Projects to provide connectivity, facilitate ease of travelling, minimize logistics cost, reduce oil imports and lower CO2 emissions
Projects will improve logistical efficiency connecting the unconnected areas, increase the existing line capacity and enhancing transportation networks, resulting in streamlined supply chains and accelerated economic growth
The projects will generate direct employment for about 106 lakh human-days

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে মুঠ ৬,৭৯৮ কোটি টকা (প্ৰায়) ব্যয়ৰ সৈতে ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। 

দুটা অনুমোদিত প্ৰকল্প হৈছে – (ক) নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখাত ২৫৬ কিলোমিটাৰ সামৰি আৰু (খ) ৫৭ কিলোমিটাৰ সামৰি অমৰাৱতী হৈ এৰুপালেম আৰু নামবুৰুৰ মাজত নতুন ৰে'লপথ নিৰ্মাণ।

নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখা দ্বৈত লাইনযুক্ত কৰাৰ ফলত নেপাল, উত্তৰ-পূব ভাৰত আৰু সীমান্ত অঞ্চলৰ সৈতে যোগাযোগ শক্তিশালী হ'ব আৰু সামগ্ৰীবাহী ৰে'লৰ সৈতে যাত্ৰীবাহী ৰে'লৰ চলাচল বৃদ্ধি হ'ব, যাৰ ফলত অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ হ'ব।

নতুন ৰে'লপথ প্ৰকল্প এৰুপালেম-অমৰাৱতী-নামবুৰুৱে অন্ধ্ৰপ্ৰদেশৰ এনটিআৰ বিজয়ৱাড়া আৰু গুন্টুৰ জিলা আৰু তেলেংগানাৰ খাম্মাম জিলাৰ মাজেৰে গৈছে।

৩ খন ৰাজ্যৰ ৮ খন জিলা অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু বিহাৰক সামৰি লোৱা প্ৰকল্প দুটাই ভাৰতীয় ৰে'লৰ ইতিমধ্যে থকা নেটৱৰ্কৰ প্ৰায় ৩১৩ কিলোমিটাৰ বৃদ্ধি কৰিব।

নতুন লাইন প্ৰকল্পই প্ৰায় ১৬৮ খন গাওঁ আৰু ৯ টা নতুন ষ্টেচনৰ সৈতে প্ৰায় ১২ লাখ জনসংখ্যাক সংযোগ প্ৰদান কৰিব। মাল্টি-ট্ৰেকিং প্ৰকল্পই প্ৰায় ৩৮৮ খন গাওঁ আৰু প্ৰায় ৯ লাখ জনসংখ্যাক সেৱা আগবঢ়োৱা দুখন আকাংক্ষী জিলা (সীতামাৰী আৰু মুজাফ্ফৰপুৰ)ৰ সৈতে সংযোগ বৃদ্ধি কৰিব।

এইবোৰ হৈছে কৃষিজাত সামগ্ৰী, সাৰ, কয়লা, লৌহ আকৰ, ইস্পাত, চিমেণ্ট আদিৰ দৰে সামগ্ৰীৰ পৰিবহনৰ বাবে অত্যাৱশ্যকীয় পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৩১ এমটিপিএ (বছৰি নিযুত টন) পৰিমাণৰ অতিৰিক্ত সামগ্ৰী পৰিবহণ হ'ব। ৰে'লৱে পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ ফলত জলবায়ুৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ পৰিবহণ ব্যয় হ্ৰাস কৰা, কাৰ্বন ডাই অক্সাইড নিৰ্গমন (১৬৮ কোটি কিগ্ৰা) হ্ৰাস কৰাত সহায় কৰিব, যি ৭ কোটি গছ ৰোপণৰ সমান।

নতুন প্ৰস্তাৱিত ৰে'লপথে ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰি অন্ধ্ৰপ্ৰদেশৰ প্ৰস্তাৱিত ৰাজধানী "অমৰাৱতী"ক পোনপটীয়া সংযোগ প্ৰদান কৰিব আৰু উদ্যোগ আৰু জনসংখ্যাৰ বাবে গতিশীলতা উন্নত কৰিব। মাল্টি-ট্ৰেকিং প্ৰস্তাৱে ৰে'লৰ কাম-কাজ সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'লৱেৰ ব্যস্ততম শাখাবোৰত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত বিকাশৰ সুবিধা আগবঢ়াব।

এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে ব্যাপক উন্নয়নৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ বাবে নিযুক্তি/স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰি "আত্মনিৰ্ভৰ" কৰি তুলিব ।

এই প্ৰকল্পসমূহ বহুমুখী সংযোগৰ বাবে প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ফল, যিবোৰ একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে আৰু ই মানুহ, সামগ্ৰী আৰু সেৱাৰ সৰবৰাহ আৰু চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."