নতুন দিল্লীত সংহত কমপ্লেক্স “কৰ্মযোগী ভৱন”ৰ প্ৰথম পৰ্য্যায়ৰ আধাৰশিলা স্থাপন
“ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ যুৱ শক্তিৰ বৰঙণি বৃদ্ধিৰ ক্ষেত্ৰত ৰোজগাৰ মেলাসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে”
“ভাৰত চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াটো এতিয়া সম্পূৰ্ণ স্বচ্ছ হৈ পৰিছে”
“আমি যুৱক-যুৱতীসকলক ভাৰত চৰকাৰৰে সংযোগেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ”
“এই দশকৰ শেষৰ ফালে ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ব”
“উন্নত যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পেলায়”
“অৰ্ধসামৰিক বাহিনীৰ বাছনি প্ৰক্ৰিয়াত সংস্কাৰ সাধনে প্ৰতিটো অঞ্চলৰ যুৱক-যুৱতীসকলক সমান সুযোগ প্ৰদান কৰিব”

মোৰ মৰমৰ ডেকা বন্ধু-বান্ধৱীসকল,

আজি ১ লাখৰো অধিক যুৱক-যুৱতীক চৰকাৰৰ চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আপোনালোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা লাভ কৰিছে। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গকো অভিনন্দন জনাইছোঁ। ভাৰত চৰকাৰত যুৱক-যুৱতীসকলক চাকৰিৰ সুবিধা প্ৰদানৰ অভিযান দ্ৰুত গতিত অব্যাহত আছে। পূৰ্বৰ চৰকাৰসমূহৰ দিনত বিজ্ঞাপনৰপৰা নিযুক্তি পত্ৰ প্ৰদানলৈকে বহু সময় লাগিছিল। এই পলমৰ সুযোগ লৈ, সেই সময়ত উৎকোচৰ মাত্ৰাও প্ৰচণ্ড হৈ পৰিছিল। আমি এতিয়া ভাৰত চৰকাৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ কৰি তুলিছোঁ। কেৱল এয়াই নহয়, চৰকাৰে নির্দিষ্ট সময়ৰ ভিতৰত নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিবলৈ অত্যন্ত জোৰ দিছে। ইয়াৰ লগে-লগে প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ সামৰ্থ্য প্ৰমাণৰ সমান সুযোগ লাভ কৰিবলৈ আৰম্ভ কৰিছে। আজি প্ৰতিজন যুৱক-যুৱতীৰ মনত বিশ্বাস আছে যে তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু নিজৰ প্ৰতিভাৰ ভিত্তিত নিজৰ স্থান গঢ়ি তুলিব পাৰে। ২০১৪ ৰপৰা ভাৰত চৰকাৰৰ সৈতে যুৱক-যুৱতীসকলক সংযোগেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিজেপি চৰকাৰে যোৱা ১০ বছৰত পূৰ্বৰ চৰকাৰে দিয়াতকৈ প্ৰায় ডেৰগুণ বেছি চৰকাৰী চাকৰি প্ৰদান কৰিছে। আজি দিল্লীত এটা সংহত প্ৰশিক্ষণ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰা হৈছে। মই নিশ্চিত যে এই নতুন প্ৰশিক্ষণ কমপ্লেক্সে আমাৰ সামৰ্থ্য বিকাশৰ পদক্ষেপক অধিক সুদৃঢ় কৰিব।

 

বন্ধুসকল,

আজি চৰকাৰৰ প্ৰচেষ্টাত দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন খণ্ড মুকলি হৈছে। এই খণ্ডসমূহত চৰকাৰে আৰম্ভ কৰা নতুন অভিযানৰ বাবে বহু নতুন কৰ্মসংস্থাপন-স্বনিয়োজনৰ সুযোগ সৃষ্টি হৈছে। আপোনালোকে দেখিছে যে এই বাজেটত ১ কোটি পৰিয়ালৰ বাবে ছাদৰ ওপৰত সৌৰশক্তি আঁচনি ঘোষণা কৰা হৈছে। এতিয়া ছাদত ছ’লাৰ পেনেল লগোৱাসকলে দুগুণ লাভ অৰ্জন কৰিব। তেওঁলোকৰ বিদ্যুতৰ বিল শূন্য হ’ব আৰু তেওঁলোকে উৎপন্ন কৰা অতিৰিক্ত বিদ্যুতৰপৰাও আয় কৰিব পাৰিব। ছাদৰ ওপৰত সৌৰশক্তিৰ ইমান বিশাল আঁচনিয়ে দেশত লাখ-লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। কোনোবাই ছ’লাৰ পেনেলৰ কাম কৰিব, কোনোবাই বেটাৰী সম্পৰ্কীয় ব্যৱসায়ত নামিব, কোনোবাই তাঁৰৰ কাম চম্ভালিব, এই এখন আঁচনিয়েই বহু স্তৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

মোৰ ডেকা বন্ধুসকল,

আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ইক’চিষ্টেম। এতিয়া দেশত ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় ১.২৫ লাখ হৈছেগৈ। এই ষ্টাৰ্টআপসমূহৰ বৃহৎ সংখ্যক সৰু টায়াৰ-২, টায়াৰ-৩ চহৰৰ, যিসমূহ আনকি জিলা সদৰো নহয়। এই ষ্টাৰ্টআপসমূহত যুৱ প্ৰজন্মৰ বাবে লাখ-লাখ চাকৰিৰ সৃষ্টি হৈছে। এইবাৰৰ বাজেটত ষ্টাৰ্টআপলৈ আগবঢ়োৱা কৰ ৰেহাই বৃদ্ধিৰ কথাও ঘোষণা কৰা হৈছে। ইয়াৰদ্বাৰা আমাৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব। বাজেটত গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকাৰ নতুন পুঁজি সৃষ্টিৰ কথা ঘোষণা কৰা হৈছে।

 

বন্ধুসকল,

আজি ভাৰতীয় ৰেলৱেতো এই নিয়োগ মেলাৰ জৰিয়তে নিযুক্তি দিয়া হৈছে। যেতিয়াই জনসাধাৰণে নিজৰ পৰিয়ালৰ সৈতে দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা কৰে, তেতিয়াই ভাৰতীয় ৰেলৱে প্ৰথম পছন্দ হৈ পৰে। ভাৰতীয় ৰেলৱে আজি এক বৃহৎ পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে। এই দশকৰ শেষৰ ফালে ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ব। আপোনালোকৰ মনত আছে, ২০১৪ৰ আগতে ৰেলৱেৰ অৱস্থা কি আছিল? বৈদ্যুতীকৰণেই হওঁক বা ৰে’লপথ দ্বৈতকৰণেই হওঁক, ৰেল চালনা অগ্ৰগতি সাধনেই হওঁক, যাত্ৰীসকলৰ বাবে সুবিধা বৃদ্ধিয়েই হওঁক, পূৰ্বৰ চৰকাৰসমূহে ইয়াৰ প্ৰতি যিমান গুৰুত্ব দিব লাগিছিল, সিমান গুৰুত্ব নিদিলে। পূৰ্বৰ চৰকাৰসমূহ সাধাৰণ ভাৰতীয়ৰ সমস্যাৰ প্ৰতি উদাসীন আছিল। ২০১৪ৰ পিছত আমি সমগ্ৰ ৰেল ব্যৱস্থাত পুনৰ উদ্ভাৱনৰ অভিযান আৰম্ভ কৰিলোঁ। আমি ৰেলপথৰ আধুনিকীকৰণ আৰু উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিলোঁ। এইবাৰ নিশ্চয় বাজেটতো দেখিছে, চৰকাৰে ঘোষণা কৰিছে যে বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ৪০ হাজাৰ আধুনিক বগী প্ৰস্তুতকৰণেৰে এইসমূহ সাধাৰণ ৰেলত যোগ কৰা হ’ব। ইয়াৰ ফলত সাধাৰণ যাত্ৰীৰ যাত্ৰা অধিক সুবিধাজনক হ’ব।

 

বন্ধুসকল,

দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণে বহু ক্ষেত্ৰত প্ৰভাৱ পেলায়। যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগে-লগে নতুন বজাৰ গঠন হ’বলৈ আৰম্ভ কৰে আৰু পৰ্যটনস্থলীসমূহৰ বিকাশ ঘটে। উন্নত যোগাযোগ ব্যৱস্থাই নতুন ব্যৱসায়ৰ সৃষ্টি কৰে আৰু লাখ-লাখ নিয়োগৰ সুযোগ সৃষ্টি কৰে। অৰ্থাৎ, উন্নত যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উন্নয়নৰ গতি ত্বৰান্বিতকৰণৰ অৰ্থে আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি কৰা হৈছে। এই বাজেটত আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আন্তঃগাঁথনিৰ বাবে এনে বৃহৎ ব্যয়ৰ ফলত পথ, ৰেল, বিমানবন্দৰ, মেট্ৰ’, বিদ্যুতৰ দৰে প্ৰতিটো প্ৰকল্পৰ গতি দ্ৰুত হ’ব। ইয়াৰদ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

বন্ধুসকল,

আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ গৰিষ্ঠ সংখ্যক অৰ্ধসামৰিক বাহিনীৰ অংশ হ’বলৈ আগবাঢ়িছে। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ এক পৰম আকাংক্ষা পূৰণ হৈছে। যোৱা কেইবছৰমানৰপৰা অৰ্ধসামৰিক বাহিনীত নিযুক্তি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰা হৈছে। হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩ টা ভাষাত লিখিত পৰীক্ষা অনুষ্ঠিতকৰণৰ সিদ্ধান্ত চলিত বৰ্ষৰ জানুৱাৰীৰপৰা কাৰ্য্যকৰী কৰা হৈছে। ইয়াৰদ্বাৰা লাখ-লাখ অংশগ্ৰহণকাৰীয়ে নিজৰ যোগ্যতা প্ৰমাণৰ সমান সুযোগ লাভ কৰিছে। সীমান্তত অৱস্থিত জিলা আৰু উগ্ৰবাদৰদ্বাৰা ক্ষতিগ্ৰস্ত জিলাসমূহৰ কোটাও বৃদ্ধি কৰা হৈছে।

বন্ধুসকল,

এখনি উন্নত ভাৰতৰ যাত্ৰাত প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বৰঙণি হ’ব গুৰুত্বপূৰ্ণ। আজি আমাৰ লগত যোগদান কৰা এক লাখৰো অধিক কৰ্মচাৰীয়ে এই যাত্ৰাক নতুন শক্তি আৰু গতি প্ৰদান কৰিব। আপোনালোকে যি বিভাগত কাম নকৰক কিয়, মনত ৰাখিব যে আপোনালোকৰ প্ৰতিটো দিনেই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গিত হ’ব লাগে। সকলো চৰকাৰী কৰ্মচাৰীৰ সামৰ্থ্য বিকাশৰ বাবে ভাৰত চৰকাৰে কৰ্মযোগী ভাৰত পৰ্টেলো মুকলি কৰিছে। এই পৰ্টেলত ভিন্ন বিষয়ৰ সৈতে জড়িত ৮০০ ৰোধিক পাঠ্যক্ৰম উপলব্ধ। এতিয়ালৈকে ৩০ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে এই পৰ্টেলত যোগদান কৰিছে। আপোনালোক সকলোৱেও এই পৰ্টেলৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব আৰু নিজৰ দক্ষতা বৃদ্ধি কৰিব। আপোনালোক সকলোকে নিযুক্তি পত্ৰ লাভেৰে, এটি উজ্জ্বল ভৱিষ্যতৰ আশাৰে আৰু কেৰিয়াৰৰ প্ৰতিটো পৰ্য্যায়তে দেশলৈ কিবা নহয় কিবা এটা আগবঢ়াই আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ। দেশৰ প্ৰগতিৰ বাবে অৰিহণা যোগাই নিজকে আগুৱাই নিয়ে যেন। আপোনাসৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ পৰিয়ালবৰ্গলৈয়ো শুভেচ্ছা থাকিল। আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s metal exports ride global electrification wave

Media Coverage

India’s metal exports ride global electrification wave
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi