অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা 'অসম কপ' মোবাইল এপ্লিকেচন মুকলি
"গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজা ঐতিহ্য আৰু পৰিচয় আছে"
গণতন্ত্ৰৰ স্তম্ভ হিচাপে ভাৰতীয়সকলৰ সীমাহীন আকাংক্ষা পূৰণৰ ক্ষেত্ৰত ন্যায়পালিকাৰ এক শক্তিশালী আৰু সংবেদনশীল ভূমিকা আছে
"আমি হাজাৰ হাজাৰ পুৰণি আইন বাতিল কৰিছো, অনুপালন হ্ৰাস কৰিছো"
"চৰকাৰেই হওঁক বা ন্যায়পালিকাই হওঁক, প্ৰতিটো অনুষ্ঠানৰ ভুমিকা আৰু ইয়াৰ সাংবিধানিক দায়বদ্ধতা সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ সুচলতাৰ সৈতে অভিন্নভাৱে সম্পৰ্কিত।"
"দেশত ন্যায় প্ৰদান ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে প্ৰযুক্তিৰ সীমাহীন সুযোগ আছে"
"আমি AI ৰ জৰিয়তে সাধাৰণ নাগৰিকৰ বাবে ন্যায়ৰ সুচলতা উন্নত কৰাৰ প্ৰচেষ্টা বৃদ্ধিৰ চেষ্টা কৰা উচিত"

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী, মোৰ সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমান কিৰেন ৰিজিজু জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু জী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায় জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা জী, অন্যান্য সন্মানীয় ন্যায়াধীশসকল, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ অংশ ল'বলৈ পাই আৰু আপোনালোকৰ মাজত থাকি এই স্মৰণীয় মুহূৰ্তৰ অংশ হ'বলৈ পাই আনন্দিত হৈছো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া এই যাত্ৰা সেই সময়ত সম্পূৰ্ণ হৈছে, যি সময়ত দেশতো স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এয়া আমাৰ বাবেও এতিয়ালৈকে হোৱা অভিজ্ঞতাসমূহ অৰ্জনৰ সময় আৰু নতুন লক্ষ্যৰ বাবে জবাবদিহিতা আৰু প্ৰয়োজনীয় পৰিৱৰ্তনৰ বাবেও এক গুৰুত্বপূৰ্ণ পৰ্যায়। বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজস্ব এক সুকীয়া উত্তৰাধিকাৰ, নিজস্ব পৰিচয় আছে। ই এনে এখন উচ্চ ন্যায়ালয়, যাৰ অধিকাৰক্ষেত্ৰ আটাইতকৈ বিশাল৷ অসমৰ লগতে অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ড অৰ্থাৎ আৰু ৩খন ৰাজ্যৰ সেৱাৰ দায়িত্ব পালন কৰে৷ ২০১৩ চনলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ৭খন ৰাজ্য আগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্ত আছিল। গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া এই যাত্ৰাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতীত সংযুক্ত, গণতান্ত্ৰিক ঐতিহ্য সংযুক্ত। এই উপলক্ষে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাইজ, বিশেষকৈ ইয়াৰ অভিজ্ঞ আইনী বৃত্তিধাৰী লোকসকল মই শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

আজি কাকতলীয়া ভাৱে আন এটা সুখৰ কথা এই যে আজি আৰু সকলোৱে ভাষণত উল্লেখ কৰা মতে ড° বাবা চাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকীও। আমাৰ সংবিধান প্ৰস্তুতকৰণত বাবা চাহেবে ডাঙৰ ভূমিকা লৈছে। সংবিধানত সন্নিৱিষ্ট সমতা আৰু সম্প্ৰীতিৰ মূল্যবোধ আধুনিক ভাৰতৰ ভেটি। এই শুভ অনুষ্ঠানত বাবা চাহেবৰ চৰণতো শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো।

 

বন্ধুসকল,

এইবাৰ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা ভাৰতীয় আকাংক্ষিত সমাজ আৰু সবকা প্ৰয়াসৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছিলো। আজি একবিংশ শতিকাত প্ৰতিজন ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা সীমাহীন। এইবোৰ পূৰণৰ ক্ষেত্ৰত গণতন্ত্ৰৰ স্তম্ভ হিচাপে আমাৰ শক্তিশালী আৰু সংবেদনশীল ন্যায়পালিকাৰ ভূমিকাও সমানেই গুৰুত্বপূৰ্ণ। দেশৰ সংবিধানতো আমাৰ সকলোৰে পৰা এটা নিৰন্তৰ আশা আছে যে আমি সমাজৰ বাবে এক সজীৱ, শক্তিশালী আৰু আধুনিক আইনী ব্যৱস্থা গঢ়ি তুলিম! আকাংক্ষিত ভাৰতৰ সপোন পূৰণৰ বাবে বিধান মণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা, তিনিওটা অংগৰ এই দায়িত্ব। আমি কেনেকৈ একেলগে কাম কৰি আছো তাৰ এটা উদাহৰণ হ’ল পুৰণি আৰু অতিৰিক্ত আইন বাতিল কৰা। আজি ইয়াত কেইবাজনো আইনী দিগ্বজ আছে! আপোনাকে জানে যে আমাৰ বহুতো আইনী ব্যৱস্থা ব্ৰিটিছ যুগৰ পৰা আহিছে। এনে বহু আইন আছে যিবোৰ এতিয়া সম্পূৰ্ণ অপ্রাসংগিক হৈ পৰিছে৷ আমি চৰকাৰী পৰ্যায়ত সেইবোৰৰ অহৰহ পৰ্যালোচনা কৰি আছো। আমি এনে দুহাজাৰ কেন্দ্ৰীয় আইন চিনাক্ত কৰি বাতিল কৰিছো যিবোৰ অচল আৰু অতিৰিক্ত হৈ পৰিছিল, ম্যাদ উকলি গৈছিল। আমি ৪০,০০০তকৈ অধিক বাধ্যবাধকতা নাইকিয়া কৰিছো। ব্যৱসায়ৰ কালছোৱাত হোৱা বহু সৰু সৰু ভুলকো আমি অপৰাধমুক্ত কৰিছো। এই চিন্তাধাৰা আৰু পন্থাই দেশৰ আদালতত গোচৰৰ সংখ্যা হ্ৰাস কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

চৰকাৰেই হওক বা ন্যায়পালিকাৰেই হওক, নিজ নিজ ভূমিকাত প্ৰতিটো প্ৰতিষ্ঠানৰ সাংবিধানিক দায়িত্ব সাধাৰণ মানুহৰ জীৱন-যাপনৰ সহজতাৰ সৈতে জড়িত। আজি জীৱন-যাপনৰ সহজতাৰ এই লক্ষ্যৰ বাবে প্ৰযুক্তিয়ে এক শক্তিশালী আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে। চৰকাৰত আমি সম্ভৱপৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰযুক্তিৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছো। ডিবিটিয়েই হওক, আধাৰেই হওক, ডিজিটেল ইণ্ডিয়া মিছনেই হওক, এই সকলোবোৰ অভিযানেই দৰিদ্ৰ লোকৰ বাবে নিজৰ অধিকাৰ লাভৰ এক প্ৰধান মাধ্যম হৈ পৰিছে। আপোনালোক সকলোৱে ছাগৈ প্ৰধানমন্ত্ৰী স্বামীত্ব যোজনাৰ বিষয়ে জানিব পাৰিছে৷ বিশ্বৰ বৃহৎ দেশসমূহে, আনকি উন্নত দেশসমূহেও সন্মুখীন হোৱা এটা প্ৰত্যাহ্বান হৈছে সম্পত্তিৰ অধিকাৰৰ সমস্যা। সম্পত্তিৰ অধিকাৰৰ স্পষ্টতাৰ অভাৱত দেশৰ উন্নয়ন বন্ধ হৈ যায়, আদালতৰ ওপৰত গোচৰৰ বোজা বাঢ়ি যায়। আপোনালোকে জানি সুখী হ’ব যে ভাৰতে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী স্বামীত্ব যোজনাৰ জৰিয়তে বিপুল অগ্ৰগতি লাভ কৰিছে। আজি দেশৰ এক লাখৰো অধিক গাঁৱত ড্ৰ’নৰ জৰিয়তে মেপিঙৰ কাম সম্পূৰ্ণ হৈছে আৰু লাখ লাখ লোকক সম্পত্তি কাৰ্ডো দিয়া হৈছে। এই অভিযানে মাটিৰ লগত জড়িত বিবাদো হ্ৰাস কৰিব, জনসাধাৰণৰ সমস্যাও কমি যাব।

বন্ধুসকল,

আমি অনুভৱ কৰোঁ যে আমাৰ ন্যায় প্ৰদান ব্যৱস্থাক অত্যাধুনিক কৰি তোলাত প্ৰযুক্তিৰ সীমাহীন পৰিসৰ আছে। উচ্চতম ন্যায়ালয়ৰ ই কমিটীয়েও এই দিশত প্ৰশংসনীয় কাম কৰি আছে। এই কামক আগুৱাই নিবলৈ এইবাৰৰ বাজেটত ই-ক’ৰ্ট মিছনৰ তৃতীয় পৰ্যায়ৰ কথা ঘোষণা কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ দৰে পাহাৰীয়া আৰু দুৰ্গম অঞ্চলৰ বাবে ন্যায় প্ৰদান ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। আজি দক্ষতা বৃদ্ধি আৰু ন্যায়ক সুলভ কৰি তুলিবলৈ বিশ্বৰ আইনী ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা(এআই)কো অন্তৰ্ভুক্ত কৰা হৈছে। এআইৰ জৰিয়তে সাধাৰণ মানুহৰ বাবে আদালতৰ কাম-কাজ সহজ কৰি তোলাৰ বাবেও আমি ‘ন্যায়ৰ সহজতা’ৰ প্ৰচেষ্টা বৃদ্ধি কৰা উচিত।

 

বন্ধুসকল,

ন্যায়িক ব্যৱস্থাত বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাৰ এক বৃহৎ ভূমিকা আছে। উত্তৰ-পূবত স্থানীয় ন্যায়িক ব্যৱস্থাৰ চহকী পৰম্পৰা আছে আৰু এতিয়া কিৰেন জীয়ে ইয়াৰ বহু বিশদ বিৱৰণ দিছে আৰু মোক কোৱা হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানে মহাৰজত জয়ন্তী উদযাপন উপলক্ষে ৬খন গ্ৰন্থ প্ৰকাশ কৰিছে। এই গ্ৰন্থসমূহ প্ৰথাগত আইনসমূহৰ ওপৰত লিখা হৈছে। মই ভাবো এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ। আইন বিদ্যালয়তো এনে প্ৰথা শিকোৱা উচিত।

বন্ধুসকল,

ন্যায়ৰ সহজতা এটা ডাঙৰ অংশ, দেশৰ নাগৰিকসকলৰো আইনৰ প্ৰতিটো দিশৰ সঠিক জ্ঞান থাকিব লাগিব। ইয়াৰ ফলত তেওঁৰ দেশৰ প্ৰতি বিশ্বাস আৰু সাংবিধানিক ব্যৱস্থা বৃদ্ধি পায়। সেইবাবেই আমি চৰকাৰত আন এক প্ৰক্ৰিয়া আৰম্ভ কৰিছো। যেতিয়া নতুন আইনী খচৰা প্ৰস্তুত কৰা হয় তেতিয়া ইয়াৰ সহজ সংস্কৰণো প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হয়। এইটো প্ৰয়াস কৰা হৈছে যে আইনখন এনে ভাষাত লিখা হওক যাতে মানুহে সহজে বুজিব পাৰে। একেধৰণৰ পন্থাই আমাৰ দেশৰ আদালতৰ বাবেও অতি সহায়ক বুলি প্ৰমাণিত হ’ব। আপুনি নিশ্চয় দেখিছে, আমি ‘ভাষিনী’ প্লেটফৰ্ম মুকলি কৰিছো, যাতে প্ৰতিজন ভাৰতীয়ই নিজৰ নিজৰ ভাষাত ইণ্টাৰনেট আৰু আনুষংগিক সেৱাসমূহ লাভ কৰিব পাৰে। লগতে আপোনালোকক এই 'ভাষিনী' ৱেব চাবলৈ আহ্বান জনাইছো, ই অতি শক্তিশালী। বিভিন্ন আদালততো এই মঞ্চৰ সুবিধা ল’ব পাৰিব।

 

বন্ধুসকল,

এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো হৃষিকেশ জীয়েও উল্লেখ কৰিছিল, সেয়া হ’ল আমাৰ কাৰাগাৰত অপ্ৰয়োজনীয়ভাৱে স্তব্ধ হৈ পৰা বন্দীৰ সংখ্যা বহু বেছি৷ আমাৰ মেহতা জীয়েও এই কথা উল্লেখ কৰিছিল। কাৰোবাৰ হাতত জামিনৰ পইচা নাই, কাৰোবাৰ হাতত জৰিমনা ভৰিব পৰাকৈ টকা নাই আৰু কিছুমান মানুহৰ হাতত সকলো আছে, কিন্তু পৰিয়ালৰ লোক ল’বলৈ সাজু নহয়। এই সকলো মানুহ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ পৰা আহিছে। ইয়াৰে অধিকাংশই ক্ষুদ্ৰ ক্ষুদ্ৰ অপৰাধৰ বাবে বছৰ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোকৰ প্ৰতি সংবেদনশীল হোৱাটো চৰকাৰ আৰু ন্যায়পালিকা উভয়ৰে কৰ্তব্য। সেয়ে এইবাৰৰ বাজেটত আমি এনে কাৰাবন্দীক আৰ্থিক সাহায্য প্ৰদানৰ সুকীয়া ব্যৱস্থা কৰিছো। কেন্দ্ৰীয় চৰকাৰে এই বাজেট ৰাজ্য চৰকাৰসমূহক দিব, যাতে এই কয়দীসকলক আৰ্থিক সাহায্য দি তেওঁলোকক জে’লৰ পৰা উলিয়াই আনিব পৰা যায়।

 

বন্ধুসকল,

এই কথা কোৱা হয়-ধৰ্ম-ৰক্ষতি-ৰক্ষিতঃ অৰ্থাৎ যিজনে ধৰ্মক ৰক্ষা কৰে, ধৰ্মই তেওঁক ৰক্ষা কৰে। গতিকে এটা প্ৰতিষ্ঠান হিচাপে আমাৰ ধৰ্ম, আমাৰ কৰ্তব্য, আমাৰ দেশৰ স্বাৰ্থত কৰা কাম, সৰ্বোচ্চ হ’ব লাগে। মই নিশ্চিত, আমাৰ এই আত্মাই আমাক এখন উন্নত ভাৰতৰ লক্ষ্যলৈ লৈ যাব। মহাৰজত জয়ন্তী উদযাপনৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

আপোনাক সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুলাই 2026
July 03, 2026

Appreciation for PM Modi’s Vision for Building a Resilient India in an Uncertain World