‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জীৰ স্মাৰক’ৰ আধাৰশিলা স্থাপন কৰে যিটো প্ৰকল্প ১০০ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব
বাৰাণসীৰ এজন সাংসদ হিচাপে প্ৰধানমন্ত্ৰীয়ে একাধিক বাৰ সন্ত ৰবিদাস জীৰ জন্মস্থান ভ্ৰমণ কৰাৰ বিষয়ে অৱগত কৰে আৰু আজি মধ্যপ্ৰদেশৰ সাগৰৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আজি দেশখনে একেই মুক্তিৰ মনোভাৱৰে আগবাঢ়িছে আৰু দাসত্বৰ মানসিকতাক প্ৰত্যাখ্যান কৰিছে"।
৫ লাখ টকালৈকে চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আপোনালোকৰ পুত্ৰ (প্ৰধানমন্ত্ৰী) আপোনালোকৰ কাষত আছে"।
"এই হ্ৰদসমূহ স্বাধীনতাৰ ভাৱনাৰ প্ৰতীক হৈ উঠিব, যি হৈছে সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ," শ্ৰী মোদীয়ে কয়।
অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল, সংসদ সদস্য শ্ৰী ভি ডি শৰ্মা আৰু মধ্য প্ৰদেশ চৰকাৰৰ বিষয়ববীয়াসকল উপস্থিত আছিল।
স্মাৰক দৰ্শন কৰা ভক্তসকলৰ বাবে ইয়াত ভক্ত নিৱাস, ভোজনলয় আদিৰো সুবিধা থাকিব।
“I know the pain of hunger and self-respect of the poor. I am a member of your family and I don’t need to look into the books to understand your pain”
ইয়াৰ ভিতৰত আছে ‘মৰিকোৰি-বিদিশা-হিনোটিয়া’ক সংযোগ কৰা ‘চাৰি লেন’ৰ পথ প্ৰকল্প আৰু হিনোটিয়াক মেহলুৱাৰ সৈতে সংযোগ কৰা এক পথ প্ৰকল্প।
তেওঁ জনাই যে ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা ৰোগৰ পৰা মুক্ত কৰাৰ অভিযানৰ লগতে ছিকল চেল এনিমিয়াৰ পৰা ৭ কোটি ভাৰতীয়ক ৰক্ষা কৰাৰ বাবেও অভিযান চলি আছে

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী বীৰেন্দ্ৰ খতিকজী, জ্যোতিৰাদিত্য সিন্ধিয়াজী, প্ৰহ্লাদ পেটেলজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিভিন্ন স্থানৰ পৰা অহা সকলো পূজনীয় সাধু আৰু বৃহৎ সংখ্যাত অহা মোৰ মৰমৰ ভাই-ভনীসকল।

 

সাগৰৰ দেশ, সাধুসকলৰ সানিধ্য, সন্ত ৰবিদাসজীৰ আশীৰ্বাদ, আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা, প্ৰতিটো কোণৰ পৰা আশীৰ্বাদ কৰিবলৈ অহা ইমান বৃহৎ সংখ্যক মহানুভৱ। আজি সাগৰত সম্প্ৰীতিৰ সাগৰ বিৰাজ কৰিছে। দেশৰ এই অংশীদাৰী সংস্কৃতিক অধিক সমৃদ্ধ কৰাৰ বাবে আজি ইয়াত সন্ত ৰবিদাস স্মাৰক আৰু কলা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। সাধুসকলৰ কৃপাত, মই এই পবিত্ৰ স্মৃতিস্তম্ভৰ ভূমি পূজন কৰাৰ শুভ সুযোগ পাইছোঁ আৰু মই কাশীৰ এজন সাংসদ আৰু সেয়েহে ই মোৰ বাবে দুগুণ সুখ। আৰু শ্ৰদ্ধেয় সন্ত ৰবিদাসজীৰ আশীৰ্বাদত মই আত্মবিশ্বাসেৰে কওঁ যে আজি মই আধাৰশিলা স্থাপন কৰিছোঁ, ডেৰ বছৰৰ পিছত মন্দিৰটো নিৰ্মাণ সম্পূৰ্ণ হ'ব, তেতিয়া মই নিশ্চিতভাৱে সমৰ্পণৰ বাবে আহিম। আৰু সন্ত ৰবিদাসজীয়ে মোক পৰৱৰ্তী বাৰ ইয়ালৈ অহাৰ সুযোগ দিব। মই বেনাৰসত সন্ত ৰবিদাসজীৰ জন্মস্থান কেইবাবাৰো ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছো। আৰু এতিয়া মই আপোনালোক সকলোৰে সৈতে ইয়াত আছোঁ। আজি, মই সাগৰৰ এই দেশৰ পৰা সন্ত শিৰোমণি পুজ্য ৰবিদাসজীৰ দুভৰিত মূৰ দোৱাইছোঁ, তেওঁক প্ৰণাম জনাইছোঁ।

 

ভাই-ভনীসকল,

সন্ত ৰবিদাস স্মাৰক আৰু সংগ্ৰহালয়ত জাকজমকতাৰ লগতে দৈৱত্বও থাকিব। এই দৈৱত্ব ৰবিদাসজীৰ সেই শিক্ষাৰ পৰা আহিব যিবোৰ আজি এই স্মাৰকৰ ভেটিত যোগ দিয়া হৈছে। সম্প্ৰীতিৰ ভাৱনাৰে পৰিপূৰ্ণ ২০ হাজাৰতকৈও অধিক গাঁৱৰ ৩০০ খনতকৈও অধিক নদীৰ মাটি, আজি এই স্মাৰকৰ অংশ হৈ পৰিছে। মুষ্টিমেয় মাটিৰ লগতে, মধ্য প্ৰদেশৰ লাখ লাখ পৰিয়ালেও সমৰাস্তা ভোজৰ বাবে এমুঠি এমুঠি শস্য প্ৰেৰণ কৰিছে। ইয়াৰ বাবে ৫সমৰাস্তা যাত্ৰা চলি আছিল, আজি তেওঁলোকৰো সাগৰৰ ভূমিত সমাগম হৈছে। আৰু মই বিশ্বাস কৰোঁ যে এই সমৰাস্তা যাত্ৰা ইয়াতে সমাপ্ত হোৱা নাই, ইয়াৰ পৰা সামাজিক সম্প্ৰীতিৰ এক নতুন যুগ আৰম্ভ হৈছে। এই কামৰ বাবে মই মধ্য প্ৰদেশ চৰকাৰক অভিনন্দন জনাইছো, মুখ্যমন্ত্ৰী ভাই শিৱৰাজজীক অভিনন্দন জনাইছো আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছো।


 

বন্ধুসকল,

অনুপ্ৰেৰণা আৰু প্ৰগতি, যেতিয়া একেলগে যোগ হয়, তেতিয়া এক নতুন যুগৰ ভেটি স্থাপন হয়। আজি আমাৰ দেশ, আমাৰ মধ্য প্ৰদেশ এই শক্তিৰে আগবাঢ়িছে। একেটা ক্ৰমতে, কোটা-বিনা শাখাত ৰে'লপথ দ্বৈতকৰণো আজি ইয়াত উদ্বোধন কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই উন্নয়নমূলক কামবোৰে সাগৰ আৰু ইয়াৰ আশে-পাশে থকা লোকসকলক উন্নত সুবিধা প্ৰদান কৰিব। ইয়াৰ বাবে মই ইয়াত থকা সকলো ভাই-ভনীক শুভেচ্ছা জনাইছো।

 

বন্ধুসকল,

সন্ত ৰবিদাস স্মাৰক আৰু সংগ্ৰহালয়ৰ এই ভেটি এনে এটা সময়ত স্থাপন কৰা হৈছে যেতিয়া দেশে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এতিয়া পৰৱৰ্তী ২৫ বছৰৰ অমৃতকাল আমাৰ সন্মুখত আছে। আমাৰ উত্তৰাধিকাৰীক আগুৱাই নিয়া আৰু অতীতৰ পৰা শিক্ষা লোৱাটো আমাৰ দায়িত্ব। এখন ৰাষ্ট্ৰ হিচাপে আমি হাজাৰ হাজাৰ বছৰৰ যাত্ৰা কৰিছো। ইমান দীঘলীয়া সময়ছোৱাত সমাজত কিছুমান অশুভ কাম হোৱাটোও স্বাভাৱিক। ভাৰতীয় সমাজৰেই শক্তি যিয়ে এই বেয়াবোৰ আঁতৰাবলৈ সময়ে সময়ে কোনো মহাপুৰুষ, কোনো সাধু, কিছুমান অউলিয়া এই সমাজৰ পৰা ওলাই আহে। ৰবিদাসজী ইমান ডাঙৰ সাধু আছিল। তেওঁ সেই সময়ছোৱাত জন্মগ্ৰহণ কৰিছিল যেতিয়া দেশখনক মোগলে শাসন কৰিছিল। সমাজখনে অস্থিৰতা, উৎপীড়ন আৰু অত্যাচাৰৰ সৈতে যুঁজি আছিল। আনকি সেই সময়তো ৰবিদাসজীয়ে সমাজক জাগ্ৰত কৰিছিল, তেওঁ বেয়াৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিল। সন্ত ৰবিদাসজীয়ে কৈছিল- 

 

जात पांत के फेर महि, उरझि रहई सब लोग। 

मानुष्ता कुं खात हई, रैदास जात कर रोग॥ 

অৰ্থাৎ, সকলোৱে জাতিবাদত আৱদ্ধ হৈ আছে, আৰু এই ৰোগে মানৱতাক খাই পেলাইছে। এফালে, তেওঁ সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে মাতিছিল, আনহাতে, তেওঁ দেশৰ আত্মা কঁপাই তুলিছিল। যেতিয়া আমাৰ বিশ্বাসৰ ওপৰত আক্ৰমণ কৰা হৈছিল, আমাৰ পৰিচয় মচি পেলাবলৈ আমাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তেতিয়া ৰবিদাসজীয়ে কৈছিল, "সেই সময়ত, মোগলৰ সময়ত, এই সাহস চাওক, এই দেশপ্ৰেম চাওক, ৰবিদাসজীয়ে কৈছিল-

 

पराधीनता पाप है, जान लेहु रे मीत| 

रैदास पराधीन सौ, कौन करेहे प्रीत || 

অৰ্থাৎ বশ্যতা হৈছে আটাইতকৈ ডাঙৰ পাপ। যিয়ে বশ্যতা স্বীকাৰ কৰে, তেওঁৰ বিৰুদ্ধে যিয়ে যুঁজ নিদিয়ে, তেওঁক কোনেও ভাল নাপায় । এক প্ৰকাৰে, তেওঁ সমাজক অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ উৎসাহিত কৰিছিল। এই ভাবনাৰেই ছত্ৰপতি বীৰ শিৱাজী মহাৰাজে হিন্দৱী স্বৰাজ্যৰ ভেটি স্থাপন কৰিছিল। স্বাধীনতা সংগ্ৰামত লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ হৃদয়ত এই অনুভৱ আছিল। আৰু, এই মনোভাৱৰ সৈতে, আজি দেশে দাসত্বৰ মানসিকতাৰ পৰা মুক্তিৰ সংকল্পৰ দিশত আগবাঢ়িছে।

 

বন্ধুসকল,

ৰাইদাসজীয়ে তেওঁৰ এটা দোহাত কৈছে আৰু এতিয়া শিৱৰাজজীয়েও ইয়াক উল্লেখ কৰিছে - 

মই তেনেকুৱা হ'ব বিচাৰো, য'ত সকলোৱে খাবলৈ পায়।

সৰু-ডাঙৰ সকলোৱে একেলগে বহে, আৰু সকলোৱে সুখেৰে থাকে।

 

অৰ্থাৎ সমাজখন এনেকুৱা হ'ব লাগে যাতে কোনেও ভোকত থাকিব নালাগে, ডাঙৰ বা সৰু, সকলোৱে একেলগে থাকিব লাগে। আজি স্বাধীনতাৰ অমৃত কালত আমি দেশক দৰিদ্ৰতা আৰু ক্ষুধাৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা চলাই আছো। আপোনাসৱে দেখিছে যে কৰোনাৰ দৰে ইমান ডাঙৰ মহামাৰী হৈছিল। গোটেই পৃথিৱীৰ প্ৰণালীবোৰ খহি পৰিছিল, স্থবিৰ হৈ পৰিছিল। সকলোৱে ভাৰতৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে, দলিত আৰু জনজাতীয় লোকসকলৰ বাবে শংকা প্ৰকাশ কৰিছিল। কোৱা হৈছিল যে এশ বছৰৰ পিছত ইমান ডাঙৰ দুৰ্যোগ আহিছে, সমাজৰ এই অংশটোৱে কেনেকৈ জীয়াই থাকিব পাৰিব। কিন্তু তেতিয়া মই সিদ্ধান্ত লৈছিলো যে যিয়েই নহওঁক, মই মোৰ দৰিদ্ৰ ভাই-ভনীসকলক খালী পেটত শুবলৈ নিদিওঁ। বন্ধুসকল, মই ভালদৰে জানো ভোকত থকাৰ বেদনা কি। মই জানো দৰিদ্ৰসকলৰ আত্মসন্মান কি। মই আপোনাসৱৰ নিজৰ পৰিয়ালৰ সদস্য, আপোনাসৱৰ আনন্দ আৰু দুখ বুজিবলৈ মই কিতাপ বিচাৰিব নালাগে। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা আৰম্ভ কৰিছিলো। ৮০ কোটিতকৈও অধিক লোকৰ বাবে বিনামূলীয়া ৰেচন নিশ্চিত কৰা হৈছে। আৰু আজি সমগ্ৰ বিশ্বতে আমাৰ প্ৰচেষ্টাক প্ৰশংসা কৰা হৈছে।

 

বন্ধুসকল,

আজি দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে যিমানবোৰ ডাঙৰ আঁচনি চলি হৈছে, তাৰ আটাইতকৈ বেছি লাভালাভ দলিত, পিছপৰা জনজাতীয় সমাজক প্ৰদান কৰা হৈছে। আপোনাসৱ সকলোৱে ভালদৰে জানে যে পূৰ্বৰ চৰকাৰবোৰৰ সময়ত আঁচনিবোৰ নিৰ্বাচনৰ বতৰ অনুসৰি আহিছিল। কিন্তু, আমাৰ চিন্তা হৈছে যে জীৱনৰ প্ৰতিটো পৰ্যায়তে দেশে দলিত, বঞ্চিত, পিছপৰা, জনজাতীয়, মহিলাৰ কাষত থিয় হোৱা উচিত, আমি তেওঁলোকৰ আশা আৰু আকাংক্ষাক সমৰ্থন কৰা উচিত। যদি আপোনাসৱে আঁচনিবোৰ লক্ষ্য কৰে, আপোনাসৱে জানিব যে যদি সন্তানৰ জন্মৰ সময় হয়, তেন্তে মাতৃ আৰু সন্তান সুস্থ হৈ থকাৰ বাবে মাতৃ বন্দনা যোজনাৰ জৰিয়তে গৰ্ভৱতী মাতৃক ৬হাজাৰ টকা দিয়া হয়। আপোনাসৱে এইটোও জানে যে জন্মৰ পিছত, শিশুৰ ৰোগ, সংক্ৰামক ৰোগৰ আশংকা থাকে। দৰিদ্ৰতাৰ বাবে দলিত-জনজাতীয় বসতিপূৰ্ণ এলেকাসমূহত তেওঁলোক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। আজি, নৱজাতক শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছে। সকলো ৰোগৰ পৰা বচাবলৈ শিশুসকলক টিকাকৰণ কৰা উচিত, চৰকাৰ এইবিষয়ত চিন্তিত। মই সন্তুোষিত যে বিগত বছৰবোৰত ৫.৫ কোটিতকৈও অধিক মাতৃ আৰু শিশুক টিকাকৰণ কৰা হৈছে।

 

বন্ধুসকল,

আজি আমি দেশৰ ৭ কোটি ভাই-ভনীক চিকল চেল ৰক্তহীনতাৰ পৰা মুক্ত কৰিবলৈ এক অভিযান চলাই আছোঁ। ২০২৫ চনৰ ভিতৰত দেশখনক যক্ষ্মামুক্ত কৰাৰ বাবে কাম কৰা হৈছে, কলাজ্বৰ আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে হ্ৰাস পাইছে। দলিত, বঞ্চিত, দৰিদ্ৰ পৰিয়ালবোৰ এই ৰোগৰ ভুক্তভোগী আছিল। একেদৰে, যদি চিকিৎসাৰ প্ৰয়োজন হয়, আয়ুষ্মান আঁচনিৰ জৰিয়তে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। মানুহে কয় মোডী কাৰ্ড লাভ কৰিছোঁ, যদি আপুনি যিকোনো ৰোগৰ বাবে ৫ লাখ টকালৈকে বিল পৰিশোধ কৰিব লগা হয়, তেন্তে সেয়া আপোনাৰ পুত্ৰই কৰি দিয়ে।

 

বন্ধুসকল,

জীৱন চক্ৰত অধ্যয়ন অতি গুৰুত্বপূৰ্ণ। আজি দেশৰ জনজাতীয় শিশুসকলৰ শিক্ষাৰ বাবে ভাল বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। জনজাতীয় অঞ্চলত ৭০০ একলব্য আৱাসিক বিদ্যালয় খোলা হৈছে। চৰকাৰে তেওঁলোকক অধ্যয়ন, বৃত্তিৰ বাবে কিতাপ দিয়ে। মধ্যাহ্ন ভোজনৰ প্ৰণালী উন্নত কৰা হৈছে যাতে শিশুৱে ভাল পুষ্টিকৰ খাদ্য পায়। কন্যাসকলৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰা হৈছে, যাতে কন্যাসকলেও সমানে আগবাঢ়ি যায়। অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি যুৱক-যুৱতীসকলে বিদ্যালয়ৰ পিছত উচ্চ শিক্ষা লাভৰ বাবে পৃথক বৃত্তিৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আৰু তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ মুদ্ৰা ঋণৰ দৰে আঁচনিও আৰম্ভ কৰা হৈছে। মুদ্ৰা যোজনাৰ বহু সংখ্যক হিতাধিকাৰী হৈছে অনুসূচীত জাতি-জনজাতি সম্প্ৰদায়ৰ মোৰ ভাই-ভনী। আৰু সকলো টকা গেৰাণ্টি অবিহনে দিয়া হয়।

 

বন্ধুসকল,

অনুসূচীত জাতি-জনজাতি সমাজৰ কথা মনত ৰাখি আমি ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিও আৰম্ভ কৰিছিলো। ষ্টেণ্ড-আপ ইণ্ডিয়াৰ অধীনত, অনুসূচীত জাতি-জনজাতি সমাজৰ যুৱসকলে ৮,০০০ কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। ৮,০০০ কোটি টকা আমাৰ অনুসূচীত জাতি-জনজাতি সমাজৰ যুৱপ্ৰজন্মলৈ গৈছে। আমাৰ বহুতো জনজাতীয় ভাই-ভনীয়ে বন সম্পদৰ জৰিয়তে জীৱিকা অৰ্জন কৰে। তেওঁলোকৰ বাবে, দেশে বন ধন যোজনা চলাই আছে। আজি প্ৰায় ৯০বিধ বনজাত সামগ্ৰীয়েও এমএছপিৰ সুবিধা লাভ কৰিছে। কেৱল এয়াই নহয়, কোনো দলিত, বঞ্চিত, পিছপৰা ব্যক্তি যাতে ঘৰ অবিহনে থাকিব নালাগে, প্ৰতিজন দৰিদ্ৰলোকৰ মূৰৰ ওপৰত যাতে এখন চাল থাকে সেয়া নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী আৱাসো প্ৰদান কৰা হৈছে। ঘৰৰ সকলো প্ৰয়োজনীয় সুবিধা নিশ্চিত কৰাৰ বাবে বিদ্যুৎ সংযোগ, পানী সংযোগ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। ইয়াৰ ফলস্বৰূপে আজি অনুসূচীত জাতি-জনজাতি সমাজৰ লোকসকলে ভৰিৰ ওপৰত থিয় হৈ আছে। তেওঁলোকে সমতাৰ সৈতে সমাজত সঠিক স্থান লাভ কৰিছে। 

বন্ধুসকল,

সাগৰ এনে এখন জিলা যাৰ নামততো সাগৰ আছেই, ইয়াক ৪০০একৰৰ লাখা বানজাৰা হ্ৰদেও চিনাক্ত কৰিছে। লাখা বনজাৰাৰ দৰে এজন নায়কৰ নাম এই ধৰাৰ সৈতে জড়িত। লাখা বনজাৰাই ইমান বছৰ আগতে পানীৰ গুৰুত্ব বুজি পাইছিল। কিন্তু, যিসকলে কেইবা দশক ধৰি দেশত চৰকাৰ চলাইছিল তেওঁলোকে দৰিদ্ৰ লোকসকলক খোৱা পানী যোগান ধৰাৰ প্ৰয়োজনীয়তাও বুজি পোৱা নাছিল। আমাৰ চৰকাৰেও জল জীৱন মিছনৰ জৰিয়তে এই কাম পূৰ্ণ গতিত কৰি আছে। আজি দলিত বসতিপূৰ্ণ, পিছপৰা অঞ্চল, জনজাতীয় অঞ্চলত পাইপযোগে পানী প্ৰদান কৰা হৈছে। একেদৰে, লাখা বানজাৰাৰ পৰম্পৰাক আগুৱাই লৈ প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। এই হ্ৰদবোৰ স্বাধীনতাৰ ভাৱনাৰ প্ৰতীক হৈ পৰিব আৰু সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ হৈ পৰিব।

বন্ধুসকল,

আজি দলিত, বঞ্চিত, পিছপৰা বা দেশৰ জনজাতীয় লোকেই হওঁক, আমাৰ চৰকাৰে তেওঁলোকক উপযুক্ত সন্মান প্ৰদান কৰিছে আৰু তেওঁলোকক নতুন সুযোগ প্ৰদান কৰিছে। এই সমাজৰ লোকসকল দুৰ্বল নহয়, বা তেওঁলোকৰ ইতিহাস দুৰ্বল নহয়। সমাজৰ এই শ্ৰেণীবোৰৰ পৰা এজন মহান ব্যক্তিত্ব ওলাই আহিছে। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণত এক অসাধাৰণ ভূমিকা পালন কৰিছে। সেয়েহে, আজি দেশখনেও তেওঁলোকৰ ঐতিহ্য গৌৰৱেৰে সংৰক্ষণ কৰি আছে। বেনাৰসত সন্ত ৰবিদাসজীৰ জন্মস্থানত মন্দিৰটোৰ সৌন্দৰ্যবৰ্দ্ধন কৰা হৈছিল। মই নিজেই সেই কাৰ্যসূচীত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছিলো। ভূপালৰ গোবিন্দপুৰাত নিৰ্মাণ কৰা গ্লোবেল স্কিল পাৰ্কৰ নামো সন্ত ৰবিদাসৰ নামেৰে নামাকৰণ কৰা হৈছে। বাবা চাহেবৰ জীৱনৰ সৈতে সম্পৰ্কিত বিশিষ্ট স্থানবিলাক পঞ্চ-তীৰ্থ হিচাপে বিকাশৰ দায়িত্বও আমি গ্ৰহণ কৰিছো। একেদৰে, আজি দেশৰ বহুতো ৰাজ্যত জনজাতীয় সমাজৰ গৌৰৱময় ইতিহাসক অমৰ কৰি ৰাখিবলৈ সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। দেশ ভগৱান বিৰচা মুণ্ডাৰ জন্মদিন জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ পৰম্পৰা আৰম্ভ কৰিছে। মধ্য প্ৰদেশতো, হাবিবগঞ্জ ৰেল ষ্টেচনৰ নাম গণ্ড সম্প্ৰদায়ৰ ৰাণী কামলাপতিৰ নামেৰে ৰখা হৈছে। পাতালপানী ষ্টেচনৰ নাম তান্তিয়া মামাৰ নামেৰে ৰখা হৈছে। আজি দেশত প্ৰথমবাৰৰ বাবে দলিত, পিছপৰা আৰু জনজাতীয় পৰম্পৰাই এই সন্মান লাভ কৰিছে, যি সন্মান এই সমাজৰ লোকসকলৰ প্ৰাপ্য আছিল। আমি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ এই সংকল্পৰ সৈতে আগবাঢ়িব লাগিব। মই নিশ্চিত যে সন্ত ৰবিদাসজীৰ শিক্ষাই দেশৰ এই যাত্ৰাত সকলো দেশবাসীক একত্ৰিত কৰি থাকিব। একেলগে আমি ভাৰতক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম। এই ভাবনাৰ সৈতে, আপোনালোক সকলোকে বহুত ধন্যবাদ। আপোনাসৱক শুভেচ্ছা।  

ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pharma exports rose 2% to over $31 billion in FY26 despite sharp decline in March

Media Coverage

Pharma exports rose 2% to over $31 billion in FY26 despite sharp decline in March
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India - Republic of Korea Joint Statement on Cooperation in the field of Sustainability
April 20, 2026

The Republic of India and the Republic of Korea, hereafter referred to as "the two sides,” agreed to strengthen bilateral cooperation to address global sustainability challenges through practical collaboration in climate change, maritime and Arctic issues.

As environmentally responsible nations, the two sides reaffirmed their commitment to fulfill the 2030 Agenda for Sustainable Development with respect to environment in an integrated manner. To achieve this, the two sides decided to promote cooperation on environmental matters and climate change, including the sustainable management of natural resources including land, air, water, biodiversity, and wastes.

Climate Change Cooperation

Reaffirming their support for the rules-based international order and their commitment to the Paris Agreement, the two sides recognised the critical importance of enhancing climate action to address the unprecedented climate crisis that threatens sustainability of humanity and nature.

In this context, the two sides welcomed the conclusion of an MOC under Article 6.2 of the Paris Agreement, which establishes a cooperative approach for investment-driven mitigation projects, advances the achievement of their respective Nationally Determined Contributions, and further strengthens their strategic partnership in the area of climate action. The two sides will promote cooperation on climate change issues including carbon market, the Article 6.2 cooperative approach, renewable energy and low-carbon technologies.

Environmental Cooperation and Sustainable Development

As environmentally responsible nations, India and the ROK decided to pursue institutional cooperation through an MOU on Cooperation in the Field of Climate and the Environment. The Indian side welcomed the ROK joining as a member of International Solar Alliance (ISA). The ROK side welcomed India joining as a member of the Global Green Growth Institute (GGGI).

Oceans and Marine Sustainability

Recognising the importance of the oceans for economic development, ecological balance, and food security, the two sides agreed to expand cooperation in marine science, sustainable fisheries, coastal ecosystem protection, and marine pollution prevention.

The two sides will enhance collaboration in the blue economy and promote closer exchanges between scientific institutions and maritime agencies in both countries.

Arctic Research and Polar Cooperation

India and the ROK noted their growing engagement in Arctic research and scientific cooperation. The two sides recognised the Arctic as an important region for advancing understanding of climate change and agreed to expand cooperation in the Arctic, including Arctic science and Arctic shipping.

The two sides will promote closer collaboration between their respective Arctic research institutions and explore opportunities for joint research initiatives, scientific exchanges, and participation in international polar research programmes.

Way Forward

The two sides reaffirmed their commitment to advancing practical cooperation that contributes to sustainable development and climate action.

India and the ROK expressed confidence that the expanded cooperation outlined in this joint statement will contribute to the development of innovative and scalable solutions that can support sustainable development in the Indo-Pacific region and beyond.