আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে যুক্তৰাষ্ট্ৰৰ চেক্ৰেটেৰী অৱ ষ্টেট এন্টনী ব্লিংকেনে।

চেক্ৰেটেৰী ব্লিংকেনে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি বাইডেন আৰু উপ ৰাষ্ট্ৰপতি হেৰিছৰ শুভেচ্ছা বাৰ্তা প্ৰদান কৰে। তেওঁ প্ৰধানমন্ত্ৰীক ইয়াৰ পূৰ্বে ইএএম আৰু এনএছএ ৰ সৈতে তেওঁৰ ফলপ্ৰসূ মত-বিনিময় সন্দৰ্ভত চমুকৈ কয় আৰু প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, বাণিজ্য ও বিনিয়োগ, জলবায়ু পৰিৱৰ্তন আৰু বিজ্ঞান ও প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডত ভাৰত-আমেৰিকাৰ কৌশলী সম্পৰ্ক গভীৰতৰ কৰি তুলিবলৈ দৃঢ় অংগীকাৰৰ কথা অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়েও ৰাষ্ট্ৰপতি বাইডেন আৰু উপ ৰাষ্ট্ৰপতি হেৰিছলৈ উষ্ম সম্ভাষণ জনাই আৰু কোৱাড, ক’ভিড-১৯ আৰু জলবায়ু পৰিৱৰ্তনৰে সম্পৰ্কীয় প্ৰসংগসমূহকে ধৰি ৰাষ্ট্ৰপতি বাইডেনে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ শলাগ লয়।

চেক্ৰেটেৰী ব্লিংকেনে দ্বিপাক্ষিক আৰু বহুপাক্ষিক প্ৰসংগসমূহত ভাৰত আৰু যুক্তৰাষ্ট্ৰৰ মাজত বৰ্ধিত এক-কেন্দ্রাভিমুখতা আৰু এই এক-কেন্দ্রাভিমুখতাক বাস্তৱ আৰু ব্যৱহাৰিক সহযোগিতালৈ ৰূপান্তৰৰ অৰ্থে উভয় কৌশলী অংশীদাৰৰ অংগীকাৰৰ শলাগ লয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ সংঘবদ্ধতাই গণতন্ত্ৰ, স্বাধীনতা আৰু মুক্ততাৰ প্ৰমূল্যৰাজিৰ অৰ্থে এটি গভীৰ অংগীকাৰ সহভাজিত কৰিছে আৰু যুক্তৰাষ্ট্ৰৰ প্ৰবাসী ভাৰতীয়সকলে দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধনৰ অৰ্থে অসীম বৰঙণি যোগান ধৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ক’ভিড-১৯, বৈশ্বিক অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু জলবায়ু পৰিৱৰ্তনৰদ্বাৰা সৃষ্ট প্ৰত্যাহ্বানৰাজিৰ পৰিপ্ৰেক্ষিতত আগন্তুক বৰ্ষসমূহত ভাৰত-যুক্তৰাষ্ট্ৰৰ কৌশলী অংশীদাৰিত্বই বিশ্বৰ প্ৰেক্ষাপটত তাৎপৰ্য্য বহন কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived