চাহিবজাদাৰ দৃষ্টান্তমূলক সাহসৰ বিষয়ে জনসাধাৰণক অৱগত আৰু শিক্ষিত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে কাৰ্যসূচী আয়োজন কৰা হৈছে
"বীৰ বাল দিৱস হৈছে ভাৰতীয়তাৰ সুৰক্ষাৰ বাবে যিকোনো কাম কৰাৰ সংকল্পৰ প্ৰতীক"
"মাতা গুজৰী, গুৰু গোবিন্দ সিং আৰু চাৰিগৰাকী চাহিবজাদাৰ সাহসিকতা আৰু আদৰ্শই এতিয়াও প্ৰতিগৰাকী ভাৰতীয়ক শক্তি প্ৰদান কৰে"
"আমি ভাৰতীয়সকলে মৰ্যাদাৰ সৈতে উৎপীড়নৰ সন্মুখীন হৈছিলো"
"আজি, যেতিয়া আমি আমাৰ ঐতিহ্যৰ বাবে গৌৰৱ অনুভৱ কৰিছো, তেনে সময়ত বিশ্বৰ দৃষ্টিভংগীও সলনি হৈছে"
"আজিৰ ভাৰতৰ ইয়াৰ জনসাধাৰণ তথা তেওঁলোকৰ সামৰ্থ্য আৰু অনুপ্ৰেৰণাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে"
"আজি সমগ্ৰ বিশ্বই ভাৰতক সুযোগৰ দেশ হিচাপে স্বীকাৰ কৰিছে"
"আগন্তুক ২৫ বছৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱনাৰ উৎকৃষ্ট প্ৰদৰ্শন হ'ব"
"আমি পাঁচটা প্ৰতিজ্ঞাক অনুসৰণ কৰাৰ লগতে আমাৰ ৰাষ্ট্ৰীয় চৰিত্ৰ শক্তিশালী কৰিব লাগিব"
"আগন্তুক ২৫ বছৰত আমাৰ যুৱ শক্তিৰ বাবে বৃহৎ সুযোগৰ আগমন হ’ব"
"আমাৰ যুৱপ্ৰজন্মই উন্নত ভাৰতৰ বৃহৎ ছবি অংকণ ক
শ্ৰী মোদীয়ে শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা এটা আবৃত্তি আৰু তিনিটা সমৰ কলা প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিল্লীত যুৱ প্ৰজন্মৰ এটা পদযাত্ৰাৰো শুভাৰম্ভ কৰে।

 কেন্দ্ৰীয় মন্ত্ৰীসকল, মহিলা আৰু ভদ্ৰলোকসকলৰ লগতে উপস্থিত গণ্যমান্য ব্যক্তিসকল।  

আজি দেশখনে বীৰ চাহিবজাদাসকলৰ অমৰ ত্যাগক স্মৰণ কৰি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিছে। স্বাধীনতাৰ 'অমৃত কাল'ত ‘বীৰ বাল দিৱস’ৰ ৰূপত এটা নতুন অধ্যায় আৰম্ভ হৈছে। যোৱা বছৰ দেশখনে প্ৰথমবাৰৰ বাবে ‘বীৰ বাল দিৱস’ হিচাপে ২৬ ডিচেম্বৰৰ দিনটো উদযাপন কৰিছিল। সেই সময়ত সমগ্ৰ দেশৰ সকলোৱে অতি আৱেগেৰে চাহিবজাদাসকলৰ বীৰত্বপূৰ্ণ কাহিনীসমূহ শুনিছিল। ‘বীৰ বাল দিৱস’ হৈছে ভাৰতীয়ত্ব সুৰক্ষিত কৰাৰ বাবে যিকোনো কাম কৰাৰ বাবে লোৱা সংকল্পৰ প্ৰতীক। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে শৌৰ্যৰ পৰাকাষ্ঠা প্ৰদৰ্শনৰ সময়ত বয়সৰ কম-বেছিৰ কোনো গুৰুত্ব নাই। এয়া হৈছে সেই মহান ঐতিহ্যৰ উৎসৱ, য'ত গুৰুৱে কৈছিল, "সুৰা সো পহচানিয়ে, যো লৰে দিনকে হেত, পূৰ্জা-পূৰ্জা কট মৰে, কবহ না ছাড়ে খেত!" মাতা গুজৰী, গুৰু গোবিন্দ সিং জী আৰু তেওঁৰ চাৰিজন চাহিবজাদাৰ বীৰত্ব আৰু আদৰ্শই এতিয়াও প্ৰতিগৰাকী ভাৰতীয়ক সাহস প্ৰদান কৰে। সেয়েহে, ‘বীৰ বাল দিৱস’ হৈছে সেইসকল প্ৰকৃত বীৰ আৰু তেওঁলোকক জন্ম দিয়া মাতৃৰ অতুলনীয় বীৰত্বৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজি মই বাবা মতিৰাম মেহৰা আৰু তেওঁৰ পৰিয়াল আত্মত্যাগ আৰু দিৱান তোদৰমলৰ ভক্তিৰ কথাও শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ গুৰুসকলৰ প্ৰতি অগাধ ভক্তি, ৰাষ্ট্ৰৰ যি প্ৰেম এয়া আছিল এক উদাহৰণ।

 

মোৰ পৰিয়ালবৰ্গ, 

মই সুখী যে ‘বীৰ বাল দিৱস’ এতিয়া আন্তৰ্জাতিক ভাৱেও উদযাপন কৰা হৈছে। এই বছৰ, আমেৰিকা, ইউকে, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইউএই আৰু গ্ৰীছতো বীৰ বাল দিৱস সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰা হৈছে। সমগ্ৰ বিশ্বই ভাৰতৰ সাহসী চাহিবজাদাসকলক অধিক জানিব আৰু তেওঁলোকৰ মহান কৃতিত্বৰ পৰা শিকিব পাৰিব। তিনিশ বছৰ আগতে ‘চামকৌৰ’ আৰু ‘সৰহিন্দ’ৰ যুদ্ধত যি ঘটনা ঘটিছিল সেয়া এক অম্লান ইতিহাস। এই ইতিহাস অতুলনীয়। আমি সেই ইতিহাস পাহৰিব নোৱাৰো। এই ইতিহাস ভৱিষ্যত প্ৰজন্মসমূহক সোঁৱৰাই দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। যেতিয়া অন্যায় আৰু অত্যাচাৰৰ ঘোৰ অন্ধকাৰ আছিল, তেতিয়াও আমি এক মুহূৰ্তৰ বাবেও হতাশাক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিছিলো। আমি ভাৰতীয়সকলে আত্মসন্মান অটুত ৰাখি অত্যাচাৰৰ সন্মুখীন হৈছিলোঁ। আমাৰ সকলো বয়সৰ পূৰ্বপুৰুষসকলে তেতিয়া সৰ্বোচ্চ ত্যাগ কৰিছিল। তেওঁলোকে নিজৰ বাবে জীয়াই থকাৰ সলনি এই মাটিৰ বাবে মৰিবলৈ পচন্দ কৰিছিল।

বন্ধুসকল,

যেতিয়ালৈকে আমি আমাৰ ঐতিহ্যক সন্মান নকৰোঁ, বিশ্বয়ো আমাৰ ঐতিহ্যক গুৰুত্ব নিদিয়ে। আজি যেতিয়া আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱান্বিত হৈছো, বিশ্বৰ দৃষ্টিভংগীও সলনি হৈছে। মই সুখী যে আজি দেশখন দাসত্বৰ মানসিকতাৰ পৰা ওলাই আহিছে। আজিৰ ভাৰতে ইয়াৰ জনসাধাৰণ, ইয়াৰ সামৰ্থ্য আৰু ইয়াৰ অনুপ্ৰেৰণাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছে। চাহিবজাদাৰ ত্যাগ আজিৰ ভাৰতৰ বাবে ৰাষ্ট্ৰীয় অনুপ্ৰেৰণাৰ বিষয় হৈছে। আজিৰ ভাৰতত ভগৱান বীৰচা মুণ্ডাৰ বলিদানে, গোবিন্দ গুৰুৰ বলিদানে সমগ্ৰ দেশবাসীক অনুপ্ৰাণিত কৰে। আৰু যেতিয়া এখন দেশে ইয়াৰ ঐতিহ্যৰ প্ৰতি এনে গৌৰৱৰে আগবাঢ়ি যায়, তেতিয়া বিশ্বয়ো ইয়াক সন্মানেৰে চাবলৈ ধৰে, সন্মান জনায়।

 

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই ভাৰতক সুযোগৰ প্ৰথম শাৰীৰ দেশ হিচাপে গণ্য কৰিছে। আজি ভাৰত এনে এক পৰ্যায়ত আছে য'ত ভাৰতে মুখ্য গোলকীয় প্ৰত্যাহ্বানসমূহ সমাধানত এক ডাঙৰ ভূমিকা পালন কৰি আছে। অৰ্থনীতি, বিজ্ঞান, গৱেষণা, ক্ৰীড়া, নীতি আৰু ৰণনীতি যিয়েই নহওক কিয় আজি ভাৰতে প্ৰতিটো দিশতে নতুন শিখৰৰ দিশে আগবাঢ়িছে। আৰু সেইকাৰণেই মই লালকিল্লাৰ পৰা কৈছিলো – এয়াই সময়, সঠিক সময়। এয়া হৈছে ভাৰতৰ সময়। আগন্তুক ২৫টা বছৰ ভাৰতৰ শক্তিৰ পৰাকাষ্ঠাৰ এক প্ৰচণ্ড প্ৰদৰ্শন হ'ব। আৰু ইয়াৰ বাবে, আমি পাঁচটা পণ অনুসৰণ কৰিব লাগিব আৰু আমাৰ ৰাষ্ট্ৰীয় চৰিত্ৰ শক্তিশালী কৰিব লাগিব। আমি এক মুহূৰ্তও হেৰুৱাব নালাগিব, আমি এক মুহূৰ্তও অপেক্ষা কৰিব নালাগিব। গুৰুসকলে তেতিয়াও আমাক একেটা শিকনিয়েই দিছিল, আজিও তেওঁলোকৰ সেই একেই শিকনিয়েই আছে। আমি এই মাটিৰ মান-সন্মান-গৌৰৱৰ বাবে জীয়াই থাকিব লাগিব। দেশখন উন্নত কৰিবলৈ আমি জীৱন পাত কৰিব লাগিব। আমি এই মহান ৰাষ্ট্ৰৰ সন্তান হিচাপে দেশখনক উন্নত কৰিবলৈ জীয়াই থাকিব লাগিব, সংগঠিত হ'ব লাগিব, যুঁজ দিব লাগিব আৰু বিজয়ী হ'ব লাগিব।

মোৰ পৰিয়ালবৰ্গ,

আজি ভাৰতে এনে এটা কালখণ্ডৰ মাজেৰে পাৰ হবলগীয়া হৈছে যিটো বহু যুগত মাত্ৰ এবাৰৰ বাবেহে আহে। স্বাধীনতাৰ এই অমৃত কালত, ভাৰতৰ সোণালী ভৱিষ্যত ৰচনা কৰা বহুতো কাৰক একেলগে সংযুক্ত হৈছে। আজি ভাৰত হৈছে বিশ্বৰ আটাইতকৈ কম বয়সীয়াসকলৰ দেশসমূহৰ ভিতৰৰ এখন। স্বাধীনতা সংগ্ৰামৰ সময়তো ভাৰতত ইমান যুৱক-যুৱতী নাছিল। যেতিয়া সেই যুৱশক্তিয়েই দেশক স্বাধীনতা প্ৰদান কৰিছিল, তেতিয়া হলেতো আজিৰ এই বিশাল যুৱশক্তিয়ে দেশখনক কেনে উচ্চতালৈ লৈ যাব পাৰে, সেয়া কল্পনাৰো অগোচৰ।

 

ভাৰত এখন দেশ য'ত নচিকেতাৰ দৰে শিশুৱে জ্ঞানৰ সন্ধানত পৃথিৱী-আকাশ এক কৰি দিছিল। ভাৰত হৈছে এনে এখন দেশ য'ত তেনেই কম বয়সীয়া অভিমন্যুৱে দুৰ্জেয় চক্ৰব্যহু ভেদ কৰিবলৈ আগবাঢ়ি গৈছিল। ভাৰত এনে এখন দেশ য'ত শিশু ধ্ৰুৱই ইমান কঠোৰ তপস্যা কৰিছিল যে আজিও তাৰ তুলনা কাৰো সৈতে কৰিব নোৱাৰি। ভাৰত এনে এখন দেশ য'ত শিশু চন্দ্ৰগুপ্তই তেনেই কম বয়সতেই সাম্ৰাজ্যৰ নেতৃত্ব দিবলৈ আগবাঢ়ি গৈছিল। ভাৰত এনে এখন দেশ য'ত একলব্যৰ দৰে শিষ্যই তেওঁৰ গুৰুক দক্ষিণা দিবলৈ অকল্পনীয় কাম কৰাৰ নিদৰ্শন দাঙি দৰিছিল। ভাৰত এনে এখন দেশ য'ত খুদিৰাম বসু, বটুকেশ্বৰ দত্ত, কনকলতা বৰুৱা, ৰাণী গুইডিনিল্যু, বাজি ৰাউতৰ দৰে বহুতো বাৰ-বীৰাংগণাই দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ বাবে এক মুহূৰ্তৰ বাবেও ভবা নাছিল। যিখন দেশৰ প্ৰেৰণা ইমান ডাঙৰ, সেইখন দেশৰ বাবে কোনো লক্ষ্য প্ৰাপ্ত কৰাটো অসম্ভৱেই নহয়। সেয়েহে মই আজিৰ ল'ৰা-ছোৱালী, আজিৰ যুৱক-যুৱতীসকলক বিশ্বাস কৰোঁ। এই শিশুসকল হৈছে ভৱিষ্যত ভাৰতৰ কৰ্ণধাৰ। ইয়াত সমৰ কলা প্ৰদৰ্শন কৰা শিশুসকল... তেওঁলোকৰ আশ্চৰ্যকৰ দক্ষতাই ভাৰতৰ সাহসী ল'ৰা আৰু ছোৱালীহঁতৰ কিমান সম্ভাৱনা আছে সেই কথাকে প্ৰদৰ্শিত কৰিছে।

 

মোৰ পৰিয়ালবৰ্গ,

 

আগন্তুক ২৫টা বছৰে আমাৰ যুৱশক্তিৰ বাবে এক বৃহৎ সুযোগ আনিছে। যিকোনো ক্ষেত্ৰত, যিকোনো সমাজত জন্ম গ্ৰহণ কৰা ভাৰতৰ যুৱক-যুৱতীসকল, তেওঁলোকৰ সপোন সীমাহীন। এই সপোনবোৰ পূৰণ কৰিবলৈ, চৰকাৰৰ এক স্পষ্ট পথ-মানচিত্ৰ আছে, এক স্পষ্ট দৃষ্টিভংগী আছে, এক স্পষ্ট নীতি আছে, উদ্দেশ্যতো কোনো ত্ৰুটি নাই। ভাৰতে আজি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে একবিংশ শতিকাৰ যুৱপ্ৰজন্মত নতুন সামৰ্থ্য বিকাশিত কৰিব। আজি, ১০,০০০ অটল টিঙ্কাৰিং লেব-য়ে আমাৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্ভাৱন আৰু গৱেষণাৰ বাবে এক নতুন আগ্ৰহ সৃষ্টি কৰিছে। ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’ অভিযানলৈ চাওক। ২০১৪ চনত আমাৰ দেশৰ ‘ষ্টাৰ্ট-আপ’ সংস্কৃতিৰ বিষয়ে খুব কম লোকেইহে জানিছিল। আজি ভাৰতত ১.২৫ নিযুত নতুন ‘ষ্টাৰ্ট-আপ’ আছে। এই ‘ষ্টাৰ্ট-আপ’সমূহত, যুৱক-যুৱতীসকলৰ সপোন, উদ্ভাৱন, কিবা এটা কৰাৰ প্ৰচেষ্টা আছে। আজি ‘মুদ্ৰা যোজনা’ৰ সহায়ত ৮ কোটিতকৈয়ো অধিক যুৱক-যুৱতীয়ে প্ৰথমবাৰৰ বাবে নিজৰ ব্যৱসায় আৰু স্বতন্ত্ৰ ভাবে কাম আৰম্ভ কৰিছে। এইসকল গাঁৱৰ দৰিদ্ৰ, দলিত, পিছপৰা, জনজাতীয়, বঞ্চিত শ্ৰেণীৰ যুৱক-যুৱতী। এই যুৱক-যুৱতীসকলৰ ওচৰত বেংকক ‘গেৰাণ্টী’ দিয়াৰ কোনো সামগ্ৰী নাছিল। মোদীয়ে তেওঁলোকৰ ‘গেৰাণ্টী’ লৈছিল, আমাৰ চৰকাৰ তেওঁলোকৰ অংশীদাৰ হৈছিল। আমি বেংকসমূহক কৈছিলো যে আপোনালোক ভয়মুক্ত হোৱা উচিত আৰু যুৱসকলক মুদ্ৰা ঋণ দিয়া উচিত। কোটি কোটি যুৱক-যুৱতীয়ে আজি লাখ লাখ কোটি টকা ‘মুদ্ৰা ঋণ’ হিচাপে লাভ কৰি তেওঁলোকৰ ভাগ্য সলনি কৰিছে।

 

বন্ধুসকল,

 

আমাৰ খেলুৱৈসকলে আজি প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নতুন অভিলেখ ৰচনা কৰিছে। এই যুৱকসকলৰ বেছিভাগেই গাঁও, চহৰ, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ। ‘খেলো ইণ্ডিয়া’ অভিযানৰ বাবে তেওঁলোকে তেওঁলোকৰ ঘৰৰ ওচৰত উন্নত ক্ৰীড়া সুবিধা লাভ কৰিছে। স্বচ্ছ বাছনি প্ৰক্ৰিয়া আৰু আধুনিক প্ৰশিক্ষণৰ বাবে সঠিক ব্যৱস্থা প্ৰদান কৰা হৈছে। সেয়েহে, গাঁওবোৰৰ দৰিদ্ৰ পুত্ৰ-কন্যাসকলেও ত্ৰিৰংগ পতাকাৰ গৌৰৱ বৃদ্ধি কৰিছে। যুৱ আগ্ৰহক প্ৰাথমিকতা প্ৰাথমিকতা প্ৰদান কৰিলে ফলাফলবোৰ কিমান দৰ্শনীয় হয় এই কথাই তাকে প্ৰতিপন্ন কৰে।

 

বন্ধুসকল,

 

আজি যেতিয়া মই ভাৰতক তৃতীয় স্থানৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ কথা কওঁ, ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰীসকল হৈছে মোৰ দেশৰ যুৱপ্ৰজন্ম। তিনি নম্বৰৰ অৰ্থনৈতিক শক্তিৰ অৰ্থ হৈছে উন্নত স্বাস্থ্য, উন্নত শিক্ষা। তিনি নম্বৰ অৰ্থনৈতিক শক্তি হোৱাৰ অৰ্থ হৈছে অধিক সুযোগ, অধিক চাকৰি। তিনি নম্বৰ অৰ্থনৈতিক শক্তিৰ অৰ্থ হৈছে জীৱনৰ মান, সামগ্ৰীৰ মান। আমাৰ যুৱপ্ৰজন্মই ২০৪৭ বৰ্ষৰ উন্নত ভাৰত কেনেকুৱা হ'ব তাৰ ডাঙৰ কেনভাচত এখন ডাঙৰ ছবি আঁকিব লাগিব। চৰকাৰে, এজন বন্ধু ৰূপত, অংশীদাৰৰ ৰূপত আপোনালকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। যুৱসকলৰ পৰামৰ্শ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে তেওঁলোকৰ সংকল্পক সংযোগ কৰিবলৈ দেশজুৰি অভিযান চলি আছে। মই আকৌ এবাৰ সকলো যুৱক-যুৱতীক এক উন্নত ভাৰতৰ সৈতে সম্পৰ্কিত MyGov-ত তেওঁলোকৰ পৰামৰ্শ সহভাগ কৰিবলৈ অনুৰোধ জনাম। চৰকাৰে দেশৰ যুৱ শক্তিক একক মঞ্চত অৱতীৰ্ণ কৰাৰ বাবে আন এখন অতি ডাঙৰ মঞ্চ, এটা অতি ডাঙৰ প্ৰতিষ্ঠান সৃষ্টি কৰিছে। এইটো হৈছে সংগঠন, এইটো হৈছে মঞ্চ – মোৰ যুৱ ভাৰত অৰ্থাৎ MY Bharat। এই মঞ্চখন এতিয়া দেশৰ যুৱক-যুৱতীকলৰ বাবে এটা ডাঙৰ সংগঠন হৈ উঠিছে। আজিকালি চলি থকা বিকাশ ভাৰত সংকল্প যাত্ৰাৰ সময়তো লাখ লাখ যুৱক-যুৱতীয়ে এই MY Bharat প্লেটফৰ্মত পঞ্জীয়ন কৰিছে। মই পুনৰ দেশৰ সকলো যুৱক-যুৱতীক MY Bharatত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছোঁ।

 

মোৰ পৰিয়ালবৰ্গ,

 

আজি ‘বীৰ বাল দিৱস’ সন্দৰ্ভত মই দেশৰ সকলো যুৱক-যুৱতীক তেওঁলোকৰ স্বাস্থ্যক সৰ্বাধিক প্ৰাথমিকতা দিবলৈ অনুৰোধ জনাইছোঁ। যেতিয়া ভাৰতৰ যুৱসকল সুস্থ হ'ব, তেতিয়া তেওঁ তেওঁৰ জীৱনত, তেওঁৰ কেৰিয়াৰতো ছুপাৰ হিট হ'ব। ভাৰতৰ যুৱপ্ৰজন্মই নিজৰ বাবে কিছুমান নিয়ম প্ৰস্তুত কৰিব লাগিব, সেইবোৰ অনুসৰণ কৰিব লাগিব। যেনে দিন বা সপ্তাহত আপোনালোকে কিমান শাৰীৰিক ব্যায়াম কৰে? আপোনালোকে ছুপাৰফুড বাজ্ৰা– ‘শ্ৰীঅন্ন’-ৰ বিষয়ে কিমান জানে, কিন্তু আপোনালোকে ইয়াক আপোনালোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিছে নেকি? ‘ডিজিটেল ডিটক্স’, ‘ডিজিটেল ডিটক্স’ কৰিবলৈ আপোনালোকে কিমান মনোযোগ দিয়ে? আপোনালোকৰ মানসিক সুস্থতাৰ বাবে আপোনালোকে কি কৰে? আপোনালোকে এদিনত পৰ্যাপ্ত টোপনি মাৰে নে আপোনালোক টোপনিৰ প্ৰতি বেছি মনোযোগ দিয়েনে নিদিয়ে?

 

এনে বহুতো প্ৰশ্ন আছে যি আজিৰ আধুনিক যুৱ প্ৰজন্মৰ সন্মুখত এক প্ৰত্যাহ্বান হৈ থিয় দিছে। আন এটা অতি ডাঙৰ সমস্যাও আছে, যাৰ ওপৰত আমি এখন ৰাষ্ট্ৰ হিচাপে, সমাজ হিচাপে মনোযোগ দিয়া প্ৰয়োজন। এয়া হৈছে নিচা আৰু ঔষধৰ সমস্যা। আমি ভাৰতৰ যুৱ শক্তিক এই সমস্যাৰ পৰা ৰক্ষা কৰিব লাগিব। ইয়াৰ বাবে, চৰকাৰৰ সৈতে, পৰিয়াল আৰু সমাজৰ শক্তিয়েও তেওঁলোকৰ ভূমিকা সম্প্ৰসাৰিত কৰিব লাগিব। আজি ‘বীৰ বাল দিৱস’ সন্দৰ্ভত মই সকলো ধৰ্মীয় নেতা আৰু সকলো সামাজিক প্ৰতিষ্ঠানক দেশত ড্ৰাগছৰ বিৰুদ্ধে এক গণ আন্দোলন সংগঠিত কৰিবলৈ অনুৰোধ জনাইছোঁ। এক সক্ষম আৰু শক্তিশালী যুৱশক্তি গঢ়ি তুলিবলৈ সকলোৰে প্ৰচেষ্টা প্ৰয়োজনীয়। এইটো আমাৰ গুৰুসকলে আমাক দিয়া সকলোৰে প্ৰচেষ্টাৰ পাঠ। ভাৰতে সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱৰ সৈতে বিকাশ কৰিব। আকৌ এবাৰ, মই মহান গুৰু পৰম্পৰা, শ্বহীদ হোৱাৰ বাবে এক নতুন সন্মান আৰু ইয়াক নতুন উচ্চতালৈ লৈ যোৱা সাহসী চাহিবজাদাসকলক শ্ৰদ্ধাঞ্জলি জনাই মোৰ ভাষণৰ সামৰণি মাৰিছো। আপোনালোকক শুভকামনা জনাইছোঁ!  

 

ৱাহে গুৰু জী কা খালচা, ৱাহে গুৰু জী কি ফতেহ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”