“100 crore vaccinations are not just a figure, but a reflection of the strength of the country”
“A success of India and the success of every countryman”
“If the disease does not discriminate, then there cannot be any discrimination in the vaccination. That's why it was ensured that the VIP culture of entitlement does not dominate the vaccination campaign”
“Acceptance that India enjoys in the world as a pharma hub will be further strengthened.”
“Government made public participation the first line of defence in the country's fight against the pandemic”
“The entire vaccination program of India has been Science-born, Science-driven and Science-based”
“Today not only are record investments coming in Indian companies but new employment opportunities are also being created for the youth. With record investment in start-ups, unicorns are emerging”
“Just like Swachh Bharat Abhiyan is a mass movement, in the same way, buying things made in India, buying things made by Indians, being Vocal for Local has to be put into practice”
“No matter how good the cover is, no matter how modern the armour is, even if armour gives a complete guarantee of protection, weapons are not given up while the battle is on. There is no reason to get careless. Celebrate our festivals with utmost precautions”

নমস্কাৰ, মোৰ মৰমৰ দেশবাসী!

আজি মই নিজৰ কথাৰ আৰম্ভণি এটা বেদবাক্যৰে কৰিব খুজিছো।

কৃতম্ মে দক্ষিণে হস্তে,

জয়ো মে সব্য আহিতঃ।

এই কথাষাৰ ভাৰতৰ সন্দৰ্ভত যদি চোৱা যায় তেন্তে বহুত চিধাচিধি অৰ্থ এইটোৱেই যে আমাৰ দেশে এফালে কৰ্তব্য পালন কৰিছে আৰু আনফালে বৃহৎ সফলতাও লাভ কৰিছে। কালি ২১ অক্টোবৰত ভাৰতে ১০০ কোটি ভেকচিন ড'জৰ কঠিন কিন্তু অসাধাৰণ লক্ষ্য আহৰণ কৰিলে। এই অভিজ্ঞতাৰ অন্তৰালত ১৩০ কোটি দেশবাসীৰ কৰ্তব্যশক্তি লাগি আছে, সেয়ে এই সফলতা ভাৰতৰ সফলতা, প্ৰত্যেক দেশবাসীৰ সফলতা। মই ইয়াৰ বাবে প্ৰত্যেক দেশবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছো।

বন্ধুসকল,

১০০ কোটি ভেকচিন ড'জ, এয়া কেৱল এটা সংখ্যা নহয়। এয়া দেশৰ সামৰ্থ্যৰ প্ৰতিবিম্ব, ইতিহাসৰ নতুন অধ্যায়ৰ ৰচনা, এয়া সেই নতুন ভাৰতৰ ছবি যি কঠিন লক্ষ্য নিৰ্ধাৰণ কৰি, তাক আহৰণ কৰিব জানে। এয়া সেই নতুন ভাৰতৰ ছবি যি নিজৰ সংকল্পৰ সিদ্ধিৰ বাবে পৰিশ্ৰমৰ পৰাকাষ্ঠা কৰে।

বন্ধুসকল,

আজি বহু মানুহে ভাৰতৰ ভেকচিনেচন প্ৰগ্ৰেমৰ তুলনা পৃথিৱীৰ অন্য দেশৰ সৈতে কৰি আছে। যি দ্ৰুততাৰে ১০০ কোটিৰ, ৱান বিলিয়নৰ সংখ্যা অতিক্ৰম কৰিলে, তাৰ প্ৰশংসাও হৈ আছে। কিন্তু এই বিশ্লেষণত এটা কথা প্ৰায়েই আওকাণ কৰা হয় যে আমি এই আৰম্ভণি ক'ৰ পৰা কৰিলো! পৃথিৱীৰ অন্য ডাঙৰ দেশসমূহৰ বাবে ভেকচিনৰ ওপৰত ৰিছাৰ্চ কৰা, ভেকচিনৰ সন্ধান কৰা, এই ক্ষেত্ৰত দশক দশক ধৰি তেওঁলোকৰ মহাৰথ, expertise আছিল। ভাৰতে বেছিভাগ এই দেশসমূহে বনোৱা ভেকচিনৰ ওপৰতে নিৰ্ভৰশীল আছিল। আমি বাহিৰৰ পৰা অনাইছিলো, সেয়ে যেতিয়া ১০০ বছৰৰ সবাতোকৈ ডাঙৰ মহামাৰী আহিল, তেতিয়া ভাৰতৰ ওপৰত প্ৰশ্ন উঠিবলৈ ধৰিলে। ভাৰতে এই বৈশ্বিক মহামাৰীৰ সৈতে যুঁজিব পাৰিবনে? ভাৰতে অন্য দেশৰ পৰা ইমান ভেকচিন ক্ৰয় কৰাৰ পইচা ক'ৰ পৰা আনিব? ভাৰতে ভেকচিন কেতিয়া পাব? ভাৰতৰ মানুহে বাৰু ভেকচিন পাব নে নাপায়? ভাৰতে ইমান মানুহক টীকা দিব পাৰিবনে, যাতে মহামাৰীক বিয়পাত বাধা দিব পাৰে? বিধে বিধে প্ৰশ্ন আছিল, কিন্তু আজি এই ১০০ কোটি ভেকচিন ড'জে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি আছে। ভাৰতে নিজৰ নাগৰিকসকলক ১০০ কোটি ভেকচিন ড'জ লগালে, আৰু সেয়াও বিনামূলীয়া। পইচা নোলোৱাকৈ।

বন্ধুসকল,

 ১০০ কোটি ভেকচিন ড'জৰ এটা প্ৰভাৱ এইটোও হ'ব যে পৃথিৱীয়ে এতিয়া ভাৰতক কৰোণাৰ পৰা অধিক সুৰক্ষিত বুলি মানিব। এটা ফাৰ্মা হাবৰ ৰূপত ভাৰতে বিশ্বত যি স্বীকৃতি লাভ কৰিছে, সি অধিক শক্তি লাভ কৰিব।

বন্ধুসকল,

ভাৰতৰ ভেকচিনেচন অভিযান 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু সবকা প্ৰয়াস'ৰ সবাতোকৈ জীৱন্ত উদাহৰণ। কৰোণা মহামাৰীৰ আৰম্ভণিত এই আশংকাও প্ৰকাশ কৰা হৈছিল যে ভাৰতৰ দৰে গণতন্ত্ৰত এই মহামাৰীৰে যুঁজ দিয়াটো বহুত কঠিন হ'ব। ভাৰতৰ বাবে, ভাৰতৰ জনসাধাৰণৰ বাবে গণতন্ত্ৰৰ অৰ্থ হৈছে- 'সবকা সাথ'। সকলোকে লগত লৈ দেশে 'সবকো ভেকচিন' (সকলোকে ভেকচিন), 'মুফ্ট ভেকচিন' (বিনামূলীয়া ভেকচিন)ৰ অভিযান আৰম্ভ কৰে। ধনী-দুখীয়া, গাঁও-চহৰ, দূৰ-সুদূৰত দেশৰ এটাই মন্ত্ৰ সুনিশ্চিত কৰা হ'ল যে ভেকচিনেচন অভিযানত VIP কালচাৰ প্ৰয়োগ নহওক। কোনোবা যিমানেই ডাঙৰ পদত নাথাকক লাগে, যিমানেই ধনী নহওক লাগে, তেওঁ ভেকচিন সাধাৰণ লোকৰ দৰেই পাব।

বন্ধুসকল,

আমাৰ দেশৰ বাবে এইবুলিও কৈ থকা হৈছিল যে ইয়াত বেছিভাগ মানুহে টীকা লগাবলৈকে নাহে। পৃথিৱীৰ কেইবাখনো বৃহৎ বিকশিত দেশত আজিও ভেকচিন হেজিটেন্সী এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। কিন্তু ভাৰতৰ মানুহে ১০০ কোটি ভেকচিন ড'জ লৈ এনেকুৱা লোকক নিৰুত্তৰ কৰি দিলে।

বন্ধুসকল,

কোনো অভিযানত যেতিয়া 'সকলোৰে প্ৰয়াস' একত্ৰিত হয়, তেতিয়া পৰিণাম অদ্ভূতেই হয়। আমি মহামাৰীৰ বিৰুদ্ধে দেশৰ যুদ্ধত জনভাগিদাৰীক নিজৰ প্ৰথম শক্তি কৰিলো, ফাৰ্ষ্ট লাইন অফ ডিফেঞ্চ কৰিলো। দেশে নিজৰ ঐক্যবদ্ধতাক শক্তি দিবলৈ তালী, থালী বজালে, বন্তি জ্বলালে। কিছুমান মানুহে কৈছিল যে ইয়াৰ ফলত বেমাৰ পলাই যাবনেকি? কিন্তু আমি সকলোৱে তাত দেশৰ একতা দেখিলো, সামূহিক শক্তিৰ জাগৰণ দেখিলো। এই শক্তিয়েই কোভিড ভেকচিনেচনত আজি দেশক ইমান কম সময়ত ১০০ কোটি পোৱালেগৈ। কিমান বাৰ যে আমাৰ দেশে এদিনতে এক কোটি টীকাকৰণৰ সংখ্যা অতিক্ৰম কৰিলে। এয়া বহুত ডাঙৰ সামৰ্থ্য, প্ৰবন্ধ কৌশল, টেকনলজিৰ উপযুক্ত ব্যৱহাৰ, যি আজি ডাঙৰ ডাঙৰ দেশৰ হাতত নাই।

বন্ধুসকল,

ভাৰতৰ সম্পূৰ্ণ ভেকচিনেচন প্ৰগ্ৰেম বিজ্ঞানৰ গৰ্ভত জন্মিছে, বৈজ্ঞানিক আধাৰত প্ৰয়োগ হৈছে, আৰু বৈজ্ঞানিক পদ্ধতিৰে চাৰিও দিশত পাইছে। আমি সকলোৰে বাবে গৰ্ব কৰিবলগীয়া কথা যে ভাৰতৰ সম্পূৰ্ণ ভেকচিনেচন প্ৰগ্ৰেম Science Born, Science Driven আৰু Science Based হয়। ভেকচিন প্ৰস্তুত হোৱাৰ পূৰ্বে আৰু ভেকচিন লগালৈকে এই সমগ্ৰ অভিযানত প্ৰত্যেক ঠাইত ছাইঞ্চ আৰু ছাইণ্টিফিক এপ্ৰোচ অন্তৰ্ভুক্ত আছে। আমাৰ সন্মুখত প্ৰত্যাহ্বান মেনুফেকচাৰিঙক লৈও আছিল, প্ৰডাকচনক স্কেলআপ কৰাতো আছিল। ইমান ডাঙৰ দেশ, ইমান বৃহৎ জনসংখ্যা! তাৰ পিছত, বেলেগ বেলেগ ৰাজ্যত, দূৰ-দূৰণিৰ ঠাইত সময়ত ভেকচিন উপলব্ধ কৰোৱা! এয়াও কোনো ভাগীৰথ কাৰ্যতকৈ কম নাছিল। কিন্তু বৈজ্ঞানিক পদ্ধতি আৰু নতুন নতুন ইনোভেচনেৰে দেশে এই প্ৰত্যাহ্বানবিলাকৰ সমাধান বিচাৰিলে। অসাধাৰণ স্পীডেৰে সম্পদৰাজি বঢ়োৱা হ'ল। কোন ৰাজ্যই কিমান ভেকচিন কেৰিয়া পাব লাগে, কোন অঞ্চললৈ কিমান ভেকচিন পঠিয়াব লাগে, ইয়াৰ বাবেও বৈজ্ঞানিক ফৰ্মুলাৰ জৰিয়তে কাম হ'ল। আমাৰ দেশে কোৱিন প্লেটফৰ্মৰ যি ব্যৱস্থা বনালে, সেয়াও বিশ্বত আকৰ্ষণৰ কেন্দ্ৰ। ভাৰতত নিৰ্মিত কোৱিন প্লেটফৰ্মে কেৱল সাধাৰণ মানুহকে সুবিধা দিয়া নাই, বৰং আমাৰ মেডিকেল ষ্টাফৰ কামো সহজ কৰি তোলে।

বন্ধুসকল,

আজি চাৰিওফালে এটা বিশ্বাস আছে, উৎসাহ আছে, আশা আছে। সমাজৰ পৰা ইকনমীলৈকে, আমি প্ৰত্যেক দিশত চালে optimism, optimism, optimism দেখিবলৈ পাওঁ। এক্সপাৰ্ট আৰু দেশ-বিদেশৰ অনেক এজেঞ্চি ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক লৈ বহুত সকাৰাত্মক। আজি ভাৰতীয় কোম্পানীবিলাকত কেৱল ৰেকৰ্ড ইনভেষ্টমেণ্টেই আহি থকা নাই, বৰং যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ নতুন সুযোগো হৈ আছে। ষ্টাৰ্টআপবিলাকত ৰেকৰ্ড ইনভেষ্টমেণ্টৰ লগতে ৰেকৰ্ড ষ্টাৰ্টআপ, ইউনিকৰ্ণ হৈ আছে। হাউছিং ছেক্টৰতো নতুন শক্তি দেখা গৈছে। যোৱা মাহবিলাকত কৰা বহুতো ৰিফৰ্মে, বহুতো ইনিছিয়েটিভছে, গতিশক্তিৰ পৰা নতুন ড্ৰোন নীতিলৈকে, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক আৰু দ্ৰুততাৰে আগবঢ়াই নিয়াত ডাঙৰ ভূমিকা পালন কৰিব। কৰোণা কালত কৃষি ক্ষেত্ৰই আমাৰ অৰ্থনৈতিক ব্যৱস্থাক শক্তিশালীভাৱে চম্ভালি ৰাখিলে। আজি ৰেকৰ্ড লেভেলত শস্যৰ চৰকাৰী ক্ৰয় হৈ আছে, কৃষকৰ বেংকৰ খাতালৈ পোনপটীয়াকৈ পইচা গৈ আছে। ভেকচিনৰ ক্ৰমবৰ্দ্ধমান কভাৰেজৰ সমান্তৰালকৈ অৰ্থনৈতিক-সামাজিক কামকাজেই হওক, খেল জগত হওক, টুৰিজম হওক, এণ্টাৰটেইনমেণ্ট হওক, সকলো দিশত সকাৰাত্মক কামকাজ দ্ৰুত গতিত হৈ আছে। অনাগত উৎসৱৰ বতৰে ইয়াক অধিক গতি দিব, অধিক শক্তি দিব।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া Made in এইখন country, made in সৌখন countryৰ বহুত ক্ৰেজ হৈছিল। আৰু সেয়ে আজি মই আপোনালোকক আকৌ এই কথা ক'ম যে আমি প্ৰত্যেক সৰুতকৈও সৰু বস্তু, যি Made in India হয়, যাক বনাওঁতে কোনো ভাৰতবাসীৰ ঘাম ওলাইছে, তাক ক্ৰয় কৰাত জোৰ দিব লাগে। আৰু এইটো সকলোৰে প্ৰয়াসত হে সম্ভৱ হ'ব। যেনেকৈ স্বচ্ছ ভাৰত অভিযান, এটা জন আন্দোলন, তেনেকৈয়ে ভাৰতত প্ৰস্তুত সামগ্ৰী ক্ৰয় কৰা, ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰা, Vocal for Local হোৱা, এই কথা আমি ব্যৱহাৰলৈ আনিবই লাগিব। আৰু মোৰ বিশ্বাস আছে যে সকলোৰে প্ৰয়াসত আমি ইয়াকো কৰিমেই। ১০০ কোটি ভেকচিন ড'জৰ কাৰণে এটা বিশ্বাসৰ ভাব আছে। যদি মোৰ দেশৰ ভেকচিনে মোক সুৰক্ষা দিব পাৰে, তেন্তে মোৰ দেশৰ উৎপাদন, মোৰ দেশত নিৰ্মিত সামগ্ৰীয়ে, মোৰ দীপাৱলি আৰু ভব্য কৰি তুলিব পাৰে। দীপাৱলিৰ সময়ত বিক্ৰী এফালে আৰু বাকী বছৰৰ বিক্ৰী এফালে হয়। আমাৰ ইয়াত দীপাৱলিৰ সময়ত, উৎসৱৰ সময়ত বিক্ৰী একদম বাঢ়ি যায়। ১০০ কোটি ভেকচিন ড'জ, আমাৰ সৰু সৰু দোকানী, আমাৰ সৰু সৰু উদ্যমী, আমাৰ দালদৰিদ্ৰ ভাই-ভনীসকল, সকলোৰে বাবে আশাৰ কিৰণ হৈ আহিছে।

বন্ধুসকল,

আজি আমাৰ সন্মুখত অমৃত মহোৎসৱৰ সংকল্প আছে, এনে অৱস্থাত আমাৰ এই সফলতাই আমাক নতুন আত্মবিশ্বাস দিয়ে। আমি আজি ক'ব পাৰো যে দেশে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু তাক আহৰণ কৰিব ভালদৰে জানে। কিন্তু ইয়াৰ বাবে আমি সততে সাৱধান হৈ থকা দৰকাৰ। আমি অসতৰ্ক হ'ব নালাগে। কৱচ যিমানেই উত্তম নহওক লাগে, কৱচ যিমানেই আধুনিক নহওক লাগে, কৱচৰ জৰিয়তে সুৰক্ষাৰ সম্পূৰ্ণ গেৰাণ্টী যিমানেই নাথাকক, তেতিয়াও যিমান দিনলৈ যুদ্ধ চলে, সিমান দিনলৈ অস্ত্ৰ পেলাই দিয়া নহয়। মোৰ আৱেদন এয়ে যে আমি আমাৰ উৎসৱ অত্যন্ত সতৰ্কতাৰে পালন কৰিব লাগিব। আৰু যিমানলৈকে মাস্কৰ প্ৰশ্ন আছে, কেতিয়াবা অলপ হৈছিল কিন্তু এতিয়া তো ডিজাইনৰ জগতখনেও মাস্কত প্ৰৱেশ কৰি পেলাইছে। মোৰ ইমানেই ক'বলগীয়া আছে যে যেনেকৈ আমাৰ জোতা পিন্ধি হে বাহিৰলৈ যোৱা অভ্যাস হৈ পৰিছে, ঠিক তেনেকৈ মাস্ককো এটা সহজ স্বভাৱ বনাবই লাগিব। যি এতিয়ালৈকে ভেকচিন লোৱা নাই, তেওঁ ইয়াক সৰ্বোচ্চ প্ৰাথমিকতা দিয়ক। যাক ভেকচিন লগোৱা হৈছে, তেওঁলোকে আনক অনুপ্ৰাণিত কৰক। মোৰ সম্পূৰ্ণ ভৰষা আছে যে আমি সকলোৱে মিলি যদি প্ৰয়াস কৰো, তেন্তে কৰোণাক আৰু সোনকালে হৰুৱাব পাৰিম। আপোনালোক সকলোকে অনাগত উৎসৱৰ আকৌ এবাৰ বহুত বহুত শুভকামনা। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."