ৰে'লৰ নতুন শাখাৰ বৈদ্যুতিকীকৰণ জাতিৰ উদ্দেশ্যে উৎসর্গা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰে
“দিল্লী-দেৰাদুন বন্দে ভাৰত এক্সপ্রেছে নাগৰিকসকলৰ ভ্রমণৰ স্বাচ্ছন্দ্য তথা আৰাম নিশ্চিত কৰিব”
“অর্থনীতিক মজবুত কৰা আৰু দাৰিদ্র্যৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত বিশ্বৰ সন্মুখত ভাৰত আশাৰ ৰেঙণি”
“বর্তমান দশকটো উত্তৰাখণ্ডৰ দশক হৈ উঠিবলৈ গৈছে”
“দেৱভূমি বিশ্বৰ আধ্যাত্মিক চেতনাৰ কেন্দ্র হৈ উঠিব”
“চৰকাৰৰ দৃষ্টি উত্তৰাখণ্ডৰ বাবে নৱৰত্ন উন্নয়ন”
“ডবল ইঞ্জিন চৰকাৰে ডবল শক্তি আৰু ডবল গতিৰে কাম কৰিছে”
“একবিংশ শতাব্দীৰ ভাৰতে পৰিকাঠামোৰ সম্ভাৱনা সম্পূর্ণ ব্যৱহাৰ কৰি উন্নয়নৰ নতুন মাত্রালৈ উঠিব পাৰে”
“পর্বতমালা প্রকল্পই অনাগত দিনত ৰাজ্যৰ ভাগ্যৰ পৰিৱর্তন কৰিবলৈ গৈ আছে”
“সঠিক উদ্দেশ্য, নীতি আৰু কর্মস্পৃহাই উন্নয়নক আগুৱাই লৈ যায়”
“দেশ ইয়াতেই স্তব্ধ হৈ নাযায়, দেশ গতিৰ ৰথত উঠিছে। সমগ্র দেশ এতিয়া বন্দে ভাৰতৰ গতিত আগুৱাই গৈছে আৰু আগুৱাই গৈ থাকিব”

নমস্কাৰ!

উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।

 

দিল্লী আৰু ডেৰাডুনৰ মাজৰ এই ৰেলখনে দেশৰ ৰাজধানীক দেৱভূমিৰ সৈতে অধিক গতিৰে সংযোগ কৰিব। এতিয়া এই বন্দে ভাৰত ৰেলৰ বাবে দিল্লী-ডেৰাডুনৰ মাজত যাত্ৰাৰ সময়ো যথেষ্ট হ্ৰাস পাব। এই ৰেলখনৰ গতিবেগৰ লগতে ইয়াত উপলব্ধ সুবিধাবোৰেও যাত্ৰা অধিক উপভোগ্য কৰি তুলিব। 

বন্ধুসকল,

কেইঘণ্টামান আগতে মই তিনিখন দেশ ভ্ৰমণ কৰি দেশলৈ উভতি আহিছোহে মাত্ৰ। আজি সমগ্ৰ বিশ্বই ভাৰতৰ ফালে বহু আশাৰে চাই আছে। ভাৰতীয়সকলে যিদৰে আমাৰ অৰ্থনীতি শক্তিশালী কৰিছে, আমি যিদৰে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিছো, ই আমাৰ ওপৰত সমগ্ৰ বিশ্বৰ আস্থা জগাই তুলিছে। আমি একেলগে ক’ৰোনাৰ প্ৰত্যাহ্বান মোকাবিলা কৰাত সফল হ’লোঁ, আনহাতে বহু ডাঙৰ দেশে ইয়াৰ সৈতে যুঁজি আছে। আমি আৰম্ভ কৰিলোঁ বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ চৰ্চা চলি আছে। সমগ্ৰ বিশ্বৰ মানুহে ভাৰত দৰ্শন কৰিবলৈ আৰু ইয়াক বুজিবলৈ ভাৰতলৈ আহিব বিচাৰে। এনে পৰিস্থিতিত উত্তৰাখণ্ডৰ দৰে সুন্দৰ ৰাজ্যৰ বাবে এয়া এক ডাঙৰ সুযোগ। এই সুযোগৰ সম্পূৰ্ণ সুবিধা লোৱাত উত্তৰাখণ্ডক সহায় কৰিবলৈ গৈ আছে এই বন্দে ভাৰত ৰেলে।

 

বন্ধুসকল,

উত্তৰাখণ্ড হৈছে দেৱভূমি। মনত আছে বাবা কেদাৰৰ ওচৰলৈ যাওঁতে মনৰ মাজত স্বতঃস্ফূৰ্তভাৱে কিবা এটা আওৰাইছিলোঁ। এইবোৰ বাবা কেদাৰৰ আশীৰ্বাদ আছিল আৰু মই তেতিয়াই কৈছিলোঁ যে এই দশকটোৱেই হ’ব উত্তৰাখণ্ডৰ দশক। আইন-শৃংখলাক সৰ্বোচ্চ কৰি ৰাখি উত্তৰাখণ্ডে যি ধৰণে উন্নয়নৰ অভিযান আগবঢ়াই নিছে, সেয়া প্ৰশংসনীয়। এই দেৱভূমিৰ পৰিচয় সংৰক্ষণ কৰাটোও গুৰুত্বপূৰ্ণ। আৰু এই দেৱভূমি অদূৰ ভৱিষ্যতে সমগ্ৰ বিশ্বৰ আধ্যাত্মিক চেতনাৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি মোৰ বিশ্বাস আছে। এই সম্ভাৱনা অনুসৰিও আমি উত্তৰাখণ্ডৰ বিকাশ কৰিব লাগিব।

 

প্ৰতি বছৰে চৰ ধাম যাত্ৰালৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমি দেখিবলৈ পাওঁ বাবা কেদাৰৰ দৰ্শন কৰিবলৈ ভক্তৰ ভিৰ। হৰিদ্বাৰত অনুষ্ঠিত কুম্ভ আৰু অৰ্ধ কুম্ভলৈ সমগ্ৰ বিশ্বৰ পৰা কোটি কোটি ভক্ত আহে। প্ৰতি বছৰে অনুষ্ঠিত হোৱা কাঁৱাৰ যাত্ৰাৰ সময়ত উত্তৰাখণ্ডত উপস্থিত হয় লাখ লাখ লোক। দেশৰ ভিতৰতে এনে বৃহৎ সংখ্যক ভক্তক আকৰ্ষণ কৰা ৰাজ্যৰ সংখ্যা অতি কম। এই সংখ্যক ভক্তৰ সংখ্যাও উপহাৰ আৰু ইমান বৃহৎ সংখ্যক ভক্ত চম্ভালিব পৰাটোও এক প্ৰত্যাহ্বানজনক কাম। এই কাম সহজ কৰি তুলিবলৈ ডাবল ইঞ্জিন চৰকাৰে দুগুণ গতি আৰু দুগুণ শক্তিৰে কাম কৰি আছে।

 

বিজেপি চৰকাৰে উন্নয়নৰ নৱৰত্নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰথমটো হ'ল ১৩০০ কোটি টকাৰ আনুমানিক ব্যয়সাপেক্ষে কেদাৰনাথ-বদ্ৰীনাথ ধামৰ পুনৰ নিৰ্মাণ, দ্বিতীয়টো হৈছে গৌৰীকুণ্ড-কেদাৰনাথ আৰু গোবিন্দঘাট-হেমকুন্ত চাহিবৰ ২৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰ'পৱেৰ কাম, তৃতীয়টো হ'ল কুমান গ্ৰেণ্ডৰ পৌৰাণিক মন্দিৰসমূহৰ উন্নয়নৰ বাবে মনস্কন্দ মন্দিৰ মালা মিছন, চতুৰ্থটো হৈছে সমগ্ৰ ৰাজ্যত থকা হোম ষ্টে ব্যৱস্থাৰ প্ৰচাৰ। মোক কোৱা হৈছে যে ৰাজ্যখনত ৪০০০ তকৈও অধিক ঘৰৰ আৱাস পঞ্জীয়ন কৰা হৈছে। পঞ্চমটো হৈছে ১৬টা পৰিৱেশ-পৰ্যটন গন্তব্যস্থানৰ বিকাশ, ষষ্ঠটো হৈছে উত্তৰাখণ্ডত স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ। উধম সিং নগৰতো এইমছৰ এটা চেটেলাইট চেণ্টাৰ নিৰ্মাণৰ কাম চলি আছে। সপ্তমটো হৈছে প্ৰায় ২০০০ কোটি টকা ব্যয় সাপেক্ষে তেহৰী হ্ৰদ উন্নয়ন প্ৰকল্প, অষ্টমটো হৈছে ঋষিকেশ-হৰিদ্বাৰক দুঃসাহসিক পৰ্যটন আৰু যোগৰ ৰাজধানী হিচাপে বিকশিত কৰা আৰু নৱমটো হৈছে তনকপুৰ-বাগেশ্বৰ ৰেল লাইন। এই ৰেলপথৰ কামো শীঘ্ৰে আৰম্ভ হ’ব। ১২,০০০ কোটি টকাৰ চৰ ধাম মেগা প্ৰকল্পৰ কাম দ্ৰুত গতিত চলি আছে। দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে সম্পূৰ্ণ হোৱাৰ লগে লগে ডেৰাডুন আৰু দিল্লীৰ মাজৰ যাত্ৰা সহজ হৈ পৰিব। পথ সংযোগৰ লগতে উত্তৰাখণ্ডত ৰ'পৱে সংযোগো বৃহৎ পৰিসৰত বিকশিত কৰা হৈছে। পৰ্বত মালা যোজনাই অদূৰ ভৱিষ্যতে উত্তৰাখণ্ডৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। ইয়াৰ বাবে আমাৰ চৰকাৰে বছৰ বছৰ ধৰি এই সংযোগৰ বাবে উত্তৰাখণ্ডৰ জনসাধাৰণৰ অপেক্ষাৰ অৱসান ঘটাইছে।

 

হৃষীকেশ-কৰ্ণপ্ৰয়াগ ৰে'ল প্ৰকল্পটো দুই-তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই প্ৰকল্পটোত ১৬,০০০ কোটি টকাতকৈও অধিক ব্যয় কৰা হৈছে। হৃষীকেশ কৰ্ণপ্ৰয়াগ ৰে'ল প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত, উত্তৰাখণ্ডৰ এক বৃহৎ অংশ ৰাজ্যখনৰ জনসাধাৰণ আৰু পৰ্যটকসকলৰ বাবে উপলব্ধ হ'ব। ইয়াৰ ফলস্বৰূপে ইয়াত বিনিয়োগ, উদ্যোগৰ বিকাশ আৰু নিযুক্তিৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হ'ব। আৰু দেৱভূমিৰ উন্নয়নৰ এই বিশাল অভিযানৰ মাজতে এই বন্দে ভাৰত ৰে'লখন উত্তৰাখণ্ডৰ জনসাধাৰণৰ বাবে এক বিশাল উপহাৰ হিচাপে প্ৰমাণিত হ'ব। 

বন্ধুসকল,

আজি উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এক পৰ্যটন কেন্দ্ৰ, দুঃসাহসিক পৰ্যটন কেন্দ্ৰ, চলচ্চিত্ৰ শ্বুটিং গন্তব্য স্থান আৰু বিবাহৰ গন্তব্য স্থান হিচাপে দ্ৰুতগতিত বিকশিত হৈছে। আজি উত্তৰাখণ্ডৰ নতুন ঠাই আৰু পৰ্যটন কেন্দ্ৰই ভাৰত আৰু বিদেশৰ পৰ্যটকসকলক আকৰ্ষিত কৰিছে। তেওঁলোকে বন্দে ভাৰত ৰেলৰ পৰাও যথেষ্ট সহায় পাব। এতিয়া বন্দে ভাৰত ৰেলসমূহ দেশৰ প্ৰতিটো কোণত চলিবলৈ আৰম্ভ কৰিছে। পৰিয়ালৰ সৈতে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিব বিচৰা লোকসকলৰ ৰেলহৈছে প্ৰথম পছন্দ। এনে পৰিস্থিতিত, বন্দে ভাৰত এতিয়া ভাৰতৰ সাধাৰণ পৰিয়ালৰ প্ৰথম পছন্দ হৈ পৰিছে।

ভাই-ভনীসকল,

একবিংশ শতিকাৰ ভাৰতৰ আন্তঃগাঁথনি আধুনিকীকৰণ কৰি অধিক ক্ষীপ্ৰতাৰে বিকশিত হ’ব পাৰে। আগতে বহুদিন ক্ষমতাত থকা দলবোৰে দেশৰ এই প্ৰয়োজনীয়তা কেতিয়াও বুজি পোৱা নাছিল। সেই দলসমূহৰ কেন্দ্ৰবিন্দু আছিল কেলেংকাৰী আৰু দুৰ্নীতি। তেওঁলোক আত্মীয়তাবাদৰ মাজতে আবদ্ধ হৈ আছিল। পৰিয়ালবাদৰ পৰা ওলাই আহিবলৈ তেওঁলোকৰ শক্তি নাছিল। পূৰ্বৰ চৰকাৰসমূহেও ভাৰতৰ তীব্ৰবেগী ৰে’লৰ সন্দৰ্ভত উচ্চ দাবী উত্থাপন কৰিছিল। তেওঁলোকে এই দাবী কৰা বহু বছৰ পাৰ হৈ গ’ল। তীব্ৰবেগী ৰে’লবোৰ বাদ দিয়ক; আনকি তেওঁলোকে ৰেল নেটৱৰ্কৰ পৰা মানৱবিহীন লেভেল ক্ৰছিং আঁতৰাব পৰা নাছিল। ৰেলৱেৰ বিদ্যুৎকৰণৰ পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছিল। ২০১৪ চনলৈকে দেশৰ ৰেল নেটৱৰ্কৰ এক তৃতীয়াংশহে বিদ্যুৎ সংযোগ হৈছিল। এনে পৰিস্থিতিত বেগী ৰে’ল চলোৱাৰ কথাও ভাবিব পৰা নাছিল। আমি ২০১৪ চনৰ পিছত ৰে’লৱেৰ ৰূপান্তৰৰ বাবে সৰ্বাংগীন কাম আৰম্ভ কৰিলোঁ।এফালে আমি দেশৰ প্ৰথমখন তীব্ৰবেগী ৰে’লৰ সপোন কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, আনফালে আমি সমগ্ৰ দেশক অৰ্ধ-উচ্চবেগী ৰে’লৰ বাবে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ। ২০১৪ চনৰ আগতে যেতিয়া গড়ে প্ৰতি বছৰে ৬০০ কিলোমিটাৰ ৰেল লাইনত বিদ্যুৎ সংযোগ কৰা হৈছিল, এতিয়া প্ৰতি বছৰে ৬,০০০ কিলোমিটাৰ ৰেল লাইনত বিদ্যুৎ সংযোগ কৰা হৈছে। ৬০০ কিলোমিটাৰ আৰু ৬০০০ কিলোমিটাৰৰ মাজৰ পাৰ্থক্য চাওক। ফলত দেশৰ ৯০ শতাংশতকৈও অধিক ৰে’ল নেটৱৰ্কত বিদ্যুৎ সংযোগ হৈছে। উত্তৰাখণ্ডত সমগ্ৰ ৰেল নেটৱৰ্কৰ ১০০ শতাংশ বিদ্যুৎকৰণ সম্ভৱ হৈছে।

ভাই-ভনীসকল,

এইটো সম্ভৱ হৈছে কাৰণ আজি উন্নয়ন, নীতি আৰু বিশ্বাসৰ সঠিক উদ্দেশ্য আছে। ২০১৪ চনৰ তুলনাত ৰে’ল বাজেট বৃদ্ধিয়ে উত্তৰাখণ্ডকো প্ৰত্যক্ষভাৱে লাভৱান কৰিছে। ২০১৪ চনৰ আগৰ পাঁচ বছৰত গড়ে উত্তৰাখণ্ডৰ বাবে ২০০ কোটিতকৈও কম টকা আবণ্টন দিয়া হৈছিল। অলপ আগতে অশ্বিনী জীয়ে ইয়াৰ বিষয়ে বিতংভাৱে বুজাই দিলে। এনে দুৰ্গম পাহাৰীয়া অঞ্চল আৰু ৰেলপথৰ বাবে ২০০ কোটি টকাতকৈও কম! উত্তৰাখণ্ডৰ ৰে’ল বাজেট চলিত বৰ্ষত ৫ হাজাৰ কোটি টকা। ই ২৫গুণ বেছি। এই কাৰণেই আজি উত্তৰাখণ্ডৰ নতুন নতুন অঞ্চললৈ ৰেলপথৰ সম্প্ৰসাৰণ ঘটিছে। কেৱল ৰেলপথেই নহয়, আধুনিক ঘাইপথৰো উত্তৰাখণ্ডত অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। উত্তৰাখণ্ডৰ দৰে পাহাৰীয়া ৰাজ্যৰ বাবে এই সংযোগ কিমান গুৰুত্বপূৰ্ণ আমি বুজি পাওঁ। অতীতত সংযোগৰ অভাৱত গাঁওবোৰ কেনেকৈ জনশূন্য হৈ পৰিছিল তাৰ বেদনা আমি বুজি পাওঁ। আমি আগন্তুক প্ৰজন্মক সেই দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰিব বিচাৰো। আমি আজি কঠোৰ পৰিশ্ৰম কৰিছো যাতে উত্তৰাখণ্ডতেই পৰ্যটন, কৃষি আৰু উদ্যোগৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়। আমাৰ সীমান্তলৈ সহজে প্ৰৱেশ আৰু জাতি ৰক্ষাৰ কামত নিয়োজিত আমাৰ সৈনিকসকলৰ সুবিধাৰ বাবেও এই আধুনিক সংযোগ অতি উপযোগী হ’ব। 

ভাই-ভনীসকল,

আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ উত্তৰাখণ্ডৰ উন্নয়নৰ বাবে দায়বদ্ধ। উত্তৰাখণ্ডৰ দ্রুত উন্নয়নে ভাৰতৰ দ্রুত উন্নয়নতো সহায় কৰিব৷ দেশে এতিয়া কোনো পৰিস্থিতিত থমকি নৰয়৷ সমগ্ৰ দেশ বন্দে ভাৰতৰ গতিৰে আগবাঢ়িছে আৰু আগুৱাই যাব। পুনৰবাৰ উত্তৰাখণ্ডৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিকালি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাবা কেদাৰ, বদ্ৰী বিশাল, যমুনোত্ৰী আৰু গংগোত্ৰী দৰ্শন কৰি আহিছে। একে সময়তে বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰাটো তেওঁলোকৰ বাবেও অতি সুখকৰ অভিজ্ঞতা হ’ব। আকৌ এবাৰ বাবা কেদাৰৰ চৰণত প্ৰণাম কৰি দেৱভূমিক শুভেচ্ছা জনাই আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!