প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘ভোজপুৰৰ মিলেট মহোৎসৱ’-য়ে ‘শ্ৰী অন্ন’ৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব। ইয়াক খাদ্য-সম্ভাৰত অন্তৰ্ভুক্ত কৰিবলৈ ৰাইজক উৎসাহিত কৰিব বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। বিহাৰৰ ভোজপুৰ জিলাত ২৮ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চ ২০২৩লৈ দুদিনীয়া মিলেট মহোৎসৱৰ আয়োজন কৰা হৈছিল।
কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পশুপতি কুমাৰ পাৰসৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“ভোজপুৰৰ মিলেট মহোত্সৱ’-য়ে ‘শ্ৰী অন্ন’ৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ইয়াক খাদ্য-সম্ভাৰত অনুৰ্ভুক্ত কৰিবলৈকো অনুপ্ৰাণিত কৰিব।
भोजपुर का मिलेट महोत्सव श्री अन्न के प्रति लोगों की जागरूकता तो बढ़ाएगा ही, साथ ही इसे खानपान में भी शामिल करने के लिए प्रेरित करेगा।https://t.co/7ow0ArjgIY https://t.co/KDJU890cPz
— Narendra Modi (@narendramodi) March 2, 2023


