“We have named Amrit Kaal as ‘Kartavya Kaal’. Pledges include the guidance of our spiritual values as well as resolutions for the future”
“Whereas there is rejuvenation of the places of spiritual significance, India is also leading in technology and economy”
“The transformation witnessed in the country is a result of the contributions of every social class”
“All saints have nourished the spirit of ‘Ek Bharat Shreshta Bharat’ for thousands of years in India”
“In a country like India, religious and spiritual institutions have always been at the center of social welfare”
“We should take a pledge to turn Sathya Sai District fully Digital”
“Cultural and spiritual institutions like the Sathya Sai Trust have a great role to play in all such efforts for India’s emerging leadership in areas like environment and sustainable lifestyle”

সাই ৰামঅন্ধ্রপ্রদেশৰ ৰাজ্যপাল শ্রী আব্দুল নাজিৰশ্রী সত্যসাই চেণ্ট্ৰেল ট্রাষ্টৰ মেনেজিং ট্রাষ্টি শ্রী আৰ জে ৰত্নাকৰশ্রী কে চক্রৱর্তীমোৰ পুৰণি বন্ধু শ্রী ৰুকো হীৰাডঃ ভি মোহনশ্রী এম এছ নাগানন্দশ্রী নিমীষ পাণ্ড্যবিশিষ্ট ব্যক্তিসকলভদ্রমহিলা আৰু ভদ্রমহোদয়গণপুনৰ আপোনালোক সকলোকে সাই ৰাম।

পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজততাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তুমোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যামকিন্তু আশীর্বাদ দিবলৈ নহয়আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰসাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে।  ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।

 

বন্ধুসকল,

যিকোনো চিন্তাই যেতিয়া বাস্তৱায়িত হৈ কর্মৰ ৰূপ ধাৰণ কৰেতেতিয়াই সি সকলোতকৈ কার্যকৰী হৈ উঠে। প্ৰকৃত কামে যেনেদৰে প্রভাৱ পেলায়কেৱল কথাৰে সেয়া নহয়। আজি এই কনভেনশ্যন চেণ্টাৰৰ উদ্বোধনৰ সমান্তৰালকৈ ইয়াত শ্রী সত্য সাই গ্লোবেল কাউন্সিল লি়ডাৰসকলৰ সন্মিলনো আৰম্ভ হৈছে। এই সন্মিলনত বহু দেশৰ প্রতিনিধি উপস্থিত হৈছে। এই সন্মিলনৰ মূল ভাবনা হিচাপে আপোনালোকে অনুশীলন আৰু অনুপ্রেৰণা’-ৰ যি ধাৰণা বাছি লৈছেসেয়া অত্যন্ত প্রাসঙ্গিক আৰু প্রভাৱ সৃষ্টিকাৰী। আমাৰ দেশত প্রায়েই কোৱা হয়, ‘यत् यत् आचरति श्रेष्ठःतत्-तत् एव इतरः जनःঅর্থাৎ বিশিষ্ট ব্যক্তিসকলে যি কৰেসমাজে তাকেই অনুসৰণ কৰে।

সেয়ে আমাৰ আচৰণেই আনসকলৰ ওচৰত সবাতোকৈ ডাঙৰ প্রেৰণাৰ উৎস হৈ উঠিব পাৰে। সত্য সাই বাবাৰ জীৱন ইয়াৰ চমৎকাৰ উদাহৰণ। বিভিন্ন লক্ষ্য স্থিৰ কৰিকর্তব্যসমূহক অগ্রাধিকাৰ দি স্বাধীনতাৰ শতবর্ষ পূর্তিৰ দিশত ভাৰত অগ্ৰসৰ হৈছে। আমি অমৃতকালৰ নাম দিছোঁ কর্তব্যকাল। কাৰণ ইয়াৰ মাজত কেৱল আধ্যাত্মিক মূল্যবোধৰ নির্দেশিকাই নহয়ভৱিষ্যতৰ আকাংক্ষাও অন্তর্ভুক্ত আছে। প্রগতি আৰু ঐতিহ্য – দুয়োটাৰে প্রতি আমি সমান গুৰুত্ব দিব লাগিব। দেশত এফালে যেনেকৈ আধ্যাত্মিক কেন্দ্রসমূহৰ পুনৰুজ্জীৱন ঘটোৱা হৈছেতেনেকৈ ভাৰত অর্থনীতি আৰু প্রযুক্তিৰ পথতো আগুৱাই গৈছে। বর্তমান ভাৰতে বিশ্বৰ প্রথম পাঁচটা অর্থনীতিৰ মাজত স্থান উলিয়াই লৈছে। বিশ্বৰ তৃতীয় বৃহত্তম ষ্টার্টআপ ব্যৱস্থাপনা ইয়াতেই। ডিজিটেল প্রযুক্তি আৰু ৫জিৰ দৰে ক্ষেত্রবোৰত আমি বিশ্বৰ বৃহৎ দেশসমূহৰ সৈতে ফেৰ মাৰিছোঁ। সমগ্ৰ বিশ্বত অনলাইন লেনদেনৰ ৪০ শতাংশই হয় ভাৰতত। সাই বাবাৰ নামৰ সৈতেও সংযুক্ত নৱগঠিত পুট্টাপূর্তি জিলাক ১০০ শতাংশ ডিজিটেল কৰি তুলিবলৈ আমি শ্রী ৰত্নাকৰ আৰু সাই ভক্তসকলক অনুৰোধ জনাম। আপোনালোকে দেখিব এই জিলাই সমগ্ৰ বিশ্বত এক অনন্য পৰিচিতি অর্জন কৰিব। যদি মোৰ বন্ধু শ্রী ৰত্নাকৰে এই দায়িত্ব লয়তেনেহ'লে বাবাৰ অহা জন্মদিনৰ ভিতৰতেই আমি গোটেই জিলাখনকে ডিজিটেল কৰি তুলিব পাৰিম'ত ১ টকা নগদ লেনদেনৰো প্রয়োজন নহ'ব। এইটো কিন্তু কৰা সম্ভৱ।

বন্ধুসকল,

দেশত পৰিৱর্তনৰ প্রক্রিয়া চলিছে। সমাজৰ প্রতিটো স্তৰৰ মানুহে ইয়াত অংশগ্রহণ কৰিছে। গ্লোবেল কাউন্সিল সন্মিলনৰ দৰে অনুষ্ঠানসমূহ ভাৰত সম্পর্কে জনাৰ আৰু বাকী বিশ্বৰ সৈতে ভাৰতক সংযুক্ত কৰাৰ এক কার্যকৰী মাধ্যম।

বন্ধুসকল,

আমাৰ দেশত প্রায়েই সাধু সন্ন্যাসীসকলক বোৱতী নদীৰ স্রোতৰ সৈতে তুলনা কৰা হয়। কাৰণ তেওঁলোকে কেতিয়াও নিজৰ ভাবনা-চিন্তা কৰি কাম ৰখাই নিদিয়ে। তেওঁলোকৰ জীৱন এক নিৰবচ্ছিন্ন প্রবাহ আৰু নিৰলস প্রয়াসৰ সমাহাৰ। এইসকলৰ জন্ম ক'ত হৈছিলতাক লৈ সাধাৰণ মানুহে মাথা নঘমায়। এজন প্রকৃত সাধকক প্রত্যেকেই নিজৰ বিশ্বাস আৰু সংস্কৃতিৰ প্রতিনিধি হিচাপে গ্রহণ কৰে আপোন কৰি লয়। সেইবাবেই হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সাধু সন্ন্যাসীসকলে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ চেতনা লালন কৰি আহিছে। সত্য সাই বাবাই অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত জন্মগ্রহণ কৰিছিল। কিন্তুতেওঁৰ ভক্ত আৰু অনুগামীসকল বিয়পি আছে বিশ্বজুৰি। আজি দেশৰ প্রতিটো অঞ্চলত সত্য সাইৰ আশ্রম গঢ়ি উঠিছে। প্রতিটো ভাষা আৰু ঐতিহ্যৰ মানুহে প্রশান্তি নিলায়মৰ কর্মধাৰাৰ সৈতে যুক্ত হৈছে। এয়াই ভাৰতৰ সেই চেতনাযি একসূত্রে সকলোকে গাঁথি তাক চিৰন্তন কৰি তোলে।

 

বন্ধুসকল,

শ্রী সত্য সাইয়ে কয়, ‘सेवा अनेरेंडु अक्षराल-लोनेअनन्त-मइन शक्ति इमिडि उन्दी’ অর্থাৎ মানৱতাৰ সেৱাই হ'ল ঈশ্বৰৰ সেৱা। আন কথাত ক'বলৈ গ'লে সেৱা’ - এই দুটি বর্ণৰ মাজত অসীম শক্তি লুকাই আছে। সত্য সাইৰ জীৱন এই চেতনাৰ মূর্ত প্রতীক। সত্য সাই বাবাৰ জীৱনক খুব ওচৰৰ পৰা চোৱাৰতেওঁৰ ওচৰৰ পৰা শিক্ষা গ্রহণ কৰাৰ আৰু তেওঁৰ আশীর্বাদ পোৱাৰ পৰম সৌভাগ্য মোৰ হৈছে। মোৰ প্রতি তেওঁৰ বিশেষ স্নেহ আছিলমই সর্বদাই তেওঁৰ আশীর্বাদ পাইছোঁ। যেতিয়াইই তেওঁৰ সৈতে মোৰ কথা হয়তেওঁ খুব সহজভাৱে গভীৰ চিন্তাৰ প্রকাশ ঘটায়। তেওঁ দিয়া বহু শিক্ষা আজিও মই আৰু সাই ভক্তসকলে মনৰ মণিকোঠাত সযত্নে ৰাখি থৈছোঁ। সকলোকে ভালপোৱা – সকলোৰে সেৱা কৰা’, ‘সর্বদা সাহায্য কৰাকেতিয়াও আঘাত নকৰিবা’, ‘কথা কম কাম বেছি’, ‘প্রতিটো অভিজ্ঞতাই একোটা শিক্ষাপ্রতিটো লোকচানেই লাভ’ – জীৱনৰ এনে বহু শিক্ষা সত্য সাইয়ে আমাক দিছে। এইবোৰৰ মাজেৰে সংবেদনশীলতা আৰু গভীৰ অন্তর্দৃষ্টি প্রকাশ পাইছে। মোৰ মনত আছেএবাৰ গুজৰাটত ভূমিকম্পৰ পিছত তেওঁ মোক মাতিছিল। সেই সময়ত ত্রাণ আৰু সহায়ৰ কামত তেওঁ নিজকে ব্যক্তিগতভাৱে নিয়োজিত কৰিছিল। তেওঁৰ নির্দেশনাত তেওঁৰ সংগঠনৰ হাজাৰ হাজাৰ কর্মীয়ে দিনৰাতি এক কৰি ভূকম্পকবলিত ভুজত সেৱাকৰ্ম চলাইছিল। কোনো মানুহৰ পৰিচয়ে তেওঁৰ ওচৰত গুৰুত্ব নাপাইছিল। তেওঁ প্রত্যেকৰ প্রতি এনে যত্ন লৈছিলযেন তেওঁলোক সকলো তেওঁৰ খুব ওচৰৰ। সত্য সাইৰ ওচৰত মানৱতাৰ সেৱাই ঈশ্বৰৰ সেৱা’ আছিল। প্রতিজন মানুহৰ মাজত নাৰায়ণক প্রত্যক্ষ কৰা’ আৰু প্রতিটো জীৱকে শিৱ জ্ঞান কৰা’-ৰ এই চেতনাই মানুহক দেৱত্বলৈ উন্নীত কৰে।

বন্ধুসকল,

ভাৰতৰ দৰে দেশত ধর্মীয় আৰু আধ্যাত্মিক সংগঠনসমূহে সর্বদাই সামাজিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ভাৰতে আজি স্বাধীনতাৰ ৭৫ বছৰ পূর্ণ কৰি অহা ২৫ বছৰৰ বাবে সুনির্দিষ্ট লক্ষ্য লৈ অমৃতকাল’-ত ভৰি দিছে। আজি যেতিয়া আমি আমাৰ ঐতিহ্য আৰু উন্নয়নক নতুন গতি দিছোঁসেই সময়ত সত্য সাই ট্রাষ্টৰ দৰে সংগঠনসমূহৰ ভূমিকা আৰু গুৰুত্বপূর্ণ হৈ উঠিছে। আপোনালোকৰ আধ্যাত্মিক শাখাই যেতিয়া বালবিকাশৰ দৰে কর্মসূচীৰ মাধ্যমত ভাৰতৰ তৰুণ প্রজন্মৰ সাংস্কৃতিক ঐতিহ্যক লালন কৰেতেতিয়া মোৰ খুব ভাল লাগে। মানৱতাৰ সেৱাৰ বাবে সত্য সাই বাবা হাস্পতাল স্থাপন কৰিছিল। প্রশান্তি নিলয়ামে অত্যাধুনিক হাস্পতালে তাৰেই সাক্ষ্য দিছে। বেছ কিছু বছৰ ধৰি সত্য সাই ট্রাষ্টে বিনামূল্যে শিক্ষাৰ প্রসাৰত ভাল স্কুল আৰু কলেজ পৰিচালনা কৰি আহিছে। জাতি গঠন আৰু সমাজৰ ক্ষমতায়নত যি ভূমিকা আপোনালোকে পালন কৰিছেসেয়া প্রশংসনীয়। সত্য সাইৰ সৈতে সংশ্লিষ্ট সংস্থাসমূহে দেশৰ বিভিন্ন উদ্যোগত নিষ্ঠাৰে কাম কৰিছে। বর্তমান জল জীৱন মিছনৰ আওতাত দেশৰ প্রতিখন গাঁৱত বিশুদ্ধ পানীয় জল পৌঁছাই দিয়াৰ উদ্যোগ লোৱা হৈছে। সত্য সাই চেণ্ট্ৰেল ট্রাষ্টেও প্রত্যন্ত গাঁওবিলাকত বিনামূল্যে পানী সৰবৰাহ কৰি এই মহৎ প্রচেষ্টাৰ অংশীদাৰ হৈছে।

বন্ধুসকল,

একবিংশ শতাব্দীত জলবায়ু পৰিৱর্তন এক বৃহৎ প্ৰত্যাহ্বান হৈ সমগ্ৰ বিশ্বৰ সন্মুখত আহি থিয় দিছে।  ইয়াৰ মোকাবিলাত ভাৰতে বিশ্বমঞ্চত মিছন লাইফৰ দৰে বিভিন্ন প্রয়াস হাতত লৈছে। বিশ্বই আজি ভাৰতৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখে। আপোনালোকে সকলোৱে জানেভাৰত এইবছৰ জি-২০ৰ দৰে গুৰুত্বপূর্ণ এটি গোষ্ঠীৰ সভাপতিত্বৰ দায়িত্বত আছে। ইয়াৰ মূল ভাবনাৰ সৈতে ভাৰতৰ মৌলিক আদর্শ এক বিশ্ব এক পৰিয়াল এক ভবিষ্যৎ’-ৰ ধাৰণা মিলি গৈছে। সমগ্ৰ বিশ্ব ভাৰতৰ দৃষ্টিভঙ্গীৰে প্রভাৱিত হৈছেভাৰতৰ প্রতি আকর্ষণ ক্রমশঃ বাঢ়িছে। আপোনালোকে দেখিছেজুনৰ ২১ তাৰিখে আন্তর্জাতিক যোগ দিৱসত ৰাষ্ট্রসংঘৰ সদৰ কাৰ্যালয়ত কেনেদৰে বিশ্ব ৰেকৰ্ড কর্ড গঢ়ি উঠিছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা প্রতিনিধিসকলে একে সময়তে একে ঠাইত যোগাভ্যাসৰ বাবে সমবেত হয়। বিশ্বজুৰি যোগাভ্যাস মানুহৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গ হৈ উঠিছে।

মানুহে আজি আয়ুর্বেদ চিকিৎসা পদ্ধতিত আস্থা ৰাখিছেতেওঁলোকে ভাৰতৰ সুস্থিত জীৱনশৈলীৰ পৰা শিক্ষা ল'ব বিচাৰিছে। আমাৰ সংস্কৃতিঐতিহ্যঅতীত আৰু উত্তৰাধিকাৰ সম্পর্কে বিশ্বাস আৰু ঔৎসুক্য ক্রমশঃ বাঢ়ি গৈছে। বিগত কেইটামান বছৰত বিভিন্ন দেশৰ পৰা অসংখ্য পুৰাকীর্তি ভাৰতলৈ উভতি আহিছে। এই মূর্তিবোৰ আমাৰ দেশৰ পৰা ৫০-১০০ বছৰ আগতে চুৰি কৰা হৈছিল। ভাৰতৰ প্রচেষ্টাৰ আৰু নেতৃত্বৰ নেপথ্যত সবাতোকৈ ডাঙৰ শক্তি হ'ল আমাৰ সাংস্কৃতিক আদর্শ। সেয়ে আমাৰ সকলোধৰণৰ প্রয়াসত সত্য সাই ট্রাষ্টৰ দৰে সাংস্কৃতিক আৰু আধ্যাত্মিক সংগঠনসমূহে অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আপোনালোকে অহা ২ বছৰৰ ভিতৰত ১ কোটি প্রেমতৰু’ ৰোপণৰ অঙ্গীকাৰ লৈছে। মই এই প্রয়াসৰ সাফল্য কামনা কৰিছোঁ। মোৰ বন্ধু ভাই হীৰা ইয়াত উপস্থিত আছে। আমি জাপানৰ মিয়াওৱাকি পদ্ধতি অনুসৰণ কৰি সৰু বন সৃষ্টিৰ কৌশল আয়ত্ব কৰিব পাৰোঁ। ইয়াক বাস্তবায়নৰ বাবে ট্রাষ্টৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ। ইয়াৰ মাধ্যমত দেশৰ বিভিন্ন অঞ্চলত সৰু সৰু বন সৃষ্টিৰ এটা মডেল উপস্থাপন কৰা সম্ভৱ। এয়া খুব বৃহৎ আকাৰত কৰা উচিত। মই জানোএই ক্ষেত্ৰত শ্রী হীৰাৰ দক্ষতা আছে। মই তেওঁক যিকোনো কামৰ দায়িত্ব অর্পণ কৰিব পাৰোঁ। সেই বাবেই মই তেওঁক এই বিষয়টো জনালোঁ। প্লাষ্টিকমুক্ত ভাৰতৰ যি স্বপ্ন আমি দেখোঁসেয়া যিমান বেছি সম্ভৱ মানুহৰ ওচৰলৈ লৈ যাব লাগিব।

দূষণমুক্ত বিকল্প ইন্ধনৰ ব্যৱহাৰত মানুহক উদ্বুদ্ধ কৰিবলৈ সৌৰশক্তিৰ প্রয়োজনীয়তা আছে। মোক কোৱা হৈছে আৰু মই আপোনালোকৰ ভিডিঅ'ত দেখিছোঁসত্য সাই চেণ্ট্ৰেল ট্রাষ্টে অন্ধ্রপ্রদেশৰ ওচৰত প্রায় ৪০ লাখ পাঠকক শ্রীঅন্ন ৰাগি আৰু বাজৰাৰে তৈয়াৰ কৰা খাদ্য সৰবৰাহ কৰিছে। এইটোও এটা প্রশংসনীয় উদ্যোগ। এই প্রয়াসত অন্য ৰাজ্যবোৰক সংযুক্ত কৰিলে দেশ বিপুলভাৱে উপকৃত হ'ব। শ্রীঅন্নই কেৱল পুষ্টিৰ যোগানেই নিদিয়েবৰং অনেক সম্ভাৱনাও তুলি ধৰে। বিশ্বস্তৰত এই ধৰণৰ সমস্ত উদ্যোগে ভাৰতৰ সক্ষমতা বঢ়াব আৰু তাৰ পৰিচিতিক আৰু শক্তিশালী কৰিব।

বন্ধুসকল,

সত্য সাইৰ আশীর্বাদ আমাৰ সকলোৰে লগত আছে। এই শক্তিৰে আমি এখন উন্নত ভাৰত গঢ়ি তুলিম আৰু সমগ্র বিশ্বৰ সেৱা কৰিম। এইবাৰ মই আপোনালোকৰ অনুষ্ঠানত সশৰীৰে উপস্থিত থাকিব নোৱাৰিলোঁকিন্তু ভৱিষ্যতে মই অৱশ্যই আপোনালোকৰ ওচৰলৈ যাম আৰু সুন্দৰ সময় কটাম। মাজে মাজে শ্রী হীৰাৰ সৈতে মোৰ দেখা হয়। মই আকৌ আপোনালোকক প্রতিশ্রুতি দিছোঁআজি নোৱাৰিলেও ভৱিষ্যতে মই নিশ্চই আপোনালোকৰ ওচৰলৈ যাম। মই সর্বান্তকৰণে আপোনালোকৰ মঙ্গল কামনা কৰিছোঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ। সাই ৰাম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi announces free online coaching for competitive exams in Independence Day speech

Media Coverage

PM Modi announces free online coaching for competitive exams in Independence Day speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on the occasion of Independence Day
August 15, 2026
PM remembers the courage, sacrifice, and unwavering commitment of the countless freedom fighters

Prime Minister Shri Narendra Modi today extended his warm greetings to the nation on the occasion of Independence Day. He noted that this national festival serves as a poignant reminder of the incredible courage, tireless struggle, and unparalleled dedication of our brave freedom fighters to the motherland, which ensured the end of colonial rule.

​The Prime Minister observed that their dreams continue to inspire us, urging citizens to adopt their ideals as we collectively work to realize the resolution of a Viksit Bharat.

​Shri Modi highlighted that, powered by 140 crore Indians, our nation is scaling new heights of progress across different sectors. He expressed his hope that this developmental journey will keep progressing at an even greater pace in the times to come.

​In a post on X, the Prime Minister wrote:

​"Warm greetings on the occasion of Independence Day.

​We remember with gratitude the countless freedom fighters whose courage, sacrifice and unwavering commitment ensured the end of colonial rule. Their dreams continue to inspire us as we work together to build a Viksit Bharat.

​Powered by 140 crore Indians, our nation is scaling new heights of progress across different sectors. May this journey keep progressing at an even greater pace in the times to come.

​सभी देशवासियों को स्वतंत्रता दिवस की असीम शुभकामनाएं।

​यह राष्ट्रीय पर्व हमें देश के वीर सेनानियों के अद्भुत साहस, अथक संघर्ष और मातृभूमि के प्रति अतुलनीय समर्पण का स्मरण कराता है।

​आइए, उनके आदर्शों को अपनाकर विकसित भारत के संकल्प को साकार करें।"