মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আজি এই অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিক ২০২০ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম বুলিও তেওঁ মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“#Tokyo2020ত আমাৰ মহিলা হকী দলে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শন আমি সদায়ে মনত পেলাম। সমগ্ৰ যাত্ৰাতে তেওঁলোকে সৰ্বস্ব উজাৰি দিছিল। দলটোৰ প্ৰতিগৰাকী সদস্যাই দুৰ্দান্ত সাহস, দক্ষতা আৰু সহনশীতাৰে আশিসধন্য। এই অসাধাৰণ দলটোক লৈ আজি ভাৰত গৌৰৱান্বিত।

মহিলা হকীত আমি অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হ’লো যদিও এইটো দলে কিন্তু নতুন ভাৰতৰ আত্মাক প্ৰতিবিম্বিত কৰিছে- য’ত আমি আমাৰ উত্তমখিনি দিও আৰু নতুন সীমনাৰ পৰিমাপ লওঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে #Tokyo2020-ত তেওঁলোকে আহৰণ কৰা সাফল্যই হকীত আত্মনিয়োগ কৰাৰ লগতে ইয়াৰ উত্তৰণৰ বাবে ব্ৰতী হোৱাৰ ক্ষেত্ৰত ভাৰতৰ নতুন চাম ছোৱালীক অনুপ্ৰাণিত কৰিব। এইটো দলক লৈ আমি গৌৰৱান্বিত”।  

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi