ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে একতাৰ সংকল্প গ্ৰহণ কৰি ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

এই প্ৰতিজ্ঞা কৰায় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ) আৰু ৰাজ্যিক মন্ত্ৰী (পি.এম.অ".) ড০ জিতেন্দ্ৰ সিঙে।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰ, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-২ শ্ৰী শক্তিকান্ত দাস, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী তৰুণ কাপুৰ, প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব শ্ৰী আতিশ চন্দ্ৰ আৰু অন্যান্য বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসত তেওঁৰ ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ দৃষ্টিভংগীক উদযাপন কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত কয়;

"কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী @DrJitendraSingh-এ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত একতাৰ প্ৰতিজ্ঞা কৰায়।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰ, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব-২ শ্ৰী শক্তিকান্ত দাস, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা শ্ৰী তৰুণ কাপুৰ, প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব শ্ৰী আতিশ চন্দ্ৰ আৰু অন্যান্য বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future