“এই সন্মিলন বিশ্বৰ ভিন্ন সংসদীয় পদ্ধতিৰ এক অনন্য সংযোগ”
“গণতন্ত্ৰৰ মাতৃ হিচাপেই নহয়, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিচিত ভূমিত পি-২০ সন্মিলন অনুষ্ঠিত হৈছে”
“ভাৰতত কেৱল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত হোৱাই নহয়, ইয়াত জনতাৰ অংশগ্ৰহণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে”
“ভাৰতে নিৰ্বাচনী প্ৰক্ৰিয়াক আধুনিক প্ৰযুক্তিৰে সংযোগ কৰিছে”
“ভাৰতে আজি প্ৰতিটো খণ্ডতে মহিলাৰ অংশগ্ৰহণক প্ৰোৎসাহিত কৰিছে”
“এখনি বিভক্ত বিশ্বই মানৱ জাতিৰ সন্মুখত থকা বৃহৎ প্ৰত্যাহ্বাৰাজিৰে মোকাবিলা কৰিব নোৱাৰে”
“এয়া শান্তি আৰু ভ্ৰাতৃত্ববোধৰ সময়, একেলগে আগবাঢ়ি যোৱাৰ সময়। এয়া সকলোৰে বিকাশ আৰু মংগলৰ সময়। আমি বৈশ্বিক আস্থা লাভেৰে, মানৱকেন্দ্ৰিক চিন্তাধাৰাৰে আগবাঢ়িব লাগিব”

নমস্কাৰ!

জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। এই সন্মিলনখন এক প্ৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংসদীয় প্ৰথাৰ ‘মহাকুম্ভ’ বা বৃহৎ সমাৰোহ। আপোনালোকৰ দৰে সকলো প্ৰতিনিধি বিভিন্ন সংসদৰ কৰ্মশৈলীৰে অভিজ্ঞ। ইমান চহকী গণতান্ত্ৰিক অভিজ্ঞতাৰে সমৃদ্ধ আপোনালোকৰ ভাৰত ভ্ৰমণ আমাৰ সকলোৰে বাবে এক বৃহৎ আনন্দৰ বিষয়।

 

বন্ধুসকল,

 

এয়া ভাৰতৰ উৎসৱৰ বতৰ। আজিকালি সমগ্ৰ ভাৰততে বহুতো উৎসৱমুখৰ কাম-কাজ চলি থাকে। কিন্তু এইবাৰ জি-২০-এ বছৰটোৰ ভিতৰতে উৎসৱৰ বতৰৰ উৎসাহ বজাই ৰাখিছে। আমি গোটেই বছৰটো ভাৰতৰ বিভিন্ন চহৰত জি-২০ প্ৰতিনিধিক আতিথ্য দিলোঁ। ফলস্বৰূপে সেই চহৰবোৰত উদযাপনৰ পৰিৱেশৰ সৃষ্টি হ’ল। ইয়াৰ পিছত ভাৰত চন্দ্ৰত অৱতৰণ কৰে। ইয়াৰ ফলত সমগ্ৰ দেশতে উদযাপন আৰু অধিক বৃদ্ধি পালে। তাৰ পিছত, আমি ইয়াত দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সফল আয়োজন কৰিলোঁ। আৰু এতিয়া ইয়াত এই পি২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। যিকোনো দেশৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল ইয়াৰ জনসাধাৰণ; ইয়াৰ জনসাধাৰণৰ ইচ্ছাশক্তি। আজি এই সন্মিলনখনো ৰাইজৰ এই শক্তিক উদযাপনৰ কাৰণত পৰিণত হৈছে।

 

বন্ধুসকল,

 

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মাতৃ ভাৰতত অনুষ্ঠিত হৈছে পি-২০ শীৰ্ষ সন্মিলন। বিশ্বৰ বিভিন্ন সংসদৰ প্ৰতিনিধি হিচাপে আপোনালোকে জানে যে সংসদসমূহ বিতৰ্ক আৰু আলোচনাৰ গুৰুত্বপূৰ্ণ স্থান। হাজাৰ হাজাৰ বছৰৰ আগতেও ইয়াত সংঘটিত বিতৰ্ক আৰু আলোচনাৰ অতি ভাল উদাহৰণ আমাৰ হাতত আছে। ৫০০০ বছৰতকৈও অধিক পুৰণি আমাৰ শাস্ত্ৰত, আমাৰ বেদত, সভা আৰু সমিতিৰ কথা কোৱা হৈছে। তাত সমাজৰ স্বাৰ্থত সামূহিক সিদ্ধান্ত লোৱা হৈছিল। আমাৰ আটাইতকৈ পুৰণি বেদ, ঋগবেদতো কোৱা হৈছে-संगच्छ-ध्वं संवद-ध्वं सं, वो मनांसि जानताम्। অৰ্থাৎ আমি একেলগে খোজ কাঢ়ো, একেলগে কথা কওঁ আৰু আমাৰ মন এটাই। সেই সময়ছোৱাতো গাঁওসভাত বিতৰ্কৰ জৰিয়তে গাঁও সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

 

গ্ৰীচৰ ৰাষ্ট্ৰদূত মেগাষ্টেনিছে যেতিয়া ভাৰতত এনে ব্যৱস্থা দেখিলে, তেতিয়া তেওঁ আচৰিত হ’ল। ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এই ব্যৱস্থাৰ বিষয়ে তেওঁ বিতংভাৱে লিখিছিল। আপোনালোকেও জানি আচৰিত হ’ব যে আমাৰ তামিলনাডুত নৱম শতিকাৰ শিলালিপি আছে। ইয়াত গাঁৱৰ বিধানসভাৰ নিয়ম আৰু সংহিতাৰ কথা উল্লেখ কৰা হৈছে। আৰু আনন্দৰ কথা এই যে সেই ১২০০ বছৰীয়া শিলালিপিত আনকি লিখা আছে যে কোনজন সদস্যক কি কাৰণত আৰু কেনে পৰিস্থিতিত অযোগ্য ঘোষণা কৰিব পাৰি। মই ১২০০ বছৰৰ আগৰ কথা কৈছো। ‘অনুভৱ মন্তপ’ৰ বিষয়েও ক’ব বিচাৰিছো। মেগনা কাৰ্টাৰ আগতেও দ্বাদশ শতিকাত আমাৰ “অনুভৱ মন্তপ”ৰ পৰম্পৰা আছে। ইয়াতো বিতৰ্ক আৰু আলোচনাক উৎসাহিত কৰা হৈছিল। প্ৰতিটো শ্ৰেণীৰ, প্ৰতিটো জাতি, প্ৰতিটো সম্প্ৰদায়ৰ মানুহে তালৈ গৈ “অনুভৱ মন্তপ”ত নিজৰ মতামত প্ৰকাশ কৰিছিল। জগতগুৰু বাসৱেশ্বৰৰ এই উপহাৰে ভাৰতক আজিও গৌৰৱান্বিত কৰি তুলিছে। ৫০০০ বছৰ পুৰণি বেদৰ পৰা আজিলৈকে এই যাত্ৰা, সংসদীয় পৰম্পৰাৰ এই বিকাশ, কেৱল আমাৰ ঐতিহ্যই নহয় সমগ্ৰ বিশ্বৰে ঐতিহ্য।

বন্ধুসকল,

 

ভাৰতৰ সংসদীয় প্ৰক্ৰিয়াসমূহ সময়ৰ লগে লগে নিৰন্তৰ উন্নতি ঘটিছে আৰু অধিক শক্তিশালী হৈ উঠিছে। ভাৰতত আমি সাধাৰণ নিৰ্বাচনক আটাইতকৈ ডাঙৰ উৎসৱ বুলি গণ্য কৰোঁ। ১৯৪৭ চনত স্বাধীনতাৰ পিছত ভাৰতত ১৭টা সাধাৰণ নিৰ্বাচন আৰু ৩০০ৰো অধিক ৰাজ্য বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ভাৰতে কেৱল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত কৰাই নহয়, ইয়াত জনতাৰ অংশগ্ৰহণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত দেশবাসীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে মোৰ দলটোক বিজয়ী কৰিছে। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে। ৬০ কোটিৰো অধিক অৰ্থাৎ ৬০০ মিলিয়ন ভোটাৰে ইয়াত অংশগ্ৰহণ কৰিছিল। আপোনালোকে কল্পনা কৰকচোন, সেই সময়ত ভাৰতত ৯১ কোটি অৰ্থাৎ ৯১ কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছিল। সমগ্ৰ ইউৰোপৰ মুঠ জনসংখ্যাতকৈও অধিক। ভাৰতৰ মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ প্ৰায় ৭০ শতাংশ ভোটাৰৰ ভোটদানৰ পৰাই বুজা যায় যে ভাৰতত সংসদীয় প্ৰথাৰ ওপৰত মানুহৰ কিমান আস্থা আছে। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কাৰক আছিল মহিলাৰ সৰ্বাধিক অংশগ্ৰহণ। ২০১৯ চনৰ নিৰ্বাচনত ভাৰতীয় মহিলাসকলে অভিলেখ সংখ্যক ভোটদান কৰিছিল। আৰু বন্ধুসকল, অকল সংখ্যাই নহয় ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো ভাৰতৰ নিৰ্বাচনৰ দৰে আন কোনো উদাহৰণ পৃথিৱীত নাই। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ৬০০ৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল। এই নিৰ্বাচনসমূহত এক কোটিৰো অধিক অৰ্থাৎ ১০ মিলিয়ন চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনী কামত অৱদান আগবঢ়াইছিল। নিৰ্বাচনৰ বাবে দেশত ১০ লাখ বা ১০ লাখৰো অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

 

বন্ধুসকল,

 

সময়ৰ লগে লগে ভাৰতেও নির্বাচন প্রক্রিয়াক আধুনিক প্রযুক্তিৰ সৈতে একাকাৰ কৰি তুলিছে৷ ভাৰতে প্ৰায় ২৫ বছৰ ধৰি ইলেক্ট্ৰনিক ভোটিং মেচিন-ইভিএম ব্যৱহাৰ কৰি আহিছে। ইভিএমৰ ব্যৱহাৰৰ লগে লগে নিৰ্বাচনত স্বচ্ছতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ দক্ষতা দুয়োটা বৃদ্ধি পাইছে। ভাৰতত গণনা আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এতিয়া মই আপোনালোকক আন এটা সংখ্যা জনাইছো। এই কথা শুনিও আপোনালোক আচৰিত হ’ব। আপোনালোকে নিশ্চয় সচেতন যে অহা বছৰ ভাৰতত পুনৰ সাধাৰণ নিৰ্বাচন হ'ব। ১০০ কোটি ভোটাৰ অৰ্থাৎ ১ বিলিয়ন লোকে এই নিৰ্বাচনত ভোটদান কৰিব। পি-২০ শীৰ্ষ সন্মিলনৰ সকলো প্ৰতিনিধিকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচন চাবলৈ আহিবলৈ আগতীয়াকৈ আমন্ত্ৰণ জনাইছো। ভাৰতে আকৌ এবাৰ আপোনালোকক আতিথ্য প্ৰদান কৰি আনন্দিত হ'ব।

বন্ধুসকল,

মাত্ৰ কেইদিনমানৰ আগতে ভাৰতৰ সংসদে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, যাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছো। ভাৰতে ইয়াৰ সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ স্থানীয় স্বশাসন অনুষ্ঠানত প্ৰায় ৩২ লাখ অৰ্থাৎ ৩ মিলিয়নতকৈ অধিক নিৰ্বাচিত প্ৰতিনিধি আছে। ইয়াৰে প্ৰায় ৫০ শতাংশ মহিলা প্ৰতিনিধি। আজি ভাৰতে প্ৰতিটো খণ্ডতে মহিলাৰ অংশগ্ৰহণক অগ্ৰাধিকাৰ দিছে। শেহতীয়াকৈ আমাৰ সংসদে গ্ৰহণ কৰা সিদ্ধান্তই আমাৰ সংসদীয় পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিব।

 

বন্ধুসকল,

 

ভাৰতৰ সংসদীয় পৰম্পৰাৰ প্ৰতি দেশবাসীৰ অদম্য বিশ্বাসৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ আছে, যিটো আপোনালোকে জনা আৰু বুজাটো অতি প্ৰয়োজনীয়। আমাৰ শক্তি আমাৰ বৈচিত্ৰ্য, আমাৰ বিশালতা আৰু আমাৰ স্পন্দনশীলতাত নিহিত হৈ আছে। আমাৰ ইয়াত প্ৰতিটো ধৰ্মৰ লোক আছে। শ শ প্ৰকাৰৰ খাদ্য, শ শ জীৱন-যাপনৰ পদ্ধতি আমাৰ পৰিচয়। ভাৰতত শ শ ভাষা কোৱা হয়; আমাৰ শ শ উপভাষা আছে। ভাৰতত ৯০০ৰো অধিক টিভি চেনেল, ২৮টা ভাষাত ২৪x৭ কাম কৰি ৰাইজক সঠিক সময়ত তথ্য প্ৰদান কৰিছে। ইয়াত প্ৰায় ২০০ ভাষাত ৩৩ হাজাৰৰো অধিক বিভিন্ন বাতৰি কাকত প্ৰকাশ পায়। আমাৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায় ৩ বিলিয়ন ব্যহাৰকাৰী আছে। ইয়াৰ পৰাই বুজা যায় যে ভাৰতত তথ্যৰ প্ৰবাহ আৰু বাক স্বাধীনতাৰ স্তৰ কিমান বৃহৎ আৰু শক্তিশালী। একবিংশ শতিকাৰ এই পৃথিৱীত ভাৰতৰ এই সজীৱতা, বৈচিত্ৰ্যত ঐক্য, আমাৰ সৰ্বোচ্চ শক্তি। এই স্পন্দনশীলতাই আমাক প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ আৰু প্ৰতিটো সমস্যা একেলগে সমাধান কৰিবলৈ অনুপ্ৰাণিত কৰে।

 

বন্ধুসকল,

পৃথিৱীৰ বিভিন্ন কোণত যিয়েই নহওক কিয়, বৰ্তমান কোনো দুৰ্গম নহয়। আজি বিশ্ব সংঘাত আৰু সংঘৰ্ষৰ বাবে সংকটৰ সন্মুখীন হৈছে। সংকটেৰে ভৰা এই পৃথিৱীখন কাৰো স্বাৰ্থত নহয়। বিভাজিত বিশ্ব এখনে মানৱতাৰ সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বানসমূহৰ সমাধান দিব নোৱাৰে। এয়া শান্তি আৰু ভাতৃত্ববোধৰ সময়; একেলগে আগবাঢ়ি যোৱাৰ সময়। এইটো সকলোৰে বিকাশ আৰু মংগলৰ সময়। আমি বিশ্বজুৰি আস্থাৰ ঘাটি দূৰ কৰি মানৱকেন্দ্ৰিক চিন্তাধাৰাৰে আগবাঢ়িব লাগিব। আমি পৃথিৱীখনক ‘এখন পৃথিৱী, এটা পৰিয়াল, এক ভৱিষ্যত’ৰ মনোভাৱেৰে চাব লাগিব। বিশ্বৰ সৈতে জড়িত সিদ্ধান্ত লোৱাত যিমানেই বেছি অংশগ্ৰহণ হ’ব সিমানেই ইয়াৰ প্ৰভাৱ অধিক হ’ব। এই মনোভাৱেৰে ভাৰতে আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়ায়। মই আনন্দিত যে সকলো সদস্য দেশে ইয়াক গ্ৰহণ কৰিলে। এই মঞ্চতো পান আফ্ৰিকা সংসদৰ অংশগ্ৰহণ দেখি মই অতি আনন্দিত হৈছো।

 

বন্ধুসকল,

 

মোক কোৱা হৈছে যে আমাৰ অধ্যক্ষ ওম বিৰলা জীয়ে আজি সন্ধিয়া আপোনালোকক ভাৰতৰ নতুন সংসদ ভৱনলৈ লৈ যাব। তাত পূজ্য মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আপোনালোকে জনা মতে ভাৰতে দশক দশক ধৰি সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ভাৰতত সহস্ৰাধিক নিৰীহ লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। নতুন সংসদ ভৱনৰ ওচৰতে ভাৰতৰ পুৰণি সংসদখনো দেখা পাব। প্ৰায় ২০ বছৰ আগতে আমাৰ সংসদকো লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে। আৰু আপোনালোকে জানি স্তম্ভিত হ’ব যে সেই সময়ত সংসদৰ অধিৱেশন চলি আছিল। সন্ত্ৰাসবাদীয়ে সাংসদসকলক পণবন্দী কৰি হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এনে বহু সন্ত্ৰাসবাদী ঘটনাৰ সৈতে মোকাবিলা কৰি আজি ভাৰতে ইয়াত উপস্থিত হৈছে। এতিয়া বিশ্বইও উপলব্ধি কৰিছে যে সন্ত্ৰাসবাদ বিশ্বৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান। য’তেই সন্ত্ৰাসবাদৰ আঘাত হয়, যি কাৰণত আৰু যি ৰূপতেই নহওক কিয়, সেয়া মানৱতাৰ বিৰোধী। এনে পৰিস্থিতিত আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো সময়তে অত্যন্ত কঠোৰ হ’ব লাগিব। অৱশ্যে ইয়াৰ আন এটা বিশ্বজনীন দিশ আছে, যাৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। অতি দুখৰ বিষয় যে সন্ত্ৰাসবাদৰ সংজ্ঞাৰ ক্ষেত্ৰত কোনো একমত নহয়। আজিও সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তৰ্জাতিক সন্মিলনে ৰাষ্ট্ৰসংঘত সহমতৰ বাবে অপেক্ষা কৰি আছে। পৃথিৱীৰ এই মনোভাৱৰ সুযোগ লৈছে মানৱতাৰ শত্ৰুৱে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত আমি কেনেকৈ একেলগে কাম কৰিব পাৰো সেই বিষয়ে বিশ্বৰ সংসদ আৰু প্ৰতিনিধিসকলে চিন্তা কৰিব লাগিব।

বন্ধুসকল,

 

বিশ্বৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ জনসাধাৰণৰ অংশগ্ৰহণতকৈ উত্তম মাধ্যম থাকিব নোৱাৰে। মই সদায় বিশ্বাস কৰি আহিছো যে চৰকাৰ গঠন হয় সংখ্যাগৰিষ্ঠতাৰে, কিন্তু দেশখন ঐকমতৰ দ্বাৰাহে পৰিচালিত হয়। আমাৰ সংসদসমূহ আৰু এই পি২০ মঞ্চইও এই আৱেগক শক্তিশালী কৰিব পাৰে। বিতৰ্ক আৰু বিবেচনাৰ জৰিয়তে এই পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ আমাৰ প্ৰচেষ্টা নিশ্চিতভাৱে সফল হ’ব। আপোনালোকৰ ভাৰতত থকাটো সুখকৰ হ'ব বুলি মই নিশ্চিত। এই শীৰ্ষ সন্মিলন আৰু ভাৰতৰ সুখদায়ক যাত্ৰাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনালোঁ।

 

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026

Media Coverage

PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the qualities of an ideal and truly excellent individual
July 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of an ideal and truly excellent individual in fulfilling personal, social, and national duties.

The Prime Minister wrote on X;


"परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।

सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ।। "

The person who devotes themselves wholeheartedly to the tasks of others, completes their own personal duties with speed and efficiency, carries out tasks for friends selflessly, and demonstrates their full valor and courage in fulfilling national duties, only such a person is truly excellent.