ছাৰ এম এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি
“‘সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে”
“কৰ্ণাটকত দৰিদ্ৰ লোকক সেৱা আগবঢ়োৱা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ গৌৰৱময় পৰম্পৰা আছে”
‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”
“আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”
“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মহিলাক শীৰ্ষ অগ্ৰাধিকাৰ দিছো”

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বসৱৰাজ বোম্মই জী, সদগুৰু শ্ৰী মধুসূদন সাই জী, মঞ্চত উপবিষ্ট বিশিষ্ট লোক, ভদ্ৰলোক আৰু মহিলাসকল।

কৰ্ণাটকৰ ভ্ৰাতৃ-ভগ্নীসকলক নমস্কাৰ জনালোঁ।

ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।

সতীৰ্থসকল,

এই ভূমিয়ে সত্য সাই গ্ৰামৰ ৰূপতো দেশৰ সেৱাৰ এক বিশিষ্ট আৰ্হি দাঙি ধৰিছে। শিক্ষা আৰু স্বাস্থ্যৰ জৰিয়তে ইয়াত মানৱ সেৱাৰ কাম যিদৰে অব্যাহত আছে, সেয়া সঁচাকৈয়ে আশ্চৰ্য্যজনক। আজি এই চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হৈছে, এই অভিযান অধিক সুদৃঢ় হৈ পৰিছে। শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চে প্ৰতি বছৰে একাধিক নতুন প্ৰতিভাৱান চিকিৎসকক দেশৰ লাখ-লাখ লোকৰ সেৱাৰ বাবে সাজু কৰি তুলিব।

ভ্ৰাতৃ-ভগ্নীসকল,

স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ উন্নয়ন সাধনৰ সংকল্প গ্ৰহণ কৰা হৈছে। বহু সময়ত জনতাই সুধিছে যে ভাৰত ইমান কম সময়তে কেনেকৈ উন্নত হৈ উঠিব? তেতিয়া মই কৈছিলো, ২০৪৭ত স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’ব। তেতিয়া জনতাই প্ৰশ্ন কৰিছিল যে ইমান কম সময়ত ভাৰত কেনেকৈ বিকশিত হ’ব? ইমানবোৰ প্ৰত্যাহ্বান, ইমান কাম আছে, কম সময়ৰ ভিতৰত কেনেকৈ সম্পূৰ্ণ হ’ব? এই প্ৰশ্নৰ উত্তৰ এটাই, শক্তিশালী উত্তৰ, দৃঢ়তাৰে ভৰা উত্তৰ, সাফল্য লাভৰ শক্তিৰে পৰিপূৰ্ণ উত্তৰ আৰু সেই উত্তৰটোৱেই হৈছে সকলোৰে প্ৰচেষ্টা। প্ৰতিজন দেশবাসীৰ যৌথ প্ৰচেষ্টাতহে এয়া সম্ভৱ হ’ব। সেইবাবেই বিজেপি চৰকাৰে অহৰহ সকলোৰে অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাৰ সামাজিক সংগঠন, ধৰ্মীয় সংগঠনসমূহৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কৰ্ণাটকত সন্ত, আশ্ৰমৰ এক বিশাল পৰম্পৰা আছে। এই ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহে বিশ্বাস আৰু আধ্যাত্মিকতাৰ লগতে দৰিদ্ৰ, দলিত, পিছপৰা, আদিবাসীসকলৰ সবলীকৰণত মনোনিৱেশ কৰি আহিছে। আপোনালোকৰ সংগঠনে কৰি থকা সামাজিক কামেও সকলোৰে প্ৰচেষ্টাৰ মনোভাৱক সুদৃঢ় কৰিছে।

সতীৰ্থসকল,

মই জানো, শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ মূলমন্ত্ৰ হৈছে- "যোগঃ কৰ্ম কৌশলম"। অৰ্থাৎ কৰ্মত দক্ষতাৰ সংযোজন। যোৱা ৯ বছৰে ভাৰততো আমি অতিশয় আন্তৰিকতাৰে, অতিশয় দক্ষতাৰে কাম কৰিবলৈ সক্ষম হৈছো। দেশখনত চিকিৎসা শিক্ষাৰ সৈতে জড়িত একাধিক সংস্কাৰ সাধন কৰা হৈছে। ইয়াৰ লগে-লগে চৰকাৰকে প্ৰমুখ্য কৰি আন-আন সংগঠনৰ বাবে চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো সহজ হৈ পৰিছে। এনেদৰে আকাংক্ষিত জিলাসমূহত ৪০ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, যিসমূহ জিলা উন্নয়নৰ প্ৰতিটো দিশতে পিছ পৰি আছিল, তাতেই চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰা হৈছে।

সতীৰ্থসকল,

যোৱা ৯ বছৰত দেশত চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। স্বাধীনতাৰ ৭৫ বছৰৰ তুলনাত আগন্তুক ১০ বছৰত চিকিৎসকৰ সংখ্যা অধিক হৈ উঠিব। দেশত অব্যাহত এই কৰ্মৰাজিৰ সুফল কৰ্ণাটকেও লাভ কৰিছে। আজি কৰ্ণাটকত প্ৰায় ৭০ খন চিকিৎসা মহাবিদ্যালয় আছে। ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত বছৰসমূহত নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত এখন চিকবল্লাপুৰতো নিৰ্মাণ কৰা হৈছে। এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আমি ১৫০ খন নাৰ্চিং ইনষ্টিটিউট নিৰ্মাণৰ কথাও ঘোষণা কৰিছো। ইয়াৰ বাবেই নাৰ্চিঙৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলৰ বাবে একাধিক সুযোগ সৃষ্টি হ’ব।

সতীৰ্থসকল,

আজি আপোনালোকৰ মাজলৈ আহি ভাৰতৰ চিকিৎসা বৃত্তিৰ সন্মুখত থকা এটা প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰিব বিচাৰিছো। এই প্ৰত্যাহ্বানৰ বাবেই গাঁৱৰ যুৱক-যুৱতী, দৰিদ্ৰ, পিছপৰা সমাজৰ বাবে চিকিৎসক হোৱাটো অতি কঠিন হৈ পৰিছিল। ৰাজনৈতিক স্বাৰ্থৰ বাবে একাংশ দলে ভোট বেংকৰ অৰ্থে ভাষাৰ খেল খেলিছিল। কিন্তু সঁচাকৈয়ে ভাষাটোক শক্তিশালী কৰিবলৈ, যিমান হ’ব লাগিছিল, সেয়া হৈ নুঠিল। কানাড়া ইমান চহকী ভাষা, দেশৰ গৌৰৱ বৃদ্ধি কৰা ভাষা! পূৰ্বৰ চৰকাৰসমূহে কানাড়া ভাষাত চিকিৎসা, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা উপলব্ধকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। এই ৰাজনৈতিক দলসমূহে গাঁৱৰ দৰিদ্ৰ, দলিত আৰু পিছপৰা পৰিয়ালৰ পুত্ৰ-কন্যাসকলো ডাক্তৰ আৰু অভিযন্তা হোৱাটো বিচৰা নাছিল। দৰিদ্ৰৰ স্বাৰ্থত কাম কৰি আমাৰ চৰকাৰে কানাড়াকে প্ৰমুখ্য কৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষা অধ্যয়নৰ বিকল্প সুবিধা প্ৰশস্ত কৰিছে।

ভ্ৰাতৃ-ভগ্নীসকল,

দেশত এনে ৰাজনীতি দীৰ্ঘদিনে অব্যাহত আছিল, য’ত দৰিদ্ৰ লোকক কেৱল ভোট বেংক হিচাপেহে গণ্য কৰা হৈছিল। আনহাতে বিজেপি চৰকাৰে দৰিদ্ৰৰ সেৱাক সৰ্বোচ্চ কৰ্তব্য হিচাপে বিবেচনা কৰিছে। আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। আমি দেশত সুলভ ঔষধৰ দোকান জন ঔষধি কেন্দ্ৰ খুলিছো। আজি সমগ্ৰ দেশতে এনে প্ৰায় ১০,০০০ জন ঔষধি কেন্দ্ৰ আছে, ইয়াৰ ভিতৰত এক হাজাৰৰো অধিক কেন্দ্ৰ কেৱল কৰ্ণাটকতে আছে। এই কেন্দ্ৰসমূহৰ বাবেই কৰ্ণাটকৰ দৰিদ্ৰ লোকসকলে ঔষধৰ বাবে হাজাৰ-হাজাৰ কোটি টকা ব্যয়ৰপৰা ৰক্ষা পৰিছে।

সতীৰ্থসকল,

এটা সময়ত দৰিদ্ৰ লোকসকলে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলৈ সাহস কৰিব পৰা নাছিল। বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ এই উদ্বেগ অনুধাৱনেৰে ইয়াৰ সমাধান কৰিলে। আজি আয়ুষ্মান ভাৰত যোজনাই দৰিদ্ৰ পৰিয়ালৰ বাবে উন্নত চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰিছে। বিজেপি চৰকাৰে দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা প্ৰদান কৰিছে। কৰ্ণাটকৰ লাখ-লাখ লোকো এই আঁচনিৰদ্বাৰা উপকৃত হৈছে।

সতীৰ্থসকল,

পূৰ্বে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, আঁঠু সলনি কৰা, ডায়েলাইছিছ কৰা এই সকলোবোৰো ব্যয়বহুল আছিল। দৰিদ্ৰৰ চৰকাৰ বিজেপি চৰকাৰে তেওঁলোকলৈ বিনামূলীয়াভাৱে এনে সেৱাসমূহ যোগান ধৰিছে। বিনামূলীয়া ডায়েলাইছিছৰ সুবিধাই দৰিদ্ৰ লোকসকলকো হাজাৰ-হাজাৰ কোটি টকা ব্যয়ৰপৰা ৰক্ষা কৰিছে।

সতীৰ্থসকল,

আমি স্বাস্থ্য সম্পৰ্কীয় নীতিত মাতৃ আৰু ভগ্নীসকলক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। মাতৃৰ স্বাস্থ্য, মাতৃৰ পুষ্টি ভাল হোৱা মাত্ৰেকে সমগ্ৰ প্ৰজন্মৰ স্বাস্থ্যৰ উন্নতি হয়। গতিকে শৌচাগাৰ নিৰ্মাণৰ আঁচনিয়েই হওক, বিনামূলীয়া গেছ সংযোগৰ আঁচনিয়েই হওক, প্ৰতিঘৰ গৃহস্থীতে টেপৰ পানী যোগানৰ আঁচনিয়েই হওক, বিনামূলীয়াভাৱে চেনিটেৰী পেড প্ৰদানৰ আঁচনিয়েই হওক বা পুষ্টিকৰ খাদ্যৰ বাবে বেংকলৈ পোনপটীয়াকৈ ধন প্ৰেৰণেই হওক, এই সকলোবোৰ মাতৃসকল-ভগ্নীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। এতিয়া গাঁওসমূহত মুকলি কৰা স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহত একাধিক ৰোগৰ পৰীক্ষাৰ প্ৰচেষ্টা চলোৱা হৈছে। লক্ষ্য হৈছে প্ৰাৰম্ভিক পৰ্য্যায়তে ৰোগসমূহ চিনাক্ত কৰা। ইয়াৰ লগে-লগে আমি মাতৃ-ভগ্নীসকলৰ জীৱনৰ এক বৃহৎ সংকট ৰোধত সফল হৈছো। বোম্মই জী আৰু তেওঁৰ টীমটোক অভিনন্দন জনাইছো। কৰ্ণাটকতো ৯ হাজাৰৰো অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ স্থাপন কৰা হৈছে। আমাৰ চৰকাৰে যুৱতীসকলক এনে এটা জীৱন প্ৰদানৰ কামত ব্যস্ত হৈ আছে, যাতে তেওঁলোক নিজেই সুস্থ হৈ থাকে আৰু ভৱিষ্যতে তেওঁলোকৰ সন্তানো সুস্থ হৈ থাকে।

ভ্ৰাতৃ-ভগ্নীসকল,

আজি কৰ্ণাটক চৰকাৰক আৰু এটা সাফল্যৰ বাবে প্ৰশংসা কৰিব খুজিছো। বিগত বছৰকেইটাত বিজেপি চৰকাৰে এএনএম আৰু আশা ভগ্নীসকলক অধিক সবল কৰি তুলিছে। তেওঁলোকক আধুনিক প্ৰযুক্তিৰ গেজেট প্ৰদান কৰা হৈছে, তেওঁলোকৰ কাম সহজ কৰি তোলা হৈছে। কৰ্ণাটকত আজি প্ৰায় ৫০ হাজাৰ আশা আৰু এএনএম কৰ্মী, প্ৰায় এক লাখ পঞ্জীয়নভুক্ত নাৰ্ছ আৰু আন-আন স্বাস্থ্যকৰ্মী আছে। এই সকলো বন্ধু-বান্ধৱীক সম্ভৱপৰ সকলো সা-সুবিধা প্ৰদানেৰে তেওঁলোকৰ জীৱনটো সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে ডাবল ইঞ্জিন চৰকাৰে।

সতীৰ্থসকল,

লগতে মাতৃ আৰু ভগ্নীসকলৰ স্বাস্থ্য, তেওঁলোকৰ অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰটো ডাবল ইঞ্জিন চৰকাৰে সম্পূৰ্ণ মনোযোগ প্ৰদান কৰিছে। এই ভূমি গাখীৰ আৰু ৰেচমৰ দেশ। আমাৰ চৰকাৰেই গো-পালকসকলৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা সুনিশ্চিত কৰিছে। আমাৰ চৰকাৰে জীৱ-জন্তুৰ স্বাস্থ্যৰ বাবে সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰিছে। এই অভিযানত ১২ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ডাবল ইঞ্জিন চৰকাৰে দুগ্ধ সমবায়ত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰিছে। গ্ৰামাঞ্চলৰ মহিলাৰ আত্মসহায়ক গোটসমূহকো সবলীকৰণ কৰা হৈছে।

সতীৰ্থসকল,

দেশখন সুস্থ হোৱা, সকলোৱে উন্নয়নৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা মাত্ৰেকে আমি এখন উন্নত ভাৰতৰ লক্ষ্যত ক্ষীপ্ৰতাৰে উপনীত হ’ব পাৰিম। মানৱ সেৱাৰ এই মহান প্ৰচেষ্টাৰ বাবে শ্ৰী মধুসূদন সাই ইনষ্টিটিউটৰে জড়িত সকলো সহকৰ্মীলৈ পুনৰ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

ভগৱান সাই বাবাৰ প্ৰতি মোৰ অতিশয় গভীৰ বিশ্বাস আছে আৰু লগতে আমাৰ শ্ৰীনিবাস জীৰ সৈতেও অধিক ঘনিষ্ঠ সম্পৰ্ক। এই সম্পৰ্কৰ প্ৰায় ৪০ বছৰ হ'ল। মই তেওঁৰ সন্তান আৰু যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, তেতিয়াই এই সম্পৰ্কৰ নবীকৰণ হয়, পুৰণি স্মৃতিৰাজিয়ে দোলা দিয়ে আৰু মোৰ অধিক শক্তিশালীভাৱে সংযোগ স্থাপনৰ মন যায়।

মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই পুনৰ এবাৰ আপোনালোকক অতিশয় কৃতজ্ঞতা জনালোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.