Dedicates and lays foundation stone for 5 National Highway Projects
Dedicates doubling of 103 km long Raipur - Khariar Road Rail Line and 17 km long new railway line connecting Keoti - Antagarh
Dedicates Indian Oil Corporation Bottling Plant at Korba
Flags off Antagarh - Raipur Train via video link
Initiates distribution of 75 lakh cards to the beneficiaries under Ayushman Bharat
“Today’s projects mark a new journey of development and convenience in the tribal areas of Chhattisgarh”
“Government is prioritizing infrastructure development in those specific regions which have lagged behind in terms of development”
“Modern infrastructure is also related to social justice”
“Today Chhattisgarh is connecting with two economic corridors”
“The Government is committed to creating new opportunities and setting up more industries in areas of natural wealth”
“Government has provided more than Rs 25000 crores to Chhattisgarh for providing adequate employment under MNREGA”

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনজী, মুখ্যমন্ত্ৰী শ্ৰী ভূপেশ বাঘেলজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী নীতীন গাড়কাৰীজী, মনসুখ মাণ্ডৱিয়াজী, ৰেণুকা সিংজী, ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী শ্ৰী টি এছ সিং দেওজী, শ্ৰী ৰমন সিংজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! ছত্তীশগড়ৰ উন্নয়নীযাত্ৰাত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন।

ছত্তীশগড়ে আজি ৭০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উপহাৰ লাভ কৰিছে। এই উপহাৰটো আন্তঃগাঁথনি নিৰ্মাণ আৰু যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ। এই উপহাৰটো হৈছে ছত্তীশগড়ৰ লোকসকলৰ জীৱনযাত্ৰা সহজ কৰি তোলাৰ লগতে ইয়াৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ। ভাৰত চৰকাৰৰ এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যখনত বহুতো নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হ'ব। এই প্ৰকল্পসমূহৰ দ্বাৰা ধান খেতিয়ক, খনিজ সম্পদ আৰু পৰ্যটন সম্পৰ্কীয় উদ্যোগসমূহো যথেষ্ট লাভান্বিত হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াৰ সৈতে জনজাতীয় অঞ্চলসমূহত সা-সুবিধা আৰু উন্নয়নৰ দিশত এক নতুন যাত্ৰা আৰম্ভ হ'ব। এই সকলোবোৰ প্ৰকল্পৰ বাবে মই ছত্তীশগড়ৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। 

বন্ধুসকল,

ভাৰতত আমাৰ দশক পুৰণি অভিজ্ঞতা অনুসৰি, এইটো উপলব্ধি কৰা হৈছিল যে য'তেই আন্তঃগাঁথনি দুৰ্বল আছিল, সমানেই সেইবোৰ অঞ্চলত উন্নয়নৰ ধাৰা পলমকৈ আৰম্ভ হৈছিল। গতিকে আজি ভাৰতে উন্নয়নৰ দৌৰত পিছ পৰি থকা অঞ্চলসমূহত আন্তঃগাঁথনিৰ অধিক বিকাশত গুৰুত্ব আৰোপ কৰিছে। আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থ হৈছে মানুহৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলা, আন্তঃগাঁথনিৰ অৰ্থ হৈছে ব্যৱসায় কৰাৰ ক্ষেত্ৰত সহজতা সৃষ্টি কৰা, আন্তঃগাঁথনিৰ অৰ্থ হৈছে লাখ লাখ নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা, আৰু আন্তঃগাঁথনিৰ অৰ্থ হৈছে দ্ৰুত বিকাশ সাধন কৰা। আজি ভাৰতত যিধৰণে আধুনিক আন্তঃগাঁথনি বিকশিত হবলৈ ধৰিছে সেয়াও ইয়াত ছত্তীশগড়ত প্ৰতিফলিত হৈছে। যোৱা ৯টা বছৰত ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত ছত্তীশগড়ৰ হাজাৰ হাজাৰ জনজাতীয় গাঁৱৰ পথ নিৰ্মিত হৈছে। ভাৰত চৰকাৰে ৰাজ্যখনত প্ৰায় ৩,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পলৈ অনুমোদন জনাইছে। ইয়াৰ ভিতৰত প্ৰায় ৩,০০০ কিলোমিটাৰ প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি ‘ৰায়পুৰ-কোদেবড়’ আৰু ‘বিলাসপুৰ-পাথৰপালী ঘাইপথ’ উদ্বোধন কৰা হৈছে। ৰে'লপথেই হওক বা স্থলপথ বা ‘টেলিকমে’ই হওক, ভাৰত চৰকাৰে সকলো ধৰণৰ সংযোগৰ বাবে যোৱা ৯টা বছৰত ছত্তীশগড়ত অভূতপূৰ্ব ভাবে কাম কৰিছে।

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনিৰ আন এটা গুৰুত্বপূৰ্ণ সুবিধা আছে, যাক সাধাৰণতে পৰ্যাপ্ত আলোচনা কৰা নহয়। আধুনিক আন্তঃগাঁথনি সামাজিক ন্যায়ৰ সৈতেও সম্পৰ্কিত। ভাৰত চৰকাৰে বহু শতাব্দী ধৰি অন্যায় আৰু অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক এই আধুনিক সুবিধাসমূহ প্ৰদান কৰি আহিছে। আজি এই পথ আৰু ৰে'লপথসমূহে দৰিদ্ৰ, দলিত, পিছপৰা আৰু জনজাতীয় লোকসকলৰ বসতিসমূহক সংযোজিত কৰিছে। এই দুৰ্গম এলেকাসমূহত বাস কৰা ৰোগী, মাতৃ আৰু ভগ্নীসকলে আজি সহজে চিকিৎসালয়ত উপস্থিত হোৱাৰ সুবিধা লাভ কৰিছে। ইয়াৰ পৰা কৃষক আৰু শ্ৰমিকসকল পোনপটীয়াকৈ লাভান্বিত হৈছে। ইয়াৰ আন এটা উদাহৰণ হ'ল মোবাইল সংযোগ। ৯ বছৰ আগতে ছত্তীশগড়ৰ ২০ শতাংশতকৈয়ো অধিক গাঁৱত কোনো ধৰণৰ মোবাইল সংযোগ নাছিল। আজি ই প্ৰায় ৬ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰে বেছিভাগেই নক্সাল হিংসাৰ দ্বাৰা প্ৰভাৱিত গাঁও আৰু জনজাতীয় গাঁও। এই গাঁওবোৰে যাতে উন্নত ৪জি সংযোগ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে ৭০০ তকৈয়ো অধিক ‘মোবাইল টাৱাৰ’ স্থাপন কৰিছে। ইয়াৰ ভিতৰত প্ৰায় ৩০০ ‘টাৱাৰ’-য়ে ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে। যিবোৰ জনজাতীয় গাঁৱত সোমোৱাৰ লগে লগে ‘মোবাইল ফোনৰ নেটৱৰ্ক’ হেৰুৱাবলগীয়া হৈছিল সেইবোৰ গাঁৱত আজি ‘মোবাইল ৰিংট’ন’ প্ৰতিধ্বনিত হ’বলৈ লৈছে। ‘মোবাইল ফোন’ৰ সংযোগৰ আগমনৰ লগে লগে, গাঁওসমূহৰ নিবাসীসকলে এতিয়া বহুতো কামৰ সুবিধা লাভ কৰিছে। আৰু এয়াই হৈছে সামাজিক ন্যায়। আৰু এয়াই হৈছে 'সবকা সাথ সবকা বিকাশ'ৰ ধাৰণা। 

বন্ধুসকল,

আজি ছত্তীশগড়ে দুটা অৰ্থনৈতিক ক’ৰিডৰৰ সৈতে সংযোগ স্থাপন কৰিছে। সেয়া হৈছে- ‘ৰায়পুৰ-ধানবাদ অৰ্থনৈতিক ক’ৰিডৰ’ আৰু ‘ৰায়পুৰ-বিশাখাপত্তনম অৰ্থনৈতিক ক’ৰিডৰ’। এই দুটা ক’ৰিডৰ-য়ে এই সমগ্ৰ অঞ্চলটোৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। এই অৰ্থনৈতিক ‘ক’ৰিডৰ’কেইটা ‘উচ্চাকাংক্ষী জিলা’সমূহৰ মাজেৰে পাৰ হৈ গৈছে যাক এসময়ত পিছপৰা জিলা বুলি অভিহিত কৰা হৈছিল, আৰু য'ত এসময়ত হিংসা আৰু অৰাজকতাই বিৰাজ কৰিছিল। আজি ভাৰত চৰকাৰৰ অধীনৰ সেই জিলাসমূহত উন্নয়নৰ এক নতুন কাহিনী লিখা হৈছে। আজি ‘ৰায়পুৰ-বিশাখাপত্তনম অৰ্থনৈতিক ক’ৰিডৰ’, যাৰ ওপৰত কাম আৰম্ভ হৈছে, এই অঞ্চলসমূহৰ এক নতুন জীৱনৰেখা হৈ উঠিব। এই কৰিডৰৰ জৰিয়তে ৰায়পুৰ আৰু বিশাখাপত্তনমৰ মাজৰ যাত্ৰাপথ আধালৈ হ্ৰাস পাব। এই ৬ লেনযুক্ত পথটো ধামতাৰীৰ বিশাল ধান-পটী, কাঙ্কেৰৰ বক্সাইট-পটী আৰু হস্তশিল্প সমৃদ্ধ কোণ্ডাগাঁৱক দেশৰ বাকী অংশৰ সৈতে সংযোজিত কৰাৰ এক মুখ্য পথ হৈ উঠিব। আৰু, মই সঁচাকৈয়ে ইয়াৰ আৰু এটা বস্তু ভাল পাইছো। এই পথটো বন্যপ্ৰাণী অধ্যুষিত অঞ্চলৰ মাজেৰে পাৰ হ'ব। গতিকে বন্যপ্ৰাণীৰ সুবিধাৰ বাবে সুৰংগ আৰু জন্তুৰ পাছ-ও নিৰ্মাণ কৰা হ'ব। ‘দাল্লি ৰাজহৰা’ৰ পৰা জগদলপুৰলৈ ৰে'ল লাইনৰ লগতে অন্তাগড়ৰ পৰা ৰায়পুৰলৈ পোনপটীয়া ৰে'ল সেৱাৰ ফলত দূৰৱৰ্তী অঞ্চলসমূহলৈ যাত্ৰা কৰাটো সহজ সাধ্য হৈ উঠিব।

বন্ধুসকল,

ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি হৈছে যে য'তেই প্ৰাকৃতিক সম্পদ আছে ততেই নতুন সুযোগ সৃষ্টি কৰিব লাগে, আৰু তাত অধিক সংখ্যক উদ্যোগ স্থাপন কৰিব লাগে। যোৱা ৯টা বছৰত ভাৰত চৰকাৰে এই দিশত কৰা প্ৰচেষ্টাই ছত্তীশগড়ত ঔদ্যোগিকীকৰণক নতুনকৈ উৎসাহিত কৰিছে। ভাৰত চৰকাৰৰ নীতিৰ আধাৰত ছত্তীশগড়েও ৰাজহৰ ৰূপত অধিক ধন লাভ কৰিছে। বিশেষকৈ খনি আৰু খনিজ আইনৰ পৰিৱৰ্তন সাধনৰ পিছত ছত্তীশগড়ে ৰাজকীয় ৰূপত অধিক ধন লাভ কৰা আৰম্ভ কৰিছে। ২০১৪ চনৰ আগৰ চাৰি বছৰত ছত্তীশগড়ে ‘ৰয়েল্টী’ হিচাপে ১৩০০ কোটি টকা লাভ কৰিছিল। যদিও ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষৰ ভিতৰত ছত্তীশগড়ে ‘ৰয়েল্টী’ হিচাপে প্ৰায় ২৮০০ কোটি টকা লাভ কৰিছে। জিলা খনিজ পুঁজিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে খনিজ সম্পদ থকা জিলাসমূহত উন্নয়নৰ কাম ত্বৰান্বিত কৰা হৈছে। শিশুসকলৰ বাবে বিদ্যালয়েই হওক, পুথিভঁৰালেই হওক, ৰাস্তাই হওক বা পানী প্ৰণালীয়েই হওক, জিলা খনিজ পুঁজিৰ ধন এনে বহুতো প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হৈছে।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰৰ আন এটা প্ৰচেষ্টাৰ পৰাও ছত্তীশগড় যথেষ্ট লাভান্বিত হৈছে। ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ছত্তীশগড়ত ১ কোটি ৬০ লাখৰো অধিক ‘জন ধন বেংক একাউণ্ট’ খোলা হৈছে। আজি, এই বেংক একাউণ্টসমূহত ৬০০০ কোটি টকাৰো অধিক ধন জমা কৰা হৈছে। এয়া হৈছে সেই দৰিদ্ৰ পৰিয়ালসমূহ, তেওঁলোকৰ পৰিয়ালৰ সদস্য, কৃষক আৰু শ্ৰমিকসকলৰ ধন যিসকলে আগতে তেওঁলোকৰ ধন অসুৰক্ষিত স্থানত ৰাখিবলৈ বাধ্য হৈছিল। আজি, এই জন ধন একাউণ্টসমূহৰ বাবে, দৰিদ্ৰসকলে চৰকাৰৰ পৰা পোনপটীয়া সহায় লাভ কৰিছে। ভাৰত চৰকাৰে ছত্তীশগড়ৰ যুৱসমাজক নিযুক্তি পোৱাত সহায় কৰিবলৈ, যদি তেওঁলোকে স্ব-নিয়োজিত হ'ব বিচাৰে তেন্তে তেওঁলোকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে। ‘মুদ্ৰা যোজনা’ৰ অধীনত ছত্তীশগড়ৰ যুৱক-যুৱতীসকলক ৪০,০০০ কোটি টকাৰো অধিক সাহায্য আগবঢ়োৱা হৈছে। আৰু এই টকা কোনো ‘বেংক গেৰাণ্টী’ অবিহনেই প্ৰদান কৰা হৈছে। এই সহায়তৰ জৰিয়তে আমাৰ বহু সংখ্যক জনজাতীয় যুৱক-যুৱতী আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে ছত্তীশগড়ৰ গাঁওসমূহত নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। ভাৰত চৰকাৰে কৰোনা কালত দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰিবলৈ লাখ কোটি টকাৰ এক বিশেষ আঁচনিও আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, ছত্তীশগড়ৰ প্ৰায় ২ লাখ উদ্যোগে প্ৰায় ৫০০০ কোটি টকাৰ সাহায্য লাভ কৰিছে। 

বন্ধুসকল,

আমাৰ দেশত, আমাৰ পথৰ দাঁতিত ব্যৱসায় কৰা বেপাৰীসকলৰ বিষয়ে আগতে কেতিয়াও কোনো চৰকাৰে চিন্তা কৰা নাছিল। এই লোকসকলৰ বেছিভাগেই গাঁৱৰ পৰা আহে আৰু চহৰসমূহত কাম কৰে। ভাৰত চৰকাৰে প্ৰতিগৰাকী পথৰ দাঁতিত ব্যৱসায় কৰা বেপাৰীক ইয়াৰ অংশীদাৰ হিচাপে গণ্য কৰিছে। সেইকাৰণে আমি প্ৰথমবাৰৰ বাবে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা ৰূপায়ণৰ দিহা কৰিছিলো আৰু তেওঁলোকক ‘বেংক গেৰাণ্টী’ অবিহনেই ঋণ দানৰ ব্যৱস্থা কৰিছিলো। ছত্তীশগড়ত ইয়াৰ ৬০ হাজাৰৰো অধিক হিতাধিকাৰী আছে। ভাৰত চৰকাৰে গাঁওসমূহত এমজিএনৰেগাৰ অধীনত পৰ্যাপ্ত নিযুক্তি প্ৰদান কৰাৰ বাবে ছত্তীশগড়ক ২৫,০০০ কোটি টকাৰো অধিক টকা প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ এই ধন গাঁওসমূহৰ শ্ৰমিকসকলৰ জেপত সোমাইছেগৈ।

বন্ধুসকল,

অলপ আগতে মাত্ৰ ইয়াত ৭৫ লাখ হিতাধিকাৰীৰ মাজত ‘আয়ুষ্মান কাৰ্ড’ বিতৰণ কৰা হৈছে। অৰ্থাৎ, এই দৰিদ্ৰ আৰু জনজাতীয় ভাই-ভনীসকলে প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টী লাভ কৰিছে। তেওঁলোকে ছত্তীশগড়ৰ ১৫০০ তকৈয়ো অধিক মুখ্য চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা সম্পন্ন কৰিব পাৰিব। মই আনন্দিত যে আয়ুষ্মান যোজনাই দৰিদ্ৰ, জনজাতীয়, পিছপৰা আৰু দলিত পৰিয়ালৰ জীৱন ৰক্ষা কৰাত যথেষ্ট সহায় কৰিছে। আৰু এই আঁচনিখনৰ আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে। যদি ছত্তীশগড়ৰ এজন হিতাধিকাৰী ভাৰতৰ আন কোনো ৰাজ্যত আছে আৰু যদি তেওঁ তাত কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে এই কাৰ্ডখনে তেওঁক সেই সকলোবোৰ লাভ আনকি সেই বেলেগ ৰাজ্যতো প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে। এই কাৰ্ডখনত অপৰিসীম শক্তি আছে। মই আপোনালোকক আশ্বাস দিছো যে ভাৰত চৰকাৰে ছত্তীশগড়ৰ প্ৰতিটো পৰিয়ালক একে ধৰণৰ সেৱাৰে ৰক্ষা কৰি যাব। আকৌ এবাৰ এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোলৈকে মোৰ শুভকামনা জনাইছোঁ! ধন্যবাদ! 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with King of Bahrain
March 20, 2026
PM Conveys Eid Greetings and Condemns Attacks on Energy and Civilian Infrastructure

Prime Minister Shri Narendra Modi held a fruitful discussion today with His Majesty King Hamad Bin Isa Al Khalifa, the King of Bahrain, to exchange festive greetings and address regional security concerns.

The Prime Minister spoke with His Majesty King Hamad Bin Isa Al Khalifa and conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain. During the conversation, both leaders discussed the current situation in the West Asian region. PM Modi condemned attacks on the energy and civilian infrastructure, underscoring their adverse impact on global food, fuel, and fertilizer security. Shri Modi reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure. The Prime Minister further expressed his gratitude to His Majesty for his continued support for the well-being of the Indian community in Bahrain.

The Prime Minister wrote on X:

"Had a fruitful discussion with the King of Bahrain, His Majesty King Hamad Bin Isa Al Khalifa. Conveyed warm greetings on the occasion of Eid al-Fitr to him and the people of Bahrain.

We discussed the current situation in the West Asian region. Condemned attacks on the energy and civilian infrastructure in the region, underscoring their adverse impact on global food, fuel and fertilizer security.

Reiterated the importance of ensuring freedom of navigation and keeping shipping lines open and secure.

Thanked His Majesty for his continued support for the well-being of the Indian community in Bahrain."