প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০৩১ চনৰ ৩১ মাৰ্চলৈকে পাঁচ বছৰৰ বাবে ১,৮০০ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে প্ৰব্ৰজন, ভিছা, বিদেশী পঞ্জীয়ন আৰু ট্ৰেকিং (আইভিএফআৰটি) আঁচনি অব্যাহত ৰখাত অনুমোদন জনোৱা হৈছে।

আইভিএফআৰটি মঞ্চই ভাৰতত প্ৰব্ৰজন, ভিছা জাৰি আৰু বিদেশীসকলৰ পঞ্জীয়নৰ সৈতে সম্পৰ্কিত কাম-কাজসমূহ আন্তঃসংযোগ আৰু অনুকূল কৰিবলৈ লক্ষ্য লৈছএ। আইভিএফআৰটিৰ মূল উদ্দেশ্য হৈছে এক সুৰক্ষিত আৰু সংহত সেৱা প্ৰদানৰ পৰিকাঠামোৰ ভিতৰত প্ৰব্ৰজন আৰু ভিছা সেৱাসমূহ আধুনিকীকৰণ আৰু উন্নীত কৰা। ইয়াৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ লগতে বৈধ ভ্ৰমণকাৰীসকলক সুবিধা প্ৰদান কৰা। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ দ্বাৰা ১,০১১ কোটি টকাৰ বাজেট ব্যয় আৰু ২০১৪ চনৰ ছেপ্টেম্বৰলৈকে প্ৰকল্পৰ ম্যাদৰ সৈতে এই প্ৰকল্পৰ অনুমোদন জনোৱা হৈছিল। প্ৰকল্পটোৰ বাবে বাজেট ব্যয় ২০১৫ চনত সংশোধন কৰি ৩১ মাৰ্চ, ২০১৭লৈকে আৰু কোনো অতিৰিক্ত বিত্তীয় প্ৰভাৱ অবিহনে ৩১ মাৰ্চ, ২০২১লৈকে ৰূপায়ণৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ৬৩৮.৯০ কোটি টকা কৰা হৈছিল। মুঠ সংশোধিত ব্যয় ৬১৩.২৮ কোটি টকাৰ বিপৰীতে ৬৩৮.৯০ কোটি টকা কৰা হৈছিল। ০১.০৪.২০২১ৰ পৰা ৩১.০৩.২০২৬লৈ পাঁচ বছৰৰ বাবে অব্যাহত ৰাখিবলৈ ১,৩৬৫ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে প্ৰকল্পটোৰ সম্প্ৰসাৰণত ১৯.০১.২০২২ৰ কেবিনেটত অনুমোদন জনোৱা হৈছিল।

এই আঁচনিখনে বৰ্তমানৰ আইভিএফআৰটি আঁচনিৰ পৰিসৰ আৰু সামৰ্থ্য সম্প্ৰসাৰণ আৰু শক্তিশালী কৰিবলৈ কেৱল বৰ্তমানৰ গাঁথনিৰ পুনৰ কল্পনা আৰু সংস্কাৰ কৰাই নহয়, লগতে সুৰক্ষা গাঁথনিৰ সৈতে আপোচ নকৰাকৈ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিগত সমাধান প্ৰৱৰ্তন কৰাৰ লক্ষ্য লৈছে। গোলকীয় ভ্ৰমণৰ ক্রমবর্ধমান চাহিদা পূৰণ কৰিবলৈ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ন ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আইভিএফআৰটি প্ৰকল্পৰ আধুনিকীকৰণ অত্যাৱশ্যকীয়। প্ৰব্ৰজন আৰু বিদেশী আইন, ২০২৫ আৰু ইয়াৰ পৰৱৰ্তী নিয়ম তথা শৃংখলাৰ শেহতীয়া প্ৰণয়নৰ পিছত প্ৰব্ৰজন নিয়ন্ত্ৰণ আৰু অবৈধ প্ৰব্ৰজনকে ধৰি বিদেশী ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুন প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ প্ৰব্ৰজন, ভিছা আৰু বিদেশী পঞ্জীয়ন আৰু ট্ৰেকিং (আইভিএফআৰটি) ব্যৱস্থাটোক শক্তিশালী আৰু আধুনিকীকৰণ কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। প্ৰকল্পটোৰ ধাৰাবাহিকতা কেৱল এক কাৰিকৰী উন্নয়ন নহয়, বৰং এক বিশ্বমানৰ প্ৰব্ৰজন আৰু ভিছা জাৰি ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় গতিশীলতাৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংলগ্ন এক কৌশলগত পৰিবৰ্তন। পৰৱৰ্তী পৰ্যায়ত তিনিটা বিস্তৃত ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হ’ব- (ক) নতুন প্ৰযুক্তিৰ উদ্ভাৱন, (খ) মূল আন্তঃগাঁথনিৰ পৰিবৰ্তন আৰু (গ) প্ৰযুক্তি আৰু সেৱা অনুকূলকৰণ।

এই আঁচনিখনে নিৰন্তৰ আৰু সুৰক্ষিত যাত্ৰী চলাচলৰ বাবে ম’বাইল-আধাৰিত সেৱা আৰু স্বয়ংক্ৰিয় সেৱাকে ধৰি নতুন প্ৰযুক্তি গ্ৰহণৰ জৰিয়তে প্ৰব্ৰজন আৰু ভিছা পৰিস্থিতিতন্ত্ৰক আধুনিকীকৰণ কৰিব। ই সমগ্ৰ দেশৰ প্ৰব্ৰজন ডাক, এফ আৰ আৰ অ’ আৰু তথ্য কেন্দ্ৰসমূহত মূল আন্তঃগাঁথনিৰ উন্নয়ন আৰু সম্প্ৰসাৰণ কৰিব, যাতে দেশজুৰি এক স্থিতিস্থাপক আৰু পৰিসৰ বৃদ্ধি কৰিব পৰা ব্যৱস্থা গঢ়ি তুলিব পৰা যায়। তদুপৰি ই একত্ৰিত ডিজিটেল মঞ্চৰ প্ৰৱৰ্তন কৰি, মূল এপ্লিকেচন প্ৰযুক্তি পুনৰুদ্ধাৰ কৰি, উন্নত দক্ষতা আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ বাবে নেটৱৰ্ক আৰু পৰিকাঠামো শক্তিশালী কৰি প্ৰযুক্তি আৰু সেৱা প্ৰদানক অনুকূল কৰিব, যিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ লগতে বৈধ ভ্ৰমণকাৰীসকলক সুবিধা প্ৰদান কৰিব। ই ভৱিষ্যতে ভাৰতলৈ অধিক বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ সেৱাৰ ধাৰাবাহিকতা বজাই ৰখাত আৰু উদ্ভাৱনীমূলক প্ৰযুক্তিগত সমাধান অন্তৰ্ভুক্ত কৰাত সহায় কৰিব। এনেদৰে ই পৰ্যটন, চিকিৎসা আৰু ব্যৱসায়িক খণ্ডক উৎসাহিত কৰিব। আইভিএফআৰটি-ৰ অপৰিসীম ইতিবাচক দিশ আছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় আহ-যাহ, ব্যৱসায়, বাণিজ্য আৰু পৰ্যটন বৃদ্ধিত সহায় কৰিব। ই অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত কৰি নিয়োগৰ সুযোগ সৃষ্টিত অৰিহণা যোগাব।

এই আঁচনিখনে সমগ্ৰ দেশতে ১১৭ টা প্ৰব্ৰজন চকী, ১৫ গৰাকী বিদেশী আঞ্চলিক পঞ্জীয়ন বিষয়া (এফ আৰ আৰ অ’) আৰু ৮৫৪ গৰাকী বিদেশী পঞ্জীয়ন বিষয়া (এফ আৰ আৰ অ’)/আৰক্ষী অধীক্ষক (এছ পি)/আৰক্ষী উপ-আয়ুক্ত (ডি চি পি)ক সামৰি লৈছে।

আইভিএফআৰটি প্ৰণালীয়ে সমগ্ৰ প্ৰব্ৰজন আৰু ভিছা কাৰ্য্যত সেৱা প্ৰদান আৰু কাৰ্য্যকৰী দক্ষতাত উল্লেখযোগ্য উন্নতি সাধন কৰিছে। এই ব্যৱস্থাটোৱে অনলাইন নিযুক্তি সময়সূচী আৰু পৰিশোধৰ সুবিধাৰ সৈতে ১০০ শতাংশ সম্পৰ্কহীন আৰু মুখ পৰিচয়বিহীন ভিছা প্ৰক্ৰিয়া সক্ষম কৰিছে, যাৰ ফলত বিগত পাঁচ বছৰত ৭২ ঘণ্টাৰ ভিতৰত ই-ভিছা আবেদনৰ ৯১.২৪ শতাংশৰ সৈতে ভিছা প্ৰক্ৰিয়াৰ সময় দ্ৰুত কৰা হৈছে। প্ৰব্ৰজন চকীত যাত্ৰী প্ৰস্থানৰ গড় সময়ো পৰম্পৰাগত ৫-৬ মিনিটৰ পৰা বায়োমেট্রিক্সকে ধৰি ২.৫-৩ মিনিটলৈ হ্ৰাস কৰা হৈছে।

১৩ টা মুখ্য বিমানবন্দৰত ৰূপায়ণ কৰা স্বয়ংক্ৰিয় ই-গেটৰ জৰিয়তে ফাষ্ট ট্ৰেক ইমিগ্ৰেশ্যন-ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেমে (এফটিআই-টিটিপি) প্ৰব্ৰজন অনুমোদনৰ বাবে লোৱা সময় ২.৫-৩ মিনিটৰ পৰা ৩০ ছেকেণ্ডলৈ হ্ৰাস কৰে। ইয়াৰ পঞ্জীয়ন বৰ্তমান ভাৰতীয় নাগৰিক আৰু অ’চিআই কাৰ্ডধাৰীসকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ।

ব্যৱসায়ৰ সূচলতা, সুবিধা আৰু সুৰক্ষাৰ নিশ্চয়তাৰ বাবে বৃহৎ অৰ্থনৈতিক লাভালাভ সম্ভৱ কৰা হৈছে। পৰ্যটন, ব্যৱসায়, বেপাৰ-বাণিজ্য, সেৱা উদ্যোগ বিশেষকৈ বিমান পৰিবহণ আৰু আতিথ্য উদ্যোগ আইভিএফআৰটি ব্যৱস্থাৰ দ্বাৰা ব্যাপকভাৱে উপকৃত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.