“বিশ্ব অৰ্থনীতিলৈ সুস্থিৰতা, আত্মবিশ্বাস আৰু বিকাশ ঘূৰাই অনাটো বিশ্বৰ আগশাৰীৰ অৰ্থনীতি আৰু মুদ্ৰা ব্যৱস্থাৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰশীল”
“আপোনালোকৰ আলোচনাত বিশ্বৰ আটাইতকৈ দুৰ্বল নাগৰিকসকলক গুৰুত্ব প্ৰদান কৰক”
“কেৱল এক সৰ্বাংগীন এজেণ্ডা সৃষ্টি কৰিহে বিশ্ব অৰ্থনৈতিক নেতৃত্বই বিশ্বৰ আস্থা ঘূৰাই আনিব পাৰে”
“আমাৰ জি-২০ অধ্যক্ষতাৰ বিষয়বস্তু-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”এ এক সামূহিক দৃষ্টিভংগীক প্ৰসাৰিত কৰে
“ভাৰতে ইয়াৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰত এক অতি সুৰক্ষিত, অতি বিশ্বাসযোগ্য আৰু অতি কাৰ্যক্ষম ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি সৃষ্টি কৰিছে”
“আমাৰ ডিজিটেল পেমেণ্ট পৰিস্থিতিতন্ত্ৰক বিনামূলীয়া ৰাজহুৱা সম্পত্তি হিচাপে বিকশিত কৰা হৈছে”
“ইউপিআই আন বহু দেশৰ বাবেও উদাহৰণ হ’ব পাৰে”

মহামহিম,

‘জি-২০’ দেশৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলক মই ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আপোনালোকৰ বৈঠকৰে ভাৰতৰ সভাপতিত্বত ‘জি-২০’ দেশসমূহৰ প্ৰথমখন মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। মই আপোনালোকক এক ফলপ্ৰসূ সভাৰ বাবে শুভেচ্ছা জনাইছো যদিও আপোনালোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মই অৱগত। আপোনালোকে এনে এক সময়ত গোলকীয় বিত্ত আৰু অৰ্থনীতিৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰিছে যি সময়ত পৃথিৱীখনে এক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। শতিকা-বিৰল ক’ভিড মহামাৰীয়ে বিশ্ব অৰ্থনীতিক বাৰুকৈয়ে আঘাত হানিছে। বহুতো দেশে, বিশেষকৈ উন্নয়নশীল অৰ্থনীতিয়ে এতিয়াও ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে। আমি বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাও দেখিবলৈ পাইছো। গোলকীয় যোগান শৃংখলাত ব্যাঘাত ঘটিছে। বৰ্ধিত মূল্যৰ বাবে বহুতো সমাজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইফালে, খাদ্য আৰু শক্তি সুৰক্ষাৰ প্ৰসংগ সমগ্ৰ বিশ্বৰ বাবেই মুখ্য উদ্বেগৰ কাৰণ হৈ উঠিছে। আনকি বহুতো দেশৰ বিত্তীয় সাৰ্থকতা অ-বহনযোগ্য ঋণৰ স্তৰৰ দ্বাৰা বিপদাপন্ন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশ্বাস হ্ৰাস পাবলৈ ধৰিছে। সংস্কাৰ সাধনৰ ক্ষেত্ৰত তেওঁলোক লেহেমীয়া গতিৰে আগবাঢ়াটোও হৈছে এনে হোৱাৰ আংশিক কাৰণ। বিশ্ব অৰ্থনীতিলৈ স্থিৰতা, আত্মবিশ্বাস আৰু বিকাশৰ ধাৰা ঘূৰাই অনাটো এতিয়া আপোনালোক- বিশ্বৰ আগশাৰীৰ অৰ্থনীতি তথা মুদ্ৰা প্ৰণালীৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কেতিয়াও এটা সহজ কাম নহয়।

অৱশ্যে, মই আশা কৰিম যে আপোনালোকে উজ্জীৱিত ভাৰতীয় অৰ্থনীতিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰিব। ভাৰতীয় উপভোক্তা আৰু উৎপাদকসকল ভৱিষ্যতক লৈ আশাবাদী আৰু আত্মবিশ্বাসী। আপোনালোকেও বিশ্ব অৰ্থনীতিত একেই ইতিবাচক মনোভাৱৰ সূচনা কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিম। আপোনালোকৰ আলোচনাসমূহত বিশ্বৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ নাগৰিকসকলৰ প্ৰসংগক গুৰুত্ব প্ৰদানৰ বাবে মই আহ্বান জনাম। এক সামগ্ৰিক কাৰ্যসূচী সৃষ্টি জৰিয়তেহে গোলকীয় অৰ্থনৈতিক নেতৃত্বই বিশ্বৰ আত্মবিশ্বাস ঘূৰাই আনিব পাৰিব। আমাৰ সভাপতিত্বত ‘জি-২০’ সন্মিলনৰ বাবে গ্ৰহণ কৰা বিষয়বস্তু- 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'য়েও এই সামগ্ৰিক দৃষ্টিভংগীকে সঞ্চাৰিত কৰে।

মহামহিম,

বিশ্বৰ জনসংখ্যাই ৮ বিলিয়নৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু বহনক্ষম উন্নয়ন লক্ষ্যৰ প্ৰগতি হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে। জলবায়ু পৰিৱৰ্তন আৰু উচ্চ ঋণ স্তৰৰ দৰে গোলকীয় প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ বাবে আমি বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে সামূহীয়াভাৱে কাম কৰিব লাগিব।

মহামহিম,

বিত্তৰ পৃথিৱীখনত প্ৰযুক্তি ক্ৰমাত্ প্ৰভাৱশালী হৈ উঠিছে। মহামাৰীৰ সময়ত ডিজিটেল পৰিশোধে যোগাযোগবিহীন আৰু মসৃণ লেনদেন সম্ভৱ কৰি তুলিছিল। অৱশ্যে, ডিজিটেল বিত্তৰ কিছুমান শেহতীয়া উদ্ভাৱনে স্থিৰতাহীনতা আৰু দুৰ্ব্যৱহাৰৰ আশংকাও সৃষ্টি কৰিছে। মই আশা কৰিম যে আপোনালোকে প্ৰযুক্তিৰ শক্তি ভালৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়সমূহৰ অন্বেষণ কৰিব, আনহাতে ইয়াৰ সাম্ভাব্য বিপদৰ আশংকাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ মানক বিকশিত কৰিব। ভাৰতে আহৰণ কৰা অভিজ্ঞতা নিশ্চয় এক আৰ্হি হ'ব পাৰে। যোৱা কেইটামান বছৰত আমি এক অতি সুৰক্ষিত, অত্যন্ত বিশ্বাসী আৰু অত্যন্ত দক্ষ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি গঢ়ি তুলিছো। আমাৰ ডিজিটেল পৰিশোধ-প্ৰণালীক এক বিনামূলীয়া ৰাজহুৱা কল্যাণৰ পন্থা হিচাপে বিকশিত কৰা হৈছে। ইয়াৰ ফলত ভাৰতত শাসন, বিত্তীয় অন্তৰ্ভুক্তি আৰু স্বাচ্ছন্দ্যৰে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত স্থিতিৰ আমূল পৰিৱৰ্তন সাধন সম্ভৱ হৈছে। আপোনালোক ভাৰতৰ প্ৰযুক্তিক্ষেত্ৰৰ ৰাজধানী বেংগালুৰুত মিলিত হোৱাৰ সময়ত ভাৰতীয় উপভোক্তাসকলে কেনেদৰে ডিজিটেল পৰিশোধ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আপোনালোকে প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব পাৰিব।

দৰাচলতে, ‘জি-২০’ত আমাৰ সভাপতিত্বৰ সময়ছোৱাত আমি এক নতুন ব্যৱস্থা গঢ়ি তুলিছো। ইয়ে আমাৰ ‘জি-২০’ৰ অতিথিসকলক ভাৰতৰ পথ-প্ৰদৰ্শনকাৰী ‘ডিজিটেল পেমেণ্ট প্লেটফৰ্ম’- ‘ইউপিআই’ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিব। আপোনালোকে যেতিয়া ইয়াৰ ব্যৱহাৰ কৰিব আৰু ইয়াৰ ব্যৱহাৰৰ স্বাচ্ছন্দ্য অনুভৱ কৰিব তেতিয়া ভাৰতীয় গ্ৰাহকসকলেনো কিয় ইমান স্বেচ্ছাই ইয়াক গ্ৰহণ কৰিছে সেই কথা আপোনালোকেও বুজি উঠিব। ‘ইউপিআই’ৰ দৰে নিদৰ্শন আন বহু দেশৰ বাবেও ‘টেমপ্লেট’ হ'ব পাৰে।

আমাৰ অভিজ্ঞতা বিশ্বৰ সৈতে ভাগ বাটোৱাৰা কৰিবলৈ পালে আমি নিশ্চয় সুখী হ’ম। আৰু, এই ক্ষেত্ৰত  ‘জি-২০’ বাহক হৈ উঠিব পাৰে।

মহামহিম,

এই গুৰুত্বপূৰ্ণ বৈঠকখনত আপোনালোকৰ অংশগ্ৰহণৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো, আৰু অতি ফলপ্ৰসূ আৰু সফল আলোচনাৰ বাবে আপোনালোকক শুভকামনা জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership