Awards 100 ‘5G Use Case Labs’ to educational institutions across the country
Industry leaders hail the vision of PM
“The future is here and now”
“Our young generation is leading the tech revolution”
“India is not only expanding the 5G network in the country but also laying emphasis on becoming a leader in 6G”
“We believe in the power of democratization in every sector”
“Access to capital, access to resources and access to technology is a priority for our government”
“India's semiconductor mission is progressing with the aim of fulfilling not just its domestic demands but also the global requirements”
“In the development of digital technology, India is behind no developed nation”
“Technology is the catalyst that expedites the transition from a developing nation to a developed one”
“The 21st century marks an era of India's thought leadership”

কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মীসকল, ম'বাইল আৰু টেলিকম উদ্যোগৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তি, মঞ্চত উপস্থিত থকা সন্মানীয় অতিথি, মহিলা আৰু ভদ্ৰলোকসকল!

ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।

 

বন্ধুসকল,

আপোনাসৱৰ মনত থাকিব পাৰে, যোৱা বছৰ আমি ইয়াত ৫জি ৰোলআউটৰ বাবে একত্ৰিত হৈছিলোঁ। সেই ঐতিহাসিক ঘটনাৰ পিছত সমগ্ৰ বিশ্বই ভাৰতৰ ফালে আচৰিত দৃষ্টিৰে লক্ষ্য কৰি আছিল। যিকি নহওক, বিশ্বৰ সৰ্ববৃহৎ ৫ জি, দ্ৰুত ৫জি ৰোলআউট ভাৰতত হৈছিল। কিন্তু সেই সফলতাৰ পিছতো আমি ৰৈ যোৱা নাছিলো। আমি ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে ৫জি অনাৰ কাম আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ, আমি 'ৰোলআউট' পৰ্যায়ৰ পৰা 'ৰিচ আউট' পৰ্যায়ত উপনীত হৈছিলোঁ।

 

বন্ধুসকল,

৫জি উৎক্ষেপণৰ এবছৰৰ ভিতৰত, ভাৰতত প্ৰায় ৪ লাখ ৫জি আধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকে ৯৭ শতাংশ চহৰ আৰু দেশৰ জনসংখ্যাৰ আশী শতাংশতকৈও অধিক সামৰি লৈছে। ভাৰতত যোৱা এবছৰত, ইয়াৰ মধ্যমীয়া ম'বাইল ব্ৰডবেণ্ডৰ গতি প্ৰায় ৩গুণ বৃদ্ধি পাইছে। ম'বাইল ব্ৰডবেণ্ড গতিৰ ক্ষেত্ৰত, ভাৰত এসময়ত ১১৮ স্থানত আছিল, আমি তাত আবদ্ধ হৈ আছিলো, আজি চল্লিশ তৃতীয় স্থানত উপনীত হৈছে। আমি কেৱল ভাৰতত দ্ৰুতগতিত ৫জি সম্প্ৰসাৰণ কৰাই নহয়, লগতে ৬জিৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ দিশত আগবাঢ়িছো। ২জিৰ সময়ত ইয়াত কি ঘটিছিল, হয়তো নতুন প্ৰজন্মই নাজানিব। কিন্তু মই সেই বিষয়ে বৰ্ণনা নকৰো, অন্যথা হয়তো সংবাদ মাধ্যমসমূহে সেই কথাটোতে লাগি ধৰিব আৰু একো নক'ব। কিন্তু মই ক'ব লাগিব যে আমাৰ সময়ত ৪জি সম্প্ৰসাৰিত হৈছিল আৰু কতো এটাও চেকা নালাগিল। মই নিশ্চিত যে ভাৰতে এতিয়া ৬জিত বিশ্বক নেতৃত্ব দিব।

 

আৰু বন্ধুসকল,

ইণ্টাৰনেট সংযোগ আৰু গতি উন্নত কৰাটো কেৱল ৰেংকিং আৰু সংখ্যাৰ বিষয়ে নহয়। ইণ্টাৰনেট সংযোগ আৰু গতি উন্নত কৰিলে জীৱনধাৰণৰ সহজতাও বৃদ্ধি হয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, শিক্ষাৰ্থীজনৰ বাবে তেওঁৰ শিক্ষকৰ সৈতে অনলাইন সংযোগ কৰা সহজ হৈ পৰে। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, টেলিমেডিচিনৰ বাবে তেওঁৰ চিকিৎসকৰ সৈতে সংযোগ কৰোঁতে ৰোগীৰ এক সুন্দৰ অভিজ্ঞতা হয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, পৰ্যটকৰ অৱস্থান বিচাৰিবলৈ মানচিত্ৰ ব্যৱহাৰ কৰাত সমস্যা নহয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, কৃষকে কৃষিৰ নতুন কৌশলটো অধিক সহজে শিকিবলৈ আৰু বুজিবলৈ সক্ষম হয়। সামাজিক আৰু অৰ্থনৈতিক ভাৱে সংযোগৰ গতি আৰু উপলব্ধতাই এক ডাঙৰ পাৰ্থক্য আনিছে।

 

বন্ধুসকল,

আমি প্ৰতিটো ক্ষেত্ৰতে গণতান্ত্ৰিকৰণৰ শক্তিত বিশ্বাস কৰো। ভাৰতত উন্নয়নৰ লাভালাভ প্ৰতিটো শাখা, প্ৰতিটো অঞ্চলত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ আমি দ্ৰুতগতিত কাম কৰি আছো, সকলোৱে ভাৰতত সম্পদৰ সুবিধা লাভ কৰিব লাগে, সকলোৱে এক সন্মানীয় জীৱন লাভ কৰিব লাগে, আৰু সকলোৱে প্ৰযুক্তিৰ সুবিধা লাভ কৰিব লাগে, আৰু এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সামাজিক ন্যায়।

 

নাগৰিকসকলৰ বাবে, মূলধনৰ প্ৰৱেশাধিকাৰ, সম্পদৰ প্ৰৱেশাধিকাৰ, আৰু প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। মুদ্ৰা আঁচনিৰ অধীনত বন্ধকী মুক্ত ঋণ, স্বচ্ছ ভাৰতৰ শৌচালয়, বা জেএএম ট্ৰিনিটিৰ পৰা হোৱা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰেই হওঁক, এই সকলোবোৰৰ মাজত এটা কথা একে। তেওঁলোকে দেশৰ সাধাৰণ নাগৰিকক সেই অধিকাৰ প্ৰদান কৰি আছে, যিটো তেওঁ আগতে পোৱাটো কঠিন আছিল। আৰু অৱশ্যে, টেলিকম প্ৰযুক্তিয়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে। ভাৰত নেট প্ৰকল্পটোৱে এতিয়ালৈকে প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তক ব্ৰডবেণ্ড সংযোগৰ সৈতে সংযুক্ত কৰিছে।

আমাৰ অটল টিংকাৰিং লেবৰ আঁৰতো এইটো ধাৰণাটোৱে আছিল। ১০,০০০ পৰীক্ষাগাৰৰ জৰিয়তে, আমি প্ৰায় ৭৫ লাখ শিশুক অত্যাধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছোঁ। মই নিশ্চিত যে শৈক্ষিক প্ৰতিষ্ঠানসমূহত হাণ্ড্ৰেড ৫জি ইউজ কেছ লেব আৰম্ভ কৰাৰ আজিৰ অভিযানে একে ধৰণৰ পৰিসৰ বৃদ্ধি কৰিব। নতুন প্ৰজন্মক সংযুক্ত কৰিবলৈ এইটো এটা ডাঙৰ পদক্ষেপ। আমাৰ যুৱক-যুৱতীসকলে যিকোনো ক্ষেত্ৰৰ সৈতে যিমানে সংযোগ স্থাপন কৰিব, সেই ক্ষেত্ৰটো বিকশিত হোৱাৰ সম্ভাৱনা সিমানেই বেছি হ'ব, আৰু সেই ব্যক্তিজনৰ বিকাশ হোৱাৰ সম্ভাৱনা সিমানে বেছি হ'ব। এই পৰীক্ষাগাৰবোৰে ভাৰতৰ যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ পূৰণ কৰাৰ আত্মবিশ্বাস প্ৰদান কৰে। আৰু মই নিশ্চিত যে আমাৰ যুৱপ্ৰজন্ম, তেওঁলোকৰ শক্তি, তেওঁলোকৰ উৎসাহ আৰু তেওঁলোকৰ উদ্যোগৰ মনোভাৱৰ সৈতে, মই নিশ্চিত যে তেওঁলোকে আপোনাসৱক আচৰিত কৰিব পাৰে। বহুসময়ত তেওঁলোকে এক নিৰ্দিষ্ট প্ৰযুক্তিৰে এনে কাম কৰিব, যিবোৰ আনকি যিসকলে সেই প্ৰযুক্তি সৃষ্টি কৰিছিল তেওঁলোকেও ভবা নাছিল। মই কেইদিনমান আগতে এটা ভিডিঅ' চাই আছিলো, আমাৰ দেশৰ মানুহৰ চিন্তা কেনেকুৱা আৰু ড্ৰোনৰ ব্যৱহাৰো কৰা হ'ব পাৰে। এই ৰামায়ণৰ কাহিনীটোত হনুমানজীক এইদৰে উপস্থাপন কাৰ হৈছিল যে এক পৰিস্থিতিত হনুমানজীয়ে দৰৱৰ বাবে গছ-লতিকা আনিব যাব লাগে, এনে এক দৃশ্যত আয়োজকসকলে হনুমানজীক এটা ড্ৰোনৰ জৰিয়তে পঠিয়াই বুদ্ধিদীপ্ততাৰ পৰিচয় দিছে। সেয়েহে, এই অভিযান আমাৰ যুৱপ্ৰজন্মৰ মাজত উদ্ভাৱনীয়তাৰ এক সংস্কৃতি গঢ়ি তোলাৰ দিশত এক শক্তিশালী পদক্ষেপ হিচাপে উদ্ভাসিত হৈছে।

 

বন্ধুসকল,

যোৱা কেইবছৰমানত, আমাৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সফলতাৰ কাহিনীত এক অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ইয়াত ষ্টাৰ্টআপৰ সৈতে জড়িতসকলে কি কৰি আছে? অতি কম সময়ৰ ভিতৰতে, আমি ইউনিকৰ্ণৰ শতক কৰিছোঁ, আৰু আমি বিশ্বৰ শীৰ্ষ-৩টা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ ভিতৰত এটা হৈ পৰিছোঁ। ২০১৪ চনত আমাৰ ওচৰত, মই কিয় ২০১৪ৰ কথা কৈছো জানিছে নহয়, সেয়া কেৱল তাৰিখ নহয়, ই এক পৰিৱৰ্তন। ২০১৪ চনৰ আগতে, ভাৰতত প্ৰায় এশটা ষ্টাৰ্টআপ আছিল, প্ৰায় এশ কিন্তু এতিয়া এই সংখ্যা প্ৰায় ১ লাখত উপনীত হৈছে। এয়া বহুত ভাল কাম যে ইণ্ডিয়া ম'বাইল কংগ্ৰেছে ষ্টাৰ্টআপবোৰক পৰামৰ্শ আৰু উৎসাহিত কৰিবলৈ এস্পায়াৰ কাৰ্যসূচী আৰম্ভ কৰিছে। মই নিশ্চিত যে আপোনাসৱৰ এই পদক্ষেপে ভাৰতৰ যুৱসমাজক যথেষ্ট সহায় কৰিব।

 

কিন্তু বন্ধুসকল,

এই পৰ্যায়ত, আমি কিমান দূৰ আহিছোঁ আৰু কি পৰিস্থিতিৰ মাজেৰে আমি এই পৰ্যায়লৈকে আহিছোঁ সেয়াও মনত ৰাখিব লাগিব। ১০-১২ বছৰ আগৰ মোবাইল ফোনবোৰ মনত পেলাওক। তেতিয়া পুৰণি ফোনটোৰ স্ক্ৰীণখন সঘনাই ‘হেং’ হৈ পৰিছিল, এনেকুৱা হৈছিলনে, মোক কওঁকচোন। আপোনাসৱে স্ক্ৰীণখন যিমানেই চোৱাইপ নকৰক, যিমানেই বুটাম নিটিপিক কিয়, একো কাম হোৱা নাছিল। আৰু সেই সময়ত চৰকাৰৰ ক্ষেত্ৰতো একেই ঘটনা আছিল। সেই সময়ত, ভাৰতৰ অৰ্থনীতিয়েই হওক বা তেতিয়াৰ চৰকাৰেই হওক 'অচলাৱস্থা'ৰ দৰে পৰিস্থিতিত আছিল। আৰু পৰিস্থিতি ইমান বেয়া হৈ গৈছিল যে ৰিষ্টাৰ্ট কৰিলেও কোনো লাভ নাছিল... বেটাৰি চাৰ্জ কৰিলেও কোনো লাভ নাছিল, বেটাৰি সলনি কৰাৰ ফলতো কোনো লাভ হোৱা নাছিল। ২০১৪ চনত, মানুহে এনে পুৰণি ফোন এৰি দিছিল আৰু এতিয়া আমাৰ সেৱা আগবঢ়োৱাৰ সুযোগ দিছে। এই পৰিৱৰ্তনৰ ফলত কি ঘটিছিল সেয়াও স্পষ্ট। সেই সময়ত আমি মোবাইল ফোনৰ আমদানিকৰ্তা আছিলোঁ, আজি আমি মোবাইল ফোনৰ ৰপ্তানিকৰ্তা। সেই সময়ত, মোবাইল নিৰ্মাণত আমাৰ উপস্থিতি নগণ্য আছিল। কিন্তু আজি আমি পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা। তেতিয়া ইলেক্ট্ৰনিক নিৰ্মাণৰ বাবে কোনো স্পষ্ট লক্ষ্য নাছিল। আজি আমি ইলেক্ট্ৰনিক উৎপাদনত প্ৰায় ২ লাখ কোটি টকা ৰপ্তানি কৰি আছোঁ। আপোনাসৱে দেখিছে যে গুগলে অলপতে ঘোষণা কৰিছে যে ই ভাৰতত ইয়াৰ পিক্সেল ফোন নিৰ্মাণ কৰিব। চেমচাঙৰ 'ফ'ল্ড ফাইভ' আৰু এপলৰ আইফোন ১৫ ইতিমধ্যে ভাৰতত নিৰ্মাণ কৰা আৰম্ভ কৰিছে। আজি আমি সকলোৱে গৌৰৱান্বিত যে সমগ্ৰ বিশ্বই মেড ইন ইণ্ডিয়া ফোন ব্যৱহাৰ কৰি আছে।

 

বন্ধুসকল,

আজি, মোবাইল আৰু ইলেক্ট্ৰনিক উৎপাদনৰ ক্ষেত্ৰত এই সফলতা আগবঢ়াই নিয়াৰ প্ৰয়োজন আছে। প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটাৰ সফলতাৰ বাবে, আমি ভাৰতত এক শক্তিশালী ছেমি কণ্ডাক্টৰ উৎপাদন খণ্ড গঢ়ি তোলা প্ৰয়োজন। ছেমি কণ্ডাক্টৰৰ বিকাশৰ বাবে, চৰকাৰে ইতিমধ্যে প্ৰায় আশী হাজাৰ কোটি টকাৰ পিএলআই আঁচনি আৰম্ভ কৰিছে। আজি সমগ্ৰ বিশ্বৰ ছেমি কণ্ডাক্টৰ  কোম্পানীবোৰে ভাৰতীয় কোম্পানীসমূহৰ সহযোগত ছেমি কণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষাৰ সুবিধাত বিনিয়োগ আৰম্ভ কৰিছে। ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানে কেৱল ইয়াৰ ঘৰুৱা চাহিদাই নহয়, বিশ্বৰ প্ৰয়োজনীয়তা পূৰ ণকৰাৰ দৃষ্টিভংগীৰ ওপৰত আগবাঢ়িছে।

 

বন্ধুসকল,

যদি আন কোনোবাই উন্নয়নশীল দেশৰ পৰা এখন উন্নত দেশলৈ যাত্ৰা আগুৱাই নিয়ে, সেয়া হৈছে প্ৰযুক্তি, আমি দেশৰ উন্নয়নৰ বাবে যিমান বেছি প্ৰযুক্তি ব্যৱহাৰ কৰিম, আমি উন্নয়নৰ দিশে আগবাঢ়িম। আমি ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত এনে হোৱা দেখিছো, য'ত ভাৰত কোনো উন্নত দেশতকৈ কমত নাই। একেদৰে, প্ৰতিটো ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ, আমি ইয়াক প্ৰযুক্তিৰ সৈতে সংযোগ কৰি আছোঁ। আমি খণ্ড অনুসৰি বিভিন্ন মঞ্চ সৃষ্টি কৰি আছো। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় লজিষ্টিকৰ বাবে মাষ্টাৰ প্লেন, স্বাস্থ্য সেৱাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, কৃষি খণ্ডৰ বাবে এগ্ৰি ষ্টেক আদি বহুতো প্লেটফৰ্ম সৃষ্টি কৰা হৈছে। চৰকাৰে বৈজ্ঞানিক গৱেষণা, কোৱাণ্টাম মিছন আৰু ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনতো ব্যাপক বিনিয়োগ কৰি আছে। আমি নিৰন্তৰভাৱে থলুৱা ডিজাইন আৰু প্ৰযুক্তি বিকাশৰ প্ৰচাৰ কৰি আছোঁ। মই এই কথা জানিও আনন্দিত যে আন্তৰ্জাতিক টেলিকম ইউনিয়ন আৰু ইণ্ডিয়া ম'বাইল কংগ্ৰেছে যুটীয়াভাৱে এছডিজিৰ বাবে উদ্ভাৱন আৰু উদ্যোগৰ বিষয়বস্তুৰ ওপৰত এক অনুষ্ঠানৰ আয়োজন কৰিছে।

 

বন্ধুসকল,

এই সকলোবোৰ প্ৰচেষ্টাৰ মাজত এটা অতি গুৰুত্বপূৰ্ণ দিশ আছে, যাৰ প্ৰতি মই আপোনাসৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো। এয়া হৈছে নেটৱৰ্ক আন্তঃগাঁথনিৰ চাইবাৰ-সুৰক্ষা আৰু নিৰাপত্তাৰ দিশ। আপোনাসৱ সকলোৱে জানে যে চাইবাৰ সুৰক্ষাৰ জটিলতা কি আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে। জি-২০ সন্মিলনত একেখন ভাৰত মণ্ডপমত চাইবাৰ নিৰাপত্তাৰ বিশ্বব্যাপী ভাবুকিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে। চাইবাৰ সুৰক্ষাৰ বাবে সমগ্ৰ উৎপাদন মূল্য শৃংখলাত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ। হাৰ্ডৱেৰ, ছফ্টৱেৰ বা সংযোগ হওঁক, যেতিয়া আমাৰ মূল্য শৃংখলাৰ সকলোবোৰ আমাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত থাকে, ইয়াক সুৰক্ষিত ৰখাটো আমাৰ বাবে সহজ হ'ব। সেয়েহে, আজিৰ এই মোবাইল কংগ্ৰেছত, আমি কেনেদৰে বিশ্বৰ গণতান্ত্ৰিক সমাজসমূহক সমস্যা সৃষ্টিকাৰীসকলৰ পৰা সুৰক্ষিত কৰি তুলিম সেই বিষয়ে আলোচনা কৰাটো প্ৰয়োজনীয়।

 

বন্ধুসকল,

দীৰ্ঘদিন ধৰি, ভাৰতে প্ৰযুক্তিবিদ্যাৰ বহুতো বাছ ‘মিছ’ কৰিছে। তাৰ পিছত সেই সময় আহিল যেতিয়া আমি ইতিমধ্যে বিকশিত প্ৰযুক্তিত আমাৰ প্ৰতিভা দেখুৱালোঁ। আমি আমাৰ তথ্য প্ৰযুক্তি সেৱা উদ্যোগৰ বিকাশ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাইছো। কিন্তু এতিয়া একবিংশ শতিকাৰ এই সময়খিনি ভাৰতৰ সৃজনশীল নেতৃত্বৰ সময়। আৰু মই ইয়াত বহি থকা সকলোকে আৰু হাণ্ড্ৰেড লেবৰ উদ্বোধনী অনুষ্ঠানত বহি থকা তৰুণসকলক কৈছো। আৰু মোক বিশ্বাস কৰক, বন্ধুসকল, যেতিয়া মই কিবা কওঁ, ই এক গেৰাণ্টিতকৈ কম নহয়। আৰু সেই কাৰণে মই সৃজনশীল নেতাসকলৰ বিষয়ে কথা পাতি আছো। সৃজনশীল নেতাসকলে নতুন মাত্ৰা সৃষ্টি কৰিব পাৰে যাক পৃথিৱীয়ে পিছত অনুসৰণ কৰিব।

 

আমি কিছুমান ক্ষেত্ৰত সৃজনশীল নেতা হৈ পৰিছো। উদাহৰণ স্বৰূপে, ইউপিআই হৈছে আমাৰ সৃজনশীল নেতৃত্বৰ ফলাফল, যি আজি ডিজিটেল পৰিশোধ প্ৰণালীত সমগ্ৰ বিশ্বক নেতৃত্ব দি আছে। আজিও, বিশ্বই কোভিডৰ সময়ত আমি গ্ৰহণ কৰা কোউইনৰ উদ্যোগৰ বিষয়ে কয়। এয়া সেই সময় যেতিয়া আমি প্ৰযুক্তিবিদ্যাৰ উৎকৃষ্ট গ্ৰহণকাৰী আৰু ৰূপায়ণকাৰী হোৱাৰ লগতে প্ৰযুক্তিবিদ্যাৰ চিন্তাধাৰাৰ নেতা হ'ব লাগিব। ভাৰতত আছে তাৰুণ্যৰ শক্তি, আৰু আছে উজ্জীৱিত গণতন্ত্ৰ।

 

মই ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ জনসাধাৰণক, বিশেষকৈ ইয়াৰ যুৱ সদস্যসকলক এই দিশত আহিবলৈ, আগবাঢ়ি যাবলৈ আমন্ত্ৰণ জনাইছো, মই আপোনাসৱৰ সৈতে আছো। আজি, যি সময়ত আমি এক উন্নত ভাৰত হোৱাৰ দিশে আগবাঢ়িছো, সৃজনশীল নেতা হিচাপে আগবাঢ়িবলৈ এই পৰিৱৰ্তনে সমগ্ৰ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।

 

আৰু মই বিশ্বাস কৰোঁ, আৰু আপোনাসৱৰ সামৰ্থ্যৰ বাবে মোৰ বিশ্বাস আছে। আপোনাসৱৰ সামৰ্থ্য, আপোনাসৱৰ ক্ষমতা, আপোনাসৱৰ সমৰ্পণৰ ওপৰত মোৰ বিশ্বাস আছে আৰু সেয়েহে মই কওঁ যে আমি এইটো কৰিব পাৰোঁ, আমি নিশ্চিতভাৱে এইটো কৰিব পাৰোঁ। আকৌ এবাৰ আপোনালোকলৈ মোৰ শুভেচ্ছা, আৰু মই দেশ, দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহৰ যুৱক-যুৱতীসকলক ভাৰত মণ্ডপমলৈ আহি প্ৰযুক্তিয়ে ভৱিষ্যতে, কেনেদৰে জীৱনৰ নতুন ক্ষেত্ৰসমূহ স্পৰ্শ কৰিব তাৰ বাবে প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহীসকলক প্ৰদৰ্শনীখন বুজিবলৈ অনুৰোধ জনাইছো। মই সকলোকে অনুৰোধ কৰিম, মই চৰকাৰৰ সকলো বিভাগক অনুৰোধ কৰিম যে তেওঁলোকৰ প্ৰযুক্তি দলেও ইয়ালৈ আহি এইবোৰ চাওক। আকৌ এবাৰ, আপোনালোক সকলোকে মোৰ শুভেচ্ছা।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi lays foundation stone, inaugurates various development works in Kolkata, West Bengal
March 14, 2026
These initiatives will boost connectivity and improve the quality of life for people: PM
Today, a vigorous campaign is underway across the country to modernize the railways, It is our resolve that West Bengal should not be left behind in this campaign, That is why the central government is also rapidly expanding the railway infrastructure in West Bengal : PM
Ports like Kolkata and Haldia have long been major centers of trade in Eastern India; the Haldia Dock Complex is undergoing mechanization, This will speed up cargo operations, increase the port’s capacity, and provide new facilities for trade: PM
Prime Minister Shri Narendra Modi laid the foundation stone, inaugurated various development works worth more than Rs.18,000 crore in Kolkata, West Bengal, today. Addressing the gathering the Prime Minister remarked, "Today, from the land of Kolkata, a new chapter of development is being written for West Bengal and Eastern India."

The Prime Minister highlighted that the foundation stones and dedications of projects worth more than ₹18,000 crore related to roads, railways, and port infrastructure have been carried out at this event. He emphasized that these projects will give new momentum to West Bengal and Eastern India, boost trade and industry, and make life easier for lakhs of people by providing them new opportunities. Referring to some of the key projects, the Prime Minister noted that the completion of the Kharagpur–Moregram Expressway will accelerate economic activities across many parts of West Bengal. He also mentioned the Dubrajpur Bypass and the major bridges being constructed over the Kangsabati and Shilabati rivers, which will further improve connectivity. "I congratulate the people of West Bengal and the entire Eastern India for these transformative projects," remarked Shri Modi.

The Prime Minister stated that a vigorous campaign is underway across the country to modernize the Indian Railways, and it is the firm resolve of the government that West Bengal does not lag behind in this mission. He pointed out that the Central Government is rapidly expanding the railway infrastructure in West Bengal. On this occasion, the Automatic Block Signalling System on the Kalaikunda–Kanimahuli section has been dedicated to the nation. "These initiatives will enhance the capacity of busy rail routes, make journeys safer, and also increase speed and convenience for passengers", asserted Shri Modi.

The Prime Minister announced the inauguration of six stations, Kamakhyaguri, Anara, Tamluk, Haldia, Barabhum, and Siuri,as Amrit Bharat Stations. He noted that the great culture of Bengal is now shining even more brightly at these stations, and several more stations are undergoing redevelopment. A new express train service between Purulia and Anand Vihar Terminal has also been flagged off. "This train service will benefit not only the people of West Bengal but also those in Jharkhand, Bihar, Uttar Pradesh, and Delhi" , affirmed Shri Modi.

The Prime Minister emphasized that ports and water transport play an equally important role as road and rail connectivity in driving economic progress. He observed that for decades, this immense potential of Eastern India was largely neglected, but today, waterways are opening new avenues for trade and industrial advancement. In this direction, foundation stones and dedications of key port infrastructure projects have been carried out. The Prime Minister highlighted that Kolkata and Haldia ports have long been major centres of trade in Eastern India, and the mechanization of the Haldia Dock Complex will accelerate cargo operations, enhance port capacity, and provide new facilities for trade. Additionally, the renovation of the Bascule Bridge in the Kolkata Dock System and the augmentation of cargo handling capacity at Kidderpore Dock are also being undertaken. "All these projects will further strengthen the logistics system of Eastern India", asserted Shri Modi.

In his concluding remarks, the Prime Minister underscored that the new projects related to roads, railways, and ports are paving the way for a modern future for West Bengal. He noted that the benefits of these projects will reach farmers, traders, entrepreneurs, students, and every section of society. New opportunities will emerge in sectors like tourism, and local industries and services will gain fresh momentum. The Prime Minister recalled Bengal's historic role in showing the way to India and expressed his conviction that strong connectivity and modern infrastructure will form the foundation of a developed Bengal. "It is our resolve that Bengal, which has always shown the way to India, should once again achieve that glory by becoming a 'Viksit Bengal' ", emphasized Shri Modi.