১।    মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

২।    ক’ৰোনাৰ এই অস্বাভাৱিক সময়ত, ক’ৰোনা যোদ্ধাসকলে ‘সেৱা পৰম ধৰ্ম’ মন্ত্ৰফাঁকি পালন কৰি আগবাঢ়িছে। আমাৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্সৰ চালক তথা তাত নিয়োজিত লোক, চাফাই কৰ্মচাৰী, আৰক্ষীৰ লোক, সেৱাৰ সৈতে জড়িত লোকসকল আৰু বহু লোকে ২৪ ঘন্টাই নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে।

৩।    প্ৰাকৃতিক দুৰ্যোগসমূহৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যক্তিৰ প্ৰাণহানিত দুখ প্ৰকাশ কৰি, তেওঁ দেশৰ নাগৰিকসকলক এই প্ৰয়োজনৰ সময়ত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

৪।    ভাৰতৰ স্বাধীনতা সংগ্ৰামে সমগ্ৰ বিশ্বখনকে অনুপ্ৰাণিত কৰি আহিছে। সম্প্ৰসাৰণবাদৰ ধাৰণাই বহু দেশক দাসত্বত পৰিণত কৰিলে। আনকি ভয়াৱহ যুদ্ধৰ মাজতো, ভাৰতে ইয়াৰ স্বাধীনতা আন্দোলনক ক্ষতি হ’বলৈ নিদিছিল।

৫।    ক’ভিড মহামাৰীৰ মাজত, ১৩০ কোটি ভাৰতীয়ই আত্ম-নিৰ্ভৰ হোৱাৰ পণ লৈছে আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ ভাৰতৰ মনত প্ৰোথিত হৈছে। এই সপোন সংকল্পলৈ ৰূপান্তৰিত হৈছে। আজি ১৩০ কোটি ভাৰতীয়ৰ বাবে আত্মনিৰ্ভৰ ভাৰত এফাঁকি ‘মন্ত্ৰ’ হৈ পৰিছে। মই মোৰ দেশবাসীৰ সামৰ্থ্য, বিশ্বাস আৰু সম্ভাৱনীয়তাক লৈ বিশ্বাসী। আমি কিবা এটা কৰিবলৈ সিদ্ধান্ত ল’লে, আমি লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত ৰ’ব নালাগিব।

৬।    আজি, সমগ্ৰ বিশ্বখনেই হৈ পৰিছে আন্তঃসংযোজিত আৰু আন্তঃনিৰ্ভৰশীল। ভাৰতৰ বাবে এই সময় হৈছে বিশ্ব অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা। ইয়াৰ কাৰণে, ভাৰত আত্ম-নিৰ্ভৰশীল হ’ব খুজিছে। কৃষি, মহাকাশৰপৰা স্বাস্থ্যসেৱালৈ, আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ ভাৰতে বহু পদক্ষেপ গ্ৰহণ কৰিছে। মই বিশ্বাসী, মহাকাশৰ দৰে খণ্ডসমূহৰ মুকলিৰ ব্যৱস্থাই আমাৰ যুৱ সমাজৰ অৰ্থে বহু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকৰ দক্ষতা আৰু সম্ভাৱনীয়তা বৃদ্ধি কৰিবলৈ পৰৱৰ্তী পথ প্ৰশস্ত কৰি তুলিব।

৭।    মাত্ৰ কেইমাহমানৰ পূৰ্বে, আমি বিদেশৰপৰা এন-৯৫ মাস্ক, পিপিই কিট আৰু ভেন্টিলেটৰ আমদানি কৰিছিলো। কিন্তু মহামাৰীটোৰ সময়ত আমি এন-৯৫ মাস্ক, পিপিই কিট আৰু ভেন্টিলেটৰ কেৱল প্ৰস্তুত কৰাই নহয়, বৰঞ্চ এইবোৰ সমগ্ৰ বিশ্বলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছো।

৮।    ‘মেক ইন ইণ্ডিয়া’ৰ উপৰিও, আমি ‘মেক ফৰ ৱৰ্ল্ড’ মন্ত্ৰফাঁকিও হৃদয়ংগম কৰিব লাগে।

৯।    ১১০ লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিমূলক পাইপলাইন প্ৰকল্পই আমাৰ সামগ্ৰিক আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহকে ত্বৰান্বিত কৰিব। আমি এতিয়া মাল্টি-মডেল যোগযোগ আন্তঃগাঁথনিত মনোনিৱেশ কৰিছো। আমি আৰু একঘেয়ামিতাৰে কাম কৰিব নোৱাৰো; আমি ব্যাপক আৰু সংহত আন্তঃগাঁথনিত মনোনিৱেশ কৰিব লাগে। ভিন্ন খণ্ডসমূহৰ প্ৰায় ৭,০০০ টা প্ৰকল্পও চিনাক্ত কৰি উলিওৱা হৈছে। ই আন্তঃগাঁথনি ক্ষেত্ৰখনত নৱ বিপ্লৱৰ সূচনা কৰিব।

১০। কিমান আৰু আমাৰ দেশৰপৰা কেঁচা সামগ্ৰী তৈয়াৰী পণ্য হৈ থাকিব আৰু ভাৰতলৈ ঘূৰি আহিব। এটা সময়ত আমাৰ কৃষি প্ৰণালী অতি পিছপৰি আছিল। তেতিয়া দেশৰ নাগৰিকক কেনেকৈ খাদ্যৰ যোগান ধৰিব পৰা যাব সেয়া আছিল বিৰাট উদ্বেগৰ কথা। আজি, আমি মাত্ৰ ভাৰতকে খাদ্যৰ যোগান ধৰিব পৰাই নহয় বৰঞ্চ বিশ্বখনৰেই বহু দেশক ইয়াৰ যোগাৰ কৰি দিছো। আত্ম-নিৰ্ভৰ ভাৰতে কেৱল মাত্ৰ আমদানি হ্ৰাসকে সূচিত কৰাই নহয়, বৰঞ্চ আমাৰ দক্ষতা আৰু আমাৰ সৃষ্টিশীলতা বৃদ্ধিতো গুৰুত্ব আৰোপ কৰিছে।

১১। ভাৰতত সাধন হৈ থকা সংস্কাৰ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আহিছে। যাৰ ফলশ্ৰুতিত, এফডিআইৰ অন্তঃপ্ৰৱাহে সকলোবোৰ অভিলেখ ভংগ কৰিলে। আনকি ক’ভিড মহামাৰীৰ সময়ছোৱাতো এফডিআইত ১৮% অগ্ৰগতিৰ সাক্ষী হৈ ৰৈছে ভাৰত।

১২। দেশখনৰ দুখীয়া লোকৰ জন ধন একাউন্টলৈ যে লক্ষ-লক্ষ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰিত হ’ল সেয়া কোনোবাই কল্পনা কৰিব পাৰিছিলনে? কৃষকৰ লাভালাভৰ অৰ্থে এপিএমচি আইনত যে এটা বৃহৎ পৰিৱৰ্তন সাধন হ’ল সেয়া কোনোৱে ভাবিব পাৰিছিল নে? আজি দেশত এখন ৰাষ্ট্ৰ-এখন ৰেচন কাৰ্ড, এখন ৰাষ্ট্ৰ-এটা কৰ, অৰ্থশূন্যতা আৰু দেউলিয়া অৱস্থা গূঢ়লেখ (Insolvency and Bankruptcy Code), আৰু বেংকসমূহৰ চামিল বাস্তৱায়িত হৈছে।

১৩। আমি মহিলা সবলীকৰণৰ অৰ্থে কাম কৰিছো – সংগ্ৰামত নৌ সেনা আৰু বাযু সেনাই মহিলাক অন্তৰ্ভুক্তি কৰিছে, এতিয়া মহিলাসকল হৈ পৰিছে নেত্ৰী আৰু আমি তিনি তালাকক বিলুপ্ত কৰিলো, মাত্ৰ ১ টকাতে মহিলাৰ বাবে ছেনিটেৰী পেড উপলব্ধ কৰাইছো।

১৪। মোৰ প্ৰিয় দেশবাসী, আমি ইয়াত ক’ব খুজিছো – সমৰ্থমূল স্বতন্ত্ৰয়ম, স্ৰম্মুলম বৈভম (Samarthyamool Swatantryam, Shrammulam Vaibhavam)। এখন সমাজৰ শক্তি, কোনো ৰাষ্ট্ৰৰ স্বাধীনতাই হৈছে ইয়াৰ ক্ষমতা আৰু ইয়াৰ সমৃদ্ধি আৰু প্ৰগতিৰ উৎস হৈছে ইয়াৰ শ্ৰম শক্তি।

১৫। ৭ কোটি দুখীয়া পৰিয়ালক বিনামূলীয়া গেছ ছিলিণ্ডাৰ প্ৰদান কৰা হৈছে, ৮০ কোটিৰো অধিক লোকক ৰেচন কাৰ্ডৰ জড়িয়তে বা ইয়াৰ অবিহনেই বিনামূলীয়া খাদ্য যোগান ধৰা হৈছে, প্ৰায় ৯০ হাজাৰ কোটি বেংক একাউন্টসমূহলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰা হৈছে। দুখীয়া লোকক তেওঁলোকৰ গাঁৱতে কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ গৰীব কল্যাণ ৰোজগাৰ অভিযানো আৰম্ভ কৰা হৈছে।

১৬। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱনত ভকেল ফৰ লোকেল, পুনৰাই-দক্ষ (Re-Skill) আৰু দক্ষতাৰ অগ্ৰগতি (Up-Skill)ৰ বাবে কৰা অভিযানে আত্ম-নিৰ্ভৰ অৰ্থনীতি সঞ্চাৰিত কৰিব।

১৭। দেশখনৰ বহু অঞ্চল উন্নয়নৰ দিশত পিছপৰিও ৰৈছিল। এনে ১১০ খন আকাংক্ষিত জিলা বাছনিৰদ্বাৰা, তাত বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে যাৰ জৰিয়তে জনসাধাৰণে সু শিক্ষা, উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আৰু উত্তম নিয়োগৰ সুযোগ লাভ কৰিছে।

১৮। আত্ম-নিৰ্ভৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হৈছে – স্বয়ংসম্পূৰ্ণ কৃষি আৰু আত্ম-নিৰ্ভৰ কৃষক। দেশৰ কৃষক সমাজলৈ আধুনিক আন্তঃগাঁথনি আগবঢ়াবলৈ, দিনচেৰেক পূৰ্বে ১ লাখ কোটি টকাৰ ‘কৃষি আন্তঃগাঁথনি পুঁজি’ৰ সূচনা কৰা হৈছে।

১৯। যোৱা বৰ্ষটো, এই লাল কিল্লাৰপৰাই, মই জল জীৱন অভিযানৰ ঘোষণা কৰিছিলো। আজি, এই অভিযানৰ অধীনত, প্ৰতি দিনে এক লাখৰো অধিক গৃহস্থীয়ে পানীৰ সংযোগ লাভ কৰিছে।

২০। মধ্যবিত্ত শ্ৰেণীৰ লোকে কেৱল ভাৰততেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বখনতে তেওঁলোকৰ স্থিতি প্ৰতিপন্ন কৰিছে। এই মধ্যশ্ৰেণীৰ বাবে সুযোগ প্ৰয়োজনীয়, এই মধ্যশ্ৰেণীয়ে চৰকাৰী হস্তক্ষেপৰপৰা মুক্তি বিচাৰে।

২১। প্ৰথমবাৰৰ বাবে আপোনাৰ ঘৰৰ বাবে হ’ম লোনৰ ইএমআই পৰিশোধৰ সময়ছোৱাত ৬ লাখ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে। যোৱা বৰ্ষত, হাজাৰ-হাজাৰ অসম্পূৰ্ণ ঘৰ সম্পূৰ্ণ কৰিবলৈ ২৫ হাজাৰ কোটি টকাৰ এটা পুঁজি স্থাপন কৰা হৈছিল।

২২। এখন আত্ম-নিৰ্ভৰশীল ভাৰত, এখন নতুন ভাৰত, এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণত দেশখনৰ শিক্ষা এটা অতিশয় গুৰুত্বপূৰ্ণ কথা। এই ভাৱনাৰেই, দেশে এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পালে।

২৩। ক’ৰোনাৰ সময়ত, আমি ডিজিটেল ইণ্ডিয়া অভিযানৰ ভূমিকা কি আছিল সেয়া আমি প্ৰত্যক্ষ কৰিলো। মাত্ৰ যোৱা মাহত, প্ৰায় ৩ লাখ কোটি টকা মাথো ভীম ইউপিআইৰ জৰিয়তে লেন-দেন হৈছে।

২৪। ২০১৪ৰ পূৰ্বে, দেশখনৰ মাত্ৰ ৫ ডজন পঞ্চায়তকহে অপটিকেল ফাইবাৰৰে সংযোজিত কৰা হৈছিল। যোৱা পাঁচটা বছৰত, দেশখনৰ ১.৫ লাখ গাঁও পঞ্চায়তক অপটিকেল ফাইবাৰৰে সংযোজিত কৰা যায়। অহা ১০০০ দিনৰ ভিতৰত দেশখনৰ ৬ লাখ খন গাঁৱকে অপটিকেল ফাইবাৰৰে সংযোজিত কৰা হ’ব।

২৫।  মোৰ প্ৰিয় দেশবাসী, আমাৰ অভিজ্ঞতাই কয় যে যেতিয়াই ভাৰতত মহিলা শক্তিৰ কাৰণে সুযোগ আহিছিল, তেতিয়াই তেওঁলোকে দেশলৈ সুনাম কঢ়িয়াইছিল, দেশখনক শক্তিশালী কৰিছিল। আজি, মহিলাই মাত্ৰ ভূগৰ্ভস্থ কয়লাখনিত কাম কৰাই নহয়, বৰঞ্চ যুঁজাৰু বিমানো উৰুৱাই আছে, আকাশত নতুন উচ্চতা স্পৰ্শ কৰিছে।

২৬। দেশখনত খোলা ৪০ কোটি জন ধন একাউন্টৰ ভিতৰত, প্ৰায় ২২ কোটি একাউন্টেই মাথো মহিলাৰ। ক’ৰোনাৰ সময়ছোৱাত, এপ্ৰিল-মে’-জুন, এই তিনিটা মাহত প্ৰায় তিনি হাজাৰ কোটি টকা মহিলাসকলৰ একাউন্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰিত কৰা হয়।

২৭। যেতিয়া ক’ৰোনা আৰম্ভ হৈছিল, আমাৰ দেশখনত ক’ৰোনা টেষ্টিঙৰ বাবে মাত্ৰ এটা পৰীক্ষাগাৰ আছিল। আজি দেশখনত ১,৪০০ ৰোধিক পৰীক্ষাগাৰ আছে।

২৮। দেশত আজিৰেপৰা আন এটি অতিশয় ডাঙৰ অভিযান আৰম্ভ হ’বলৈ আগবাঢ়িছে। সেয়া হৈছে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযান। প্ৰতিজন ভাৰতীয়কে এটা হেল্থ আইডি প্ৰদান কৰা হ’ব। ভাৰতৰ স্বাস্থ্য খণ্ডত ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানে এটা নতুন বিপ্লৱৰ সূচনা কৰিব। আপোনাৰ সকলোবোৰ টেষ্ট, সকলো ৰোগ, কোনজন চিকিৎসকে আপোনাক কোনটো ঔষধ প্ৰদান কৰিছিল, আপোনাৰ ৰিপ’ৰ্টত কেতিয়া, কি আছিল, এই সকলোবোৰ তথ্য এটা হেল্থ আইডিতে মজুত হৈ থাকিব।

২৯। আজি ভাৰতত, এটা নহয়, দুটা নহয়, ক’ৰোনাৰ তিনিটা ভেকচিন পৰীক্ষণমূলক পৰ্যায়ত আছে। বিজ্ঞানীসকলৰপৰা সেউজ সংকেত লাভ কৰাৰ লগে-লগে, এই ভেকচিনসমূহৰ ব্যাপক উৎপাদনৰ অৰ্থে দেশৰ প্ৰস্তুতি সাজু কৰি ৰখা হৈছে।

৩০। এই বৰ্ষটো হৈছে জম্মু-কাশ্মীৰৰ নতুন উন্নয়নৰ যাত্ৰাৰ বছৰ। এই বৰ্ষটো হৈছে জ্মু-কাশ্মীৰৰ মহিলা আৰু দলিতসকলৰ অধিকাৰ প্ৰাপ্তিৰ বছৰ! এই বৰ্ষটোৱে তদুপৰি জম্মু-কাশ্মীৰৰ শৰণাৰ্থীসকললৈ মৰ্যাদাপূৰ্ণ জীৱনৰ উন্মেষ ঘটাব। আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা এয়ে যে জ্মু-কাশ্মীৰৰ স্থানীয় নিকায়সমূহৰ প্ৰতিনিধিসকলে সক্ৰিয়তা আৰু সংবেদনশীলতাৰে উন্নয়নৰ এটা নতুন যুগৰ দিশে ধাৱমান হৈছে।

৩১। যোৱা বৰ্ষত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰণৰ জৰিয়তে, ইয়াৰ জনসাধাৰণৰ পুৰণি দাবী প্ৰাপ্তি হৈছে। হিমালয়ৰ উচ্চতাত অৱস্থিত লাডাখে আজি উন্নয়নৰ নতুন মাত্ৰা স্পৰ্শৰ দিশে আগবাঢ়িছে। এখন জৈৱিক ৰাজ্য হিচাপে ছিকিমে ইয়াৰ স্থিতি মজবুত কৰাৰ লেখীয়াকৈ, আহি থকা দিনসমূহত, এটি কাৰ্বন নিৰপেক্ষ অঞ্চল হিচাপে লাডাখে ইয়াৰ পৰিচয় দাঙি ধৰিব, এই লক্ষ্যত উপনীত হ’বলৈ কাৰ্যও সমাধা কৰা হৈছে।

৩২। দেশৰ ১০০ খন নিৰ্বাচিত মহানগৰত প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ সামগ্ৰিক প্ৰচেষ্টাৰে এটা বিশেষ অভিযানো ইতিমধ্যে কাৰ্যকৰী হৈ আছে।

৩৩। ভাৰতে ইয়াৰ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ আৰু প্ৰোৎসাহনৰ অৰ্থে পূৰ্ণ সংবেদনশীল। শেহতীয়া সময়ছোৱাত, দেশখনত বাঘৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়! এতিয়া দেশখনত আমাৰ এছীয় সিংহ (Asiatic lions)ৰ বাবে এটা প্ৰকল্পও আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। সমান্তৰালভাৱে, প্ৰজেক্ট ডলফিনৰো সূচনা কৰা হ’ব।

৩৪। এলঅ’চিৰপৰা এলএচিলৈ, যিয়েই দেশখনৰ সাৰ্বভৌমত্বৰ প্ৰতি চকু থিয় কৰি চাইছে, দেশখনে, দেশখনৰ সেনাই একে ভাষাতে সঁহাৰি জনাইছে। ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মানেই হৈছে আমাৰ বাবে সৰ্বস্ব। এই সংকল্পৰ বাবে আমাৰ সাহসী জোৱানসকলে কি কৰিব পাৰে, দেশখনে কি কৰিব পাৰে, সেয়া লাডাখত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে।

৩৫। বিশ্বৰ জনসংখ্যাৰ এক চতুৰ্থাংশই দক্ষিণ এছিয়াত বাস কৰে। আমি সহযোগিতা আৰু অংশগ্ৰহণৰে এনে এটা বৃহৎ জনসমষ্টিৰ উন্নয়ন আৰু সমৃদ্ধিৰ অকথিত সম্ভাৱনা বাস্তৱায়িত কৰি তুলিব পাৰো।

৩৬। দেশখনৰ নিৰাপত্তাত আমাৰ সীমান্ত আৰু উপকূলীয় আন্তঃগাঁথনিসমূহেও এটা ডাঙৰ ভূমিকা পালন কৰি আছে। ই লাগে হিমালয়ৰ শিখৰতেই হওঁক বৈ ভাৰত মহাসাগৰৰ দ্বীপতেই হওঁক, আজি দেশখনত পথ আৰু ইন্টাৰনেট সংযোগৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে।

৩৭। আমাৰ দেশত ১৩০০ ৰোধিক দ্বীপ আছে। এইসমূহৰ ভৌগলিক অৱস্থানৰ পৰিপ্ৰেক্ষিতত, দেশখনৰ উন্নয়নত এইসমূহৰ যথাৰ্থতা অনুধাৱন কৰি, এনে কিছু নিৰ্বাচিত দ্বীপত নতুন উন্নয়নৰ আঁচনি আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পাছত, অহা ১০০০ দিনত, লক্ষদ্বীপকো ছাবমেৰিন অপটিকেল ফাইবাৰ কেবলেৰে সংযোগ কৰা হ’ব।

৩৮। এনচিচিৰ সম্প্ৰসাৰণে দেশখনৰ ১৭৩ সীমান্ত আৰু উপকূলীয় জিলাক স্পৰ্শ সুনিশ্চিত কৰিব। এই অভিযানৰ অধীনত, প্ৰায় ১ লাখ নতুন এনচিচি কেডেটক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ লগতে, এক-তৃতীয়াংশ জীয়ৰীকে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

৩৯। আমাৰ নীতি, আমাৰ প্ৰক্ৰিয়া, আমাৰ পণ্য সকলোবোৰ উত্তম হোৱা উচিত, সৰ্বোত্তম হোৱা উচিত। মাত্ৰ তেতিয়াহৈ আমি এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ সক্ষম হ’ম।

৪০। ‘ইজ অৱ লিভিঙ’ৰ সৰ্ববৃহৎ হিতাধিকাৰী হ’ব মধ্য শ্ৰেণীটো; সুলভ ইন্টাৰনেটৰপৰা সাশ্ৰয়ী বিমানৰ টিকটলৈকে, হাইৱে’ৰ পৰা ই-ৱে’লৈ আৰু ব্যয়সাধ্য গৃহ নিৰ্মাণৰ পৰা কৰ হ্ৰাসলৈকে – এই সকলোবোৰ ব্যৱস্থাই দেশখনৰ মধ্য-শ্ৰেণীটোক সবল কৰি তুলিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 মে’ 2026
May 18, 2026

Norway to Netherlands: PM Modi's Leadership Turns Heritage, Honors & High-Tech Deals into India's Global Momen