“ৰাজস্থান এনে এখন ৰাজ্য য’ত অতীতৰ উত্তৰাধিকাৰ, বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা আছে”
“ৰাজস্থানৰ উন্নয়ন ভাৰত চৰকাৰৰ বাবে এক বৃহৎ অগ্ৰাধিকাৰ”
“ৰাজস্থানৰ ইতিহাসে আমাক শিকাইছে যে আমি সাহস, গৌৰৱ আৰু উন্নয়নেৰে আগবাঢ়িব লাগে”
“পূৰ্বতে যিবোৰ অঞ্চল আৰু শ্ৰেণী বঞ্চিত আৰু পিছপৰা আছিল, আজি সেইবোৰৰ উন্নয়ন দেশৰ অগ্ৰাধিকাৰ”

মঞ্চত উপৱিষ্ট সন্মানীয় সদস্যসকল। আইসকল আৰু ভদ্ৰলোকসকল,

আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

সন্মানীয় ‘বাপু’ৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা, আত্মনিৰ্ভৰশীলতা আৰু সামগ্ৰিক বিকাশৰ বাবে সদায়ে আহ্বান জনাই আহিছিল। বিগত নটা বছৰত ৰাষ্ট্ৰই আমাৰ ‘ৰাষ্ট্ৰপিতা’ৰ এই প্ৰমূল্যবোধৰ ভেটি যথেষ্ট সম্প্ৰসাৰিত কৰিছে। আজি চিত্তোৰগড়ত ৭,২০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনে এই প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।

বন্ধুসকল,

গেছ আধাৰিত অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ সমগ্ৰ দেশতে ‘গেছ পাইপলাইন নেটৱৰ্ক’ স্থাপনৰ বাবে এক অভূতপূৰ্ব অভিযান চলি আছে। মেহছানাৰ পৰা বাথিণ্ডালৈ গেছ পাইপলাইন স্থাপন কৰা হৈছে, আৰু আজি ‘পালি-হনুমানগড় শাখা’টো আনুষ্ঠানিকভাবে উৎসৰ্গা কৰা হৈছে। এই সম্প্ৰসাৰণে ৰাজস্থানত ঔদ্যোগিক বিকাশ বৃদ্ধি কৰাৰ লগতে হাজাৰ হাজাৰ নতুন চাকৰি সৃষ্টি কৰিব। ই আমাৰ ভগ্নীসকলৰ পাকঘৰলৈ সুলভ গেছ প্ৰদান কৰাৰ আমাৰ অভিযানকো ত্বৰান্বিত কৰিব।

 

বন্ধুসকল,

আজি ৰে'ল আৰু পথ আন্তঃগাঁথনিৰ দ্বাৰা সংযুক্ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পও উদ্বোধন কৰা হৈছে। এই সুবিধাসমূহে মেৱাৰৰ লোকসকলৰ জীৱনযাত্ৰা সহজ কৰি তুলিব, নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। কোটাত ‘আইআইআইটি’ৰ বাবে এটা নতুন চৌহদ স্থাপনে শিক্ষা কেন্দ্ৰ হিচাপে ইয়াৰ পৰিচয় আৰু অধিক সুদৃঢ় কৰিব।

বন্ধুসকল,

ৰাজস্থানে অতীতৰ পৰা এক সমৃদ্ধ ঐতিহ্য, বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিপূৰ্ণ সুযোগৰ সম্ভাৱনা বহণ কৰিছে। শক্তিৰ এই ‘ত্ৰিপদী’টোৱে দেশৰ সামগ্ৰিক সামৰ্থ্যত অৰিহণা যোগায়। ‘নাথদ্বাৰ পৰ্যটক ব্যাখ্যা আৰু সাংস্কৃতিক কেন্দ্ৰ’ৰ উদ্বোধনী অনুষ্ঠানো অনুষ্ঠিত হৈছে। এই কেন্দ্ৰটোৱে জয়পুৰত ‘গোবিন্দ দেৱজী মন্দিৰ’, চিকাৰৰ ‘খাতুশ্যাম জী মন্দিৰ’ আৰু পৰ্যটন বৰ্তনীত ‘নাথদ্বাৰ’ক অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাজস্থানৰ গৌৰৱ বৃদ্ধি কৰিব আৰু পৰ্যটন উদ্যোগক লাভান্বিত কৰিব।

বন্ধুসকল,

চিত্তোৰগড়ৰ ওচৰত আমাৰ সামূহিক আস্থাৰ কেন্দ্ৰ ভগৱান কৃষ্ণৰ নামত উৎসৰ্গিত ‘সাঁৱৰীয়া শেঠ মন্দিৰ’ অৱস্থিত। প্ৰতি বছৰে, লাখ লাখ ভক্তই 'সাঁৱৰীয়া শেঠ জী’ক শ্ৰদ্ধাঞ্জলি জনাবলৈ যায়। ব্যৱসায়ী সমাজৰ মাজতো এই মন্দিৰৰ বিশেষ গুৰুত্ব আছে। ভাৰত চৰকাৰে ‘স্বদেশ দৰ্শন আঁচনি’ৰ অধীনত 'সাঁৱৰীয়া জী মন্দিৰ'ত সুবিধাসমূহৰ আধুনিকীকৰণ কৰিছে। ‘ৱাটাৰ লেজাৰ শ্ব', এটা পৰ্যটক সুবিধা কেন্দ্ৰ, ‘এম্ফিথিয়েটাৰ’ আৰু ‘কেফেটেৰিয়া’কে ধৰি কেইবাটাও সুবিধা সম্বলিত কৰিবলৈ বহু কোটি টকা ব্যয় কৰা হৈছে। মই বিশ্বাস কৰোঁ যে এইবোৰে ভক্তসকলৰ স্বাচ্ছন্দ্য বৃদ্ধি কৰিব। 

বন্ধুসকল,

ৰাজস্থানৰ উন্নয়ন ভাৰত চৰকাৰৰ বাবে এক শীৰ্ষ প্ৰাথমিকতা। আমি ৰাজস্থানৰ এক্সপ্ৰেছৱে’, ঘাইপথ আৰু ৰে'লৱেৰ দৰে আধুনিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ‘দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’-ই হওক বা ‘অমৃতসৰ-জামনগৰ এক্সপ্ৰেছৱে’ই হওক, এই প্ৰকল্পসমূহে ৰাজস্থানৰ ‘লজিষ্টিক খণ্ড’ক নতুন শক্তি প্ৰদান কৰিব। শেহতীয়াকৈ, ‘উদয়পুৰ-জয়পুৰ বন্দে ভাৰত ৰে’ল’-ও উদ্বোধন কৰা হৈছে। ৰাজস্থান ‘ভাৰতমালা প্ৰকল্প’ৰ পৰা লাভান্বিত হোৱা এখন গুৰুত্বপূৰ্ণ ৰাজ্য।

বন্ধুসকল,

ৰাজস্থানৰ ইতিহাসে আমাক শিকায় যে আমি সাহস, গৌৰৱ আৰু উন্নয়নৰ সৈতে হাতত হাত ধৰি আগবাঢ়িব লাগিব। বৰ্তমানৰ ভাৰতে একে সংকল্পৰে আগবাঢ়িছে। আমি 'সবকা প্ৰয়াস'ৰ (সামূহিক প্ৰচেষ্টা) সৈতে এক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে সমৰ্পিত হৈছো। অতীতত পিছ পৰি থকা বা প্রান্তিক হৈ থকা সেই অঞ্চল আৰু শ্ৰেণীসমূহৰ বিকাশ এতিয়া দেশৰ বাবে প্ৰাথমিকতা হৈছে। সেয়েহে, যোৱা পাঁচটা বছৰত ‘উচ্চাকাংক্ষী জিলা কাৰ্যসূচী’ সফলতাৰে অব্যাহত আছে। এই কাৰ্যসূচীৰ অধীনত মেৱাৰৰ বিভিন্ন জিলাকে ধৰি ৰাজস্থানৰ বিকাশ সাধন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এতিয়া ‘উচ্চাকাংক্ষী খণ্ড’ আৰু সেইসমূহৰ দ্ৰুত প্ৰগতি চিনাক্ত কৰি আৰু গুৰুত্ব দি এই কাৰ্যসূচীটো আগবঢ়াই নিব বিচাৰিছে।

আগন্তুক সময়ত, ৰাজস্থানৰ বহুতো খণ্ডত এই কাৰ্যসূচীৰ অধীনত উন্নয়ন হ'ব। সুবিধা বঞ্চিতসকলক অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ‘ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী’ও আৰম্ভ কৰা হৈছে। ইমান বছৰ ধৰি আটাইতকৈ দূৰত্বৰ বুলি গণ্য কৰা সীমান্তৱৰ্তী গাঁওসমূহক এতিয়া প্ৰথম গাঁও হিচাপে স্বীকৃতি দি বিকশিত কৰা হৈছে। এইটোৱে ৰাজস্থানৰ বহুসংখ্যক সীমান্তৱৰ্তী গাঁওসমূহক অপৰিসীম ভাবে লাভান্বিত কৰিব। মই কেইমিনিটমানৰ পিছত এনে বিষয়ৰ সন্দৰ্ভত অধিক বিতং আৰু মুকলি ধৰণে কথা পাতিবলৈ গৈ আছোঁ, কাৰণ মুকলি বাৰ্তালাপত এনে বিষয়সমূহ আলোচনা কৰাটো উপভোগ্য হ’ব। ইয়াত কিছুমান বাধা আছে। সেয়েহে, মই তাত এক বিতং আলোচনা কৰিম। ৰাজস্থানৰ উন্নয়নৰ বাবে আমাৰ সংকল্পসমূহৰ দ্ৰুত সফলতা কামনা কৰিছো। এই ইচ্ছাৰে মই মেৱাৰৰ বাসিন্দাসকলক নতুন প্ৰকল্পৰ বাবে আন্তৰিক অভিনন্দন জনাইছো।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi