The India-Japan Special Strategic and Global Partnership is based on our shared democratic values, and respect for the rule of law in the international arena: PM Modi
We had a fruitful discussion on the importance of reliable supply chains in semiconductor and other critical technologies: PM Modi after talks with Japanese PM

মহামহিম প্ৰধানমন্ত্ৰী কিছিদা,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।

বন্ধুসকল,

আজি আমাৰ সভাখন আন এটা কাৰণতো বিশেষ। এইবাৰ ভাৰতে জি-২০ৰ অধ্যক্ষতা কৰিছে আৰু জাপানে জি-৭ৰ অধ্যক্ষতা কৰিছে। আৰু সেয়েহে আমাৰ নিজ নিজ অগ্ৰাধিকাৰ আৰু আগ্ৰহৰ ওপৰত একেলগে কাম কৰাৰ এইটোৱেই এক সুন্দৰ সুযোগ। আজি মই প্ৰধানমন্ত্ৰী কিছিদাক ভাৰতৰ জি-২০ সভাপতিত্বৰ অগ্ৰাধিকাৰৰ বিষয়ে বিতংভাৱে বুজাই দিলোঁ। গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰসমূহক কণ্ঠদান কৰাটো আমাৰ জি-২০ সভাপতিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। আমি এই উদ্যোগ লৈছো কাৰণ আমি "বসুধৈৱ কুটুম্বকম"ত বিশ্বাস কৰা সংস্কৃতি, আৰু সকলোকে লগত লৈ যোৱা সংস্কৃতিত আমি বিশ্বাস কৰো।
 

বন্ধুসকল,

ভাৰত-জাপানৰ অংশীদাৰিত্ব শক্তিশালী কৰাটো কেৱল আমাৰ দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, ই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতাও প্ৰসাৰিত কৰে। আজি আমাৰ বাৰ্তালাপত আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিছো। আমি প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তিৰ সহযোগিতা, বাণিজ্য, স্বাস্থ্য, আৰু ডিজিটেল অংশীদাৰিত্বৰ ওপৰত মতামত বিনিময় কৰিলোঁ। অৰ্ধপৰিবাহী আৰু অন্যান্য জটিল প্ৰযুক্তিৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য যোগান শৃংখলৰ গুৰুত্বৰ ওপৰতো আমি এক ফলপ্ৰসূ আলোচনা কৰিলোঁ। যোৱা বছৰ আমি ভাৰতত পাঁচ বছৰৰ ভিতৰত তিনি লাখ বিশ হাজাৰ কোটি টকাৰ জাপানী বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ। এই দিশত ভাল অগ্ৰগতি হোৱাটো সন্তুষ্টিৰ বিষয়।

২০১৯ চনত আমি ভাৰত-জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব স্থাপন কৰিছিলোঁ। ইয়াৰ অধীনত আমি লজিষ্টিক, খাদ্য প্ৰক্ৰিয়াকৰণ, এম এছ এম ই, বস্ত্ৰশিল্প, যন্ত্ৰপাতি আৰু তীখা আদি ক্ষেত্ৰত ভাৰতীয় উদ্যোগৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিছো। আজি আমিও এই অংশীদাৰিত্বৰ সক্ৰিয়তাক লৈ সুখ প্ৰকাশ কৰিলোঁ। মুম্বাই-আহমেদাবাদ হাই স্পীড ৰেলতো আমি দ্ৰুতগতিত আগবাঢ়িছো। মইও সুখী যে আমি ২০২৩ চনক পৰ্যটন বিনিময়ৰ বছৰ হিচাপে উদযাপন কৰিছো। আৰু ইয়াৰ বাবে আমি "হিমালয়ক মাউণ্ট ফুজিৰ সৈতে সংযোগ কৰা" থিমটো বাছি লৈছো।

বন্ধুসকল,

আজি প্ৰধানমন্ত্ৰী কিছিদাই মোক মে’ মাহত হিৰোছিমাত অনুষ্ঠিত হ’বলগীয়া জি-৭ নেতা সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছে। ইয়াৰ বাবে মই তেওঁক অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কেইমাহমানৰ পাছত ছেপ্টেম্বৰ মাহত মই পুনৰ ভাৰতলৈ জি-২০ নেতা সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী কিছিদাক আদৰণি জনোৱাৰ সুযোগ পাম। আমাৰ আলোচনা আৰু যোগাযোগৰ এই ধাৰাবাহিকখন এনেদৰে চলিব, আৰু ভাৰত-জাপানৰ সম্পৰ্কই নতুন উচ্চতা স্পৰ্শ কৰি যাওক, এই কামনাৰে মোৰ ভাষণৰ সামৰণি মাৰিছো।

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"