১৮,১০০ কোটিৰো অধিক টকাৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
গংগা নদীত ছয় লেন দলঙৰ আধাৰশিলা স্থাপন
বিহাৰত তিনিটা ৰে'লৱে প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে বাবে
বিহাৰত নমামি গংগেৰ অধীনত প্ৰায় ২,১৯০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা ১২টা প্ৰকল্প উদ্বোধন কৰে
পাটনাত ইউনিটি মলৰ আধাৰশিলা স্থাপন
"বিহাৰৰ গৌৰৱ শ্ৰী কাৰ্পুৰী ঠাকুৰে ভাৰত ৰত্ন পোৱাটো সমগ্ৰ বিহাৰৰ গৌৰৱ"
"আমাৰ চৰকাৰ দেশৰ প্ৰতিজন দৰিদ্ৰ, জনজাতীয়, দলিত আৰু বঞ্চিত ব্যক্তিৰ সামৰ্থ্য বৃদ্ধিৰ কামত নিয়োজিত হৈ আছে"
"বিহাৰৰ উন্নয়ন, শান্তি, বিহাৰত আইন-শৃংখলাৰ শাসন, বিহাৰৰ ভগ্নী-কন্যাৰ অধিকাৰ - এয়াই মোদীৰ গেৰাণ্টী"

বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰজী, মুখ্যমন্ত্ৰী শ্ৰী নীতীশ কুমাৰজী, ইয়াত উপৱিষ্ট জ্যেষ্ঠ নেতাসকল, মই আজি সকলো পুৰণি বন্ধুৰ নাম মনত পেলাব পৰা নাই, আৰু ইমান বৃহৎ সংখ্যাত ইয়ালৈ অহা সকলো গণ্যমান্য ব্যক্তিকে মই হৃদয়েৰে অভিনন্দন জনাইছোঁ।

আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!

বন্ধুসকল,

ঔৰঙ্গাবাদৰ এই ভূমি বহুতো স্বাধীনতা সংগ্ৰামীৰ জন্মস্থান। এইখন বিহাৰ বিভূতি অনুগ্ৰহ নাৰায়ণ সিনহাৰ দৰে মহাপুৰুষৰ জন্মস্থান। আজি সেইখন ঔৰঙ্গাবাদৰ মাটিতে বিহাৰৰ উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে। আজি প্ৰায় ২১,৫০০ কোটি টকা ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰে'ল আন্তঃগাঁথনিকে ধৰি পথ আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্প, আৰু ইয়াত আধুনিক বিহাৰৰ এক শক্তিশালী প্ৰতিফলন আছে। আজি ইয়াত ‘আমাস-দৰভাঙ্গা চাৰি লেনযুক্ত কৰিডৰ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি ‘দানাপুৰ-বিহতা চাৰি লেনযুক্ত এলিভেটেড পথ’ এছোৱাৰ আধাৰশিলাও স্থাপন কৰা হৈছে। ‘পাটনা ৰিং ৰোড’ৰ ‘শ্বেৰপুৰৰ পৰা দীঘৱাৰা শাখা’ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আৰু এয়াই হৈছে ‘এন ডি এ’ৰ পৰিচয়। আমি কামটো আৰম্ভ কৰোঁ, আমি কামটো সম্পূৰ্ণ কৰোঁ, আৰু আমি ইয়াক জনসাধাৰণৰ বাবেও উচৰ্গাও কৰোঁ। এয়া ‘মোদীৰ গেৰাণ্টী’, এয়াই হৈছে ‘মোদীৰ গেৰাণ্টী’! আজিও ভোজপুৰ জিলাত ‘আৰা বাইপাছ ৰে'লপথ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি বিহাৰে ‘নমামী গঙ্গে অভিযান’ৰ অধীনত ১২টা প্ৰকল্পৰ উপহাৰ হিচাপে লাভ কৰিছে। মই জানো যে বিহাৰৰ জনসাধাৰণে, বিশেষকৈ ঔৰঙ্গাবাদৰ মোৰ ভাই-ভনীসকলেও ‘বাৰাণসী-কলকাতা এক্সপ্ৰেছৱে’’ৰ বাবে অপেক্ষা কৰি আছে। এই এক্সপ্ৰেছৱে’ৰে উত্তৰ প্ৰদেশো মাত্ৰ কেইঘণ্টামানৰহে দূৰত থাকিব, আৰু কেইঘণ্টামানৰ ভিতৰতে কলকাতাত উপস্থিত হ'বগৈ পৰা যাব। আৰু ‘এন ডি এ’-য়ে এনেদৰেই কাম কৰে। বিহাৰত উন্নয়নৰ গংগা প্ৰবাহিত হোৱাৰ এই প্ৰস্তুতিৰ বাবে মই আপোনালোক সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

 

আজি, বিহাৰৰ মাটিলৈ মই অহাটো বহুকেইটা কথাৰ বাবে বিশেষ বুলি পৰিগণিত হৈছে। মাত্ৰ কেইদিনমান আগতেহে দেশে বিহাৰৰ গৌৰৱ কৰ্পুৰী ঠাকুৰজীক ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছে। এই সন্মান সমগ্ৰ বিহাৰৰ বাবেই এক সন্মান, ই সমগ্ৰ বিহাৰৰ বাবে এক সন্মান! মাত্ৰ কেইদিনমান আগতে অযোধ্যাৰ ‘ৰামলালা’ৰ বিশাল মন্দিৰটোত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। ‘ৰামলালা’ অযোধ্যাত উপৱিষ্ট হৈছে মানেইতো সীতা আইৰ দেশত আটাইতকৈ আনন্দ লগাতো নিতান্তই স্বাভাৱিক। ‘ৰামলালা’ৰ অভিষেকক লৈ বিহাৰৰ মানুহে যি ধৰণে আনন্দত মতলীয়া হৈছিল, বিহাৰৰ মানুহে যিধৰণে উত্সৱ উদযাপন কৰিছিল, ‘ৰামলালা’লৈ যিধৰণে উপহাৰ প্ৰেৰণ কৰিছিল, মই সেই আনন্দ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিবলৈ আহিছোঁ। আৰু ইয়াৰ লগতে বিহাৰে আকৌ এবাৰ ‘ডাবল ইঞ্জিন’ৰ গতিৰে আগবাঢ়িবলৈ লৈছে। সেয়েহে, বিহাৰো এই সময়ত সম্পূৰ্ণ উল্লসিত হৈ আছে, আত্মবিশ্বাসেৰে গদগদ হৈ আছে। মই ইমান বিপুল সংখ্যাত মাতৃ, ভগ্নী, নজোৱান আৰু যিমান দূৰলৈকে মোৰ দৃষ্টি গৈছে, উতাসাহ-উদ্দীপণাৰে ভৰা আপোনালোক ইমান বিশাল সংখ্যাৰে আশীৰ্বাদ দিবলৈ আহিছে। আপোনাৰ মুখৰ এই উজ্জ্বলতাই বিহাৰক লুণ্ঠন কৰাৰ সপোন দেখা সকলৰ মুখত চেঁচাপানী ঢালিছে।

 

বন্ধুসকল,

 

‘এনডিএ’-ৰ সামৰ্থ্য বৃদ্ধি হোৱাৰ পিছত বিহাৰত পাৰিবাৰিক ৰাজনীতি প্ৰান্তীয় হ'বলৈ আৰম্ভ কৰিছে। পাৰিবাৰিক ৰাজনীতিৰ আন এক বিড়ম্বনা আছে। পিতৃ-মাতৃৰ পৰা এটা পাৰ্টী আৰু চকীখনতো উত্তৰাধিকাৰী হিচাপে পাই যায়, কিন্তু পিতৃ-মাতৃৰ চৰকাৰসমূহৰ কামৰ কথা উল্লেখ কৰিবলৈ সাহস নকৰে। এয়াই হৈছে পাৰিবাৰিক পাৰ্টীবোৰৰ অৱস্থা। মই শুনিছোঁ যে তেওঁলোকৰ দলৰ ডাঙৰ নেতাসকলেও এইবাৰ বিহাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু নহয়। আৰু মই সংসদত কৈছিলোঁ যে সকলোৱে পলাবলৈ লৈছে। আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে এতিয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈকে নিবিচাৰে। এই লোকসকলে ৰাজ্যসভাৰ আসন বিচাৰি ঢপলিয়াই ফুৰিছে। জনতাই সহযোগিতা কৰিবলৈ সাজু হ’ব নোখোজা হৈছে। আৰু এয়াই হৈছে আপোনালোকৰ বিশ্বাস, আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ সংকল্পৰ শক্তি। মোদীয়ে এই বিশ্বাসৰ বাবেই বিহাৰৰ জনসাধাৰণক ধন্যবাদ জনাবলৈ ইয়ালৈ আহিছে," তেওঁ কয়।

 

বন্ধুসকল,

 

এদিনতে ইমান বিশাল পৰিমাণত হোৱা উন্নয়নৰ এই আন্দোলন হৈছে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ পৰিৱৰ্তন কিমান দ্ৰুতগতিত হয় তাৰ সাক্ষী! আজি কৰা পথ আৰু ঘাইপথ সম্পৰ্কীয় কামসমূহে বিহাৰৰ বহুতো জিলাৰ ছবি সলনি কৰিবলৈ গৈ আছে। গয়া, জেহানাবাদ, নালন্দা, পাটনা, বৈশালী, সমষ্টিপুৰ আৰু দৰভাঙ্গাৰ লোকসকলে আধুনিক পৰিবহনৰ অভূতপূৰ্ব অভিজ্ঞতা লাভ কৰিব। একেদৰে, বোধগয়া, বিষ্ণুপদ, ৰাজগীৰ, নালন্দা, বৈশালী, পৱাপুৰী, পোখৰ আৰু জেহানাবাদত ‘নাগাৰ্জুনৰ গুহা’সমূহত উপস্থিত হোৱাটো সহজ হৈ পৰিব। বিহাৰৰ সকলো চহৰ তীৰ্থযাত্ৰা আৰু পৰ্যটনৰ অপৰিসীম সম্ভাৱনাৰে জড়িত। দৰভাঙ্গা বিমানবন্দৰ আৰু বিহতাত নিৰ্মাণ হ'বলগীয়া নতুন বিমানবন্দৰটোও এই নতুন পথ আন্তঃগাঁথনিৰ সৈতে সংযুক্ত কৰা হ'ব। ইয়াৰ ফলত বাহিৰৰ পৰা অহা লোকসকলৰ বাবেও যোগাযোগ ব্যৱস্থা সহজ হৈ উঠিব।

 

বন্ধুসকল,

 

এটা সময় আছিল যেতিয়া বিহাৰৰ মানুহে নিজৰ ঘৰ এৰিবলৈ ভয় কৰিছিল। আৰু এয়া এনে সময় যেতিয়া বিহাৰত পৰ্যটনৰ সম্ভাৱনা বিকশিত হ’বলৈ ধৰিছে। বিহাৰে ‘বন্দে ভাৰত’ আৰু ‘অমৃত ভাৰত’ৰ দৰে আধুনিক ৰে’ল লাভ কৰিছে, ‘অমৃত ষ্টেশ্যন’ বিকশিত কৰা হৈছে। বিহাৰত যেতিয়া এটা পুৰণি যুগ আছিল, ৰাজ্যখন অস্থিৰতা, নিৰাপত্তাহীনতা আৰু সন্ত্ৰাসৰ জুই নিমজ্জিত কৰা হৈছিল। বিহাৰৰ যুৱপ্ৰজন্মই ৰাজ্যৰ পৰা পলায়ন কৰিব লগা হৈছিল। আৰু আজিৰ যুগটো তেতিয়া হয় যেতিয়া আমি যুৱপ্ৰজন্মৰ দক্ষতা বিকাশ কৰি তেওঁলোকৰ কৌশল্য বিকাশ কৰি আছোঁ। বিহাৰৰ হস্তশিল্পৰ প্ৰচাৰৰ বাবে আমি ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ‘একতা মল’ৰ আধাৰশিলা স্থাপন কৰিছো। এয়া এখন নতুন বিহাৰৰ বাবে এটা নতুন দিশ। এয়া হৈছে বিহাৰৰ ইতিবাচক চিন্তা। এয়া এই কথাৰ ‘গেৰাণ্টী’ যে আমি বিহাৰক সেই পুৰণি যুগলৈ আৰু ঘূৰি যাবলৈ নিদিওঁ।

 

বন্ধুসকল,

 

বিহাৰৰ দৰিদ্ৰসকল যেতিয়া আগবাঢ়িব, তেতিয়া বিহাৰো আগবাঢ়িব। বিহাৰ তব্বে আগে বঢতই জব বিহাৰকে গৰীব আগে বঢতন! সেয়েহে আমাৰ চৰকাৰে প্ৰতিগৰাকী দৰিদ্ৰ, জনজাতীয়, দলিত আৰু বঞ্চিত লোকসকলৰ সামৰ্থ্য বৃদ্ধিত নিয়োজিত হৈ আছে। বিহাৰৰ প্ৰায় ৯ কোটি হিতাধিকাৰীয়ে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ৰ সুবিধা লাভ কৰিছে। ‘উজ্জ্বলা আঁচনি’ৰ অধীনত বিহাৰৰ ১ কোটিৰো অধিক মহিলাক বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে। বিহাৰৰ প্ৰায় ৯০ লাখ কৃষকে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ সুবিধা লাভ কৰিছে। এই কৃষকসকলৰ বেংক একাউণ্টলৈ ২২,০০০ কোটি টকাৰো অধিক হস্তান্তৰিত কৰা হৈছে। ৫ বছৰ আগলৈকে বিহাৰৰ গাঁওসমূহৰ মাত্ৰ ২ শতাংশ পৰিয়ালেহে নলৰে যোগান ধৰা পানী পোৱাৰ সুবিধা পাইছিল। আজি, ইয়াত থকা ৯০ শতাংশতকৈয়ো অধিক ঘৰে নলেৰে পানী লাভ কৰিছে। বিহাৰত ৮০ লাখতকৈয়ো অধিক ‘আয়ুষ্মান কাৰ্ড’ ধাৰক আছে, যিসকলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ‘গেৰাণ্টী’ লাভ কৰিছে। আমাৰ চৰকাৰে উত্তৰ ‘কোৱেল জলাধাৰ প্ৰকল্প’টোও সোনকালেই সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিটো কেবা দশক ধৰি স্থগিত হৈ আছে। এই জলাশয়টোৱে বিহাৰ আৰু ঝাৰখণ্ডৰ ৪ খন জিলাত এক লাখ হেক্টৰ পথাৰৰ জলসিঞ্চনৰ বাবে পানী যোগান ধৰিব।

 

বন্ধুসকল,

 

বিহাৰৰ উন্নয়ন হৈছে ‘মোদীৰ গেৰাণ্টী’। বিহাৰত শান্তি আৰু আইন-শৃংখলাৰ শাসন হৈছে মোদীৰ গেৰাণ্টী। বিহাৰত ভগ্নী আৰু কন্যাৰ অধিকাৰ– এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’। তৃতীয় কাৰ্যকালত, আমাৰ চৰকাৰে এই ‘গেৰাণ্টী’বোৰ পূৰণ কৰিবলৈ আৰু উন্নত বিহাৰ গঢ়ি তুলিবলৈ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

আপোনালোক সকলোকে আকৌ এবাৰ বহুত অভিনন্দন জনাইছোঁ। আজি উন্নয়নৰ উৎসৱ, মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মোবাইল ফোনবোৰ উলিয়াওক, ফ্লেছলাইট অন কৰক, আপোনালোক সকলোৱে ম'বাইলৰ ‘ফ্লেছলাইট অন’ কৰক, উন্নয়নৰ এই উৎসৱ উদযাপন কৰক, সকলোৱে মোবাইল ফোন উলিয়াওক, সকলোৱে মোবাইল ফোন উলিয়াওক, উন্নয়নৰ এই উৎসৱ উদযাপন কৰক। মোৰ সৈতে সকলোৱে কওক–

 

ভাৰত মাতা কী – জয়,

ভাৰত মাতা কী – জয়,

ভাৰত মাতা কী – জয়,

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductor companies under ISM to invest ₹31,299 crore by FY27

Media Coverage

Semiconductor companies under ISM to invest ₹31,299 crore by FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.