সহকাৰী সচিবসকলৰ এক অনুষ্ঠানৰ সামৰণী অধিৱেশনৰ লগত সংগতি ৰাখি নতুন দিল্লীত কালি ২০১৬ চনত উত্তীৰ্ণ আইএএছ বিষয়াসকলে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সন্মুখত তেওঁলোকৰ কেতবোৰ দিশৰ উপস্থাপন আগবঢ়ায়।

 

বিষয়াসকলে প্রধানমন্ত্রীৰ সন্মুখত উপস্থাপন কৰা নিৰ্বাচিত ৮টা বিষয় হ’ল ক্ৰমে-কৃষি ক্ষেত্ৰৰ পৰা আয় বৃদ্ধি; ভূমি স্বাস্থ্য কার্ড; অভিযোগ নিষ্পত্তি; নাগৰিককেন্দ্রিক সেৱা; বিদ্যুৎ খণ্ডৰ সংস্কাৰ; পর্যটকৰ সহায়; ই-নিলাম আৰু স্মার্ট চিটীৰ উন্নয়ন ইত্যাদি।

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে সহকাৰী সচিবসকলৰ এই ধৰণৰ অনুষ্ঠান আৰু কার্যসূচীয়ে কনিষ্ঠ আৰু জ্যেষ্ঠ বিষয়াসকলৰ মাজত পাৰস্পৰিক মত-বিনিময় আৰু আলোচনাৰ সুযোগ দিয়ে। অনাগত দিনসমূহত বিভিন্ন মন্ত্রালয়ৰ সৈতে জড়িত থকাৰ সময়ত এইসকল কনিষ্ঠ বিষয়াই যি অভিজ্ঞতা সঞ্চয় কৰিব, সেয়া আহৰণ কৰি পৰৱর্তী সময়ত তাৰ সদ্ব্যৱহাৰ কৰাৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকক উৎসাহিত কৰে। চৰকাৰৰ পৰা সাধাৰণ জনতাৰ যি প্রত্যাশা আছে, তাৰ প্ৰতি তৰুণ বিষয়াসকলে বিবেচনা কৰি ইয়াক পূৰণ কৰাৰ বাবে কর্মজীৱনত নিজৰ সৰ্বস্ব উজাৰি দিবলৈ প্রধানমন্ত্রীয়ে তেওঁলোকক পৰামর্শ দিয়ে।

 

প্রধানমন্ত্রীয়ে তৰুণ বিষয়াসকলক নিজৰ কর্তব্য পালনৰ সময়ত আশেপাশে থকা লোকসকলৰ সৈতে যোগসুত্ৰ গঢ়ি তুলিবলৈ উৎসাহ যোগায়। তেওঁ কয় যে সাধাৰণ জনতাৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলাৰ মাজতে তেওঁলোকক কর্তব্য আৰু উদ্দেশ্যসমূহৰ সফলতা নিহিত আছে।

প্রধানমন্ত্রীয়ে অনুষ্ঠানৰ সামৰণী অধিৱেশনত তৰুণ বিষয়াসকলে প্ৰদৰ্শন কৰা উপস্থাপনৰ প্রশংসা কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership