প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাত টাটো-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭২ মাহ।

৭০০ মেগাৱাট (৪ x১৭৫ মেগাৱাট) স্থাপিত ক্ষমতাৰ এই প্ৰকল্পটোৱে ২,৭৩৮.০৬ এমইউ শক্তি উৎপাদন কৰিব। এই প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতে অৰুণাচল প্ৰদেশত বিদ্যুৎ যোগানৰ স্থিতি উন্নত কৰাত সহায় কৰিব আৰু লগতে ৰাষ্ট্ৰীয় গ্ৰীডৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব।

নৰ্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেড (নীপকো) আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত এক যুটীয়া উদ্যোগ কোম্পানীৰ জৰিয়তে এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব। ভাৰত চৰকাৰে ৰাজ্যখনৰ ইকুইটি অংশৰ বাবে ৪৩৬.১৩ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্যৰ উপৰি সক্ষম আন্তঃগাঁথনিৰ অধীনত পথ, দলং আৰু সম্পৰ্কিত ট্ৰেন্সমিশ্যন লাইন নিৰ্মাণৰ বাবে বাজেটৰ সমৰ্থন হিচাপে ৪৫৮.৭৯ কোটি টকালৈ বৃদ্ধি কৰিব।

অঞ্চলটোৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন আৰু আৰ্থ-সামাজিক উন্নয়নৰ উপৰি ৰাজ্যখনে ১২ শতাংশ বিনামূলীয়া বিদ্যুৎ আৰু আন ১ শতাংশ স্থানীয় ক্ষেত্ৰ উন্নয়ন পুঁজি (এল এ ডি এফ)ৰ পৰা লাভান্বিত হ'ব।

এই প্ৰকল্পটোৱে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সংগতি ৰাখি, প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সুযোগকে ধৰি স্থানীয় যোগান ধৰোতা/উদ্যোগ/এমএছএমইসমূহক বিভিন্ন সুবিধা প্ৰদান কৰিব।

এই প্ৰকল্পটোৰ বাবে প্ৰায় ৩২.৮৮ কিলোমিটাৰ পথ আৰু দলঙৰ উন্নয়নকে ধৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰা হ'ব, যি স্থানীয় ব্যৱহাৰৰ বাবেও উপলভ্য হ'ব। ২০ কোটি টকাৰ সমৰ্পিত প্ৰকল্প পুঁজিৰ বিত্তীয় সাহায্যৰ দ্বাৰা চিকিৎসালয়, বিদ্যালয়, বজাৰ, খেলপথাৰ আদিৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ ফলত জিলাবাসী লাভৱান হ'ব। স্থানীয় জনসাধাৰণেও বিভিন্নধৰণৰ ক্ষতিপূৰণ, নিযুক্তি আৰু চিএছআৰ কাৰ্যকলাপৰ পৰা লাভান্বিত হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi