প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, দেশৰ যিবোৰ এলেকাৰ সৈতে ইমানদিনে যোগাযোগ নাছিল বা যোগাযোগ ব্যৱস্থাৰ বাহিৰত থাকি গৈছিল, সেইবোৰৰ সৈতে ৰে’ল নেটৱৰ্কৰ মাধ্যমেৰে সংযোগ গঢ়ি তোলা হৈছে। শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেভাড়িয়াৰ সৈতে সংযোগ স্থাপন কৰিবলগীয়া ৮ খন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু গুজৰাটত একাধিক ৰে’ল প্ৰকল্পৰ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, ৰে’ললাইনবোৰক ব্ৰডগজলৈ ৰূপান্তৰণ কৰা আৰু বৈদ্যুতিকৰণৰ কামলৈও গতি আহিছে। আনকি ৰে’ললাইনবোৰৰ মানোন্নয়ন ঘটাই সেইবোৰক হাইস্পীড ৰে’ল সেৱাৰ উপযোগী কৰি তোলা হৈছে। ইয়াৰ ফলত এতিয়া এই লাইনবোৰত ছেমি–হাইস্পীড ৰে’ল চলাব পৰা হৈছে। লাহে লাহে এইবোৰক হাইস্পীড ৰে’ল সেৱালৈ উন্নীত কৰা হ’ব। শ্ৰী মোদীয়ে কয়, ইয়াৰ বাবে বাজেট আবণ্টন কেবা গুণ বৃদ্ধি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ভাৰতীয় ৰে’ল যাতে পৰিৱেশ অনুকূল হৈ উঠিব পাৰে, তাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। কেভাড়িয়া ষ্টেশ্যন হৈছে ভাৰতৰ প্ৰথমটো ৰে’ল ষ্টেশ্যন, যিটো ‘গ্ৰীণ বিল্ডিং’ বা পৰিৱেশ অনুকূল ভৱনত স্বীকৃতি লাভ কৰিছে।

শ্ৰী মোদীয়ে জোৰ দি কয়, ৰে’ল ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন উৎপাদন আৰু প্ৰযুক্তিৰ বিষয়ে আত্মনিৰ্ভৰতাৰ লক্ষ্যৰে যি গুৰুত্ব দিয়া হৈছে, তাৰ ভাল পৰিণাম আশা কৰা আৰম্ভ হৈ গৈছে। আৰু এয়া সম্ভৱ হৈছে, উচ্চ হৰ্ছপাৱাৰ ক্ষমতা সম্পন্ন দেশীয় বিদ্যুৎ চালিত ৰে’ল ইঞ্জিন উৎপাদনৰ মাজেৰে। ভাৰতত সম্প্ৰতি বিশ্বৰ প্ৰথম দুমহলীয়া সুদীৰ্ঘ পণ্যবাহী ট্ৰেন যাত্ৰাও আৰম্ভ হৈছে। আজি সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে উৎপাদিত একাধিক আধুনিক ট্ৰে’ন ভাৰতীয় ৰে’ল ব্যৱস্থাৰ অংশ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ৰে’লৰ ৰূপান্তৰণৰ ক্ষেত্ৰত বিশেষজ্ঞ আৰু সুদক্ষ মানৱ সম্পদ তথা পেছাদাৰীৰ প্ৰয়োজন আছে। এই প্ৰয়োজনীয়তাক অনুভব কৰিয়েই বদোদৰাত এক ডীমড ৰে’ল বিশ্ববিদ্যালয় গঢ়ি তোলা হৈছে। ভাৰত বিশ্বৰ আঙুলিৰ মূৰত লেখিব পৰা দেশসমূহৰ ভিতৰত অন্যতম, য’ত এই ধৰণৰ শিক্ষা প্ৰতিষ্ঠান আছে। শ্ৰী মোদীয়ে লগতে কয়, ৰে’ল পৰিবহণ, মাল্টি ডিছিপ্লিনেৰী ৰিছাৰ্চ প্ৰশিক্ষণৰ দৰে বিষয়বোৰক এই প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা  হৈছে। ২০ খন ৰাজ্যৰ মেধাৱী যুৱক–যুৱতীসকলক প্ৰশিক্ষণ দিয়া হৈছে, যাতে তেওঁলোকে ৰে’লৰ বৰ্তমান আৰু ভৱিষ্যৎ গতিপথৰ দিকদৰ্শন কৰিব পাৰে। ইয়াৰ ফলত, উদ্ভাৱন আৰু গৱেষণাৰ মাধ্যমেৰে ৰে’লৰ আধুনিকীকৰণৰ কাম আগুৱাই যাব বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry