মহামহিম

ৰাজকীয় পৰিয়ালৰ সদস্যসকল

ৰাজপৰিয়ালৰ বিশিষ্ট সদস্যসকল,

 

মহামান্য,

ভদ্ৰ মহিলা আৰু ভদ্ৰ লোকসকল

উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মহামান্য আৰু সমগ্ৰ ৰাজপৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্ৰুনেইলৈ এইটো প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। অৱশ্যে, মই ইয়াত লাভ কৰা ঘনিষ্ঠতা আৰু উষ্ণতাই আমাৰ দেশসমূহৰ মাজত থকা শতিকা পুৰণি সম্পৰ্কৰ প্ৰতিটো মুহূৰ্তত মোক মনত পেলাই দিছে।

 

মহামহিম

মহামহিম, এই বছৰ ব্ৰুনেইৰ স্বাধীনতাৰ ৪০ সংখ্যক বাৰ্ষিকী। আপোনাৰ নেতৃত্বত ব্ৰুনেইয়ে পৰম্পৰা আৰু ধাৰাবাহিকতাৰ সৈতে একত্ৰিত অগ্ৰগতি লাভ কৰিছে। ব্ৰুনেইৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী – "ৱাৱাচান ২০" প্ৰশংসনীয়। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ মই আপোনালোক আৰু ব্ৰুনেইৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

 

ভাৰত আৰু ব্ৰুনেইৰ গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে। এই বছৰ, আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৪০সংখ্যক বাৰ্ষিকী উদযাপন কৰিছো। এই উপলক্ষে আমি আমাৰ সম্পৰ্কক বৰ্ধিত অংশীদাৰিত্ব হিচাপে স্মৰণ কৰাৰ সিদ্ধান্ত লৈছো।

 

আমাৰ অংশীদাৰিত্বক কৌশলগত দিশ প্ৰদান কৰিবলৈ আমাৰ সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত ব্যাপক আলোচনা হৈছে। আমি অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কৌশলগত ক্ষেত্ৰত আমাৰ সহযোগিতা শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি কৃষি-উদ্যোগ, ঔষধ আৰু স্বাস্থ্য খণ্ডৰ সৈতে বিত্তীয় প্ৰযুক্তি আৰু চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছো।

 

শক্তি খণ্ডৰ অধীনত আমি এলএনজিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছো। আমাৰ প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে আমি প্ৰতিৰক্ষা উদ্যোগ, প্ৰশিক্ষণ আৰু সামৰ্থ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত গঠনমূলক আলোচনা কৰিছো। মহাকাশ খণ্ডত আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে আমি উপগ্ৰহ উন্নয়ন, ৰিম'ট চেঞ্চিং আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত সন্মত হৈছো। দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে শীঘ্ৰেই পোনপটীয়া বিমান চলাচল আৰম্ভ কৰা হ'ব।



বন্ধুসকল,

আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্ক হৈছে আমাৰ সম্পৰ্কৰ আধাৰ। মই সুখী যে ব্ৰুনেইৰ ভাৰতীয় সম্প্ৰদায়ে ব্ৰুনেইৰ অৰ্থনীতি আৰু সমাজলৈ ইতিবাচক অৱদান আগবঢ়াই আছে। কালি ভাৰতৰ উচ্চ আয়োগৰ এক নতুন কাৰ্যালয় উদ্বোধনৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ে ব্ৰুনেইত এটা স্থায়ী ঠিকনা বিচাৰি পাইছে। ব্ৰুনেইত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে আমি মহামহিম আৰু তেওঁৰ চৰকাৰৰ ওচৰত কৃতজ্ঞ।


 

বন্ধুসকল,

 

ব্ৰুনেই হৈছে ভাৰতৰ এক্ট ইষ্ট পলিচী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰতে সদায় আছিয়ান কেন্দ্ৰীয়তাক অগ্ৰাধিকাৰ দি আহিছে আৰু এইটো অব্যাহত ৰাখিব। আমি ইউএনচিএলঅ'এছৰ দৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত নৌপথ আৰু আকাশীপথ স্বাধীনতা সমৰ্থন কৰো।

 

আমি এই কথাত সন্মত যে এই অঞ্চলত এটা আদৰ্শ আচৰণ বিধি চূড়ান্ত কৰা উচিত। আমি উন্নয়নৰ নীতি সমৰ্থন কৰো, সম্প্ৰসাৰণবাদক নহয়।



Your Majesty,

We are grateful for your commitment to relations with India. Today a new chapter has been added to our historical ties. Once again, my deepest gratitude for the respect shown to me. I pray for the good health and prosperity of His Majesty, members of the royal family, and the people of Brunei.

মহামহিম

 

ভাৰতৰ সৈতে সম্পৰ্কৰ প্ৰতি আপোনাৰ প্ৰতিশ্ৰুতিৰ বাবে আমি কৃতজ্ঞ। আজি আমাৰ ঐতিহাসিক সম্পৰ্কত এটা নতুন অধ্যায় যোগ কৰা হৈছে। মোক দেখুওৱা সন্মানৰ বাবে আকৌ এবাৰ গভীৰ কৃতজ্ঞতা। মহামান্য, ৰাজপৰিয়ালৰ সদস্য আৰু ব্ৰুনেইৰ জনসাধাৰণৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে মই প্ৰাৰ্থনা জনাইছো।

Thank you very much.

আপোনাক অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra
July 03, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra from today:

“वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥"

The Subhashitam says, "I daily worship the merciful Lord Amarnath, whose nature cannot be comprehended through speech, intellect, mind, the senses, or even through severe finances, who is easily attainable through devotion, and who is the refuge of those who bow before him."

The Prime Minister wrote on X;

समस्त शिवभक्तों को पावन-पुनीत श्री अमरनाथ यात्रा के शुभारंभ की अनंत शुभकामनाएं! बाबा बर्फानी के दिव्य दर्शन की यह यात्रा आप सभी के जीवन में सुख-समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए।

जय बाबा बर्फानी!

वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥