এন পি কে এছ গ্ৰেডকে ধৰি অধিসূচিত পি এণ্ড কে সাৰ কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত হাৰত উপলব্ধ হ’ব
ছিংগল ছুপাৰ ফছফেট (এছ এছ পি)ৰ ওপৰত মালবাহী ৰাজসাহায্য ২০২৫ চনৰ খাৰিফলৈ বৃদ্ধিৰ সিদ্ধান্ত
চৰকাৰে কৃষি খণ্ড আৰু ভাৰতীয় কৃষকসকলৰ প্ৰতি দিয়া গুৰুত্বৰ আন এক উদাহৰণ হৈছে অধিসূচিত পি এণ্ড কে সাৰৰ বাবে ৰাজসাহায্যৰ হাৰৰ অনুমোদন
পি এণ্ড কে সাৰত ৰাজসাহায্য প্ৰদানে কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ উচিত মূল্যত পোৱাটো নিশ্চিত কৰাত সহায় কৰিব, উৰ্বৰ মাটিয়ে স্বাস্থ্যসন্মত শস্যৰ সৃষ্টি কৰিব আৰু দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

২০২৪ চনৰ খাৰিফ ছিজনৰ বাবে বাজেটৰ প্ৰয়োজনীয়তা হ’ব প্ৰায় ৩৭,২১৬.১৫ কোটি টকা। ইফালে, ২০২৪-২৫ চনৰ ৰবি বতৰৰ বাজেটৰ প্ৰয়োজনীয়তাতকৈ এই পৰিমাণ প্ৰায় ১৩ হাজাৰ কোটি টকা বেছি।

লাভালাভ

· ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত মূল্যত কৃষকৰ বাবে সাৰ উপলব্ধ হোৱাটো নিশ্চিত কৰা হ’ব।

· সাৰ আৰু ইনপুটৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া ধাৰাসমূহৰ প্ৰতি লক্ষ্য ৰাখি পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্যৰ সমানুপাতকৰণ।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্য:

খৰিফ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ প্ৰযোজ্য)ৰ বাবে অনুমোদিত হাৰৰ ভিত্তিত এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰত এই সাৰসমূহ সুলভ মূল্যত কৃষকসকলৰ বাবে সুচাৰুৰূপে উপলব্ধ হোৱাটো নিশ্চিত কৰা হ’ব।

পটভূমি:

চৰকাৰে সাৰ প্ৰস্তুতকাৰী আৰু আমদানিকাৰকৰ জৰিয়তে কৃষকক ৰাজসাহায্যযুক্ত মূল্যত ২৮ গ্ৰেডৰ ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰ উপলব্ধ কৰি তুলিছে। ০১.০৪.২০১০ৰ পৰা পি এণ্ড কে সাৰৰ ৰাজসাহায্য পুষ্টি ভিত্তিক ৰাজসাহায্য (এন বি এছ) আঁচনিৰ অধীনত নিয়ন্ত্ৰণ কৰা হৈছে। কৃষক অনুকূল পন্থাৰ লগত সংগতি ৰাখি চৰকাৰে কৃষকৰ বাবে সুলভ মূল্যত পি এণ্ড কে সাৰৰ উপলব্ধতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইউৰিয়া, ডি এ পি, এম অ’ পি, আৰু চালফাৰকে ধৰি আন্তঃৰাষ্ট্ৰীয় সাৰ আৰু ইনপুটৰ মূল্যৰ শেহতীয়া ধাৰা বিবেচনা কৰি চৰকাৰে এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰৰ ওপৰত ০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈকে কাৰ্যকৰী হোৱা খাৰিফ ২০২৫ৰ বাবে এন বি এছ হাৰত অনুমোদন জনাইছে। অনুমোদিত আৰু অধিসূচিত হাৰৰ ভিত্তিত সাৰ কোম্পানীসমূহক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত কৃষকৰ বাবে সাৰ সুলভ হৈ থকাটো নিশ্চিত কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2026
March 24, 2026

Pradhan Sevak Modi: Diplomacy, Determination, and the Making of a Self-Reliant Superpower