ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱক ৰোধ কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘প্ৰস্তুত হওক কিন্তু আতংকিত নহ’ব, এয়াই হ’ল আমাৰ মাৰ্গদৰ্শী মন্ত্ৰ৷ আমি এই সমস্যাক উলাইয়ো কৰিব নোৱাৰো আৰু ইয়াৰ প্ৰতিক্ৰিয়াসমূহ পৰিহাৰো কৰিব নোৱাৰো৷ আমি প্ৰতিক্ৰিয়াশীল প্ৰণালীৰ সৈতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰয়াস কৰিছো৷’’ 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাৰ পৰাই ভাৰতত প্ৰৱেশ কৰোঁতাসকলৰ নিৰীক্ষণ আৰম্ভ কৰিছে আৰু ভ্ৰমণসমূহত ক্ৰমাগতভাৱে নিষেধাজ্ঞা জাৰী কৰিছে৷ তেওঁ কয় যে পৰ্যায়ক্ৰমে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে আতংকময় পৰিস্থিতি উদ্ভৱ হোৱাৰ পৰা ৰক্ষা পৰা হৈছে৷ চৰকাৰে টিভি, ছপা মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসজাগতামূলক কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসুৰক্ষিত গোটসমূহক নিৰীক্ষণৰ আওতালৈ অনাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰয়াস কৰিছে৷ ‘‘আমি সমগ্ৰ দেশত নিজৰ চিকিৎসা কৰ্মীসকলক প্ৰশিক্ষিত কৰাৰ লগতে আমাৰ আন্তঃগাঁথনিৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ হ’লো৷ দুমাহৰ ভিতৰত আমি সমগ্ৰ দেশৰ ৬০ত কৈও অধিক গৱেষণাগাৰত পৰীক্ষণৰ ব্যৱস্থা কৰিলো’’, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে ক’ৰনা ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বিভিন্ন পৰ্যায়ৰ বাবে বিভিন্ন প্ৰট’ক’ল বিকশিত কৰিছে৷ যেনে- প্ৰৱেশ পথত পৰীক্ষণ কৰা, সন্দেহযুক্ত পৰিঘটনাৰ সন্ধান কৰা, আচুতীয়া সুবিধাৰ ব্যৱস্থা কৰা আৰু সন্দেহমুক্তসকলক মুকলি কৰি দিয়া আদি৷

ইয়াৰোপৰি ভাৰতে বিদেশৰ পৰা দেশৰ নাগৰিকসকলক উদ্ধাৰৰো ব্যৱস্থা কৰিছে৷ ভাৰতে বিভিন্ন দেশৰ পৰা ১৪০০ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি অনাৰ লগতে ‘‘চুবুৰীয়া সৰ্বপ্ৰথম’’ নীতিৰ  আধাৰত চুবুৰীয়া দেশসমূহৰ কিছু নাগৰিককো উদ্ধাৰ কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi