এই সিদ্ধান্তই ৫ কোটি কুঁহিয়াৰ খেতিয়কৰ লগতে চেনি কল তথা আনুষংগিক কামত নিয়োজিত ৫ লাখ শ্ৰমিকক উপকৃত কৰিব

কুঁহিয়াৰ খেতিয়কসকলৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ বৈঠকে  ২০২৬-২৭ (অক্টোবৰ - ছেপ্টেম্বৰ) কুঁহিয়াৰৰ  বতৰৰ বাবে কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য (এফ আৰ পি) প্ৰতি কুইণ্টলত ৩৬৫ টকা  ১০.২৫% মৌলিক পুনৰুজ্জীৱিতকৰণৰ  হাৰত অনুমোদন জনাইছে।  লগতে  ১০.২৫ % ৰ ওপৰত পুনৰুজ্জীৱিতকৰণ  প্ৰতিটো ০.১ % বৃদ্ধিৰ বাবে কুইণ্টলত ৩.৬৫ টকা প্ৰিমিয়াম আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰতিটো ০.১ % হ্ৰাসৰ বাবে ন্যায্য আৰু পাৰিতোষিক মূল্য  কুইণ্টলত ৩.৫৬ টকা হ্ৰাস কৰা হৈছে ।কুঁহিয়াৰ  খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে সিদ্ধান্ত লৈছে যে সেইবোৰ চেনি  কল য’ত  পুনৰুজ্জীৱিতকৰণৰ হাৰ  ৯.৫% তকৈ কম, তেনে ক্ষেত্ৰত কোনো ধৰণৰ হ্ৰাস কৰা নহ’ব। এনে কৃষকে ২০২৬-২৭ চনৰ আগন্তুক কুঁহিয়াৰৰ বতৰত কুঁহিয়াৰৰ বাবে  কুইণ্টলত ৩৩৮.৩ টকা  লাভ কৰিব।

কুঁহিয়াৰৰ বতৰ ২০২৬-২৭ৰ বাবে কুঁহিয়াৰৰ উৎপাদন ব্যয় (এ২ +এফএল) কুইণ্টলত ১৮২ টকা। ১০.২৫% পুনৰুজ্জীৱিতকৰণৰ  হাৰত কুইণ্টলত ৩৬৫ টকাৰ এই ন্যায্য আৰু পাৰিতোষিক মূল্য  উৎপাদন ব্যয়তকৈ ১০০.৫% বেছি। ২০২৬-২৭ চনৰ কুঁহিয়াৰৰ বতৰৰ  ন্যায্য আৰু পাৰিতোষিক মূল্য  ২.৮১% আৰু ই   বৰ্তমানৰ ২০২৫-২৬ চনৰ কুঁহিয়াৰৰ বতৰতকৈ বেছি। অনুমোদিত   ন্যায্য আৰু পাৰিতোষিক মূল্য  চেনি কলৰ দ্বাৰা ২০২৬-২৭ চনৰ কুঁহিয়াৰৰ  বতৰত (১ অক্টোবৰ, ২০২৬ৰ পৰা আৰম্ভ হোৱা) কৃষকৰ পৰা কুঁহিয়াৰ ক্ৰয়ৰ সময়ত প্ৰযোজ্য হ’ব।

চেনি খণ্ডটো এটা গুৰুত্বপূৰ্ণ কৃষিভিত্তিক খণ্ড , যিয়ে প্ৰায় ৫ কোটি কুঁহিয়াৰ  খেতিয়ক তথা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ লগতে   চেনি কলত প্ৰত্যক্ষভাৱে নিয়োজিত প্ৰায় ৫ লাখ শ্ৰমিক আৰু কৃষি শ্ৰমিক তথা  পৰিবহণ আদি  আনুষংগিক কামত নিয়োজিতসকলৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলায়।

পৃষ্ঠভূমি:

কৃষি ব্যয় আৰু মূল্য আয়োগৰ পৰামৰ্শৰ ভিত্তিত আৰু ৰাজ্য চৰকাৰ তথা  অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰি ন্যায্য আৰু পাৰিতোষিক মূল্য  নিৰ্ধাৰণ কৰা হৈছে।

বিগত ২০২৪-২৫ চনৰ কুঁহিয়াৰৰ বতৰত ১,০২,৬৮৭ কোটি টকাৰ অনাদায় হৈ থকা ধনৰ ভিতৰত  ২০.০৪.২০২৬ তাৰিখলৈ  প্ৰায়  ১,০২,২০৯ কোটি টকা কুঁহিয়াৰ  কৃষকক প্ৰদান কৰা হৈছে।  তেনেদৰে  প্ৰায় ৯৯.৫% কুঁহিয়াৰৰ  বাবদ দিবলগীয়া ধন  আদায় দিয়া হৈছে।  চলিত কুঁহিয়াৰৰ বতৰ ২০২৫-২৬ত ১,১২,৭৪০ কোটি টকাৰ  কুঁহিয়াৰৰ বাবদ আদায় দিবলগীয়া  ধনৰ ভিতৰত ২০.০৪.২০২৬ তাৰিখলৈ প্ৰায়  ৯৯,৯৬১ কোটি টকা কুঁহিয়াৰ কৃষকক প্ৰদান কৰা হৈছে  । এনেদৰে  প্ৰায় ৮৮.৬% কুঁহিয়াৰৰ  বাবদ দিবলগীয়া  ধন আদায় দিয়া হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026