Launches multiple technology initiatives - Digital Supreme Court Reports, Digital Courts 2.0 and new website of Supreme Court
“The Supreme Court has strengthened India's vibrant democracy”
“India's economic policies today will form the basis of tomorrow's bright India”
“The laws being made in India today will further strengthen the bright India of tomorrow”
“Ease of justice is the right of every Indian citizen and the Supreme Court of India, its medium”
“I compliment the Chief Justice for his efforts to improve ease of justice in the country”
“Rs 7000 crore disbursed after 2014 for the physical infrastructure of courts in the country”
“Rs 800 crore approved last week for the expansion of the Supreme Court Building Complex”
“A strong judicial system is the main foundation of a Viksit Bharat”
“E-Courts Mission Project’s third phase will have four times more funds than the second phase”
“The government is actively working on modernizing laws to align with the present situation and best practices”
“The transition from old laws to new ones should be seamless”
“Padma Honour for Justice Fatima Beevi is a matter of pride for us”

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়জী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশবৃন্দ, বিদেশৰ আমাৰ অতিথি ন্যায়াধীশসকল, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নী জেনেৰেল’ ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’ৰ সভাপতি ড০ অদিশ আগৰৱালাজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

দুদিন আগতে ভাৰতৰ সংবিধানে ইয়াৰ ৭৫ সংখ্যক বছৰত প্ৰৱেশ কৰিছে। আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ সংখ্যক বৰ্ষৰ আৰম্ভণিও হৈছে। এই ঐতিহাসিক অনুষ্ঠানত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিবলৈ পোৱাটো সঁচাকৈয়ে আনন্দৰ বিষয়, আৰু মই সকলো আইনবিদলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

ভাৰতৰ সংবিধান প্ৰণেতাসকলে স্বাধীনতা, সমতা আৰু ন্যায়ৰ নীতি আধাৰিত কৰি এখন স্বাধীন ভাৰতৰ কল্পনা কৰিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই নীতিসমূহ বৰ্তাই ৰাখিবলৈ দৃঢ়তাৰে চেষ্টা কৰি আহিছে। মত প্ৰকাশৰ স্বাধীনতাই হওক, ব্যক্তিগত স্বাধীনতা কিম্বা সামাজিক ন্যায়েই হওক, উচ্চতম ন্যায়ালয়ে ভাৰতৰ উজ্জীৱিত গণতন্ত্ৰক ধাৰাবাহিক ভাৱে সুৰক্ষিত কৰি আহিছে। সাত দশকতকৈয়ো অধিক সময় ধৰি উচ্চতম ন্যায়ালয়ে ব্যক্তিৰ অধিকাৰ আৰু বাক স্বাধীনতা সন্দৰ্ভত অসংখ্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰদান কৰিছে, যি দেশৰ সামাজিক-ৰাজনৈতিক দৃশ্যপটক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰি আহিছে।

বন্ধুসকল,

সম্প্ৰতি, ভাৰতৰ প্ৰতিটো প্ৰতিষ্ঠান আৰু সংগঠন, সেয়া লাগিলে কাৰ্যবাহীয়েই হওক বা আইনসভাই হওক, পৰৱৰ্তী ২৫টা বছৰৰ উদ্দেশ্যৰ কথা মনত ৰাখি কাম কৰি আছে। এই অগ্ৰগামী চিন্তাধাৰাৰ দৃষ্টিভংগীয়ে দেশত গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে। আজিৰ অৰ্থনৈতিক নীতিয়ে ভৱিষ্যতৰ উজ্জ্বল ভাৰতখনক গঢ় দিব আৰু আজি প্ৰণয়ন কৰা আইনসমূহে আমাৰ দেশৰ উজ্জ্বল ভৱিষ্যতক শক্তিসমৃদ্ধ কৰিব। পৰিৱৰ্তনশীল গোলকীয় দৃশ্যপটত সকলোৰে দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈ আছে, আৰু বিশ্বজুৰি ভাৰতৰ ওপৰত আস্থা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত, ভাৰতৰ বাবে প্ৰতিটো সুযোগ গ্ৰহণ কৰা আৰু কোনো সুযোগেই যাতে হাতৰ পৰা পিছলি নাযায় সেয়া নিশ্চিত কৰাটো অতিকে গুৰুত্বপূৰ্ণ হ’ব। আজি ভাৰতৰ প্ৰাথমিকতাসমূহৰ ভিতৰত আছে স্বাচ্ছন্দ্যৰে জীৱন ধাৰণ কৰা, স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা, স্বাচ্ছন্দ্যৰে ভ্ৰমণ কৰা, স্বাচ্ছন্যৰে যোগাযোগ কৰা আৰু গুৰুত্বপূৰ্ণভাৱে, স্বাচ্ছন্দ্যৰে ন্যায় লাভৰ সুযোগ পোৱা। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকেই ন্যায়ৰ স্বাচ্ছন্দ্য লাভ কৰাৰ অধিকাৰ আছে, আৰু উচ্চতম ন্যায়ালয়ে ইয়াক লাভ কৰাৰ বাবে প্ৰাথমিক মাধ্যম হিচাপে কাম কৰে।

 

বন্ধুসকল,

দেশৰ সমগ্ৰ ন্যায় ব্যৱস্থাই উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা দিক-দৰ্শন আৰু নিৰ্দেশনাৰ ওপৰত ভৰসা কৰে। সেয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এই আদালতখনক ভাৰতৰ প্ৰতিটো কোণত উপলব্ধ কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰাটো হৈছে আমাৰ কৰ্তব্য। এই উদ্দেশ্যকে সাৰোগত কৰা ‘ই-আদালত মিছন’ প্ৰকল্পৰ তৃতীয়টো পৰ্যায়য়ে শেহতীয়াকৈ অনুমোদন লাভ কৰিছে। ইয়াৰ বাবে দ্বিতীয় পৰ্যায়তকৈ চাৰিগুণ অধিক পুঁজি আৱণ্টন কৰা হৈছে। এয়া হৈছে আপোনালোকৰ আগ্ৰহৰ বিষয়; আপোনালোকে প্ৰশংসা কৰিব পাৰে। মই বুজি পাওঁ যে এয়া আপোনাৰ বাবে এক প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল, শ্ৰী মনন মিশ্ৰ। মই এই সত্যটোক প্ৰশংসা কৰোঁ যে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে নিজেই সমগ্ৰ দেশৰ আদালতৰ ‘ডিজিটাইজেশ্যন প্ৰক্ৰিয়া’টো নিৰীক্ষণ কৰি আছে। ন্যায়ৰ স্বাচ্ছন্দ্যৰ দিশত তেওঁৰ এই প্ৰচেষ্টাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো।

বন্ধুসকল,

আমাৰ চৰকাৰ আদালতৰ ভৌতিক আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ২০১৪ চনৰ পৰা এই উদ্দেশ্যৰ বাবে ৭ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনত আপোনালোক সকলোৱে অনুভৱ কৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মই জ্ঞাত। যোৱা সপ্তাহতে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ভৱন চৌহদ সম্প্ৰসাৰণৰ বাবে ৮০০ কোটি টকা মঞ্জুৰ কৰিছে। মই আশা কৰিম যে নতুন সংসদ ভৱনে সন্মুখীন হোৱা কেতবোৰ সমালোচনাৰ দৰেই ইয়াক অপব্যয় বুলি গণ্য কৰি ইয়াৰ বিৰুদ্ধে কোনো আপত্তি উত্থাপন কৰা নহ'ব।

বন্ধুসকল,

আজি আপোনালোকে মোক উচ্চতম ন্যায়ালয়ৰ কিছুমান ‘ডিজিটেল পদক্ষেপ’ উন্মোচন কৰাৰ সুযোগ দিছে। ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ প্ৰৱৰ্তনৰ অৰ্থ হৈছে যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তসমূহ এতিয়া ‘ডিজিটেল বিন্যাস’তো উপলব্ধ হ'ব। মই লক্ষ্য কৰি আনন্দিত হৈছো যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তসমূহ স্থানীয় ভাষালৈ অনুবাদ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ যে এনে ধৰণৰ ব্যৱস্থা শীঘ্ৰেই সমগ্ৰ দেশৰ আন আদালতসমূহতো কাৰ্যকৰী কৰা হ'ব।

 

বন্ধুসকল,

প্ৰযুক্তিয়ে আজি ন্যায়ৰ স্বাচ্ছন্দ্যত কেনেদৰে অৰিহণা যোগাব পাৰে এই অনুষ্ঠানটোৱে নিজেই তাৰ নিদৰ্শন দাঙি ধৰিছে। মই প্ৰদান কৰি থকা ভাষণটো এই মুহূৰ্ততে ‘এআই’ ব্যৱহাৰ কৰি ইংৰাজীলৈ অনুবাদ কৰা হৈছে, আৰু আপোনালোকৰ কিছু সংখ্যকে ‘ভষিনী এপ’ৰ জৰিয়তে ইয়াক শুনি আছে। যদিও প্ৰাৰম্ভিক পৰ্যায়ত কেতবোৰ প্ৰত্যাহ্বান থাকিব পাৰে তথাপি ই প্ৰযুক্তিৰ উল্লেখনীয় সামৰ্থ্যকে আলোকপাত কৰে। আমাৰ আদালতসমূহত একে ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলে সাধাৰণ নাগৰিকৰ জীৱন সহজসাধ্য হ'ব পাৰে। আপোনালোকৰ চাগৈ মনত আছে যে কিছু দিন আগতে মই সৰলীকৃত ভাষাত আইনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছিলো। মই বিশ্বাস কৰোঁ যে সৰলীকৃত ভাষাত আদালতৰ আদেশ প্ৰদান কৰাটো সাধাৰণ ৰাইজৰ বাবে অধিক লাভজনক বুলি প্ৰমাণিত হ'ব।

বন্ধুসকল,

'অমৃত কাল'ৰ সময়ত আমাৰ আইনসমূহত ভাৰতীয়ত্ব আৰু আধুনিকতাৰ একেই পৰশ সংপৃক্ত কৰাটো হ’ব সমানেই গুৰুত্বপূৰ্ণ। চৰকাৰে সাম্প্ৰতিক প্ৰেক্ষাপট আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন পদ্ধতি অনুসৰি আইনৰ আধুনিকীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। পুৰণি ঔপনিৱেশিক ‘অপৰাধ নিয়ন্ত্ৰণ আইন’সমূহ বাতিল কৰি চৰকাৰে ‘ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা’, ‘ভাৰতীয় ন্যায় সংহিতা’ আৰু ‘ভাৰতীয় সাক্ষ্য আইন’ প্ৰৱৰ্তন কৰিছে। এই পৰিৱৰ্তনসমূহৰ ফলত, আমাৰ ন্যায়িক, নিয়ন্ত্ৰণ আৰু অনুসন্ধান প্ৰণালীয়ে এক নতুন যুগত প্ৰৱেশ কৰিছে, যাৰ ফলত এক বৃহৎ ৰূপান্তৰণ সম্ভৱ হৈছে। এয়া অত্যাৱশ্যকীয় যে আমি পুৰণি আইনৰ পৰা নতুন আইনলৈ মসৃণভাৱে সংক্ৰমণৰ দিহা কৰিব লাগিব। ইয়াৰ সুবিধাৰ বাবে, চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মই উচ্চতম ন্যায়ালয়ক সংশ্লিষ্ট সকলো অংশীদাৰৰ বাবে এনে সামৰ্থ্য বৰ্দ্ধনৰ পদক্ষেপত আগশাৰীৰ ভূমিকা ল'বলৈ অনুৰোধ কৰিম।

 

বন্ধুসকল,

এক শক্তিশালী ন্যায়িক ব্যৱস্থাই এক উন্নত ভাৰত গঢ়াৰ আধাৰশিলা হিচাপে কাম কৰে। চৰকাৰে এক নিৰ্ভৰযোগ্য ব্যৱস্থা স্থাপনৰ বাবে নিৰন্তৰ সিদ্ধান্ত লয়, আৰু ‘জন বিশ্বাস বিধেয়ক’ হৈছে এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভৱিষ্যতে ন্যায় ব্যৱস্থাৰ ওপৰত পৰিব পৰা অপ্ৰয়োজনীয় বোজা হ্ৰাস কৰা আৰু অমীমাংসিত গোচৰসমূহৰ বকেয়া হ্ৰাস কৰা। এয়া লক্ষণীয় যে চৰকাৰে বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাৰ আইনৰে বৈকল্পিক ব্যৱস্থাও আৰম্ভ কৰিছে, যাৰ ফলত আমাৰ ন্যায়পালিকা, বিশেষকৈ অধীনস্থ ন্যায়পালিকাৰ ওপৰত বোজা হ্ৰাস পাব।

 

বন্ধুসকল,

২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে সকলোৰে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। পৰৱৰ্তী ২৫টা বছৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকাই নিঃসন্দেহে এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা পালন কৰিব। মোক ইয়ালৈ জনোৱা আমন্ত্ৰণৰ বাবে মই আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই এই বছৰ ‘পদ্ম বঁটা’ সম্পৰ্কীয় এটা দিশৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছো। আমি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মুছলমান ন্যায়াধীশ ফাতিমা জীক ‘পদ্মভূষণ’ প্ৰদান কৰিছো। এই সাফল্যই মোক অপৰিসীম গৌৰৱেৰে ভৰাই তুলিছে। আকৌ এবাৰ, মই উচ্চতম ন্যায়ালয়ক ইয়াৰ ‘হীৰক জয়ন্তী’ৰ বাবে অভিনন্দন জনাইছো।

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!