প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ বিভাজনৰ সময়ত প্ৰভাৱিত লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিভাজনৰ ভয়াৱহতা স্মৃতি দিৱস উপলক্ষে এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে বিভাজনে অসংখ্য লোকৰ ওপৰত যি ভয়াৱহ প্ৰভাৱ আৰু দুখ-কষ্টৰ সৃষ্টি কৰিছিল সেই কথা মনত পেলাইছে।

 

মানৱীয় সহনশীলতাক প্ৰশংসা কৰি শ্ৰী মোদীয়ে দেশৰ ঐক্য আৰু ভাতৃত্ববোধৰ বান্ধোন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :

"#PartitionHorrorsRemembranceDayত আমি বিভাজনৰ ভয়াৱহতাৰ বাবে প্ৰভাৱিত আৰু বহু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা অগণন লোকক স্মৰণ কৰোঁ। এই দিনটো তেওঁলোকৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন, যিয়ে মানুহৰ সহনশীলতাৰ শক্তিক চিত্ৰিত কৰে। বিভাজনৰ দ্বাৰা প্ৰভাৱিত বহুতে তেওঁলোকৰ জীৱন পুনৰুজ্জীৱিত কৰিবলৈ আৰু অপৰিসীম সফলতা লাভ কৰিবলৈ আগবাঢ়ি গৈছিল। আজি আমি আমাৰ ৰাষ্ট্ৰৰ ঐক্য আৰু ভাতৃত্ববোধৰ বান্ধোন সদায় সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিও দোহাৰিছো।'

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi