ৰ’লছ-ৰয়েচৰ চিইঅ’ শ্ৰী টুফান এৰগিনবিলজিকে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “ভাৰতত ৰ’লছ-ৰয়েচৰ কাৰ্য্যকলাপ বৃদ্ধি তথা আমাৰ উদ্ভাৱনীমূলক আৰু গতিশীল যুৱক-যুৱতীসকলৰ সৈতে অংশীদাৰিত্বৰ অৰ্থে উৎসাহক আদৰণি জনাইছো।”
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"আজি আগবেলা ৰ’লছ-ৰয়েচৰ চিইঅ’ শ্ৰী টুফান এৰগিনবিলজিকক লগ পাই আনন্দিত হও।
ভাৰতত ৰ’লছ-ৰয়েচৰ কাৰ্য্যকলাপ বৃদ্ধি তথা আমাৰ উদ্ভাৱনীমূলক আৰু গতিশীল যুৱক-যুৱতীসকলৰ সৈতে অংশীদাৰিত্বৰ অৰ্থে উৎসাহক আদৰণি জনাইছো।"
It was wonderful meeting Mr. Tufan Erginbilgic, CEO of Rolls-Royce earlier today.
— Narendra Modi (@narendramodi) February 11, 2026
We welcome Rolls-Royce’s enthusiasm towards scaling up its activities in India and partnering with our innovative and dynamic youth. https://t.co/ZWj3EcQR7c


