মহোদয়
মহামহিম,
উপস্থিত সুধীবৃন্দ
নমস্কাৰ!
বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।
 

বন্ধুসকল,
বিশ্ব চৰকাৰ সন্মিলন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিন্তাশীল নেতাসকলক এক মঞ্চত অনাৰ এক প্ৰধান মাধ্যমত পৰিণত হৈছে। ইয়াত মহামহিম শ্বেখ মহম্মদ বিন ৰছিদৰ দূৰদৰ্শী নেতৃত্বই ডাঙৰ ভূমিকা পালন কৰে। ডুবাই যিদৰে বিশ্ব অৰ্থনীতি, বাণিজ্য আৰু প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেয়া এক ডাঙৰ কথা। Covid ৰ সময়ত Expo 2020 ৰ আয়োজনেই হওক বা শেহতীয়াকৈ COP-28 ৰ আয়োজনেই হওক, এইবোৰ ‘ডুবাই কাহিনী’ৰ মহান উদাহৰণ। এই সন্মিলনৰ বাবে আপোনালোকক অভিনন্দন জনাইছো আৰু ইয়াৰ সফলতাৰ বাবে আপোনালোকক শুভেচ্ছা জনাইছো।
বন্ধুসকল,
আজি আমি একবিংশ শতিকাত আছো। এফালে পৃথিৱীখন আধুনিকতাৰ দিশে আগবাঢ়িছে, আনফালে যোৱা শতিকাৰ পৰা চলি অহা প্ৰত্যাহ্বানসমূহো সমানে ব্যাপক হৈ পৰিছে। খাদ্য সুৰক্ষাই হওক, স্বাস্থ্য সুৰক্ষাই হওক, জল সুৰক্ষাই হওক, শক্তি সুৰক্ষাই হওক, শিক্ষাই হওক, সমাজখনক সৰ্বাংগীন কৰি তোলাই হওক, প্ৰতিখন চৰকাৰে নিজৰ নাগৰিকৰ প্ৰতি বহু দায়িত্বত বান্ধ খাই আছে। নেতিবাচক হওক বা ইতিবাচক হওক সকলো দিশতে প্ৰযুক্তিয়ে এক মূল বিঘ্নিতকাৰী হিচাপে প্ৰমাণিত হৈছে। প্ৰতিদিনে সন্ত্ৰাসবাদে মানৱতাৰ প্ৰতি নতুন ৰূপত এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহো সময়ৰ লগে লগে ডাঙৰ হৈ আহিছে। এফালে ঘৰুৱা চিন্তা আৰু আনফালে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটো যেন বিচ্ছিন্ন হৈ পৰিছে। আৰু এই সকলোবোৰৰ মাজতে প্ৰতিখন চৰকাৰে নিজৰ প্ৰাসংগিকতা বচাবলৈ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰশ্নসমূহৰ মাজত, এই প্ৰত্যাহ্বানসমূহৰ মাজত, এই পৰিস্থিতিসমূহৰ মাজত, বিশ্ব চৰকাৰ সন্মিলনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।
বন্ধুসকল,
আজি প্ৰতিখন চৰকাৰৰ সন্মুখত প্ৰশ্ন হয় কোন পন্থাৰে আগবাঢ়িব লাগে। মই বিশ্বাস কৰোঁ যে আজি বিশ্বক এনে চৰকাৰৰ প্ৰয়োজন যিয়ে সৰ্বাংগীন আৰু সকলোকে লগত লৈ যায়। আজি বিশ্বক এনে চৰকাৰৰ প্ৰয়োজন, যিবোৰ স্মাৰ্ট, যিয়ে প্ৰযুক্তিক ডাঙৰ পৰিৱৰ্তনৰ মাধ্যম কৰি তোলে। আজি বিশ্বক এনে চৰকাৰৰ প্ৰয়োজন যি পৰিষ্কাৰ, যি দুৰ্নীতিমুক্ত, যি স্বচ্ছ। আজি বিশ্বক এনে চৰকাৰৰ প্ৰয়োজন যি সেউজীয়া আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ প্ৰতি গুৰুত্বপূৰ্ণ। আজি বিশ্বক এনে চৰকাৰৰ প্ৰয়োজন যিয়ে জীৱন-যাপনৰ সহজতা, ন্যায়ৰ সহজতা, গতিশীলতাৰ সহজতা, উদ্ভাৱনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতাক নিজৰ অগ্ৰাধিকাৰ হিচাপে লয়।
২৩ বছৰ হ’ল মই Head Of The Government হিচাপে অবিৰতভাৱে কাম কৰি আছো। ভাৰতৰ এখন বৃহৎ ৰাজ্যৰ চৰকাৰৰ সেৱা কৰি ১৩ বছৰে গুজৰাটৰ জনসাধাৰণৰ সেৱা আগবঢ়াইছো আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰত দেশবাসীক সেৱা আগবঢ়োৱা ১০ বছৰ হ’বলৈ গৈ আছে। চৰকাৰৰ অনুপস্থিতি আৰু চৰকাৰৰ হেঁচা থাকিব নালাগে বুলি মোৰ বিশ্বাস। বৰং মানুহৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ যাতে নূন্যতম হয়, সেয়া নিশ্চিত কৰাটো চৰকাৰৰ কাম বুলি মই বিশ্বাস কৰোঁ।
 

আমি প্ৰায়ে বহু বিশেষজ্ঞৰ পৰা শুনিবলৈ পাওঁ যে সমগ্ৰ বিশ্বতে Covid ৰ পিছত চৰকাৰৰ ওপৰত আস্থা কমিছে। কিন্তু ভাৰতত আমি এটা সম্পূৰ্ণ বিপৰীত অভিজ্ঞতা দেখিবলৈ পালোঁ। বছৰ বছৰ ধৰি ভাৰত চৰকাৰৰ ওপৰত দেশৰ জনসাধাৰণৰ আস্থা অধিক মজবুত হৈ আহিছে। আমাৰ চৰকাৰৰ উদ্দেশ্য আৰু দায়বদ্ধতা দুয়োটাতে মানুহৰ সম্পূৰ্ণ বিশ্বাস আছে। এইটো কেনেকৈ হ’ল? কাৰণ আমি শাসন ব্যৱস্থাত জনসাধাৰণৰ আৱেগক অগ্ৰাধিকাৰ দিছো। দেশবাসীৰ প্ৰয়োজনীয়তাৰ প্ৰতি আমি সংবেদনশীল। আমি ৰাইজৰ প্ৰয়োজনীয়তা আৰু জনসাধাৰণৰ সপোন দুয়োটাকে পূৰণ কৰাত মনোনিৱেশ কৰিছো।
এই ২৩ বছৰৰ ভিতৰত চৰকাৰত মোৰ আটাইতকৈ ডাঙৰ নীতি হৈছে – নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন। মই সদায় এনে এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দি আহিছো যিয়ে নাগৰিকৰ মাজত উদ্যোগ আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰে। Top Down আৰু Bottom-Up পদ্ধতিৰ লগতে আমি Whole-of-Society পদ্ধতিও অনুসৰণ কৰিছো। আমি সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিলোঁ আৰু জনসাধাৰণৰ অংশগ্ৰহণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিলোঁ। আমি চেষ্টা কৰিলোঁ যে চৰকাৰে অভিযান আৰম্ভ কৰিলেও সময়ৰ লগে লগে দেশৰ জনসাধাৰণে নিজেই তাৰ দায়িত্ব লয়। জনসাধাৰণৰ অংশগ্ৰহণৰ এই নীতি অনুসৰণ কৰি আমি ভাৰতত বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাইছো। আমাৰ চেনিটেচন ড্ৰাইভ হওক, ছোৱালী শিক্ষা বৃদ্ধিৰ অভিযান হওক বা ডিজিটেল সাক্ষৰতা হওক, তেওঁলোকৰ সফলতা কেৱল মানুহৰ অংশগ্ৰহণৰ জৰিয়তেহে নিশ্চিত হৈছে।
বন্ধুসকল,
সামাজিক আৰু আৰ্থিক অন্তৰ্ভুক্তি আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈ আহিছে। বেংক একাউণ্ট নথকা ৫০ কোটিৰো অধিক লোকৰ সৈতে আমি বেংকিং সংযোগ কৰিলোঁ৷ আমি তেওঁলোকক সজাগ কৰিবলৈ এটা ডাঙৰ অভিযান আৰম্ভ কৰিলোঁ। ইয়াৰ ফলত আজি আমি ফিনটেক আৰু ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বহু আগবাঢ়িছো। আমি মহিলা নেতৃত্বাধীন উন্নয়নক প্ৰসাৰিত কৰিছো। আমি ভাৰতীয় মহিলাৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সৱলীকৰণ কৰি আছো। কেইমাহমান আগতে আইন প্ৰণয়ন কৰি আমি সংসদত ভাৰতৰ মহিলাসকলকো সংৰক্ষণ দিছো। আজি আমি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰি তেওঁলোকৰ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। অতি কম সময়ৰ ভিতৰতে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট আপ ইক’চিষ্টেম হিচাপে পৰিগণিত হৈছে, অৰ্থাৎ ষ্টাৰ্ট আপ ইক’চিষ্টেমত ইমান ডাঙৰ জাঁপ, আজি আমি তৃতীয় স্থানত উপনীত হ’লোঁ৷
 

বন্ধুসকল,
সবকা সাথ-সবকা বিকাশৰ মন্ত্ৰ অনুসৰণ কৰি আমি লাষ্ট মাইল ডেলিভাৰী আৰু চেচুৰেচনৰ পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। চেচুৰেচনৰ দৃষ্টিভংগীৰ অৰ্থ হ’ল চৰকাৰী আঁচনিবোৰৰ সুবিধাৰ পৰা কোনো হিতাধিকাৰীক আঁতৰাই ৰাখিব নালাগে, চৰকাৰে নিজেই সেইবোৰৰ ওচৰ পাব লাগে। শাসন ব্যৱস্থাৰ এই আৰ্হিত বৈষম্য আৰু দুৰ্নীতি দুয়োটাৰে পৰিসৰ শেষ হৈ যায়। এক অধ্যয়ন অনুসৰি ভাৰতে যোৱা ১০ বছৰত ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে, আৰু এই ক্ষেত্ৰত এই শাসন ব্যৱস্থাৰ আৰ্হিটোৱে ডাঙৰ ভূমিকা পালন কৰিছে।
চৰকাৰে যেতিয়া স্বচ্ছতাক অগ্ৰাধিকাৰ দিয়ে তেতিয়া ইয়াৰ ফল পোৱা যায় আৰু ভাৰত ইয়াৰ উদাহৰণ। আজি ভাৰতৰ ১৩০ কোটিৰো অধিক নাগৰিকৰ ডিজিটেল পৰিচয় আছে। মানুহৰ ডিজিটেল পৰিচয়, তেওঁলোকৰ বেংক, তেওঁলোকৰ মোবাইল, সকলো আন্তঃসংযোগ। আমি প্ৰযুক্তিৰ সহায়ত এটা ব্যৱস্থা গঢ়ি তুলিছো – ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (DBT) বা প্ৰত্যক্ষ লাভ হস্তান্তৰ। এই ব্যৱস্থাৰ সহায়ত আমি যোৱা ১০ বছৰত ৪০০ বিলিয়নতকৈ অধিক টকা পোনপটীয়াকৈ মানুহৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছো। এনে কৰি আমি ইয়াৰ শিপাৰ পৰা দুৰ্নীতিৰ এক বিশাল পৰিসৰ নাইকিয়া কৰিছো। লগতে আমি দেশৰ ৩৩ বিলিয়ন ডলাৰতকৈ অধিক ধন হিতাধিকাৰীৰ পৰিৱৰ্তে আনৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিছো।
বন্ধুসকল,
জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ নিজস্ব পন্থা আছে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ। আজি ভাৰতে Solar, Wind, Hydro ৰ লগতে Biofuels, Green Hydrogen ৰ কাম কৰি আছে। আমাৰ সংস্কৃতিয়ে আমাক শিকাইছে যে আমি প্ৰকৃতিৰ পৰা যিখিনি পাইছো সেইখিনি ঘূৰাই দিবলৈ চেষ্টা কৰা উচিত। সেয়েহে ভাৰতে বিশ্বৰ বাবে এক নতুন পথৰ পৰামৰ্শ দিছে, যাৰ অনুসৰণ কৰি আমি পৰিৱেশক বহুখিনি সহায় কৰিব পাৰো। এই পথটো হ’ল – Mission Life – অৰ্থাৎ Lifestyle For Environment, এই মিছনে Pro Planet People ৰ পথ দেখুৱাইছে। আমিও দীৰ্ঘদিন ধৰি কাৰ্বন ক্ৰেডিটৰ পন্থাটো চাই আহিছো। এতিয়া ইয়াৰ বাহিৰলৈ গৈ আমি গ্ৰীণ ক্ৰেডিটৰ কথা চিন্তা কৰা উচিত। মই ইয়াত ডুবাইত COP-28 ৰ সময়ত এই বিষয়ে বহুত বিশদভাৱে আলোচনা কৰিছিলোঁ।
 

বন্ধুসকল,
আমি যেতিয়া ভৱিষ্যতৰ ফালে চাওঁ তেতিয়া প্ৰতিখন চৰকাৰে আজি বহু প্ৰশ্নৰ সন্মুখীন হয়। আমাৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আন্তঃনিৰ্ভৰশীলতাৰ মাজত আমি কেনেকৈ ভাৰসাম্য গঢ়ি তুলিম? নিজৰ জাতীয় স্বাৰ্থৰ বাবে কাম কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসনৰ প্ৰতি নিজৰ দায়বদ্ধতা কেনেকৈ অটল থাকিব? ৰাষ্ট্ৰীয় প্ৰগতি সম্প্ৰসাৰণ কৰাৰ লগতে আমি কেনেকৈ গ্ল’বেল গুডলৈ অধিক অৰিহণা যোগাব পাৰো? আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ পৰা জ্ঞান লৈ আমি কেনেকৈ সাৰ্বজনীন মূল্যবোধক সমৃদ্ধ কৰিম? ডিজিটেল প্ৰযুক্তিৰ সুবিধা লৈ আমি ইয়াৰ নেতিবাচক প্ৰভাৱৰ পৰা সমাজক কেনেকৈ বচাব পাৰো? বিশ্ব শান্তিৰ বাবে চেষ্টা কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি কেনেকৈ একেলগে কাম কৰিম? আজি আমি যেতিয়া আমাৰ দেশক ৰূপান্তৰিত কৰিছো, তেতিয়া বিশ্ব শাসন প্ৰতিষ্ঠানতো সংস্কাৰ হ’ব নালাগেনে? এনে বহু প্ৰশ্ন আমাৰ সন্মুখত আছে। এই সকলোবোৰ প্ৰশ্ন মনত ৰাখি আমি আমাৰ চৰকাৰবোৰক দিশ দিব লাগিব আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব।
-    আমি একেলগে এখন সংহত, সমবায় আৰু সহযোগী বিশ্বৰ মূল্যবোধক প্ৰসাৰিত কৰিব লাগিব।
-    আমি উন্নয়নশীল বিশ্বৰ উদ্বেগ আৰু গোলকীয় সিদ্ধান্ত গ্ৰহণত গ্লোবেল চাউথৰ অংশগ্ৰহণক প্ৰসাৰিত কৰিব লাগিব।
-    আমি গ্ল’বেল চাউথৰ কণ্ঠ শুনিব লাগিব আৰু তেওঁলোকৰ অগ্ৰাধিকাৰ আগুৱাই নিব লাগিব।
-    আমি আমাৰ সম্পদ আৰু আমাৰ সামৰ্থ্য অভাৱী দেশৰ সৈতে ভাগ কৰিব লাগিব।
-    এআই, কৃত্ৰিম বুদ্ধিমত্তা আৰু ক্ৰিপ্টোকাৰেন্সী, চাইবাৰ অপৰাধৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ বাবে আমি বিশ্বব্যাপী প্ৰট’কল তৈয়াৰ কৰিব লাগিব।
-    আমাৰ জাতীয় সাৰ্বভৌমত্বক অগ্ৰাধিকাৰ দিয়াৰ সমান্তৰালকৈ আমি আন্তঃৰাষ্ট্ৰীয় আইনৰ মৰ্যাদাকো সন্মান কৰিব লাগিব।
এই আৱেগক অনুসৰণ কৰি আমি কেৱল চৰকাৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সমাধান কৰাই নহয়, বিশ্বৰ ভাতৃত্ববোধো শক্তিশালী কৰিম। বিশ্বৰ বন্ধু হিচাপে ভাৰতে এই চিন্তাধাৰাৰে আগবাঢ়িছে। আমি আমাৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ সময়তো এই মনোভাৱক আগুৱাই লৈ গৈছিলো। আমি “এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”ৰ মনোভাৱেৰে আগবাঢ়ি যাওঁ।
বন্ধুসকল,
শাসন ব্যৱস্থাৰ সন্দৰ্ভত আমাৰ সকলোৰে অভিজ্ঞতা আছে। আমি কেৱল ইজনে সিজনৰ লগত কাম কৰাই নহয়, ইজনে সিজনৰ পৰাও শিকিব লাগিব। এই সন্মিলনৰ লক্ষ্যও এইটোৱেই। ইয়াৰ পৰা উদ্ভৱ হোৱা সমাধানে পৃথিৱীৰ ভৱিষ্যত গঢ় দিব। এই আত্মবিশ্বাসেৰে আপোনালোক সকলোলৈ শুভেচ্ছা!
ধন্যবাদ।
আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
2.5 lakh crore spent on disaster management in 11 years: Amit Shah

Media Coverage

2.5 lakh crore spent on disaster management in 11 years: Amit Shah
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”