ আয় ব্যৱস্থাপনাৰ বাবে এক বহুপাক্ষীয় দৃষ্টিভংগীও গ্ৰহম কৰা হৈছে৷ কৃষিখণ্ডৰ উপাৰ্জন বৃদ্ধিত সহায়ৰ বাবে মীনপালন, পশুপালন আৰ দুগ্ধ পামৰ দৰে প্ৰায়োগিক কাম-কাজৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ ‘পশুধন সঞ্জীৱনী’, ‘নকূল স্বাস্থ্য পাত্ৰ’, ‘ই-পশুধন হাট’ আৰু থলুৱা প্ৰজাতিৰ বাবে ৰাষ্ট্ৰীয় জেন’মিক কেন্দ্ৰকে ধৰি এই চাৰিটা দুগ্ধপাম প্ৰকল্পৰ বাবে ৮৫০ কোটি ধাৰ্য কৰা হৈছে৷ থলুৱা প্ৰজাতিৰ গাই গৰুৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় গকূল অভিযানৰ শুভাৰম্ভ কৰা হয়৷ মাছৰ উৎপাদন ২০১৩-১৪ত ৯৫.৭২ লাখ টনৰ পৰা ২০১৪-১৫ত ১০১.৬৪ লাখ টনলৈ বৃদ্ধি পাইছে৷ মাছৰ উৎপাদন ২০১৫-১৬ত আনুমানিক ১০৭.৯ লাখ টন হয়৷ নীল বিপ্লৱ আঁচনিৰ অধীনত ‘ছেভিং-কাম-ৰিলিফ’ ব্যৱস্থাৰ জৰিয়তে বছৰৰ তিনিটা মাহত মৎস্য চিকাৰ বন্ধৰ সময়ত মাছমৰীয়াসকলৰ প্ৰতিমাহে দিয়া ধনৰ পৰিমাণ ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

ইফালে, চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সাহায্যতো গুৰুত্বপূৰ্ণ বৃদ্ধি কৰা হৈছে৷ ২০১০-২০১৫ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ বাবে ৩৩,৫৮০.৯৩ কোটি টকা ধাৰ্য কৰিছিল৷ এই পুঁজিৰ পৰিমাণ ২০১৫-২০২০ৰ বাবে ৬১,২২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ খৰাং আৰু শিলাবৃষ্টি প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে ২০১০-১৪ৰ সময়ছোৱাত কেৱল ১২৫১৬.২০ কোটি সাহায্য প্ৰদান কৰা হৈছিল৷ এনডিএ চৰকাৰে কেৱল ২০১৪-২০১৫ বৰ্ষতে খৰাং আৰু শিলাবৃষ্টি প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে ৯০১৭.৯৯৮ কোটি সাহায্য প্ৰদান কৰে৷ ২০১৫-২০১৬ বৰ্ষত বৰ্তমানলৈকে ১৩,৪৯৬.৫৭ কোটি টকা অনুমোদন জনায়৷

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
'Truly inspiring': PM Modi lauds civilians' swift assistance to rescue operations in Odisha's Balasore

Media Coverage

'Truly inspiring': PM Modi lauds civilians' swift assistance to rescue operations in Odisha's Balasore
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!