QuoteProjects to provide connectivity, facilitate ease of travelling, minimize logistics cost, reduce oil imports and lower CO2 emissions
QuoteProjects will improve logistical efficiency connecting the unconnected areas, increase the existing line capacity and enhancing transportation networks, resulting in streamlined supply chains and accelerated economic growth
QuoteThe projects will generate direct employment for about 106 lakh human-days

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে মুঠ ৬,৭৯৮ কোটি টকা (প্ৰায়) ব্যয়ৰ সৈতে ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। 

দুটা অনুমোদিত প্ৰকল্প হৈছে – (ক) নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখাত ২৫৬ কিলোমিটাৰ সামৰি আৰু (খ) ৫৭ কিলোমিটাৰ সামৰি অমৰাৱতী হৈ এৰুপালেম আৰু নামবুৰুৰ মাজত নতুন ৰে'লপথ নিৰ্মাণ।

নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখা দ্বৈত লাইনযুক্ত কৰাৰ ফলত নেপাল, উত্তৰ-পূব ভাৰত আৰু সীমান্ত অঞ্চলৰ সৈতে যোগাযোগ শক্তিশালী হ'ব আৰু সামগ্ৰীবাহী ৰে'লৰ সৈতে যাত্ৰীবাহী ৰে'লৰ চলাচল বৃদ্ধি হ'ব, যাৰ ফলত অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ হ'ব।

নতুন ৰে'লপথ প্ৰকল্প এৰুপালেম-অমৰাৱতী-নামবুৰুৱে অন্ধ্ৰপ্ৰদেশৰ এনটিআৰ বিজয়ৱাড়া আৰু গুন্টুৰ জিলা আৰু তেলেংগানাৰ খাম্মাম জিলাৰ মাজেৰে গৈছে।

৩ খন ৰাজ্যৰ ৮ খন জিলা অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু বিহাৰক সামৰি লোৱা প্ৰকল্প দুটাই ভাৰতীয় ৰে'লৰ ইতিমধ্যে থকা নেটৱৰ্কৰ প্ৰায় ৩১৩ কিলোমিটাৰ বৃদ্ধি কৰিব।

নতুন লাইন প্ৰকল্পই প্ৰায় ১৬৮ খন গাওঁ আৰু ৯ টা নতুন ষ্টেচনৰ সৈতে প্ৰায় ১২ লাখ জনসংখ্যাক সংযোগ প্ৰদান কৰিব। মাল্টি-ট্ৰেকিং প্ৰকল্পই প্ৰায় ৩৮৮ খন গাওঁ আৰু প্ৰায় ৯ লাখ জনসংখ্যাক সেৱা আগবঢ়োৱা দুখন আকাংক্ষী জিলা (সীতামাৰী আৰু মুজাফ্ফৰপুৰ)ৰ সৈতে সংযোগ বৃদ্ধি কৰিব।

এইবোৰ হৈছে কৃষিজাত সামগ্ৰী, সাৰ, কয়লা, লৌহ আকৰ, ইস্পাত, চিমেণ্ট আদিৰ দৰে সামগ্ৰীৰ পৰিবহনৰ বাবে অত্যাৱশ্যকীয় পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৩১ এমটিপিএ (বছৰি নিযুত টন) পৰিমাণৰ অতিৰিক্ত সামগ্ৰী পৰিবহণ হ'ব। ৰে'লৱে পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ ফলত জলবায়ুৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ পৰিবহণ ব্যয় হ্ৰাস কৰা, কাৰ্বন ডাই অক্সাইড নিৰ্গমন (১৬৮ কোটি কিগ্ৰা) হ্ৰাস কৰাত সহায় কৰিব, যি ৭ কোটি গছ ৰোপণৰ সমান।

নতুন প্ৰস্তাৱিত ৰে'লপথে ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰি অন্ধ্ৰপ্ৰদেশৰ প্ৰস্তাৱিত ৰাজধানী "অমৰাৱতী"ক পোনপটীয়া সংযোগ প্ৰদান কৰিব আৰু উদ্যোগ আৰু জনসংখ্যাৰ বাবে গতিশীলতা উন্নত কৰিব। মাল্টি-ট্ৰেকিং প্ৰস্তাৱে ৰে'লৰ কাম-কাজ সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'লৱেৰ ব্যস্ততম শাখাবোৰত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত বিকাশৰ সুবিধা আগবঢ়াব।

এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে ব্যাপক উন্নয়নৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ বাবে নিযুক্তি/স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰি "আত্মনিৰ্ভৰ" কৰি তুলিব ।

এই প্ৰকল্পসমূহ বহুমুখী সংযোগৰ বাবে প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ফল, যিবোৰ একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে আৰু ই মানুহ, সামগ্ৰী আৰু সেৱাৰ সৰবৰাহ আৰু চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

 

  • Vivek Kumar Gupta December 27, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 27, 2024

    नमो .........................🙏🙏🙏🙏🙏
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Gopal Saha December 23, 2024

    hi
  • Siva Prakasam December 17, 2024

    🌻🌺jai hind🌻🌺🙏
  • Aniket Malwankar November 25, 2024

    #NaMo
  • Some nath kar November 23, 2024

    Bharat Mata Ki Jay 🇮🇳
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    1
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    2
  • Kushal shiyal November 14, 2024

    Jay shri krishna. 🙏 .
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Pilgrims’ progress & the railways’ look-east policy

Media Coverage

Pilgrims’ progress & the railways’ look-east policy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi extends greetings on the occasion of Lord Jagannath’s Rath Yatra
June 27, 2025

The Prime Minister Shri Narendra Modi today extended greetings on the auspicious occasion of Lord Jagannath’s Rath Yatra.

In separate posts on X, he wrote:

“भगवान जगन्नाथ की रथ यात्रा के पवित्र अवसर पर सभी देशवासियों को मेरी ढेरों शुभकामनाएं। श्रद्धा और भक्ति का यह पावन उत्सव हर किसी के जीवन में सुख, समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए, यही कामना है। जय जगन्नाथ!”

“ପବିତ୍ର ରଥଯାତ୍ରା ଉପଲକ୍ଷେ ହାର୍ଦ୍ଦିକ ଶୁଭେଚ୍ଛା ।

ଜୟ ଜଗନ୍ନାଥ!”