"ভাৰতৰ অৰ্ধপৰিবাহী খণ্ড এক বিপ্লৱৰ সমীপত আছে, উদ্যোগটোক পৰিৱৰ্তন কৰিবলৈ যুগান্তকাৰী উন্নত ব্যৱস্থা সাজু হৈছে"।
"আজিৰ ভাৰতে বিশ্বৰ ওপৰত আস্থা প্ৰেৰিত কৰে... যেতিয়া চিপবোৰ অৱনমিত হয়, আপোনালোকে ভাৰতৰ ওপৰত বাজি ধৰিব পাৰে"
"ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগ বিশেষ অৰ্ধপৰিবাহী ডিভাইচ অৰ্থাৎ ডায়ডৰে সজ্জিত য'ত শক্তি দুয়ো দিশত প্ৰবাহিত হয়"
"ভাৰতে বৰ্তমানৰ সংস্কাৰবাদী চৰকাৰ, দেশৰ বৰ্ধিত উৎপাদন আধাৰ আৰু প্ৰযুক্তিগত প্ৰৱণতাৰ বিষয়ে অৱগত দেশৰ উচ্চাকাংক্ষী বজাৰ নামৰ এক ত্ৰিমাত্ৰিক শক্তি ধাৰণ কৰিছে"
"এই সৰু চিপটোৱে ভাৰতত অন্তিম অঞ্চললৈ প্ৰসাৰ নিশ্চিত কৰিবলৈ ডাঙৰ কাম কৰি আছে"
"আমাৰ সপোন হৈছে যে পৃথিৱীৰ প্ৰতিটো ডিভাইচত এটা ভাৰতত নিৰ্মিত চিপ থাকিব"
"গোলকীয় অৰ্ধপৰিবাহী উদ্যোগক চালিত কৰাৰ ক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে"
"আমাৰ লক্ষ্য হৈছে যে ভাৰতত ১০০% ইলেক্ট্ৰনিক উৎপাদন হোৱা উচিত"
১১ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া তিনিদিনীয়া সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী ৰণনীতি আৰু নীতি প্ৰদৰ্শন কৰা হ'ব যিয়ে ভাৰতক অৰ্ধপৰিবাহীৰ বাবে এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী অশ্বিনী বৈষ্ণৱ, জিতেন প্ৰসাদ, বিশ্ব অৰ্ধপৰিবাহী উদ্যোগৰে জড়িত দিগগজ ব্যক্তিসকল, শিক্ষা, গৱেষণা আৰু উদ্ভাৱনজগতৰ সৈতে জড়িত সকলো সহকৰ্মী, অন্যান্য অতিথিবৃন্দ, মহিলা আৰু সজ্জনসকল! আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ!

 

মই ‘ছেমি’-ৰ সৈতে জড়িত সকলো বন্ধুক বিশেষভাৱে অভিনন্দন জনাইছোঁ। ভাৰত হৈছে বিশ্বৰ অষ্টমখন দেশ, য'ত গোলকীয় অৰ্ধপৰিবাহী উদ্যোগৰ সৈতে সম্পৰ্কিত এই বিশাল অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আৰু ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ ‘এয়া সঠিক সময়’ বুলি মই ন-দি ক'ব পাৰোঁ। আপোনালোক ‘সঠিক স্থানত সমবেত হৈছে, সঠিক সময়ত সমবেত হৈছে’। একবিংশ শতিকাৰ ভাৰতত– ‘দি চিপছ আৰ নেভাৰ ডাউন!’ আৰু কেৱল সেয়াই নহয়, আজিৰ ভাৰতে বিশ্বক ভৰসা দিছে – ‘হোৱেন দা চিপছ আৰ ডাউন, ইউ কেন বেট অন ইণ্ডিয়া!’

 

বন্ধুসকল,

অৰ্ধপৰিবাহীৰ পৃথিৱীখনৰ সৈতে জড়িত আপোনালোকৰ নিশ্চিতভাৱে ‘ডায়ড’-ৰ সৈতে সম্পৰ্ক আছে। আৰু আপোনালোকে জানেযে, এটা ‘ডায়ড’ত শক্তিৰ প্ৰবাহ মাত্ৰ এটা দিশৰেহে হয়। কিন্তু ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগত বিশেষ ‘ডায়ড’ সংযুক্ত হৈ আছে। ইয়াত আমাৰ শক্তি দুয়োদিশৰে প্ৰবাহিত হয়। আপোনালোকে চাগৈ ভাবিছে এয়া কেনেকৈ সম্ভৱ? আৰু এয়া অতিকে আকৰ্ষণীয় কথা, আপোনালোকে বিনিয়োগ কৰে আৰু মূল্যমান সৃষ্টি কৰে। একে সময়তে, চৰকাৰে আপোনালোকক স্থিৰ নীতি আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য প্ৰদান কৰে। আপোনালোকৰ অৰ্ধপৰিবাহী উদ্যোগ 'ইণ্টিগ্ৰেটেড চাৰ্কিট'ৰ সৈতে সংযুক্ত। ভাৰতে আপোনালোকক এক সংহত পৰিস্থিতিতন্ত্ৰও প্ৰদান কৰিছে। ভাৰতৰ আৰ্হিপ্ৰণেতাসকলৰ প্ৰচণ্ড প্ৰতিভাৰ কথা আপোনালোকেতো ভালদৰেই জানে। ভাৰতে ‘ডিজাইনিং’ৰ জগতখনত ২০ শতাংশ প্ৰতিভাৰ অৱদান আগবঢ়ায়। আৰু ই নিৰন্তৰ সম্প্ৰসাৰিত হৈ আছে। আমি পঁচাশী হাজাৰ টেকনিচিয়ান, অভিযন্তা আৰু ‘আৰ এণ্ড ডি বিশেষজ্ঞ’ৰ অৰ্ধপৰিবাহী কৰ্মবাহিনী সাজু কৰি আছো। শিক্ষাৰ্থী আৰু পেছাদাৰীসকলক অৰ্ধপৰিবাহী উদ্যোগৰ বাবে সাজু কৰি তোলাত ভাৰতে গুৰুত্ব প্ৰদান কৰিছে। কালি মাত্ৰ ‘ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন’ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ গৈছে। এই ফাউণ্ডেশ্যনে ভাৰতৰ গৱেষণা পৰিস্থিতিতন্ত্ৰক এক নতুন দিশ প্ৰদান কৰিব, ই নতুন শক্তিও লাভ কৰিব। ইয়াৰ উপৰিও, ভাৰতে এক ট্ৰিলিয়ন টকাৰ এক ‘বিশেষ গৱেষণা নিধি’ও গঠন কৰিছে।

 

বন্ধুসকল,

এনেধৰণৰ পদক্ষেপসমূহৰ জৰিয়তে অৰ্ধপৰিবাহী আৰু বিজ্ঞানখণ্ডত উদ্ভাৱনৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাব। আমি অৰ্ধপৰিবাহী আন্তঃগাঁথনিৰ নিৰ্মাণতো যথেষ্ট গুৰুত্ব আৰোপ কৰি আছো। ইয়াৰ উপৰিও, আপোনালোকৰ ওচৰত এক ত্ৰিমাত্ৰিক ক্ষমতাও আছে। প্ৰথম- আজিৰ ভাৰতৰ সংস্কাৰবাদী চৰকাৰ, দ্বিতীয়- উৎপাদনৰ বৰ্ধিত  আধাৰ আৰু তৃতীয়- ভাৰতৰ উচ্চাকাংক্ষী বজাৰ। এনে এখন বজাৰ যিয়ে প্ৰযুক্তিৰ সোৱাদ জানে। আপোনালোকৰ বাবেও ‘থ্ৰী-ডি পাৱাৰ’ হৈছে অৰ্ধপৰিবাহী উদ্যোগৰ এনে এক আধাৰ যাক আপোনালোকে আন কোনো ঠাইত বিচাৰি পোৱাটো কঠিন হ’ব।

 

বন্ধুসকল,

ভাৰতৰ উচ্চাকাংক্ষী আৰু প্ৰযুক্তি-মুখী সমাজ অতিকে অনন্য। ভাৰতৰ বাবে, ‘চিপ’-ৰ অৰ্থ কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। আমাৰ বাবে, ই কোটি কোটি আকাংক্ষা পূৰণ কৰাৰ এক মাধ্যম। আজি ভাৰত হৈছে ‘চিপ’-ৰ এক বৃহৎ উপভোক্তা। এই চিপ-ত আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ নিৰ্মাণ কৰিছো। আজি এই সৰু ‘চিপ’-টো ভাৰতত অন্তিম মাইল বিতৰণ নিশ্চিত কৰা কাৰ্যত ব্যৱহাৰ কৰা হৈছে। ক’ৰোণাৰ দৰে এক ডাঙৰ সংকটত যেতিয়া পৃথিৱীৰ আটাইতকৈ শক্তিশালী বেঙ্কিং প্ৰণালীবোৰো ধ্বংস হৈছিল, ভাৰতত বেংকবোৰ অবিৰাম চলি আছিল। ভাৰতৰ ‘ইউপিআই’-য়েই হওক, ‘ৰূপে কাৰ্ড’য়েই হওক, ‘ডিজি লকাৰ’-ৰ পৰা ‘দিগী যাত্ৰা’লৈকে হওক, বিভিন্ন প্ৰকাৰৰ ডিজিটেল প্লেটফৰ্মসমূহ ভাৰতৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অংশ হৈ উঠিছে। আজিৰ ভাৰতে আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰতিটো খণ্ডতে উৎপাদন বৃদ্ধি কৰি আছে। আজিৰ ভাৰতে এক বৃহৎ ‘সেউজীয়া ৰূপান্তৰণ’ সম্ভৱ কৰি আছে। আজিৰ ভাৰতত ‘তথ্য কেন্দ্ৰ’সমূহৰ চাহিদা নিৰন্তৰ ভাৱে বৃদ্ধি পাই আছে। অৰ্থাৎ, ভাৰতে গোলকীয় অৰ্ধপৰিবাহী উদ্যোগক সঞ্চালিত কৰাত এক ডাঙৰ ভূমিকা পালন কৰিবলৈ গৈ আছে।

 

বন্ধুসকল,

এটা পুৰণি জনপ্ৰিয় প্ৰবাদ আছে– 'চিপবোৰ য'ত পৰে পৰিবলৈ দিয়ক'। অৰ্থাৎ, যি চলি আছে, ইয়াক যেনেকৈ আছে তেনেকৈ চলি থাকিবলৈ দিয়ক। আজিৰ যুৱ আৰু উচ্চাকাংক্ষী ভাৰতে এই ভাৱনাক সাৰোগত নকৰে। আজি ভাৰতৰ মন্ত্ৰ হৈছে- 'ভাৰতত উৎপাদিত চিপ-ৰ সংখ্যা বৃদ্ধি কৰা'। আৰু সেয়েহে আমি অৰ্ধপৰিবাহী উৎপাদনক আগবঢ়াই নিবলৈ বহুতো পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰতত অৰ্ধপৰিবাহী উৎপাদন কাৰখানা স্থাপনৰ বাবে চৰকাৰে ৫০ শতাংশ সহযোগিতা আগবঢ়াইছে। ইয়াত, ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ স্তৰত সহায় কৰি আছে। ভাৰতৰ এই নীতিসমূহৰ বাবে অতি কম সময়ৰ ভিতৰতে এই খণ্ডত ভাৰতত ১.৫ ট্ৰিলিয়ন টকাৰো অধিক বিনিয়োগ কৰা হৈছে। আৰু আজি বহুতো প্ৰকল্প নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে। ‘ছেমিকন ইণ্ডিয়া’ কাৰ্যসূচীও এক আশ্চৰ্যকৰ আঁচনি। ইয়াৰ অধীনত, ‘ফ্ৰণ্ট এণ্ড ফেবছ’, ‘ডিছপ্লে’ ফেবছ’, ‘ছেমিকণ্ডাক্টৰ পেকেজিং’, ‘কম্পাউণ্ড ছেমিকণ্ডাক্টৰ’, ‘চেন্সৰ আৰু ডিচপ্লে’’ নিৰ্মাণৰ বাবে বিত্তীয় সহযোগিতা প্ৰদান কৰা হৈছে। অৰ্থাৎ ভাৰতত ‘৩৬০ ডিগ্ৰী’ পদ্ধতিৰে কাম কৰা হৈছে। আমাৰ চৰকাৰে ভাৰতত সমগ্ৰ অৰ্ধপৰিবাহী যোগান শৃংখলা পৰিস্থিতিতন্ত্ৰক আগবঢ়াই আছে। মই এই বছৰ লালকিল্লাৰ পৰা কৈছো– ‘আমাৰ সপোন হৈছে যে পৃথিৱীৰ প্ৰতিটো ডিভাইচত এটা ভাৰতীয়ই নিৰ্মাণ কৰা চিপ থাকিব। অৰ্ধপৰিবাহী ‘শক্তি গৃহ’ হিচাপে পৰিগণিত হ'বলৈ যি কৰাৰ প্ৰয়োজন ভাৰতে সেয়া কৰিবলৈ সাজু হৈছে’।

 

বন্ধুসকল,

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা উৎপাদন আৰু ইয়াৰ বিদেশী অধিগ্ৰহণৰ বাবে আমি কিছু সময় আগতে গুৰুত্বপূৰ্ণ খনিজ অভিযান ঘোষণা কৰিছো। গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থবোৰক শুল্কৰ পৰা ৰেহাই দিয়াই হওক, গুৰুত্বপূৰ্ণ খনিজ খণ্ডৰ খননৰ নিলামেই হওক, এই সকলোবোৰৰ বাবে দ্ৰুত গতিত কাম কৰি থকা হৈছে। আৰু কেৱল সেয়াই নহয়, আমি ‘ভাৰতীয় মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান’ত এটা ‘অৰ্ধপৰিবাহী গৱেষণা কেন্দ্ৰ’ স্থাপন কৰাৰ বাবেও কাম কৰি আছো। আমি ‘আইআইটি’-ৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰি আছো যাতে আমাৰ অভিযন্তাসকলে এতিয়াৰ বাবে কেৱল উচ্চ-প্ৰযুক্তিৰ ‘চিপ’ নিৰ্মাণ নকৰে, বৰং ‘পৰৱৰ্তী প্ৰজন্মৰ চিপ’সমূহৰ বাবেও গৱেষণা কৰিব। আমি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাও আগবঢ়াই আছো। আপোনালোকে ‘অইল ডিপ্লোমেচী’ৰ নাম শুনিছে, আজিৰ যুগ হৈছে ‘ছিলিকন ডিপ্লোমেচী’-ৰ যুগ। এই বছৰ ভাৰত ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক পৰিকাঠামোৰ যোগান শৃংখলা পৰিষদ’-ৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। আমি ‘কোৱাড অৰ্ধপৰিবাহী যোগান শৃংখলা উদ্যোগ’-ৰ এক মুখ্য অংশীদাৰ আৰু শেহতীয়াকৈ আমি জাপান আৰু ছিংগাপুৰকে ধৰি বহুতো দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছো। ভাৰতে এই ক্ষেত্ৰত আমেৰিকাৰ সৈতেও নিৰন্তৰ সহযোগিতা বৃদ্ধি কৰি আহিছে।

 

বন্ধুসকল,

আপোনালোক সকলোৱে ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ কথাও জানে। কিছু সংখ্যক মানুহে এনেকৈয়ো প্ৰশ্ন উত্থাপন কৰে যে ভাৰতেনো এই ক্ষেত্ৰত কিয় গুৰুত্ব দিছে। এনে লোকসকলে আমাৰ ‘ডিজিটেল ইণ্ডিয়া মিছন’ অধ্যয়ন কৰিব লাগিব। ‘ডিজিটেল ইণ্ডিয়া মিছন’-ৰ লক্ষ্য আছিল দেশক এক স্বচ্ছ, কাৰ্যকৰী আৰু ‘লীকেজ মুক্ত’ শাসন প্ৰদান কৰা। আৰু আজি আমি ইয়াৰ গুণকীয় প্ৰভাৱ অনুভৱ কৰি আছো। ‘ডিজিটেল ইণ্ডিয়া’-ৰ সফলতাৰ বাবে আমাক সুলভ ‘মোবাইল হেণ্ডছেট’ আৰু ‘ডাটা’-ৰ প্ৰয়োজন। ইয়াৰ বাবে আমি প্ৰয়োজনীয় সংস্কাৰ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰস্তুত কৰিছো। এটা দশক আগতে আমি মোবাইল ফোনৰ সৰ্ববৃহৎ আমদানিকৰ্তা সকলৰ অন্যতম আছিলোঁ। আজি আমি বিশ্বৰ দ্বিতীয় ক্ৰমাংকৰ উৎপাদক আৰু ৰপ্তানিকৰ্তা। এই অলপতে এক প্ৰতিবেদন প্ৰকাশিত হৈছে। আজি ভাৰত ‘৫জি হেণ্ডছেট’ৰ দ্বিতীয় সৰ্ববৃহৎ বজাৰ হৈ উঠিছে। আমি ২ বছৰ আগতে ‘৫জি’-ৰ ‘ৰোল আউট’ আৰম্ভ কৰিছিলো। আজি, আমি ক'ৰ পৰা কত উপস্থিত হৈছোহি চাওকচোন। আজি ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ মূল্যমান ১৫০ বিলিয়ন ডলাৰতকৈয়ো অধিক হৈ উঠিছে। আৰু এতিয়া আমাৰ লক্ষ্য আৰু ডাঙৰ হৈছে। এই দশকৰ শেহৰ ফালে আমি আমাৰ ইলেক্ট্ৰনিক্স খণ্ডক ৫০০ বিলিয়ন ডলাৰ মূল্যমানৰ কৰি তুলিব বিচাৰিছো। ই ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে প্ৰায় ৬ নিযুত বা ৬০ লাখ চাকৰি সৃষ্টি কৰিব। ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডও যথেষ্ট লাভান্বিত হ'ব। আমাৰ লক্ষ্য হৈছে যে ইলেক্ট্ৰনিক উৎপাদনৰ ১০০ শতাংশ কাম ভাৰততে সম্পাদিত কৰা উচিত। অৰ্থাৎ ভাৰতে ‘অৰ্ধপৰিবাহী চিপ’-য়ো প্ৰস্তুত কৰিব আৰু তেওঁলোকৰ ‘ফিনিচ গুডছ’-ও প্ৰস্তুত কৰিব।

 

বন্ধুসকল,

ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰই কেৱল ভাৰতকে নহয়, গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধানো প্ৰদান কৰে। আপোনালোকে নিশ্চয় ‘ডিজাইনিং’ সম্পৰ্কীয় এটা ৰূপকো শুনিবলৈ পাইছে। এই ৰূপক হৈছে– 'বিফলতাৰ একক বিন্দু'। ‘ডিজাইনিং’-ৰ শিক্ষাৰ্থীসকলক সঁকীয়াই দিয়া হয় যে এই ত্ৰুটিটো এৰাই চলাটো নিতান্তই গুৰুত্বপূৰ্ণ। উদ্দেশ্যটো হ'ল প্ৰণালীটো কোনো এটা উপাদানৰ ওপৰত নিৰ্ভৰশীল কৰি প্ৰস্তুত কৰিব নালাগে। এই পাঠবোৰ কেৱল ‘ডিজাইন’তে সীমাবদ্ধ নহয়। এইটো আমাৰ জীৱনতো সমানেই প্ৰযোজ্য, বিশেষকৈ যোগান শৃংখলাৰ ক্ষেত্ৰত। ক’ভিডেই হওক, যুদ্ধই হওক, অতীতত এনে কোনো উদ্যোগ নাই যি যোগান শৃংখলা ব্যাহত হোৱাৰ বাবে ক্ষতিগ্ৰস্ত হোৱা নাই। সেয়েহে, যোগান শৃংখলাৰ স্থিতিস্থাপকতা হৈছে অতিকে গুৰুত্বপূৰ্ণ। আৰু সেয়েহে মই সুখী যে ভাৰত বিভিন্ন ক্ষেত্ৰত স্থিতিস্থাপকতা সৃষ্টিৰ অভিযানসমূহৰ এক গুৰুত্বপূৰ্ণ অংশ। আৰু আমি আৰু এটা কথা মনত ৰাখিব লাগিব। যেতিয়া গণতান্ত্ৰিক মূল্যবোধক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰা হয়, প্ৰযুক্তিৰ ইতিবাচক শক্তি বৃদ্ধি হয়। আনহাতে, যদি প্ৰযুক্তিৰ পৰা গণতান্ত্ৰিক মূল্যবোধ আঁতৰ কৰা হয়, তেন্তে একেটা প্ৰযুক্তিয়েই মাৰাত্মক হ'বলৈ বেছি সময় নালাগে। সেয়েহে, মোবাইল নিৰ্মাণ, ইলেক্ট্ৰনিক্স নিৰ্মাণ বা অৰ্ধপৰিবাহী নিৰ্মাণেই হওক, আমাৰ মনোযোগ অতি স্পষ্ট। আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব বিচাৰো যি সংকটৰ সময়তো স্থবিৰ নহয়- নিৰন্তৰ অব্যাহত থাকিবকে। আপোনালোকে ভাৰতৰ এই প্ৰচেষ্টাসমূহ শক্তিসমৃদ্ধ কৰিব, এই বিশ্বাসেৰেই মই আপোনালোকক শুভকামনা জনাইছো। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2026
June 14, 2026

From Healthcare to Himalayas: PM Modi's Vision Building an Unstoppable India