প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বৰ্তমানৰ শতিকাটোক এছিয়াৰ শতিকা হিচাপে পৰিণত কৰিবৰ বাবে বিমষ্টেক দেশবোৰৰ হাতত বৃহৎ সুযোগ আহি পৰিছে। প্ৰকৃততে বিমষ্টেক গোষ্ঠীভুক্ত দেশবোৰত বিশ্বৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই বাস কৰে। আনকি, এই দেশবোৰৰ সম্মিলিত জিডিপি-ৰ পৰিমাণ ৩.৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তৰ্জাতিক শীৰ্ষ সন্মিলন’ত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, বিমষ্টেক গোষ্ঠীভুক্ত বাংলাদেশ, ভুটান, ভাৰত, নেপাল, শ্ৰীলঙ্কা, ম্যানমাৰ আৰু থাইলেণ্ডত ষ্টাৰ্টআপ ক্ষেত্ৰত এক অভিনৱ প্ৰাণৱন্ত প্ৰাণশক্তিৰ সূচনা হৈছে। তেওঁ আৰু কয়, এই দেশকেইখনে ডিজিটেল বিপ্লৱ আৰু নতুন প্ৰজন্মৰ উদ্ভাবনৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। আনকি, এই শতিকা এছিয়া মহাদেশৰ শতিকা। গতিকে এই সময়ৰ চাহিদাই, ভৱিষ্যৎ প্ৰযুক্তি আৰু শিল্পোদ্যোগীসকললৈ এই অঞ্চলৰ পৰাই উত্তৰণ ঘটাব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, এছিয়াৰ যিবোৰ দেশৰ সহযোগিতামূলক মনোভাৱ আছে তেওঁলোকে দায়িত্বশীল হৈ একত্ৰিত হৈ আগুৱাই যাব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয়, এই দেশবোৰৰ ভিতৰত এক অভিন্ন সংস্কৃতি, সভ্যতা আৰু সম্পৰ্কৰ ঐতিহ্য আছে।

আমি আমাৰ চিন্তাভাৱনা, দৃষ্টিভঙ্গী আৰু সৰ্বাত্মক কল্যাণৰ বিষয়বোৰ পৰস্পৰৰ মাজত বিনিময় কৰো। সেয়ে আমাৰ সাফল্যও পৰস্পৰৰ সৈতে ভাগ কৰি ল’ব লাগিব। যিহেতু বিমষ্টেক দেশবোৰত এক পঞ্চমাংশ মানুহৰে বসবাস, গতিকে স্বাভাৱিকতেই এই দায়িত্ব আমাৰ ওপৰত আহি পৰে।

প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলৰ যুৱ সমাজৰ মাজত প্ৰাণৱন্ত ভাৱ, প্ৰাণশক্তি, ইচ্ছাশক্তি আৰু সংযমৰ এক নতুন সম্ভাৱনাৰ দিশ উপলব্ধি কৰিছে। আৰু এই কাৰণেই তেওঁ ২০১৮ ত বিমষ্টেক শীৰ্ষ সন্মিলনত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ ওপৰত গুৰুত্ব দিছিল। শ্ৰী মোদীয়ে এই শীৰ্ষ সন্মিলনত প্ৰযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ ওপৰতো গুৰুত্ব দিছিল। এই শীৰ্ষ সন্মিলনতেই প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক দেশৰ ষ্টাৰ্টআপবোৰক লৈ এক আন্তৰ্জাতিক সন্মিলন আয়োজনৰ প্ৰস্তাৱ দিছিল। আজিৰ এই ষ্টাৰ্টআপ শীৰ্ষক সন্মিলন সেই অঙ্গীকাৰ পূৰণৰ লক্ষ্যৰেই এক পদক্ষেপ বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

শ্ৰী মোদীয়ে এই অঞ্চলৰ দেশবোৰৰ মাজত যোগাযোগ আৰু বাণিজ্যিক সম্পৰ্কৰ প্ৰসাৰত চলি থকা একাধিক পদক্ষেপৰ কথাও উল্লেখ কৰি ডিজিটেল যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰত ২০১৮-ত ইণ্ডিয়া মোবাইল কংগ্ৰেছত অংশগ্ৰহণকাৰী বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ কথাও স্মৰণ কৰে। একেদৰে প্ৰতিৰক্ষা, বিপৰ্যয় ব্যৱস্থাপনা, মহাকাশ, কৃষি আৰু বাণিজ্যিক ক্ষেত্ৰতো বিমষ্টেক দেশবোৰৰ মাজত সহযোগিতা আগবঢ়োৱা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰী মোদীয়ে কয়, এই ক্ষেত্ৰবোৰত এক মজবুত সহযোগিতা আমাৰ ষ্টাৰ্টআপবোৰৰ অগ্ৰগতিত সহায়ক হ’ব। তাৰ লগতে এনে এক মূল্য সংযোজন শৃঙ্খলা গঢ়ি উঠিব, যাৰ ফলত এই দেশবোৰৰ মাজত আন্তঃগাঁথনি, কৃষি আৰু বাণিজ্যিক ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্ক আৰু গাঢ় হ’ব। ইয়াৰ লগতে আমাৰ ষ্টাৰ্টআপবোৰৰ বাবে ন ন সুযোগো সৃষ্টি হ’ব, যাৰ ফলত এই ক্ষেত্ৰবোৰৰ অগ্ৰগতিৰ পথ আৰু সুগম হ’ব বুলি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi