“নতুন সপোন, নতুন সংকল্প আৰু অবিৰত সাফল্যৰ সময় সমাগত”
“‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ নীতিসমূহ এতিয়া বিশ্ব কল্যাণৰ পূৰ্বচৰ্ত হৈ পৰিছে”
“দ্রুত পৰিৱৰ্তিত বিশ্বত ভাৰতে ‘বিশ্ব মিত্ৰ’ৰ ভূমিকাৰে অগ্ৰসৰ হৈছে”
“ভাৰতৰ অৰ্থনৈতিক বিকাশক লৈ বিশ্ব সংস্থাসমূহ আশাবাদী”
“যোৱা ১০ বছৰত গাঁথনিগত সংস্কাৰে অৰ্থনীতিৰ ক্ষমতা, সামৰ্থ্য আৰু প্ৰতিযোগী মনোভাৱ বৃদ্ধি কৰিছে”

মহামহিম শ্ৰীযুত মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপে নিউছিমহামহিম টিমৰ-লেষ্টেৰ ৰাষ্ট্ৰপতি মিষ্টাৰ ৰামোছ-হৰ্টামহামহিম চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ পেট্ৰ ফিয়ালাগুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জীইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলদএশ-বইদএশৰ পৰা অহা সকলো বিশেষ অতিথিঅন্যান্য মহানুভৱদেৱী আৰু সজ্জনসকল!

আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছাশেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিবসেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়েএই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোননতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহেইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

ইউএইৰ ৰাষ্ট্ৰপতি মোৰ ভাতৃ… মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো আমাৰ বাবে বৃহৎ আনন্দৰ কথা। ভাইব্ৰেণ্ট গুজৰাটতএই শীৰ্ষ সন্মিলনত মুখ্য অতিথি হিচাপে ইয়াত তেওঁৰ উপস্থিতিভাৰত আৰু ইউএইৰ মাজত দৈনন্দিন শক্তিশালী হোৱা আন্তৰিক সম্পৰ্কৰ প্ৰতীক। কিছু সময়ৰ আগতে আমি তেওঁৰ মতামত শুনিলোঁ। ভাৰতৰ প্ৰতি তেওঁৰ বিশ্বাসতেওঁৰ সহযোগঅতি উষ্ণ। তেওঁ কোৱাৰ দৰে – ভাইব্ৰেণ্ট গুজৰাট সন্মিলন অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগৰ সৈতে জড়িত তথ্য আৰু অভিজ্ঞতা বিনিময়ৰ এক বিশ্বব্যাপী মঞ্চত পৰিণত হৈছে। এই সন্মিলনতো ভাৰত আৰু ইউএইয়ে ফুড পাৰ্কৰ বিকাশৰ বাবেনবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেউদ্ভাৱনীমূলক স্বাস্থ্যসেৱাত বিনিয়োগৰ বাবে বহু গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ বন্দৰ আন্তঃগাঁথনিত ইউএই কোম্পানীসমূহে কেইবা বিলিয়ন ডলাৰৰ নতুন বিনিয়োগৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ইউএইৰ ছভাৰেইন ৱেলথ ফাণ্ডে গিফ্ট চিটিত কাৰ্যকলাপ আৰম্ভ কৰিব। ট্ৰেন্সৱৰ্ল্ড কোম্পানীয়েও ইয়াত বিমান আৰু জাহাজ লিজিঙৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে। ভাৰত আৰু ইউএইয়ে যিদৰে নিজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ গৈছেতাৰ বহুত ডাঙৰ কৃতিত্ব মোৰ ভাতৃ মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ।

বন্ধুসকল,

মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম নিউছিৰ সৈতে কালিও মই বিতংভাৱে কথা পাতিলোঁ। তেওঁৰ বাবে তো গুজৰাটলৈ অহাটো পুৰণি স্মৃতি সতেজ কৰাৰ দৰেই। ৰাষ্ট্ৰপতি নিউছি আইআইএম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ। ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ জি-২০ অধ্যক্ষতাত আফ্ৰিকান ইউনিয়নে স্থায়ী সদস্যপদ লাভ কৰিলে। ৰাষ্ট্ৰপতি নিউছিৰ ভাৰত ভ্ৰমণে আমাৰ সম্পৰ্ক সুদৃঢ় কৰাই নহয়ভাৰত আৰু আফ্ৰিকাৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

চেকৰ প্ৰধানমন্ত্ৰী মহামহিম পেট্ৰ ফিয়ালা জীৰ এই প্ৰথম ভাৰত ভ্ৰমণ এই পদতএনেয়ে তেওঁ ইয়াৰ পূৰ্বেও ভাৰত ভ্ৰমণ কৰিছে। চেক দীৰ্ঘদিন ধৰি ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ সৈতে জড়িত হৈ আছে। ভাৰত আৰু চেকৰ মাজত প্ৰযুক্তিঅটোমোবাইলউৎপাদন আদিৰ দৰে খণ্ডত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মহামহিম পেট্ৰ ফিয়ালামোৰ বিশ্বাস আছে যে আপোনাৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব। আমাৰ ইয়াত কোৱা হয় – অতিথি দেৱো ভৱঃ… আৰু প্ৰধানমন্ত্ৰী হিচাপে ভাৰতলৈ এয়া আপোনাৰ প্ৰথম ভ্ৰমণ। আশাকৰোঁআপুনি বহুত চমকপ্ৰদ স্মৃতি লৈ ইয়াৰ পৰা যাব।

বন্ধুসকল,

নোবেল বঁটা বিজয়ী আৰু টিমৰ-লেষ্টেৰ ৰাষ্ট্ৰপতি মহামহিম ৰামোছ-হৰ্টাকো মই ভাৰতলৈ আদৰণি জনাইছোঁ। মহামহিম ৰামোছ-হৰ্টাৰ গান্ধীনগৰ ভ্ৰমণ আৰু অধিক বিশেষ। আপুনি মহাত্মা গান্ধীৰ অহিংসা নীতিক আপোনাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সংযোগ কৰিছে। আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত টিমৰ-লেষ্টেৰ সৈতে আমাৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

কিছু সময়ৰ পূৰ্বে ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিটে ২০ বছৰ সম্পূৰ্ণ কৰিলে। যোৱা ২০ বছৰত এই সন্মিলনে নতুন ধাৰণাক মঞ্চ প্ৰদান কৰিছে। ই বিনিয়োগ আৰু ৰিটাৰ্ণৰ বাবে নতুন গেটৱেৰ সৃষ্টি কৰিছে। আৰু এতিয়া ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিটৰ এইবাৰৰ বিষয়বস্তু হল ভৱিষ্যতৰ দুৱাৰ...এবিংশ শতিকাৰ বিশ্বৰ ভৱিষ্যৎ আমাৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তেই উজ্জ্বল হব। ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাতো গ্লবেল ফিউচাৰৰ বাবে ৰোড-মেপ দিছে। ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিটৰ এই সংস্কৰণতো আমি এই দৃষ্টিভংগীক আৰু আগুৱাই লৈ গৈছোঁ। ভাৰতে 'আই-টু-ইউ-টু’ আৰু অন্যান্য বহুপক্ষীয় সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব অহৰহ শক্তিশালী কৰি আছে। এক পৃথিৱীএক পৰিয়ালএক ভৱিষ্যতৰ নীতি বিশ্ব কল্যাণৰ বাবে এক অপৰিহাৰ্য প্ৰয়োজনীয়তা।

বন্ধুসকল,

আজি দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাতভাৰতে বিশ্ব-মিত্ৰৰ ভূমিকাত আগবাঢ়িছে। আজি ভাৰতে বিশ্বক এই ভৰষা দিছে যে আমি উমৈহতীয়া লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰোঁনিজৰ লক্ষ্যত উপনীত হব পাৰোঁ। বিশ্ব কল্যাণৰ বাবে ভাৰতৰ দায়বদ্ধতাভাৰতৰ আনুগত্যভাৰতৰ প্ৰচেষ্টা আৰু ভাৰতৰ কঠোৰ পৰিশ্ৰমে আজিৰ বিশ্বক অধিক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি তুলিছে। বিশ্বই ভাৰতক এনেদৰে চায়স্থিৰতাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভবিশ্বাস কৰিব পৰা বন্ধুমানুহকেন্দ্ৰিক উন্নয়নত বিশ্বাস কৰা অংশীদাৰবিশ্বব্যাপী মংগলত বিশ্বাস কৰা এটা কণ্ঠগ্ল'বেল ছাউথৰ এটা কণ্ঠবিশ্ব অৰ্থনীতিৰ বৃদ্ধিৰ এক ইঞ্জিন। সমাধান বিচাৰি উলিওৱাৰ বাবে এটা প্ৰযুক্তিৰ কেন্দ্ৰ। প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ এক শক্তিশালী স্থান। আৰুআদায় দিয়া এক গণতন্ত্ৰ;

বন্ধুসকল,

ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ অগ্ৰাধিকাৰ আৰু আকাংক্ষামানৱকেন্দ্ৰিক উন্নয়নৰ প্ৰতি তেওঁলোকৰ বিশ্বাসআৰু সৰ্বাংগীনতা আৰু সমতাৰ প্ৰতি আমাৰ দায়বদ্ধতাবিশ্বৰ সমৃদ্ধি আৰু উন্নয়নৰ মূল শিলাস্তম্ভ। আজি ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি। ১০ বছৰ আগতে ভাৰত ১১ নম্বৰ স্থানত আছিল। আজি বিশ্বৰ প্ৰতিটো ডাঙৰ ৰেটিং এজেন্সীয়ে অনুমান কৰিছে যে অহা কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষ ৩ অৰ্থনীতিৰ ভিতৰত পৰিণত হব। পৃথিৱীৰ মানুহে যি বিশ্লেষণ বিচাৰেকৰি থাকেমোৰ গেৰাণ্টী যে সেয়া হৈ যাব। যি সময়ত পৃথিৱীখন বহু অনিশ্চয়তাই আগুৰি ধৰিছেসেই সময়ত ভাৰতে বিশ্বত আশাৰ নতুন ৰশ্মি হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ অগ্ৰাধিকাৰ অতি স্পষ্ট। আজি ভাৰতৰ অগ্ৰাধিকাৰ বহনক্ষম উদ্যোগআন্তঃগাঁথনি আৰু উৎপাদনআজি ভাৰতৰ অগ্ৰাধিকাৰ - New Age Skills, Futuristic Technology, AI & Innovation, আজি ভাৰতৰ অগ্ৰাধিকাৰ সেউজ হাইড্ৰজেননবীকৰণযোগ্য শক্তিঅৰ্ধপৰিবাহী। ইয়াৰ সম্পূৰ্ণ ইকো-ছিষ্টেমইয়াৰ এটা আভাস আমি ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ট্ৰেড শ্বতো দেখিবলৈ পাওঁ। আৰু মই আপোনালোকক আহ্বান জনাইছোঁ যে ট্ৰেড শ্বটো নিশ্চিতভাৱে চাব। গুজৰাটৰ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েও ভ্ৰমণ কৰিব লাগে। কালি দিনত মই মহামহিম নিউচি আৰু মহামহিম ৰামোছ-হৰ্টাৰ সৈতে এই ট্ৰেড শ্বত বহু সময় কটালোঁ। এই ট্ৰেড শ্বত কোম্পানীসমূহে বিশ্বমানৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত সামগ্ৰী প্ৰদৰ্শন কৰিছে। ই-মবিলিটিষ্টাৰ্ট-আপব্লু ইকনমিগ্ৰীণ এনাৰ্জি আৰু স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰে ট্ৰেড শ্বত সন্নিৱিষ্ট আছে। এই সকলোবোৰ খণ্ডতে আপোনালোকৰ বাবে এইবোৰত বিনিয়োগ কৰাৰ নতুন সুযোগ অহৰহ সৃষ্টি হৈ আছে।

 

বন্ধুসকল,

আপোনালোক সকলোৱে বিশ্বৰ পৰিস্থিতিৰ বিষয়ে ভালদৰেই পৰিচিত। এনে পৰিস্থিতিত যদি আজি ভাৰতৰ অৰ্থনীতিয়ে ইমান স্থিতিস্থাপকতা দেখুৱাইছেযদি ভাৰতৰ বৃদ্ধিয়ে আজি ইমান গতি দেখুৱাইছেতেন্তে ইয়াৰ আঁৰৰ ডাঙৰ কাৰণটো হল যোৱা ১০ বছৰত গাঁথনিগত সংস্কাৰৰ ওপৰত আমাৰ মনোনিৱেশএই সংস্কাৰসমূহে ভাৰতৰ অৰ্থনীতিৰ সামৰ্থ্যসক্ষমতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক বৃহৎ কাম কৰিছে।

পুনৰ মূলধনীকৰণ আৰু আইবিচিৰ জৰিয়তে আমি ভাৰতৰ বেংকিং ব্যৱস্থাক বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী কৰি তুলিছোঁ। ইজ অফ ডুইং বিজনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি ৪০ হাজাৰতকৈ অধিক কম্প্লাইয়েন্স নাইকিয়া কৰিছোঁ। জিএছটিয়ে ভাৰতত অপ্ৰয়োজনীয় কৰ ফান্দ নাইকীয়া কৰিছে। ভাৰতত আমি বিশ্বব্যাপী যোগান শৃংখলৰ বৈচিত্ৰ্যৰ বাবে এক উন্নত পৰিবেশ সৃষ্টি কৰিছোঁ। শেহতীয়াকৈ আমি ৩টা এফটিএ স্বাক্ষৰ কৰিছোঁযাতে ভাৰত বিশ্বব্যাপী ব্যৱসায়ৰ বাবে অধিক আকৰ্ষণীয় গন্তব্যস্থান হব পাৰে। ইয়াৰে এটা এফটিএ কেৱল ইউএইৰ সৈতে স্বাক্ষৰিত হৈছে। আমি স্বয়ংক্ৰিয় পথৰ জৰিয়তে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে বহু খণ্ড মুকলি কৰিছোঁ। আজি ভাৰতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভিলেখ বিনিয়োগ কৰিছে। যোৱা ১০ বছৰত ভাৰতৰ কেপেক্স ৫গুণ বৃদ্ধি পাইছে।

বন্ধুসকল,

আজি ভাৰতে সেউজ শক্তি আৰু বিকল্প শক্তিৰ উৎসৰ ক্ষেত্ৰতো অভূতপূৰ্ব গতিৰে কাম কৰি আছে। ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ৩গুণ বাঢ়িছে আৰু সৌৰ শক্তিৰ ক্ষমতা ২০গুণ বৃদ্ধি পাইছে। ডিজিটেল ইণ্ডিয়া মিছনে ভাৰতৰ জীৱন আৰু ব্যৱসায় দুয়োটাকে ৰূপান্তৰিত কৰিছে। যোৱা ১০ বছৰত সস্তীয়া ফোন আৰু সস্তীয়া ডাটাৰে ডিজিটেল অন্তৰ্ভুক্তিৰ এক নতুন বিপ্লৱ ঘটিছে। প্ৰতিখন গাঁৱলৈ অপটিকেল ফাইবাৰ যোগান ধৰাৰ অভিযান৫জিৰ দ্ৰুত সম্প্ৰসাৰণে সাধাৰণ ভাৰতীয়ৰ জীৱন সলনি কৰি আছে। আজি আমি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইকছিষ্টেম। ১০ বছৰ আগলৈকে ভাৰতত প্ৰায় ১০০টা ষ্টাৰ্ট-আপ আছিল। আজি ভাৰতত ১ লাখ ১৫ হাজাৰ পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আছে। ভাৰতৰ সামগ্ৰিক ৰপ্তানিও অভিলেখ বৃদ্ধি পাইছে।

 

বন্ধুসকল,

ভাৰতত আহি থকা এই পৰিৱৰ্তনে ভাৰতৰ নাগৰিকসকলৰ জীৱন-যাপনৰ সহজতাও বৃদ্ধি কৰি তেওঁলোকক সবল কৰি তুলিছে। আমাৰ চৰকাৰৰ যোৱা ৫ বছৰত ১৩.৫ কোটিতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ গড় আয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণো অভিলেখ বৃদ্ধি পাইছে। এইবোৰ ভাৰতৰ ভৱিষ্যতৰ বাবে অতি শুভ লক্ষণ। আৰু সেইবাবে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে ভাৰতৰ এই উন্নয়ন যাত্ৰাত যোগদান কৰকআমাৰ লগত অগ্ৰসৰ হওক।

বন্ধুসকল,

ভাৰতত লজিষ্টিক আৰু পৰিবহণৰ সহজতাৰ সন্দৰ্ভতো আধুনিক নীতিৰ কাম চলি আছে। ১০ বছৰ আগতে ভাৰতত ৭৪টা বিমানবন্দৰ আছিল। আজি ভাৰতত ১৪৯টা বিমানবন্দৰ আছে। ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক বিগত ১০ বছৰত প্ৰায় দুগুণ বৃদ্ধি পাইছে। আমাৰ মেট্ৰ’ ৰেলৰ নেটৱৰ্ক ১০ বছৰত ৩ গুণতকৈও অধিক সম্প্ৰসাৰিত হৈছে। গুজৰাট হওকমহাৰাষ্ট্ৰ হওক বা আমাৰ পূব উপকূলআজি তেওঁলোকক নিৰ্দিষ্ট মালবাহী কৰিডৰৰ জৰিয়তে সংযোগ কৰা হৈছে। আজি ভাৰতৰ বহু ৰাষ্ট্ৰীয় জলপথত একেলগে কাম চলি আছে। ভাৰতীয় বন্দৰসমূহৰ টাৰ্ণআউট সময় আজি অতি প্ৰতিযোগিতামূলক হৈ পৰিছে। জি-২০ৰ সময়ত ঘোষণা কৰা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰটোও আপোনালোক সকলো বিনিয়োগকাৰীৰ বাবে এক বৃহৎ ব্যৱসায়িক সুযোগ।

 

বন্ধুসকল,

ভাৰতৰ প্ৰতিটো কোণত আপোনাৰ বাবে নতুন নতুন সম্ভাৱনা আছে। ইয়াৰ বাবেও ভাইব্ৰেণ্ট গুজৰাট সন্মিলন এক দুৱাৰৰ দৰে – ভৱিষ্যতৰ দুৱাৰ আৰু আপুনি কেৱল ভাৰততে বিনিয়োগ কৰাই নহয়যুৱ সৃষ্টিকৰ্তা আৰু গ্ৰাহকৰ নতুন প্ৰজন্মকো গঢ় দিছে। ভাৰতৰ আকাংক্ষাৰে ভৰা যুৱ প্ৰজন্মৰ সৈতে আপোনাৰ অংশীদাৰিত্বই এনে ফলাফল কঢ়িয়াই আনিব পাৰে যিটো আপুনি কেতিয়াও কল্পনাই নকৰিলেহেঁতেন। আৰু এই বিশ্বাসেৰে আকৌ এবাৰ আপোনালোক সকলোকে ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত যোগদান কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আপোনালোকক আশ্বস্ত কৰিছোঁ যে আপোনালোকৰ সপোন এয়া মোদীৰ সংকল্প। আপোনাৰ সপোন যিমানেই ডাঙৰ হব সিমানেই মোৰ সংকল্প ডাঙৰ হব। আহকসপোন দেখাৰ বহু সুযোগ আছেসংকল্প পূৰণ কৰাৰ শক্তিও উপস্থিত।

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India emerges as one of the lowest-cost major solar power markets globally

Media Coverage

India emerges as one of the lowest-cost major solar power markets globally
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Keiko Fujimori on her victory in the Presidential election
July 04, 2026

The Prime Minister, Shri Narendra Modi congratulated Ms. Keiko Fujimori on her victory in the Peruvian Presidential election. Highlighting the longstanding and friendly relations between India and Peru, the Prime Minister reaffirmed India's commitment to further strengthening the bilateral partnership across diverse sectors.

Shri Modi posted on X:

Heartiest congratulations, Keiko Fujimori, on your victory in the Peruvian Presidential elections.

India deeply values its close friendship with Peru and remains committed to further strengthening our bilateral partnership across diverse sectors. I wish you a successful tenure and look forward to working closely with you to further deepen our ties for the benefit of the people of our nations.

@KeikoFujimori