“দেশে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এইবাৰৰ বাজেটক এক শুভ আৰম্ভণি হিচাপে প্ৰত্যক্ষ কৰিছে”
“এইবাৰৰ বাজেটে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰচেষ্টাক এক নতুন গতি প্ৰদান কৰিব”
“মহিলা সবলীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ ফল দৃশ্যমান হৈছে আৰু আমি দেশৰ সামাজিক জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন অনুভৱ কৰিছো”
“বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত ছোৱালীৰ নামভৰ্তি বৰ্তমান ৪৩ শতাংশ হৈছে, যিটো আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানীৰ দৰে দেশতকৈ বেছি”
“ঘৰৰ অৰ্থনৈতিক সিদ্ধান্তত মহিলাক নতুন কণ্ঠ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী আৱাসে”
“বিগত ৯ বছৰত ৭ কোটিতকৈ অধিক মহিলাই আত্ম সহায়ক গোটত যোগদান কৰিছে”
“নাৰীৰ প্ৰতি থকা সন্মান আৰু সমতাৰ ভাৱৰ স্তৰ বৃদ্ধি কৰিহে ভাৰত আগবাঢ়িব পাৰে”
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নাৰী দিৱসৰ প্ৰবন্ধৰ উদ্ধৃতিৰে ভাষণ সামৰে প্ৰধানমন্ত্ৰীয়ে

নমস্কাৰ!

 

২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্য পূৰণ কৰাৰ আৰম্ভণি হিচাপে এই বছৰৰ বাজেটক ৰাষ্ট্ৰই বিবেচনা কৰাটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ বিষয়। ভৱিষ্যতৰ 'অমৃতকাল'ৰ দৃষ্টিকোণৰ পৰা বাজেটখন চোৱা আৰু পৰীক্ষা কৰা হৈছে। এইটো দেশৰ বাবে এটা ভাল লক্ষণ যে দেশৰ নাগৰিকসকলেও পৰৱৰ্তী ২৫ বছৰক এই লক্ষ্যসমূহ পূৰণৰ আধাৰ হিচাপে চাই আছে।

 

বন্ধুসকল,

যোৱা ৯বছৰত মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীৰে দেশখন আগবাঢ়ি গৈছে। বিগত বছৰৰ অভিজ্ঞতাৰ পৰা কব পাৰি য়ে বিশ্ব ক্ষেত্ৰত 'মহিলাসকলৰ উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়ন'ৰ প্ৰচেষ্টাও ভাৰতে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। এইবাৰ, ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জি-২০ বৈঠকতো এই বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান পাইছিল। এই বছৰৰ বাজেটে মহিলা নেতৃত্বাধীন উন্নয়নৰ এই প্ৰচেষ্টাবোৰক এক নতুন গতি প্ৰদান কৰিব আৰু আপোনালোক সকলোৱে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে। মই আপোনালোক সকলোকে এই বাজেট ৱেবিনাৰলৈ স্বাগতম জনাইছোঁ।

 

বন্ধুসকল,

 

মহিলাসকলৰ সংকল্পশক্তি; তেওঁলোকৰ ইচ্ছাশক্তি, কল্পনাশক্তি, সিদ্ধান্ত গ্ৰহণৰ শক্তি, দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ সক্ষমতা, লক্ষ্য প্ৰাপ্তিৰ বাবে তেওঁলোকৰ অধ্যৱসায়, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল-এইবোৰেই হৈছে নাৰী শক্তিৰ পৰিচয় আৰু প্ৰতিফলন। যেতিয়া আমি মহিলাৰ নেতৃত্বত বিকাশ বুলি কওঁ, ইয়াৰ ভেটি হৈছে এই শক্তিবোৰ। মা ভাৰতী (ভাৰতৰ) উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ ক্ষেত্ৰত মহিলাৰ এই শক্তি হৈছে ভাৰতৰ অমূল্য শক্তি। এই শক্তি গোটে এই শতিকাত ভাৰতৰ বিকাশ আৰু বৃদ্ধি ত্বৰান্বিত কৰাত এক বৃহৎ ভূমিকা পালন কৰি আছে।

 

বন্ধুসকল,

 

আজি আমি ভাৰতৰ সমাজ জীৱনত এক বৃহৎ বৈপ্লৱিক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছোঁ। যোৱা কেইবছৰমানত ভাৰতে মহিলা সশক্তিকৰণৰ বাবে যি ধৰণে কাম কৰিছে তাৰ ফলাফল আজি দৃশ্যমান হৈছে। আজি আমি ভাৰতত দেখিবলৈ পাইছোঁ যে পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ৯-১০ বছৰত উচ্চ বিদ্যালয় বা তাৰ পৰৱৰ্তীত অধ্যয়ন কৰা ছোৱালীৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত ছোৱালীৰ নামভৰ্তি আজি ৪৩% হৈছে, আৰু ই আমেৰিকা, ইউকে বা জাৰ্মানীয়েই হওঁক সকলো ধনী উন্নত দেশৰ ভিতৰত সৰ্বাধিক। একেদৰে, চিকিৎসা ক্ষেত্ৰই হওঁক বা ক্ৰীড়া ক্ষেত্ৰ, ব্যৱসায়িক বা ৰাজনৈতিক কাৰ্যকলাপেই হওঁক, ভাৰতত মহিলাৰ অংশগ্ৰহণ কেৱল বৃদ্ধি হোৱাই নহয়, তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে সন্মুখৰ পৰা আগবাঢ়ি আছে। আজি ভাৰতত এনে বহুতো ক্ষেত্ৰ আছে য'ত মহিলা শক্তিৰ সম্ভাৱনা দেখা গৈছে। মুদ্ৰা ঋণ দিয়া কোটি কোটি লোকৰ ভিতৰত প্ৰায় ৭০ শতাংশ হিতাধিকাৰী হৈছে দেশৰ মহিলা। এই কোটি কোটি মহিলাই কেৱল তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, অৰ্থনীতিৰ নতুন মাত্ৰাও মুকলি কৰি দিছে। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে গেৰাণ্টি অবিহনে বিত্তীয় সাহায্য প্ৰদান কৰা, পশুপালনক প্ৰোৎসাহিত কৰা, মীন পালনক প্ৰোৎসাহিত কৰা, গ্ৰাম্য উদ্যোগক প্ৰোৎসাহিত কৰা, এফপিঅ', ক্ৰীড়া আদিক প্ৰোৎসাহিত কৰা হৈছে। ইয়াৰ সৰ্বাধিক লাভালাভ আৰু সৰ্বশ্ৰেষ্ঠ ফলাফল মহিলাসকলৰ পৰা আহিছে। এই বছৰৰ বাজেট হৈছে দেশৰ জনসংখ্যাৰ আধা অংশৰ সহায়ত আমি কেনেকৈ দেশক আগুৱাই নিব পাৰোঁ আৰু আমি কেনেকৈ মহিলাৰ শক্তি বৃদ্ধি কৰিব পাৰোঁ তাৰ প্ৰতিফলন। মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ অধীনত, মহিলাসকলক ৭.৫% সূতৰ হাৰ দিয়া হ'ব। এই বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰায় ৮০ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে। এই ধনৰাশি দেশৰ লাখ লাখ মহিলাৰ বাবে ঘৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব। ভাৰতত যোৱা বছৰবোৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ৩ কোটিৰ অধইক ঘৰৰ বেছিভাগেই মহিলাৰ নামত আছে। আপোনাসৱে কল্পনা কৰক যে এনে এটা সময় আছিল যেতিয়া মহিলাসকলৰ নামত কেতিয়াও পথাৰ, শস্যভঁৰাল, দোকান বা ঘৰ নাছিল। আজি, তেওঁলোকে এই প্ৰণালীৰ পৰা ইমান বৃহৎ সমৰ্থন লাভ কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাই মহিলাসকলক পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্তত এক নতুন কণ্ঠ দিছে।

 

বন্ধুসকল,

 

আমি ষ্টাৰ্টআপৰ ক্ষেত্ৰত 'ইউনিকৰ্ণ'ৰ কথা শুনিছোঁ। কিন্তু আত্মসহায়ক গোটতো ইউনিকৰ্ণ সৃষ্টি কৰাটো সম্ভৱ নেকি? এই বাজেটখনত সেই সপোন পূৰণ কৰিবলৈ এটা সমৰ্থনমূলক ঘোষণা কৰা হৈছে। দেশৰ এই দৃষ্টিভংগীত কিমান সম্ভাৱনা আছে সেয়া বিগত বছৰবোৰৰ আৰ্থিক বিকাশৰ প্ৰেক্ষাপটৰ পৰা দেখা পাব পাৰে। আজি, দেশৰ পাঁচটা অনা-কৃষি ব্যৱসায়ৰ ভিতৰত এটা মহিলাই পৰিচালনা কৰি আছে। যোৱা ৯ বছৰত, সাত কোটিৰো অধিক মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে, আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। এই কোটি কোটি মহিলাই কিমান সম্পদ সৃষ্টি কৰিছে চাওক! আৰু আপোনাসৱে তেওঁলোকৰ মূলধনৰ প্ৰয়োজনীয়তাৰ পৰাও ইয়াৰ অনুমান কৰিব পাৰে। ৯ বছৰত, এই আত্মসহায়ক গোটবোৰে ৬.২৫ লাখ কোটি টকাৰ ঋণ লৈছে। এই মহিলাসকল কেৱল ক্ষুদ্ৰ উদ্যোগীয়েই নহয়, কামৰ ক্ষেত্ৰত তেওঁলোকে উপাৰ্জনক্ষম ব্যক্তি হিচাপেও কাম কৰিছে। বেংক সখী, কৃষি সখী, পশু সখীৰ ৰূপত এই মহিলাসকলে গাওঁবোৰত বিকাশৰ নতুন মাত্ৰা সৃষ্টি কৰিছে।

 

বন্ধুসকল,

 

সমবায় খণ্ডত মহিলাসকলে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি সমবায় খণ্ডত এক আমূল পৰিৱৰ্তন ঘটিছে। অনাগত বছৰবোৰত ২ লাখতকৈও অধিক বহুমুখী সমবায়, দুগ্ধ সমবায় আৰু মীন সমবায় গঠন হ'বলৈ গৈ আছে। ১ কোটি কৃষকক জৈৱিক কৃষিৰ সৈতে সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মহিলা কৃষক আৰু উৎপাদক গোটে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বৰ্তমান কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে মিলেটচ অৰ্থাৎ শ্ৰী অন্নৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে। এইবোৰৰ চাহিদা বাঢ়িছে। ই ভাৰতৰ বাবে এটা ডাঙৰ সুযোগ। ইয়াত মহিলা আত্মসহায়ক গোটবোৰৰ ভূমিকা অধিক বৃদ্ধি কৰিবলৈ আপোনাসৱে কাম কৰিব লাগিব। আপোনাসৱে আৰু এটা কথা মনত ৰাখিব লাগিব। আমাৰ দেশৰ আত্মসহায়ক গোটত ১ কোটি জনজাতীয় মহিলাই কাম কৰে। তেওঁলোকৰ জনজাতীয় অঞ্চলত উৎপন্ন হোৱা 'শ্ৰী অন্ন'ৰ পৰম্পৰাগত অভিজ্ঞতা আছে। আমি 'শ্ৰী অন্ন'ৰ বিপণনৰ লগতে ইয়াৰ পৰা তৈয়াৰ কৰা সংসাধিত খাদ্যৰ সৈতে সম্পৰ্কিত সুযোগবোৰ ব্যৱহাৰ কৰিব লাগিব। বহু ঠাইত, মাইনৰ ফৰেষ্ট প্ৰডাক্ট প্ৰক্ৰিয়াকৰণ কৰাত আৰু ইয়াক বজাৰলৈ অনাত চৰকাৰী সংগঠনবোৰে সহায় কৰি আছে। আজি দূৰৱৰ্তী এলেকাবোৰত এনে কেইবাটাও আত্মসহায়ক গোট গঠন কৰা হৈছে, আৰু আমি ইয়াক এক বহল স্তৰলৈ লৈ যোৱা উচিত।

 

বন্ধুসকল,

 

যুৱ আৰু কন্যাসকলৰ দক্ষতা বিকাশে এই সকলো প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্বকৰ্মা যোজনাই এইক্ষেত্ৰত এক শক্তিশালী সেতুৰ দৰে কাম কৰিব। আমি বিশ্বকৰ্মা যোজনাত মহিলাসকলৰ বাবে বিশেষ সুযোগবোৰ চিহ্নিত কৰি তেওঁলোকক আগুৱাই নিব লাগিব। জি.ই.এম. পৰ্টেল আৰু ই-কমাৰ্চ মহিলাৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ বাবে এক মুখ্য মাধ্যম হৈ পৰিছে। আজি প্ৰতিটো খণ্ডই নতুন প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰি আছে। আমি আত্মসহায়ক গোটবোৰক প্ৰদান কৰা প্ৰশিক্ষণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।

 

বন্ধুসকল,

 

আজি দেশখন 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ ভাবধাৰাৰে আগবাঢ়িছে। যেতিয়া আমাৰ ছোৱালীবোৰক সেনাত যোগদান কৰি, ৰাফেল উৰুৱাই দেশক সুৰক্ষা দিয়া দেখা যায়, তেতিয়া তেওঁলোকৰ প্ৰতি দৃষ্টিভংগীও সলনি হয়; যেতিয়া মহিলাসকল উদ্যোগী হয়, সিদ্ধান্ত লয়, বিপদাশংকা লয়, তেতিয়াও তেওঁলোকৰ প্ৰতি দৃষ্টিভংগী সলনি হয়। মাত্ৰ কেইদিনমান আগতে, নাগালেণ্ডত প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা বিধায়ক হৈছে। তেওঁলোকৰ এজন মন্ত্ৰী হৈছে। মহিলাসকলৰ প্ৰতি সন্মান বৃদ্ধি কৰি আৰু সমতাৰ মনোভাৱ বৃদ্ধি কৰি ভাৰতে দ্ৰুতগতিত আগবাঢ়িব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাম। আপোনালোক সকলোৱে মহিলা, ভগ্নী আৰু কন্যাৰ সন্মুখত আহি পৰা প্ৰতিটো বাধা দূৰ কৰাৰ সংকল্প লৈ আগবাঢ়িব লাগিব।

 

বন্ধুসকল,

৮ মাৰ্চত, আমি আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰোঁ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুজীয়ে মহিলা সশক্তিকৰণৰ ওপৰত এটা অতি আৱেগিক প্ৰবন্ধ লিখিছে। ৰাষ্ট্ৰপতি মুৰ্মুজীয়ে এই প্ৰবন্ধটো যি বাৰ্তাৰ সৈতে সমাপ্ত কৰিছে সেয়া আমি সকলোৱে বুজি পোৱা উচিত। মই তেখেতৰ এই প্ৰবন্ধটোৰ পৰা উদ্ধৃতি দিছোঁ। তেখেতে লিখিছে- "প্ৰগতি ত্বৰান্বিত কৰাটো আমাৰ সকলোৰে, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ দায়িত্ব।" গতিকে আজি মই আপোনালোকৰ প্ৰত্যেককে অনুৰোধ জনাইছোঁ যে আপোনাসৱৰ পৰিয়াল, চুবুৰীয়া বা কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ নিজকে সমৰ্পিত কৰক। এনে এক পৰিৱৰ্তন আনক যিয়ে ছোৱালী এজনীৰ মুখত হাঁহি বিৰিঙাব, তেওঁৰ জীৱনত আগবাঢ়ি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব। আপোনাসৱৰ ওচৰত মোৰ এই অনুৰোধ মোৰ হৃদয়ৰ গভীৰতাৰ পৰা ওলাই আহিছে। ৰাষ্ট্ৰপতিৰ এই বাৰ্তাবোৰেৰে মই মোৰ ভাষণ শেষ কৰোঁ। মই আপোনালোকক শুভকামনা জনাইছোঁ। বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia-Pacific's most AI-ready healthcare markets: Report

Media Coverage

India among Asia-Pacific's most AI-ready healthcare markets: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.