ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সম্ৰাট ৰাজেন্দ্ৰ চোলা প্ৰথমক সন্মান জনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এটা স্মাৰক মুদ্ৰা
ৰাজাৰাজা চোলা আৰু ৰাজেন্দ্ৰ চোলা ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক: প্ৰধানমন্ত্ৰী
চোলা সাম্ৰাজ্যৰ ইতিহাস আৰু উত্তৰাধিকাৰে আমাৰ মহান দেশৰ শক্তি আৰু প্ৰকৃত সম্ভাৱনাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
চোলা যুগ ভাৰতীয় ইতিহাসৰ অন্যতম সোণালী যুগ আছিল; এই সময়ছোৱা ইয়াৰ শক্তিশালী সামৰিক শক্তিৰ দ্বাৰা পৰিচিত: প্ৰধানমন্ত্ৰী
ৰাজেন্দ্ৰ চোলাই গংগাইকোণ্ডা চোলাপুৰম মন্দিৰ প্ৰতিষ্ঠা কৰিছিল; আজিও এই মন্দিৰটো সমগ্ৰ বিশ্বতে স্থাপত্যৰ আশ্চৰ্য্য হিচাপে থিয় দি আছে: প্ৰধানমন্ত্ৰী
শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে
চিন্ময়া মিছনৰ সহযোগত আয়োজিত তামিল গীতা এলবাম উন্মোচনী অনুষ্ঠানতো অংশগ্ৰহণ কৰি এই পদক্ষেপে জাতিটোৰ ঐতিহ্য সংৰক্ষণৰ সংকল্পক শক্তিশালী কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে
শেহতীয়াকৈ আদী তিৰুভথিৰাই উৎসৱ উদযাপনৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী মোদীয়ে অনুষ্ঠানটোত অৰিহণা যোগোৱা সকলোকে অভিনন্দন জনায়
তেওঁ “গংগা জলময়ম জয়স্তম্ভম” বাক্যাংশটোৰ কথা উল্লেখ কৰি বুজাই দিয়ে যে পানীখিনি চোলা গংগা হ্ৰদলৈ বোৱাই নিয়া হৈছিল, যাক বৰ্তমান পন্নেৰী হ্ৰদ বুলি জনা যায়
তেওঁ লগতে কয় যে এই উপাদানসমূহে সামাজিক আৰু আধ্যাত্মিক দুয়োটা ক্ষেত্ৰতে এক নতুন যুগৰ অনুঘটক হিচাপে কাম কৰিছিল

বনাক্কম চোলা মণ্ডলম!

চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

নমহ শিৱায ৱালাঘা, নদন তাল ৱালাঘা, ইমাই পলুডুম, য়েন নেঞ্জিল নিংগাদান তাল ৱালাঘা!!

 

মই দেখি আছিলোঁ যে নয়নাৰ নগেন্দ্ৰৰ নাম যেতিয়াই কোৱা হয় তেতিয়াই পৰিৱেশটো উৎসাহেৰে ভৰি পৰি সম্পূৰ্ণ সলনি হৈ যায়।

 

বন্ধুসকল,

 

এক প্ৰকাৰে এইখনেই ৰাজাৰাজাৰ বিশ্বাসৰ ভূমি।  যিদৰে ইলায়াৰাজে আমাক সকলোকে সেই বিশ্বাসৰ ভূমিত শিৱৰ ভক্তিত বিলীন কৰি  দিলে, সেয়া শাওণ মাহেই হওক, ৰাজা ৰাজাৰ বিশ্বাসৰ ভূমিয়েই  হওক আৰু ইলায়াৰাজৰ তপস্যাই হওক, কি যে আচৰিত পৰিৱেশ, অতি আচৰিত পৰিৱেশ, আৰু মই কাশীৰ সাংসদ , ওম নমহ শিৱায়ৰ ধ্বনি শুনিলেই মোৰ গাৰ নোম শিঁয়ৰি উঠে।

 

বন্ধুসকল,

 

শিৱ দৰ্শনৰ বিস্ময়কৰ শক্তি, শ্ৰী ইলাইয়াৰাজৰ সংগীত, ওদুৱৰৰ জপ, এই আধ্যাত্মিক অভিজ্ঞতাই সঁচাকৈয়ে আত্মাক আৱেগেৰে ভৰাই তোলে।

 

বন্ধুসকল,

 

পবিত্ৰ শাওণ মাহ আৰু বৃহদেশ্বৰ শিৱ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ এহাজাৰ বছৰৰ ঐতিহাসিক ক্ষণ  উপলক্ষে, এনে এক আচৰিত সময়ত ভগৱান বৃহদেশ্বৰ শিৱৰ চৰণত উপস্থিত হৈ তেওঁৰ পূজা কৰাৰ সৌভাগ্য লাভ কৰিছো। এই ঐতিহাসিক মন্দিৰত ১৪০ কোটি ভাৰতীয়ৰ কল্যাণ আৰু ভাৰতৰ অবিৰত অগ্ৰগতিৰ বাবে প্ৰাৰ্থনা জনাইছো। মোৰ কামনা - সকলোৱে ভগৱান শিৱৰ আশীৰ্বাদ পাওক, নম পাৰ্বতী পটয়ে হৰ হৰ মহাদেৱ!

 

বন্ধুসকল,

 

মই ইয়ালৈ অহাত পলম  হৈছে, মই ইয়ালৈ সোনকালে আহিছিলোঁ, কিন্তু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰা সুন্দৰ  প্ৰদৰ্শনীখন তথ্যসমৃদ্ধ, প্ৰেৰণাদায়ক আৰু আমাক  সকলোৱে গৌৰৱেৰে ভৰাই পেলালে, ইয়াত প্ৰদৰ্শিত হৈছে আমাৰ পূৰ্বপুৰুষসকলে কেনেকৈ হাজাৰ বছৰ ধৰি মানৱ কল্যাণৰ  দিশ নিৰ্দেশনা কৰিছিল। সেয়া কিমান বিশাল আছিল, কিমান বহল আছিল, কিমান ভৱিষ্যৎ আছিল আৰু মোক কোৱা হৈছিল যে যোৱা এসপ্তাহ ধৰি এই প্ৰদৰ্শনীখন চাবলৈ হাজাৰ হাজাৰ লোক আহিছে। এয়া চোৱাৰ যোগ্য আৰু মই সকলোকে ক’ম যে নিশ্চিতভাৱে প্ৰদৰ্শনীখন  চাওক।

 

বন্ধুসকল,

 

আজি মই  চিন্ময়া মিছনৰ প্ৰচেষ্টাত ইয়াত তামিল গীতাৰ এলবাম মুকলি কৰাৰ সুযোগ পাইছো। এই প্ৰচেষ্টাই আমাৰ ঐতিহ্য সংৰক্ষণৰ সংকল্পকো শক্তি প্ৰদান কৰিছে। লগতে এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলো লোককে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

চোলা ৰজাসকলে শ্ৰীলংকা, মালদ্বীপ আৰু দক্ষিণ-পূব এছিয়ালৈ কূটনৈতিক তথা বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰিত কৰিছিল। মই কালি মালদ্বীপৰ পৰা উভতি আহিছো কাকতালীয়ভাবে  আজি তামিলনাডুৰ এই কাৰ্যসূচীৰ অংশ হ'ব পাৰিছো।

 

আমাৰ শাস্ত্ৰত কোৱা হৈছে - শিৱৰ ভক্তসকলো শিৱৰ লগত বিলীন হৈ শিৱৰ দৰে অমৰ হৈ পৰে। সেইবাবেই, শিৱৰ প্ৰতি একান্ত ভক্তিৰ সৈতে জড়িত ভাৰতৰ চোলা ঐতিহ্যও আজি অমৰ হৈ পৰিছে। ৰাজাৰাজা চোলা, ৰাজেন্দ্ৰ চোলা, এই নামবোৰ ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সমাৰ্থক। চোলা সাম্ৰাজ্যৰ ইতিহাস আৰু ঐতিহ্য ভাৰতৰ প্ৰকৃত সম্ভাৱনাৰ প্ৰতীক।  এয়াই হৈছে ভাৰতৰ সপোনৰ প্ৰেৰণা, যাৰ সহায়ত আজি আমি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছো। এই প্ৰেৰণাৰ বাবে  মহান ৰাজেন্দ্ৰ চোলাক প্ৰণাম। যোৱা কেইটামান দিনত আপোনালোক সকলোৱে আদি তিৰুভথিৰাই উৎসৱ পালন কৰিছে। আজি ইয়াৰ সামৰণিৰ দিন।  এই মহান অনুষ্ঠানৰ  বাবে অৱদান আগবঢ়োৱা সকলোকে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

ইতিহাসবিদসকলৰ মতে চোলা সাম্ৰাজ্য ভাৰতৰ অন্যতম সোণালী যুগ আছিল। এই যুগক ইয়াৰ কৌশলগত শক্তিৰ দ্বাৰা চিনাক্ত কৰা হয়। চোলা সাম্ৰাজ্যই গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ পৰম্পৰাকো আগুৱাই লৈ গৈছিল। ইতিহাসবিদসকলে গণতন্ত্ৰৰ নামত ব্ৰিটেইনৰ মেগনা কাৰ্টাৰ কথা কয় যদিও বহু শতিকাৰ আগতে চোলা সাম্ৰাজ্যত কুদাভোলাই আমিপৰ পৰাই গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি সমগ্ৰ বিশ্বতে পানী ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে  চৰ্চা চলিছে। আমাৰ পূৰ্বপুৰুষসকলে এইবোৰৰ  গুৰুত্ব বহু আগতেই বুজি পাইছিল। এনে বহু ৰজাৰ কথা আমি শুনিবলৈ পাওঁ, যিসকলে আন ঠাই জয় কৰি সোণ, ৰূপ বা পশুধন আনিছিল। কিন্তু চাওক, ৰাজেন্দ্ৰ চোলাই গংগাৰ পানী অনাৰ বাবে জনাজাত, তেওঁ গংগাৰ পানী আনিছিল। ৰাজেন্দ্ৰ চোলাই উত্তৰ ভাৰতৰ পৰা গংগাৰ পানী আনি দক্ষিণত প্ৰতিষ্ঠা কৰিছিল। “গংগা জলমায়ম জয়স্থম্বম” সেই পানী চোলা গংগা য়েৰী, চোলা গংগা হ্ৰদত এৰি দিয়া হৈছিল, যিটো আজি পন্নেৰী হ্ৰদ বুলি জনা যায়।

 

বন্ধুসকল,

 

ৰাজেন্দ্ৰ চোলাই গংগাই-কোণ্ডচোলাপুৰম কোভিলৰো প্ৰতিষ্ঠা কৰে। এই মন্দিৰটো আজিও বিশ্বৰ এক স্থাপত্যৰ আশ্চৰ্য্য। মা কাবেৰীৰ এই ভূমিত মা গংগাৰ উৎসৱ পালন কৰাটোও চোলা সাম্ৰাজ্যৰ উপহাৰ। মই অতি সুখী যে আজি সেই ঐতিহাসিক ঘটনাৰ স্মৃতিত কাশীৰ পৰা গংগাৰ পানী ইয়ালৈ আকৌ এবাৰ অনা হৈছে। মই যেতিয়া ইয়ালৈ পূজা কৰিবলৈ গৈছিলো তেতিয়া নিয়ম অনুসৰি ৰীতি-নীতি কৰা হৈছিল, অভিষেক গংগা পানীৰে কৰা হৈছিল আৰু মই কাশীৰ জনপ্ৰতিনিধি, আৰু মা গংগাৰ সৈতে মোৰ অন্তৰংগ সম্পৰ্ক আছে। চোলা ৰজাসকলৰ এই কাহিনী, তেওঁলোকৰ সৈতে জড়িত এই ঘটনাবোৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মহাযজ্ঞক নতুন শক্তি, নতুন শক্তি আৰু নতুন গতি প্ৰদান কৰিছে।

 

ভাই-ভনীসকল,

 

চোলা ৰজাসকলে ভাৰতত সাংস্কৃতিক ঐক্যৰ বান্ধোন গঢ়ি তুলিছিল। আজি আমাৰ চৰকাৰে চোলা যুগৰ একেই ধাৰণাক আগবঢ়াই লৈ গৈছে। আমি কাশী তামিল সংগম আৰু সৌৰাষ্ট্ৰ তামিল সংগম আদি অনুষ্ঠানৰ জৰিয়তে যুগ যুগ ধৰি চলি অহা ঐক্যৰ বান্ধোন শক্তিশালী কৰিছো। তামিলনাডুৰ গংগাই-কোণ্ডচোলাপুৰমৰ দৰে প্ৰাচীন মন্দিৰসমূহো এ এছ আইৰ জৰিয়তে সংৰক্ষণ কৰা হৈছে। দেশৰ নতুন সংসদ ভৱন উদ্বোধন হোৱাৰ সময়ত আমাৰ শিৱ আধীনমৰ সন্তসকলে আধ্যাত্মিকভাৱে সেই অনুষ্ঠানৰ নেতৃত্ব দিছিল, তেওঁলোক সকলো ইয়াত উপস্থিত আছে। তামিল সংস্কৃতিৰ সৈতে জড়িত পবিত্ৰ চেংগোল সংসদত স্থাপন কৰা হৈছে। আজিও সেই মুহূৰ্তটো মনত পৰিলে মন গৌৰৱেৰে ভৰি পৰে।

 

বন্ধুসকল,

 

চিদাম্বৰমৰ নটৰাজ মন্দিৰৰ কেইজনমান দীক্ষিতাৰক লগ পাইছোঁ। নটৰাজ ৰূপত ভগৱান শিৱক পূজা কৰা এই ঐশ্বৰিক মন্দিৰৰ পবিত্ৰ প্ৰসাদ তেওঁলোকে মোক উপহাৰ দিলে। নটৰাজৰ এই ৰূপটো আমাৰ দৰ্শন আৰু বৈজ্ঞানিক শিপাৰ প্ৰতীক। ভগৱান নটৰাজৰ অনুৰূপ আনন্দ তাণ্ডৱ মূৰ্তিয়েও দিল্লীৰ ভাৰত মণ্ডপমৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। এই ভাৰত মণ্ডপমত জি-২০ৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট নেতাসকলে যোগদান কৰিছিল।

 

বন্ধুসকল,

 

আমাৰ শৈৱী পৰম্পৰাই ভাৰতৰ সাংস্কৃতিক নিৰ্মাণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চোলা সম্ৰাটসকল এই নিৰ্মাণৰ গুৰুত্বপূৰ্ণ স্থপতি আছিল। সেইবাবেই আজিও শৈৱী পৰম্পৰাৰ জীৱন্ত কেন্দ্ৰসমূহৰ ভিতৰত তামিলনাডুৰ অতি গুৰুত্ব আছে। মহান নয়নমাৰ সন্তসকলৰ উত্তৰাধিকাৰ, তেওঁলোকৰ ভক্তিমূলক সাহিত্য, তামিল সাহিত্য, আমাৰ পূজনীয় আধীনমসকলৰ ভূমিকাই সামাজিক আৰু আধ্যাত্মিক ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।

বন্ধুসকল,

 

আজি যেতিয়া বিশ্বই অস্থিৰতা, হিংসা আদি  পৰিৱেশৰ দৰে সমস্যাৰ সৈতে যুঁজি আছে, তেতিয়া শৈৱ নীতিয়ে আমাক সমাধানৰ পথ দেখুৱাইছে। তিৰুমুলাৰে লিখিছিল - “অনবে শিৱম”, অৰ্থাৎ প্ৰেমেই শিৱ। প্ৰেম শিৱ! আজি যদি বিশ্বই এই ধাৰণাটো গ্ৰহণ কৰে, তেন্তে বেছিভাগ সংকট স্বয়ংক্ৰিয়ভাৱে সমাধান হ’ব পাৰে। ভাৰতে এই ধাৰণাটোক আগুৱাই লৈ গৈছে,  এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ ৰূপত।

 

বন্ধুসকল,

 

আজি ভাৰতে ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰ মানি চলিছে। আজিৰ ভাৰতবৰ্ষই নিজৰ ইতিহাসক লৈ গৌৰৱ অনুভৱ কৰিছে। যোৱা দশকত আমি দেশৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত মিছন মোডত কাম কৰিছো। দেশৰ প্ৰাচীন প্ৰতিমূৰ্তি আৰু  চুৰি  হোৱা শিল্পকৰ্ম বহিঃ দেশত  বিক্ৰী কৰি অহা হৈছে। ২০১৪ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা ৬০০ৰো অধিক প্ৰাচীন সামগ্ৰী আৰু প্ৰতিমূৰ্তি ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰে ৩৬ টা  বিশেষকৈ আমাৰ তামিলনাডুৰ। আজি নটৰাজ, লিংগোদভৱ, দক্ষিণমূৰ্তি, অৰ্ধনাৰীশ্বৰ, নন্দিকেশ্বৰ, উমা পৰমেশ্বৰী, পাৰ্বতী, সম্বন্ধৰৰ দৰে বহু গুৰুত্বপূৰ্ণ ঐতিহ্যই এতিয়া পুনৰবাৰ এই ভূমিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

 

আমাৰ ঐতিহ্য আৰু শৈৱ দৰ্শনৰ ছাপ এতিয়া ভাৰত বা এই পৃথিৱীতে সীমাবদ্ধ হৈ থকা নাই। যেতিয়া ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হৈছিল তেতিয়া চন্দ্ৰৰ সেই বিন্দুটোক আমি শিৱ শক্তি বুলি নাম দিলোঁ। চন্দ্ৰৰ সেই গুৰুত্বপূৰ্ণ অংশটো এতিয়া শিৱ-শক্তি নামেৰে চিনাক্ত কৰা হৈছে।

 

বন্ধুসকল,

 

চোলাৰ যুগত ভাৰতে যি অৰ্থনৈতিক আৰু কৌশলগত অগ্ৰগতি লাভ কৰিছে সেয়া এতিয়াও আমাৰ প্ৰেৰণা। ৰাজাৰাজা চোলাই শক্তিশালী নৌসেনাৰ সৃষ্টি কৰিছিল। ৰাজেন্দ্ৰ চোলাই ইয়াক আৰু অধিক শক্তিশালী কৰি তুলিলে। তেওঁৰ যুগত বহুতো প্ৰশাসনিক সংস্কাৰো কৰা হৈছিল। তেওঁ স্থানীয় প্ৰশাসনিক ব্যৱস্থাক শক্তিশালী কৰি তুলিছিল। এক শক্তিশালী ৰাজহ ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল। বাণিজ্যৰ বিকাশ, সাগৰীয় পথৰ ব্যৱহাৰ, শিল্প-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ, ভাৰত প্ৰতিটো দিশতে দ্ৰুতগতিত আগবাঢ়িছিল।

 

বন্ধুসকল,

 

চোলা সাম্ৰাজ্য এখন নতুন ভাৰত সৃষ্টিৰ এক প্ৰাচীন ৰোডমেপৰ দৰে। ই আমাক কয় যে যদি আমি এটা উন্নত জাতি হ’ব বিচাৰো তেন্তে আমি ঐক্যৰ বিষয়ত গুৰুত্ব দিব লাগিব। আমি আমাৰ নৌসেনা, আমাৰ প্ৰতিৰক্ষা বাহিনীক শক্তিশালী কৰিব লাগিব। আমি নতুন সুযোগ বিচাৰিব লাগিব। আৰু এই সকলোবোৰৰ লগতে আমি আমাৰ মূল্যবোধকো সংৰক্ষণ কৰিব লাগিব।  মই সন্তুষ্ট যে দেশে আজি এই প্ৰেৰণা লৈ আগবাঢ়িছে।

 

বন্ধুসকল,

 

আজিৰ ভাৰতে নিজৰ নিৰাপত্তাক সৰ্বোচ্চ গুৰুত্ব দিয়ে। অপাৰেচন সিন্দুৰৰ সময়ত বিশ্বই দেখিছে আমাৰ  নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি ভাৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অপাৰেচন সিন্দুৰে দেখুৱাইছে যে ভাৰতৰ শত্ৰু,  সন্ত্ৰাসবাদীৰ বাবে কোনো ঠাই নিৰাপদ নহয়। আৰু আজি যেতিয়া মই হেলিপেডৰ পৰা ইয়ালৈ আহি আছিলো, ৩-৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি, হঠাতে এটা ডাঙৰ ৰোড শ্ব’ দেখিলোঁ আৰু সকলোৱে তাত অপাৰেচন সিন্দুৰক প্ৰশংসা কৰি আছিল। অপাৰেচন সিন্দুৰে সমগ্ৰ দেশতে এক নতুন চেতনা জাগ্ৰত কৰিছে, নতুন আত্মবিশ্বাসৰ মনোভাব  সৃষ্টি কৰিছে আৰু বিশ্বয়ো  ভাৰতৰ শক্তিক মানি ল’ব লগীয়া  হৈছে।

 

বন্ধুসকল,

 

আমি সকলোৱে জানো যে ৰাজেন্দ্ৰ চোলাই যেতিয়া গংগাই-কোণ্ডচোলাপুৰম নিৰ্মাণ কৰিছিল তেতিয়া তাৰ শিখৰ থাঞ্জাৱুৰৰ বৃহদেশ্বৰ মন্দিৰতকৈ নিম্ন কৰি ৰাখিছিল। দেউতাকে নিৰ্মাণ কৰা মন্দিৰটো তেওঁ আটাইতকৈ ওখকৈ ৰাখিব বিচাৰিছিল।  মহত্ত্বৰ মাজতো ৰাজেন্দ্ৰ চোলাই নম্ৰতাৰ পৰিচয় দিছিল। আজিৰ নতুন ভাৰত এই মনোভাৱেৰে আগবাঢ়িছে। আমি অহৰহ শক্তিশালী হৈ আহিছো, কিন্তু আমাৰ আত্মা বিশ্ব কল্যাণৰ বাবে নিয়োজিত হৈ আছে।

 

বন্ধুসকল,

 

আমাৰ ঐতিহ্যৰ প্ৰতি থকা  গৌৰৱক আগুৱাই লৈ গৈ আজি ইয়াত আন এটা সংকল্প লৈছো। আগন্তুক সময়ত আমি তামিলনাডুত ৰাজাৰাজা চোলা আৰু তেওঁৰ পুত্ৰ তথা মহান শাসক প্ৰথম ৰাজেন্দ্ৰ চোলাৰ এক প্ৰতিমূৰ্তি স্থাপন কৰিম। এই প্ৰতিমূৰ্তিবোৰ আমাৰ ঐতিহাসিক চেতনাৰ আধুনিক স্তম্ভ হৈ পৰিব।

 

বন্ধুসকল,

 

আজি ড° এ পি জে আব্দুল কালাম জীৰ মৃত্যু বাৰ্ষিকীও। এখন উন্নত ভাৰতৰ নেতৃত্ব দিবলৈ আমাক ড° কালাম, চোলা ৰজাৰ দৰে লাখ লাখ যুৱক-যুৱতীৰ প্ৰয়োজন। শক্তি আৰু ভক্তিৰে ভৰা এনে যুৱক-যুৱতীয়ে  ১৪০ কোটি দেশবাসীৰ সপোন পূৰণ কৰিব। আমি একেলগে এক ভাৰত,  শ্ৰেষ্ঠ ভাৰতৰ সংকল্প পূৰণ কৰিম।এই অনুভূতিৰে আকৌ এবাৰ আপোনালোক সকলোকে অভিনন্দন জনাইছো। আপোনালোকক অশেষ ধন্যবাদ।

 

মোৰ লগত কওক,

 

ভাৰত মাতা কি জয়

 

ভাৰত মাতা কি জয়

 

ভাৰত মাতা কি জয়

 

বনাক্কম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Karnataka on 15th April
April 14, 2026
PM to inaugurate Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya
Sri Guru Bhairavaikya Mandira is a memorial dedicated to Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math
PM to also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji

Prime Minister, Shri Narendra Modi will visit Karnataka on 15th April 2026. At around 11 AM, Prime Minister will inaugurate the Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya district. He will also address the gathering on the occasion.

During the visit, Prime Minister will also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji.

Sri Guru Bhairavaikya Mandira is a memorial dedicated to the revered seer, Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math. Constructed in the traditional Dravidian architectural style, the Mandira stands as a tribute to the life and legacy of the late seer. The Mandira is envisioned not only as a place of reverence but also as a source of inspiration for future generations.

Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji was widely respected for his lifelong commitment to social service, having established numerous educational institutions and healthcare facilities. He firmly believed that service to society is the highest form of worship, and his teachings transcended barriers of caste, creed, and region, inspiring millions.