মহামান্য ‘চেন্সেলৰ’ স্কলজ,

উপ ‘চেন্সেলৰ’ ড০ ৰবাৰ্ট হাবেক,

ভাৰত চৰকাৰৰ মন্ত্ৰীসকল,

‘জাৰ্মান ব্যৱসায়ৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সমিতি’ৰ অধ্যক্ষ ড০ বুচ,

ভাৰত, জাৰ্মানী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ উদ্যোগসমূহৰ নেতৃবৃন্দ,

ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল

নমস্কাৰ!

‘গুটেন টেগ!’

 

বন্ধুসকল,

আজিৰ দিনটো নিতান্তই এটা বিশেষ দিন।

মোৰ বন্ধু, ‘চেন্সেলৰ’ স্কলজ চতুৰ্থবাৰৰ বাবে ভাৰতলৈ আহিছে।

তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।

 

‘জাৰ্মান ব্যৱসায়ৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’ ১২ বছৰৰ ব্যৱধানত ভাৰতত অনুষ্ঠিত হৈছে।

এফালে, এক ‘চিইঅ' ফ'ৰাম’ৰ বৈঠক অনুষ্ঠিত হৈছে, আৰু আনফালে, আমাৰ নৌসেনাই একেলগে অনুশীলন কৰি আছে। জাৰ্মান নৌ-জাহাজসমূহে বৰ্তমান গোৱাত এটা ‘প’ৰ্ট কল’ স্থাপন কৰিছে। ইয়াৰ উপৰিও, ভাৰত আৰু জাৰ্মানীৰ মাজত ‘সপ্তম আন্তঃচৰকাৰী আলোচনা’ অচিৰেই অনুষ্ঠিত হ'ব।

স্পষ্টকৈ ক’বলৈ হলে, ভাৰত আৰু জাৰ্মানীৰ মাজৰ বন্ধুত্ব প্ৰতিটো পদক্ষেপতে, প্ৰতিটো দিশতে গভীৰ হৈ আহিছে।

বন্ধুসকল,

এই বছৰ ‘ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্ব’ৰ ২৫সংখ্যক বাৰ্ষিকী।

পৰৱৰ্তী ২৫টা বছৰত এই অংশীদাৰিত্ব নতুন উচ্চতাত উপনীত হ'ব।

আমি অহা ২৫টা বছৰত ভাৰতৰ উন্নয়নৰ বাবে এক পথ-পৰিকল্পনা যুগুতাই উলিয়াইছো।

মই সুখী যে ইমান এক গুৰুত্বপূৰ্ণ মুহূৰ্তত জাৰ্মান কেবিনেটে "ফ’কাচ অন ইণ্ডিয়া" শীৰ্ষক দস্তাবেজ মুকলি কৰিছে।

বিশ্বৰ দুখন শক্তিশালী গণতন্ত্ৰ,

বিশ্বৰ দুটা আগশাৰীৰ অৰ্থনীতিয়ে একেলগে আমি বিশ্ব কল্যাণৰ বাবে এক শক্তি হ'ব পাৰোঁ, আৰু ‘ফ’কাচ অন ইণ্ডিয়া’ দস্তাবেজে ইয়াৰ বাবে এক ৰূপৰেখা প্ৰদান কৰিছে। ইয়াত, জাৰ্মানীৰ সামগ্ৰিক দৃষ্টিভংগী আৰু কৌশলগত অংশীদাৰিত্ব অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে। বিশেষকৈ লক্ষণীয় হ'ল জাৰ্মানীয়ে ভাৰতৰ দক্ষ কৰ্মশক্তিৰ ওপৰত প্ৰকাশ কৰা বিশ্বাস।

জাৰ্মানীয়ে দক্ষ ভাৰতীয়সকলৰ ‘ভিছা’ৰ সংখ্যা প্ৰতি বছৰে ২০,০০০ ৰ পৰা ৯০,০০০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মই নিশ্চিত যে ই জাৰ্মানীৰ অৰ্থনৈতিক বিকাশক আৰু উত্সাহিত কৰিব।

 

বন্ধুসকল,

আমাৰ দ্বিপাক্ষিক বাণিজ্যই ৩০ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে।

আজি, যি সময়ত শ শ জাৰ্মান কোম্পানীয়ে ভাৰতত কাম কৰি আছে, জাৰ্মানীত ভাৰতীয় কোম্পানীসমূহো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে।

ভাৰত বৈচিত্ৰ্যকৰণ আৰু বিপদাশংকামুক্তকৰণৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিছে আৰু বিশ্বজোৰা বাণিজ্য আৰু উৎপাদনৰ কেন্দ্ৰ হিচাপে উদীয়মান হৈছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, এতিয়া আপোনালোকৰ বাবে ‘ভাৰতত নিৰ্মাণ কৰাৰ আৰু বিশ্বৰ বাবে প্ৰস্তুত কৰা’ৰ আটাইতকৈ উপযুক্ত সময় সমাগত হৈছে।

 

বন্ধুসকল,

‘এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’-য়ে ‘ইউৰোপীয় ইউনিয়ন’ আৰু ‘এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত এক অপৰিহাৰ্য ভূমিকা পালন কৰিছে। কিন্তু মই এই মঞ্চখন কেৱল বাণিজ্য আৰু বিনিয়োগতে সীমাবদ্ধ বুলি বিবেচনা নকৰো।

মই ইয়াক ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ বাবে এক অংশীদাৰিত্ব আৰু বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত নিৰ্মাণকাৰী হিচাপে গণ্য কৰো। বিশ্বক স্থিৰতা আৰু ধাৰাবাহিকতা, বিশ্বাস আৰু স্বচ্ছতাৰ প্ৰয়োজন। এই মূল্যবোধবোৰ সমাজতেই হওঁক বা যোগান শৃংখলাতেই হওঁক, প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব। ইয়াৰ অবিহনে, কোনো দেশ বা অঞ্চলেই এক উজ্জ্বল ভৱিষ্যতৰ কল্পনা কৰিব নোৱাৰে।

বিশ্বৰ ভৱিষ্যতৰ বাবে ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ হৈছে অতিকে গুৰুত্বপূৰ্ণ। বিশ্বজোৰা বিকাশ, জনসংখ্যা বা দক্ষতাৰ ক্ষেত্ৰতেই হওঁক, এই অঞ্চলৰ অৱদান আৰু সম্ভাৱনা অপৰিসীম।

সেয়েহে, এই সন্মিলনে আৰু অধিক গুৰুত্ব বহণ কৰিছে।

বন্ধুসকল,

ভাৰতৰ জনসাধাৰণে এক স্থিৰ ৰাজনীতি আৰু এক অনুমানযোগ্য নীতি পৰিস্থিতিতন্ত্ৰক মূল্য দিয়ে।

সেয়েহে, ৬০ বছৰৰ পিছত, একেৰাহে তৃতীয়বাৰৰ বাবে এখন চৰকাৰক নিৰ্বাচিত কৰা হৈছে। সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনশীল শাসনৰ জৰিয়তে যোৱা দশকত ভাৰতত এই বিশ্বাসক শক্তিসমৃদ্ধ কৰা হৈছে।

যেতিয়া ভাৰতৰ সাধাৰণ নাগৰিকেই এনে অনুভৱ কৰিছে, আপোনালোকৰ দৰে ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলৰ বাবে ইয়াতকৈনো আৰু আন ক'ত ভাল হ'ব পাৰে?

বন্ধুসকল,

ভাৰত চাৰিটা শক্তিশালী স্তম্ভৰ ওপৰত থিয় হৈছে: ‘গণতন্ত্ৰ’, ‘জনগাঁথনি’, ‘চাহিদা’ আৰু ‘তথ্য’। ‘প্ৰতিভা’, ‘প্ৰযুক্তি’, ‘উদ্ভাৱন’ আৰু ‘আন্তঃগাঁথনি’ হৈছে ভাৰতৰ বিকাশৰ সাধন। আজি এক অতিৰিক্ত মহান শক্তিয়ে এই সকলোবোৰ সঞ্চালিত কৰিছে: ‘উচ্চাকাংক্ষী ভাৰতৰ শক্তি’।

অৰ্থাৎ, ‘এআই’ – ‘কৃত্ৰিম বুদ্ধিমত্তা’ আৰু ‘উচ্চাকাংক্ষী ভাৰত’ৰ মিলিত শক্তি আমাৰ সৈতে আছে। আমাৰ যুৱপ্ৰজন্মই ‘অভিলাষী ভাৰত’ক সঞ্চালিত কৰি আছে।

যোৱাটো শতিকাত প্ৰাকৃতিক সম্পদে বিকাশক ত্বৰান্বিত কৰিছিল। এই শতিকাত মানৱ সম্পদ আৰু উদ্ভাৱনে বিকাশত সহায় কৰিব। এইকাৰণেই ভাৰতে ইয়াৰ যুৱসকলৰ বাবে দক্ষতা আৰু প্ৰযুক্তিক গণতান্ত্ৰিক কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।

 

বন্ধুসকল,

ভাৰতে আজি ভৱিষ্যত বিশ্বৰ প্ৰয়োজনীয়তাসমূহৰ বাবে কাম কৰি আছে।

‘মিছন এআই’-য়েই হওঁক,

আমাৰ ‘অৰ্ধপৰিবাহী অভিযান’-য়েই হওঁক,

‘কোৱান্টাম মিছন’,

‘মিছন সেউজীয়া হাইড্ৰজেন’,

‘মহাকাশ প্ৰযুক্তি’ৰ সৈতে সম্পৰ্কিত অভিযানসমূহ,

বা ‘ডিজিটেল ইণ্ডিয়া মিছন’-য়েই হওঁক, এই সকলোবোৰৰে লক্ষ্য হৈছে বিশ্বৰ বাবে সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ নিৰ্ভৰযোগ্য সমাধান প্ৰদান কৰা। এই ক্ষেত্ৰসমূহে আপোনালোক সকলোৰে বাবে অসংখ্য বিনিয়োগ আৰু সহযোগিতাৰ সুযোগ প্ৰদান কৰিছে।

বন্ধুসকল,

প্ৰতিটো উদ্ভাৱনক এক শক্তিশালী মঞ্চ আৰু সৰ্বশ্ৰেষ্ঠ আন্তঃগাঁথনি প্ৰদান কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’য়ে নতুন ‘ষ্টাৰ্টআপ’ আৰু ‘উদ্যোগ ৪.০’ৰ বাবে অন্তহীন সুযোগ সৃষ্টি কৰিছে। ভাৰতে ৰে'ল, পথ, বিমানবন্দৰ আৰু বন্দৰত অভিলেখ পৰিমাণৰ বিনিয়োগৰ সৈতে ইয়াৰ ভৌতিক আন্তঃগাঁথনিৰো পৰিৱৰ্তন সাধন কৰি আছে। জাৰ্মানী আৰু ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ কোম্পানীবোৰৰ বাবে ইয়াত ব্যাপক সুযোগ আছে।

মই আনন্দিত যে ভাৰত আৰু জাৰ্মানীয়ে ‘নৱীকৰণযোগ্য শক্তি’ৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে।

যোৱা মাহত জাৰ্মানীৰ সহযোগত গুজৰাটত ‘চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন’ আয়োজন কৰা হৈছিল।

বিশ্ব স্তৰত ‘নৱীকৰণযোগ্য শক্তি’ৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে ভাৰত-জাৰ্মানী মঞ্চও মুকলি কৰা হৈছে। মই আশা কৰোঁ আপোনালোকে ভাৰতে বিকশিত কৰি থকা ‘সেউজীয়া হাইড্ৰজেন পৰিস্থিতিতন্ত্ৰ’ৰ সুবিধা গ্ৰহণ কৰিব।

 

বন্ধুসকল,

ভাৰতৰ বিকাশৰ কাহিনীত যোগদান কৰাৰ এইটো হৈছে সঠিক সময়।

যেতিয়া ভাৰতৰ ‘গতিশীলতা’ই জাৰ্মানীৰ ‘নিখুঁততা’ৰে জোঁট বান্ধে,

যেতিয়া জাৰ্মানীৰ ‘অভিযান্ত্ৰিকবিদ্যা’ ভাৰতৰ ‘উদ্ভাৱন’ৰ সৈতে মিলিত হয়,

যেতিয়া জাৰ্মানীৰ ‘প্ৰযুক্তি’ ভাৰতৰ ‘প্ৰতিভা’ৰ সৈতে একত্ৰিত হয়, ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ আৰু বিশ্বৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ কল্পনা কৰা হয়।

 

বন্ধুসকল,

আপোনালোক ব্যৱসায়িক জগতৰ অন্তৰ্ভুক্ত।

আপোনালোকৰ মন্ত্ৰ হৈছে "যেতিয়া আমি লগ পাওঁ, আমি ব্যৱসায়ৰ অৰ্থ বুজাওঁ।"

কিন্তু ভাৰতলৈ অহাটো কেৱল ব্যৱসায়ক লৈয়ে নহয়; যদি আপোনালোকে ভাৰতৰ সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু বজাৰৰ জুতি নলয়, আপোনালোকে বহুখিনি হেৰুৱাব।

মই আপোনালোকক নিশ্চিতি প্ৰদান কৰিছোঁ: আপোনালোক সুখী হ'ব, আৰু আপোনালোকৰ ঘৰত থকা পৰিয়ালবৰ্গতো বাৰুকৈয়ে সুখী হ'ব।

আপোনালোকক বহুত বহুত ধন্যবাদ, আৰু এই সন্মিলন আৰু ভাৰতত আপোনালোকৰ থকা সময়ছোৱা ফলপ্ৰসূ আৰু স্মৰণীয় হওঁক।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”