প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজী সুভাষ বসুৰ উক্ত স্মৰণ কৰি কয় যে আমাৰ এটা লক্ষ্য আৰু শক্তি থকা উচিত যিয়ে আমাক সাহসৰ সৈতে বলিষ্ঠভাৱে চালিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আজিৰ আত্মনিৰ্ভৰ ভাৰতত, আমাৰ সেই লক্ষ্য আৰু শক্তি আছে। আমাৰ অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য সফল হ’ব, শ্ৰী মোদীয়ে কয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতি দি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ তেজ আৰু ঘামেৰে আমাৰ ৰাষ্ট্ৰখনলৈ বৰঙণি যোগাবৰ অৰ্থে আমাৰ একমাত্ৰ লক্ষ্য থকা উচিত আৰু আমাৰ কঠোৰ শ্ৰম আৰু উদ্ভাৱনেৰে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব লাগে। কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত ‘পৰাক্ৰম দিৱস’তে তেখেতে এইদৰে কয়।

সাহসী পলায়ন কৰাৰ পূৰ্বে নেতাজীয়ে তেওঁৰ ভতিজা শিশিৰ বসুক সোধা শাণিত প্ৰশ্নৰ আঁত ধৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় “যদি, আজি, প্ৰতিজন ভাৰতীয়ই নিজৰ হাত বুকুত থৈ নেতাজীৰ উপস্থিতি অনুভৱ কৰে, তেতিয়া তেওঁলোকেও একেটা প্ৰশ্নই শুনিবলৈ পাবঃ আপোনালোকেও মোৰ বাবে কিবা এটা কৰিবনে? এই কৰ্ম, এই ক্ৰিয়া, এই লক্ষ্যই আজি ভাৰতক আত্ম-নিৰ্ভৰ কৰিব। দেশখন, দেশখনৰ প্ৰতিটো অঞ্চল, দেশখনৰ প্ৰতিজন লোক ইয়াৰ অংশ।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বখনৰ অৰ্থে উত্তম পণ্য প্ৰস্তুতৰ অৰ্থে ‘জিৰ’ ডিফেক্ট আৰু জিৰ’ এফেক্ট’ৰে নিৰ্মাণ সামৰ্থ্য গঢ়ি তুলিবলৈ আহ্বান জনায়। নেতাজীয়ে কৈছিল, এখন স্বাধীন ভাৰতৰ সপোনটোত কেতিয়াও বিশ্বাস নেহেৰুৱাবা, ভাৰতক বাধা দিব পৰা বিশ্বখনত কোনো শক্তি নাই। প্ৰকৃতপক্ষে, আত্ম-নিৰ্ভৰ হোৱাৰপৰা ১৩০ কোটি ভাৰতীয়ক বাধা দিবলৈ কোনো শক্তি নাই।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে দেশখনৰ বৃহৎ সমস্যাৰাজিৰ মাজতে দৰিদ্ৰতা, নিৰক্ষৰতা, ৰোগৰ ওপৰতো সমানেই নজৰ দিছিল। তেওঁ সদায়েই দুখীয়াসকলৰ বাবে চিন্তা কৰিছিল আৰু শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে যে দৰিদ্ৰতা, নিৰক্ষৰতা, ৰোগ আৰু বৈজ্ঞানিক উৎপাদনৰ অভাৱেই আমাৰ বৃহৎ সমস্যা। এই সমস্যাৰাজি সমাধান কৰিবলৈ সমাজখন মাৰ বান্ধি আগবাঢ়ি আহিব লাগে, আমি সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে আজি দেশখনে শোষিত আৰু বঞ্চিত আৰু আমাৰ কৃষক আৰু মহিলাসকলৰ সবলীকৰণৰ অৰ্থে নিৰলসভাৱে কাম কৰি আছে। আজি প্ৰতিজন দৰিদ্ৰ লোকে বিনামূলীয়া মেডিকেল ট্ৰিটমেন্ট আৰু স্বাস্থ্য সুবিধা লাভ কৰিছে; বীজৰপৰা আৰম্ভ কৰি বজাৰলৈকে কৃষকসকলে আধুনিক সা-সুবিধা লাভ কৰিছে আৰু কৃষিকাৰ্য্যত তেওঁলোকৰ ব্যয় হ্ৰাস কৰা হৈছে; যুৱ সমাজৰ বাবে মানসম্পন্ন আৰু আধুনিক শিক্ষা প্ৰশস্ত কৰি তুলিবলৈ শিক্ষা আন্তঃগাঁথনি আধুনিকীকৰণ কৰা হৈছে; ২১শ শতিকাৰ প্ৰয়োজনীয়তাৰে ৰজিতা খুৱাই এখনি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে নতুন আইআইটি, আইআইএম আৰু এইমছ স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি নৱ্য ভাৰতত হোৱা ইতিবাচক পৰিৱৰ্তনে নেতাজী সুভাষ বসুক অতিশয় গৰ্বিত কৰিব। শ্ৰী মোডীয়ে আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে শেহতীয়া প্ৰযুক্তি; বৃহৎ বৈশ্বিক কোম্পানীসমূহ, শিক্ষা আৰু চিকিৎসা খণ্ডত ভাৰতীয়সকলৰ প্ৰভূত্বৰে নেতাজীয়ে দেশখন আত্ম-নিৰ্ভৰ হোৱাটো বিচাৰিছিল। যদি ৰাফেলৰ দৰে আধুনিক বিমানেৰে ভাৰতৰ প্ৰতিৰক্ষা বাহিনী সমৃদ্ধ হৈছে, ভাৰতে তেজসৰ দৰে আধুনিক যুঁজাৰু বিমানো প্ৰস্তুত কৰি উলিয়াইছে। আমাৰ বাহিনীসমূহৰ সামৰ্থ্য, মহামাৰীটোৰে মোকাবিলা কৰিবলৈ দেশখনে অৱলম্বন কৰা পন্থা আৰু থলুৱা ভেকচিনৰ দৰে আধুনিক বৈজ্ঞানিক সমাধান লাভৰ উপায় আৰু একেদৰে আন দেশসমূহক সহায় আগবঢ়োৱা কাৰ্য প্ৰত্যক্ষ কৰি নেতাজীয়ে আমাক আশীৰ্বাদ দিব। এলএচি ৰপৰা এলঅ’চিলৈ তেওঁৰ সপোনৰ শক্তিশালী ভাৰত বিশ্বখনে প্ৰত্যক্ষ কৰি আছে। ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি যিকোনো প্ৰত্যাহ্বানকেই ই যথোচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে নেতাজী সুভাষ, তেওঁৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন হৈছে সোনাৰ বাংলাৰ এটা বৃহৎ অনুপ্ৰেৰণাও। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰি কয় যে দেশখনৰ স্বাধীনতাৰ বাবে নেতাজীয়ে পালন কৰা ভূমিকাৰ দৰে আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থেও পশ্চিম বংগই একে ভূমিকা পালন কৰিব লাগে। তদুপৰি আত্মনিৰ্ভৰ ভাৰতত আত্মনিৰ্ভৰ বংগ আৰু সোনাৰ বাংলাৰ ভূমিকা অপৰিসীম। বংগই আগবাঢ়ি আৰু ইয়াৰ আৰু দেশখনৰ বাবে গৰিমা কঢ়িওৱা উচিত বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”