প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে ঝাৰিয়া ক’লফিল্ডত অগ্নিকাণ্ড, মাটি তললৈ বহি যোৱাৰে সম্পৰ্কীয় উদ্বেগৰে মোকাবিলা আৰু প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসনৰ অৰ্থে সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেনত (JMP) অনুমোদন জনাইছে। মুঠ ৫,৯৪০.৪৭ কোটি টকা বিত্তীয় ব্যয় সাপেক্ষে এই সংশোধিত পৰিকল্পনা ৰূপায়ণ কৰা হ’ব। ইয়াৰ অধীনত পৰ্য্যায়ভিত্তিক পদ্ধতিয়ে অগ্নিকাণ্ড আৰু তললৈ বহি যোৱা ঘটনাৰে মোকাবিলা তথা অগ্ৰাধিকাৰ ভিত্তিত অতিশয় বিপদসংকূল স্থানৰ প্ৰভাৱিত পৰিয়ালসমূহৰ পুনৰ্বাসন নিশ্চিত কৰা হ’ব।

এই সংশোধিত জেএমপি-এ উক্ত পৰিকল্পনাৰ অধীনত পুনৰ সংস্থাপিত পৰিয়ালসমূহৰ বহনক্ষম জীৱিকা আহৰণত অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অৰ্থে লক্ষ্য নিৰ্ধাৰিত দক্ষতা বিকাশৰ কাৰ্য্যক্ৰম গ্ৰহণ কৰা হ’ব আৰু পুনৰ্বাসিত পৰিয়ালসমূহৰ অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা নিশ্চিতকৰণৰ অৰ্থে আয়-প্ৰদানকাৰী সুযোগৰ সৃষ্টি কৰা হ’ব।

তদুপৰি, লিগেল টাইটেল হ’ল্ডাৰ (LTH) পৰিয়াল আৰু নন-লিগেল টাইটেল হ’ল্ডাৰ (Non-LTH) পৰিয়াল উভয়ৰে বাবে প্ৰতিষ্ঠানিক ক্ৰেডিট পাইপলাইনৰ জৰিয়তে এক লাখ টকাৰ জীৱিকা অনুদান আৰু তিনি লাখ টকা পৰ্য্যন্ত ক্ৰেডিট সমৰ্থন আগবঢ়োৱা হ’ব।

ইয়াৰ উপৰিও, পুনৰ সংস্থাপিত স্থানসমূহত বিস্তৃত আন্তঃগাঁথনি আৰু অত্যাৱশ্যকীয় সা-সুবিধাসমূহ— যেনেঃ পথ, বিদ্যুৎ সংযোগ, পানী যোগান, নলা, বিদ্যালয়, চিকিৎসালয়, দক্ষতা বিকাশ কেন্দ্ৰ, কমিউনিটি হল আৰু আন-আন সাধাৰণ সুবিধাসমূহ উপলব্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সংশোধিত ঝাৰিয়া মাষ্টাৰ প্লেন ৰূপায়ণ কমিটিৰ পৰামৰ্শ অনুসৰি এয়া কাৰ্য্যকৰীকৰণেৰে এক সামগ্ৰিক আৰু মানৱীয় পুনৰ্বাসন পন্থা নিশ্চিত কৰা হ’ব।

জীৱিকা সমৰ্থন ব্যৱস্থাৰ অংশ হিচাপে জীৱিকা-সম্পৰ্কীয় কাম-কাজক উৎসাহিতকৰণৰ অৰ্থে এক সমৰ্পিত ঝাৰিয়া বিকল্প জীৱিকা পুনৰ্বাসন পুঁজি স্থাপন কৰা হ’ব। অঞ্চলটোত বিদ্যমান মাল্টি স্কিল ডেভেলপমেন্ট ইনষ্টিটিউটৰ সহযোগত দক্ষতা বিকাশৰ পদক্ষেপো গ্ৰহণ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action