‘মুম্বাই মেট্ৰ' লাইন ৩’-ৰ ‘পৰ্যায়-১’ৰ আৰে জেভিএলআৰ-ৰ পৰা বি কে চি পৰ্যন্ত শাখাটো উদ্বোধন কৰে
থানে ‘ইণ্টিগ্ৰেল ৰিং মেট্ৰ' ৰেল প্ৰকল্প’ আৰু ‘এলিভেটেড ইষ্টাৰ্ণ ফ্ৰীৱে’ এক্সটেনশ্যন প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
‘নৱী মুম্বাই বিমানবন্দৰ প্ৰভাৱ অধিসূচিত এলেকা’ (নাইনা) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
‘থানে পৌৰ নিগম’ৰ আধাৰশিলা স্থাপন কৰে
মহাৰাষ্ট্ৰই ভাৰতৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈকে থানেৰ পৰা কেবাটাও ৰূপান্তৰশীল প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত, সমাধান আৰু পদক্ষেপ ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ প্ৰতি সমৰ্পিত: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত একনাথ শিণ্ডে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীস জী, অজিত পাৱাৰ জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীগণ, সাংসদ, বিধায়ক, অন্যান্য জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

মহাৰাষ্ট্ৰৰ দেৱী শক্তি, সাডেতিন শক্তিপীঠ, তুলজাপুৰচীৰ আই ভৱানী, কোলহাপুৰৰ মহালক্ষ্মী দেৱী, মাহুৰগড়ৰ আই ৰেনুকা, আৰু ৱানিচিৰ সপ্তশ্রুংগী দেৱী, মই কোটি কোটি বন্দন কৰোঁ (महाराष्ट्राच्या देवीशक्तीचे, साडेतीन शक्तीपीठ, तुलजापूरची आई भवानी, कोल्हापूरची महालक्ष्मी देवी, माहुरगडची आई रेणुका, आणि वणीची, सप्तश्रृंगी देवी, यान्ना कोटी कोटी वंदन करतो।)। মই থানেৰ ভূমিত শ্ৰী কোপিনেশ্বৰৰ চৰণত প্ৰণাম জনাইছোঁ। মই লগতে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু বাবা চাহেব আম্বেদকাৰকো প্ৰণাম জনাইছোঁ।

ভাতৃ-ভগ্নীসকল,

আজি মই মহাৰাষ্ট্ৰলৈ আহিছোঁ এটা অতি সুখৰ খবৰ লৈ। কেন্দ্ৰীয় চৰকাৰে আমাৰ মাৰাঠী ভাষাক অভিজাত ভাষাৰ মৰ্যাদা দিছে। এয়া কেৱল মাৰাঠী আৰু মহাৰাষ্ট্ৰৰে সন্মান নহয়। এয়া সেই পৰম্পৰাৰ সন্মান, যি দেশখনক জ্ঞান, দৰ্শন, আধ্যাত্মিকতা আৰু সাহিত্যৰ এক চহকী সংস্কৃতি প্ৰদান কৰিছে। মই ইয়াৰ বাবে দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী ভাষী লোকক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

নৱৰাত্ৰিৰ সময়ত মই ইটোৰ পিছত সিটোকৈ বহু উন্নয়নমূলক কামৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। থানে পোৱাৰ আগতে মই ৱাছিমত আছিলোঁ। তাত দেশৰ ৯.৫ কোটি কৃষকক কিষাণ সন্মান নিধি মুকলি কৰি দিয়াৰ লগতে বহু উন্নয়নমূলক প্ৰকল্প লোকাৰ্পণ কৰাৰ সুযোগ পালোঁ। এতিয়া, থানেত মহাৰাষ্ট্ৰৰ আধুনিক উন্নয়নৰ বহু ডাঙৰ অভিলেখ সৃষ্টি হৈছে। মুম্বাই-এমএমআৰ আৰু মহাৰাষ্ট্ৰৰ উন্নয়নৰ এই অতি দ্ৰুত গতি, আজিৰ দিনে মহাৰাষ্ট্ৰৰ উজ্জ্বল ভৱিষ্যতৰ আভাস দিছে। আজি মহাযুতি চৰকাৰে মুম্বাই-এমএমআৰত ৩০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিছে। আজি ১২ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ থানে ইন্টিগ্ৰেল ৰিং মেট্ৰ’ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। নৱী মুম্বাই বিমানবন্দৰ প্ৰভাৱ এলেকা, অৰ্থাৎ নাইনা প্ৰকল্প, ছেডনগৰৰ পৰা আনন্দনগৰলৈকে এলিভেটৰ ইষ্টাৰ্ণ ফ্ৰী-ৱে, থানে পৌৰ নিগমৰ নতুন মুখ্য কাৰ্যালয়, এনে বহু বৃহৎ উন্নয়নমূলক কামৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে। এই উন্নয়নমূলক কামবোৰে মুম্বাই আৰু থানেক আধুনিক পৰিচয় দিব।

 

বন্ধুসকল,

আজিয়ে আৰেৰ পৰা বিকেচিলৈ মুম্বাইৰ একুৱা লাইন মেট্ৰ’ৰ উদ্বোধন কৰা হৈছে। এই লাইনৰ বাবে মুম্বাইৰ জনসাধাৰণে বহুদিন অপেক্ষা কৰি আছিল। আজি মই জাপান চৰকাৰৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। জাপানৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ জৰিয়তে এই প্ৰকল্পত জাপানে যথেষ্ট সহায় আগবঢ়াইছে। গতিকে, এক প্ৰকাৰে এই মেট্ৰ’ ভাৰত-জাপানৰ বন্ধুত্বৰো প্ৰতীক।

ভাতৃ-ভগ্নীসকল,

থানেৰ সৈতে বালাছাহেব থাকৰেৰ বিশেষ মোহ আছিল। এইখন প্ৰয়াত আনন্দ দিঘে জীৰো চহৰ। এই চহৰখনে দেশক আনন্দিবাই যোশীৰ দৰে দেশৰ প্ৰথমগৰাকী মহিলা চিকিৎসক প্ৰদান কৰিছিল। আজি আমি এই উন্নয়নমূলক কামৰ জৰিয়তে, এই মহান ব্যক্তিসকলৰ সংকল্পও পূৰণ কৰিছোঁ। মই এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে থানে-মুম্বাইৰ সকলো ৰাইজক আৰু মহাৰাষ্ট্ৰৰ সকলো ৰাইজক অভিনন্দন জনাইছোঁ।

 

 

বন্ধুসকল,

আজি প্ৰতিজন দেশবাসীৰ এটাই লক্ষ্য – বিকশিত ভাৰত! সেয়ে আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো সংকল্প, প্ৰতিটো সপোন এখন বিকশিত ভাৰতৰ বাবে উৎসৰ্গিত। এই লক্ষ্যত উপনীত হ’বলৈ আমি মুম্বাই-থানেৰ দৰে চহৰক ভৱিষ্যৎ সাজু কৰি তুলিব লাগিব। কিন্তু ইয়াৰ বাবে আমি দুগুণ কাম কৰিব লাগিব। কাৰণ, আমি উন্নয়নো কৰিব লাগিব, আৰু লগতে কংগ্ৰেছ চৰকাৰৰ গাঁতবোৰো পূৰণ কৰিব লাগিব। আপোনালোকে মনত পেলাওক, কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে, মুম্বাই থানেৰ দৰে চহৰক কোন দিশত লৈ গৈছিল? চহৰৰ জনসংখ্যা বাঢ়ি আহিছিল, যান-বাহন বাঢ়িছিল। কিন্তু, কোনো সমাধান নাছিল! মুম্বাই চহৰ, দেশৰ বিত্তীয় ৰাজধানী, ই স্থবিৰ হৈ পৰিব বুলি, আশংকা কৰা হৈছিল। আমাৰ চৰকাৰে এই পৰিস্থিতি সলনি কৰিবলৈ চেষ্টা কৰিছে। আজি মুম্বাই মহানগৰত প্ৰায় ৩০০ কিলোমিটাৰ মেট্ৰ’ নেটৱৰ্ক প্ৰস্তুত কৰা হৈছে। আজি মেৰিন ড্ৰাইভৰ পৰা বান্দ্ৰালৈ ক’ষ্টেল ৰোড হৈ ১২ মিনিটত যাত্ৰা সম্পূৰ্ণ হৈ আছে। অটল সেতুৱে দক্ষিণ মুম্বাই আৰু নৱী মুম্বাইৰ মাজত, সেই দূৰত্বও হ্ৰাস কৰিছে। অৰেঞ্জ গেটৰ পৰা মেৰিন ড্ৰাইভলৈ ভূগৰ্ভস্থ সুৰংগ প্ৰকল্পই গতি লাভ কৰিছে। এনে ইমানবোৰ প্ৰজেক্ট আছে যে মই গণিলে বহুত সময় লাগিব। ভাৰ্চোভাৰ পৰা বান্দ্ৰা সাগৰীয় দলং প্ৰকল্প, ইষ্টাৰ্ণ ফ্ৰী-ৱে, থানে-বৰিভালি সুৰংগ, থানে চাৰ্কুলাৰ মেট্ৰ’ ৰে'ল প্ৰকল্প আদি প্ৰকল্পৰ ফলত এই চহৰসমূহৰ ছবি সলনি হৈছে। ইয়াৰ পৰা মুম্বাইবাসীয়ে যথেষ্ট উপকৃত হ’ব৷ ইয়াৰ ফলত মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহৰ সমস্যা হ্ৰাস পাব। ইয়াত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব, উদ্যোগ ইয়াত বৃদ্ধি পাব।

বন্ধুসকল,

আজি এফালে মহাৰাষ্ট্ৰৰ উন্নয়নক লক্ষ্য বুলি গণ্য কৰা মহাযুতি চৰকাৰ আছে। আনহাতে, কংগ্ৰেছ আৰু মহা অঘটনৰ লোকো আছে। তেওঁলোকে সুযোগ পালেই, উন্নয়নৰ কাম বন্ধ কৰি দিয়ে। মহা অঘটনৰ মানুহে উন্নয়নৰ কামক কেৱল আবদ্ধ কৰা আৰু স্তব্ধ কৰিবহে জানে। ইয়াৰ আটাইতকৈ ডাঙৰ সাক্ষী হৈছে মুম্বাই মেট্ৰ’! মুম্বাইত মেট্ৰ’লাইন থ্ৰীৰ আৰম্ভণি দেৱেন্দ্ৰ ফাডনৱীস জী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে হৈছিল। এই কামৰ ৬০ শতাংশ কাম তেওঁৰ কাৰ্যকালতে কৰা হৈছিল। কিন্তু, তেতিয়া মহা অঘটনৰ চৰকাৰ আহিল। মহা অঘটনৰ মানুহে নিজৰ অহংকাৰত মেট্ৰ’ৰ কাম বন্ধ কৰি দিলে। আঢ়ৈবছৰ কাম আবদ্ধ হৈ থকাৰ বাবে প্ৰকল্পটোৰ ব্যয় ১৪ হাজাৰ কোটি টকা বৃদ্ধি পালে! এই ১৪ হাজাৰ কোটি টকা, এয়া কাৰ টকা আছিল? এই ধন মহাৰাষ্ট্ৰৰ নাছিল নেকি? এই ধন মহাৰাষ্ট্ৰৰ নাগৰিকৰ নাছিল নেকি? এয়া আছিল মহাৰাষ্ট্ৰৰ কৰদাতাৰ কষ্টোপাৰ্জিত ধন?

 

ভাতৃ-ভগ্নীসকল,

এফালে কাম সম্পূর্ণ কৰি থকা মহাযুতি চৰকাৰ, আনফালে উন্নয়ন বন্ধ কৰি দিয়া মহা অঘটনৰ লোক৷ মহা অঘটনৰ মানুহে তেওঁলোকৰ ট্ৰেক ৰেকৰ্ডেৰে প্ৰমাণ কৰিলে যে তেওঁলোক মহা বিকাশ বিৰোধী মানুহ! তেওঁলোকে অটল সেতুৰ বিৰোধিতা কৰিছিল। তেওঁলোকে মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰে। তেওঁলোক ক্ষমতাত থকালৈকে, বুলেট ট্ৰেইনৰ কাম আগবাঢ়ি যাবলৈ নিদিলে। তেওঁলোকে মহাৰাষ্ট্ৰৰ খৰাং পীড়িত অঞ্চলত পানী সম্পৰ্কীয় প্ৰকল্পকো ৰেহাই দিয়া নাছিল! যি কাম মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ পিয়াহ নিবাৰণৰ বাবে আৰম্ভ হৈছিল, সেইবোৰো মহা অঘটনৰ চৰকাৰে বন্ধ কৰি দিছিল। এওঁলোকে আপোনালোকৰ প্ৰতিটো কাম বন্ধ কৰি দিছিল। এতিয়া আপোনালোকে এওঁলোকক স্তব্ধ কৰি দিব লাগিব। মহাৰাষ্ট্ৰৰ উন্নয়নৰ এই শত্ৰুবোৰক ক্ষমতাৰ বাহিৰতে ৰখাব লাগিব, শ শ মাইল দূৰত ৰাখিব লাগিব।

বন্ধুসকল,

কংগ্ৰেছ, ভাৰতৰ আটাইতকৈ অসাধু আৰু দুৰ্নীতিগ্ৰস্ত দল। সময় যিয়েই নহওক কিয়, ৰাজ্য যিয়েই নহওক কিয়, কংগ্ৰেছৰ চৰিত্ৰ সলনি নহয়! আপোনালোকে যোৱা এসপ্তাহৰ পৰিস্থিতি চাওক। কংগ্ৰেছৰ এজন মুখ্যমন্ত্ৰীৰ নাম ভূমি কেলেংকাৰিত পোহৰলৈ আহিছে। তেওঁৰ এজন মন্ত্ৰীয়ে নাৰীক গালি পাৰি আছে, তেওঁলোকক অপমানিত কৰি আছে। হাৰিয়ানাত কংগ্ৰেছ নেতা ড্ৰাগছসহ ধৰা পৰিছে। নিৰ্বাচনত কংগ্ৰেছে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু, চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকে জনসাধাৰণক শোষণ কৰাৰ নতুন নতুন উপায় বিচাৰে। তেওঁলোকৰ এজেণ্ডা হৈছে প্ৰতিদিনে নতুন নতুন কৰ আৰোপ কৰি তেওঁলোকৰ কেলেংকাৰীৰ বাবে ধন সংগ্ৰহ কৰা। হিমাচলত কংগ্ৰেছ চৰকাৰে সীমাই অতিক্ৰম কৰিছে। হিমাচলত কংগ্ৰেছ চৰকাৰে এটা নতুন কৰ আৰোপ কৰিছে। আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। আৰু তেওঁলোকে কি নতুন কৰ আৰোপ কৰিছে? তেওঁলোকে নতুন কৰ আৰোপ কৰিছে – টয়লেট টেক্স! এফালে মোদীয়ে কৈ আছে শৌচাগাৰ নিৰ্মাণ কৰক, আৰু আনফালে এওঁলোকে কৈ আছে আমি শৌচাগাৰত কৰ আৰোপ কৰিম। তাৰমানে কংগ্ৰেছ হৈছে লুণ্ঠন আৰু প্ৰতাৰণাৰ এটা সম্পূৰ্ণ পেকেজ। তেওঁলোকে আপোনালোকৰ মাটি লুটিব। তেওঁলোকে যুৱক-যুৱতীসকলক ড্ৰাগছৰ বোকালৈ ঠেলি দিব। তেওঁলোকে আপোনালোকৰ ওপৰত কৰৰ বোজা জাপি দিব। আৰু নাৰীক গালি পাৰিব। লুণ্ঠন, মিছা আৰু অপশাসনৰ এই সম্পূৰ্ণ পেকেজটো হৈছে কংগ্ৰেছৰ পৰিচয়। আৰু মনত ৰাখিব, মই মাত্ৰ আপোনালোকৰ সন্মুখত যোৱা কেইদিনমানৰ ছবিখন দাঙি ধৰিলোঁ, আৰু সেইটোও সম্পূৰ্ণৰূপে নহয়, কাৰণ সময়ৰ অভাৱ। কংগ্ৰেছে বছৰ বছৰ ধৰি এই কামেই কৰি আহিছে।

 

ভাতৃ আৰু ভনীসকল,

মহাৰাষ্ট্ৰত এওঁলোকে এতিয়াৰে পৰা নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিছে। আপোনালোকে চাওক, মহাযুতি চৰকাৰে মহাৰাষ্ট্ৰৰ মহিলাসকলৰ বাবে ‘লড়কী বহন যোজনা’ আৰম্ভ কৰে। ইয়াত ভগ্নীসকলে মাহে ডেৰ হাজাৰ টকা আৰু ৩টা এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিছে। মহা-অঘটনৰ মানুহে এই কথা হজম কৰিব পৰা নাই। তেওঁলোকে এটা সুযোগৰ বাবে অপেক্ষা কৰি আছে, মহাযুতি চৰকাৰক যদি সুযোগ পায়, যিটো নহ’ব, সকলোতকৈ প্ৰথমতে- এওঁলোকে শিন্দে জীৰ ওপৰত নিজৰ খং তুলিব, আৰু শিন্দে জীয়ে কৰা সকলো পৰিকল্পনাত তলা লগাব। মহা অঘটনৰ মানুহে বিচাৰে যে টকা ভগ্নীসকলৰ হাতলৈ নাযাওক, বৰঞ্চ তেওঁলোকৰ দালালৰ পকেটলৈ যাওক। সেয়ে, আমাৰ মাতৃ-ভগ্নীসকলে কংগ্ৰেছ আৰু মহা-অঘটনৰ মানুহৰ পৰা অধিক সতৰ্ক হোৱাটো প্ৰয়োজন।

বন্ধুসকল,

কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত, এই প্ৰশ্নটো প্ৰায়ে সোধা হৈছিল যে দেশৰ উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছৰ কি সমস্যা? কিন্তু, যেতিয়াৰ পৰা এই লোকসকল ক্ষমতাৰ পৰা ওলাই গৈছে, তেতিয়াৰ পৰাই তেওঁলোকে নিজেই এই প্ৰশ্নৰ উত্তৰ দিছে। আজি কংগ্ৰেছৰ প্ৰকৃত ৰং মুকলিকৈ ওলাই আহিছে। কংগ্ৰেছক এতিয়া নগৰীয়া নক্সালৰ দলে চলাই আছে। সমগ্ৰ বিশ্বত সেইসকল লোকে ভাৰতক আগবঢ়িবলৈ দিব নিবিচাৰে, কংগ্ৰেছে এতিয়া মুকলিকৈ তেওঁলোকৰ সৈতে থিয় দিছে। সেয়েহে, নিজৰ ভয়াৱহ ব্যৰ্থতাৰ মাজতো কংগ্ৰেছে চৰকাৰ গঠনৰ সপোন দেখি আছে! কংগ্ৰেছে জানে যে তেওঁলোকৰ ভোট বেংক এটা হৈ থাকিব কিন্তু বাকীখিনি সহজেই ভাগ ভাগ হৈ যাব, টুকুৰা টুকুৰ হৈ যাব। সেয়ে কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰসকলৰ এটাই মিছন আছে- সমাজখনক বিভাজিত কৰা, জনসাধাৰণক বিভাজন কৰা আৰু ক্ষমতা দখল কৰা। সেয়ে, আমি অতীতৰ পৰা শিক্ষা ল’ব লাগিব। আমি আমাৰ ঐক্যকে দেশৰ ঢাল হিচাপে গঢ়ি তুলিব লাগিব। আমি মনত ৰাখিব লাগিব, আমি যদি বিভাজিত হওঁ, বিভাজন কৰাসকলে সমাৱেশৰ আয়োজন কৰিব। আমি কংগ্ৰেছ আৰু মহা-অঘটনৰ মানুহৰ পৰিকল্পনা সফল হ’বলৈ দিব নালাগে।

 

বন্ধুসকল,

কংগ্ৰেছে য’তেই ভৰি দিয়ে, তাতেই কেৱল বিভাজন। তেওঁলোকে দেশক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিলে! মহাৰাষ্ট্ৰ ধ্বংস কৰিলে, মহাৰাষ্ট্ৰৰ কৃষকক ধ্বংস কৰিলে। এওঁলোকে যিখন ৰাজ্যতে চৰকাৰ গঠন কৰিলে, সেইখনো ধ্বংস কৰি পেলালে। কেৱল এয়াই নহয়, এওঁলোকৰ সংগত থাকি আন দলবোৰো নষ্ট হৈ পৰে। যিসকলে আগতে জাতীয়তাবাদৰ কথা কৈছিল, সেইসকলে এতিয়া তুষ্টিকৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকেও জানে যে আমাৰ চৰকাৰে ৱাকফ বৰ্ডৰ অবৈধ বেদখল সম্পৰ্কীয় বিল আনিছে। কিন্তু, তুষ্টিকৰণৰ ৰাজনীতিত কংগ্ৰেছৰ নতুন শিষ্যসকলে আমাৰ ৱাকফ ব’ৰ্ডৰ বিধেয়কখনৰ বিৰোধিতা কৰাৰ পাপ কৰিছে। তেওঁলোকে কয় যে ৱাকফৰ অবৈধ বেদখল আঁতৰাবলৈ দিয়া নহ’ব। আনকি, কংগ্ৰেছৰ মানুহে বীৰ সাৱাৰকাৰ জীক গালি-গালাজ আৰু অপমান কৰে। কংগ্ৰেছৰ শিষ্য তেতিয়াও তেওঁলোকৰ পিছফালে থিয় হৈ থাকে। আজি কংগ্ৰেছে ঘোষণা কৰিছে যে জম্মু-কাশ্মীৰত পুনৰ ৩৭০ অনুচ্ছেদ কাৰ্যকৰী হ’ব, আৰু কংগ্ৰেছৰ শিষ্যসকল বাকৰুদ্ধ হৈ পৰিছে। নতুন ভোট বেংক বনাবলৈ বিচাৰ ধাৰাৰ এনে পতন, কংগ্ৰেছৰ এনে হয় হুজুৰ স্বভাৱ, কংগ্ৰেছৰ ভূত যাৰেই ভিতৰলৈ সোমায়, তেওঁৰ এইটোৱেই অৱস্থা হয় ।

বন্ধুসকল,

আজি দেশক, মহাৰাষ্ট্ৰক এখন সৎ আৰু সুস্থিৰ নীতিৰ চৰকাৰৰ প্ৰয়োজন। এই কাম কেৱল বিজেপি আৰু মহাযুতি চৰকাৰেহে কৰিব পাৰে, আগবঢ়াই নিব পাৰে। এয়া বিজেপিয়েই হয়, যি দেশত আধুনিক আন্তঃগাঁথনিও থিয় কৰাইছে আৰু সামাজিক আন্তঃগাঁথনিও শক্তিশালী কৰিছে। আমি ঘাইপথ, এক্সপ্ৰেছৱে, পথ আৰু বিমানবন্দৰৰ উন্নয়নৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছোঁ, আৰু ২৫ কোটি দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছোঁ। এতিয়া আমি দেশখনক আৰু বহু আগুৱাই নিব লাগিব। মই বিশ্বাস কৰোঁ যে মহাৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে এই সংকল্প লৈ থিয় দিছে, এনডিএৰ সৈতে থিয় দিছে। আমি একেলগে মহাৰাষ্ট্ৰৰ সপোন পূৰণ কৰিম। এই আত্মবিশ্বাসেৰে, মই আপোনালোক সকলোকে পুনৰবাৰ, সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে আৰু অসংখ্য উন্নয়নমূলক কামৰ বাবে বহুত বহুত অভিনন্দন জনাইছোঁ। মোৰ লগত কওক –

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”