ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো দেশৰ বাবে গৌৰৱৰ বিষয়; মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো বিজ্ঞানী আৰু যুৱ নাগৰিকক শুভেচ্ছা জনালোঁ: প্ৰধানমন্ত্ৰী
মহাকাশ খণ্ডত ইটোৰ পিছত সিটো মাইলৰ খুঁটি অৰ্জন কৰাটো এতিয়া ভাৰত আৰু ইয়াৰ বিজ্ঞানীসকলৰ স্বাভাৱিক বৈশিষ্ট্য হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ছেমি-ক্ৰায়’জেনিক ইঞ্জিন আৰু বৈদ্যুতিক প্ৰপালচনৰ দৰে অগ্ৰণী প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু অতি সোনকালে আমাৰ বিজ্ঞানীসকলৰ নিষ্ঠাবান প্ৰচেষ্টাত ভাৰতে গগনযান মিচন আৰম্ভ কৰিব আৰু অনাগত বছৰবোৰত নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবঃ প্ৰধানমন্ত্ৰী
ভাৰতত মহাকাশ প্ৰযুক্তি ক্ৰমান্বয়ে শাসন ব্যৱস্থাৰ অংশ হৈ পৰিছে— সেয়া শস্য বীমা আঁচনিত উপগ্ৰহভিত্তিক মূল্যায়নেই হওক, মাছমৰীয়াৰ বাবে উপগ্ৰহ সক্ষম তথ্য আৰু সুৰক্ষাই হওক, দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰচেষ্টাই হওক বা পি এম গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিত ভূ-স্থানীয় তথ্যৰ ব্যৱহাৰেই হওকঃ প্ৰধানমন্ত্ৰী
মহাকাশত ভাৰতৰ অগ্ৰগতিয়ে এতিয়া সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তোলাত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছে: প্ৰ

কেবিনেট সতীৰ্থসকল, ইছৰো আৰু মহাকাশ খণ্ডৰ সকলো বিজ্ঞানী আৰু অভিযন্তা তথা মোৰ মৰমৰ দেশবাসী!

ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।

বন্ধুসকল,

মই আনন্দিত যে আমাৰ যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ভাৰতীয় মহাকাশ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপো আৰম্ভ কৰিছে। এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে বিজয়ীসকলকো আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

মহাকাশ খণ্ডত ইটোৰ পিছত সিটো মাইলৰ খুঁটি অৰ্জন কৰাটো এতিয়া ভাৰতৰ বাবে আৰু আমাৰ বিজ্ঞানীসকলৰ বাবে দ্বিতীয় স্বভাৱ হৈ পৰিছে। মাত্ৰ দুবছৰৰ আগতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা ইতিহাসৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। মহাকাশত ডকিং আৰু আনডকিং কৰাৰ ক্ষমতাৰে আমিও বিশ্বৰ চতুৰ্থখন দেশ হৈ পৰিছো। মাত্ৰ তিনিদিন আগতে গ্ৰপ কেপ্টেইন সুভাশু শুক্লাক লগ পোৱাৰ সুযোগ পাইছিলোঁ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ত্ৰিৰংগা উত্তোলন কৰি তেওঁ প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তুলিলে। যেতিয়া তেওঁ মোক ত্ৰিৰংগা দেখুৱাইছিল, সেই মুহূৰ্ত, সেই অভিজ্ঞতা, শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। গ্ৰুপ কেপ্তেইন সুভাংশুৰ সৈতে হোৱা মত বিনিময়ত নতুন ভাৰতৰ যুৱক-যুৱতীসকলৰ সীমাহীন সাহস আৰু অসীম সপোন দেখিবলৈ পালোঁ। এই সপোনবোৰ আগুৱাই নিবলৈ আমি ভাৰতৰ বাবে এটা মহাকাশচাৰী পুলো প্ৰস্তুত কৰি আছো। এই মহাকাশ দিৱসত মোৰ যুৱ বন্ধুসকলক এই মহাকাশচাৰী পুলত যোগদান কৰি ভাৰতৰ সপোনক উৰণ দিবলৈ আমন্ত্ৰণ জনাইছো।

বন্ধুসকল,

আজি ভাৰতে ছেমি-ক্ৰায়’জেনিক ইঞ্জিন আৰু বৈদ্যুতিক প্ৰপালচনৰ দৰে ব্ৰেকথ্ৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। অতি সোনকালে আমাৰ সকলো বিজ্ঞানীৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতে গগনযান উৎক্ষেপণ কৰিব আৰু অনাগত বছৰবোৰত ভাৰতেও নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিব। ইতিমধ্যে আমি চন্দ্ৰ আৰু মংগল গ্ৰহত উপস্থিত হৈছো। এতিয়া আমি মহাকাশৰ সেই অঞ্চলবোৰৰ গভীৰতালৈ ডুব যাব লাগিব য’ত মানৱতাৰ ভৱিষ্যতৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ৰহস্য লুকুৱাই ৰখা হৈছে। তাৰকাৰাজ্যৰ সিপাৰে আমাৰ দিগন্ত নিহিত হৈ আছে!

বন্ধুসকল,

মহাকাশৰ অসীম বিস্তাৰে আমাক অহৰহ সোঁৱৰাই থাকে যে কোনো মাইলৰ খুঁটি কেতিয়াও চূড়ান্ত গন্তব্যস্থান নহয়। মই বিশ্বাস কৰোঁ যে মহাকাশ খণ্ডতো, নীতিৰ স্তৰত, কেতিয়াও চূড়ান্ত স্থবিৰতা/অন্ত বিন্দু থাকিব নালাগে। সেইবাবেই মই লালকিল্লাৰ প্ৰাচীৰৰ পৰাই কৈছিলোঁ যে আমাৰ পথটোৱেই হৈছে ‘সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন’ৰ পথ। বিগত এঘাৰ বছৰত মহাকাশ খণ্ডত ভাৰতে ইটোৰ পিছত সিটো বৃহৎ সংস্কাৰ সাধন কৰি আহিছে। এটা সময় আছিল যেতিয়া আমাৰ দেশত মহাকাশৰ দৰে ভৱিষ্যতৰ খণ্ডবোৰক অগণন নিষেধাজ্ঞাৰে বান্ধি ৰখা হৈছিল। আমি সেই শিকলিবোৰ ভাঙি পেলালোঁ। আমি ব্যক্তিগত খণ্ডক মহাকাশ প্ৰযুক্তিত অংশগ্ৰহণৰ অনুমতি দিলোঁ। আৰু আজি ৩৫০টাতকৈও অধিক ষ্টাৰ্ট-আপে মহাকাশ-প্ৰযুক্তিত উদ্ভাৱন আৰু ত্বৰণৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁলোকৰ বলিষ্ঠ উপস্থিতিও এই অনুষ্ঠানতে দেখা যায়। অতি সোনকালে আমাৰ ব্যক্তিগত খণ্ডই নিৰ্মাণ কৰা প্ৰথমটো পি এছ এল ভি ৰকেট উৎক্ষেপণ কৰা হ’ব। ভাৰতৰ প্ৰথমটো ব্যক্তিগত যোগাযোগ উপগ্ৰহ বিকশিত হোৱাত মইও আনন্দিত হৈছো। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ নক্ষত্ৰমণ্ডলো মুকলি কৰাৰ প্ৰস্তুতি চলি আছে। মহাকাশ খণ্ডত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে কিমান বিপুল সংখ্যক সুযোগ সৃষ্টি হৈছে সেয়া আপুনি কল্পনা কৰিব নোৱাৰে।

বন্ধুসকল,

১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা এনে বহু অঞ্চলৰ কথা ক’লো য’ত ভাৰতৰ স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। প্ৰতিটো খণ্ডকে নিজৰ নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ক’লোঁ। আজি মহাকাশ দিৱসত আমাৰ মহাকাশ ষ্টাৰ্ট-আপসকলক ক’ব বিচাৰিছো যে আমি অহা পাঁচ বছৰত মহাকাশ খণ্ডত পাঁচটা ইউনিকৰ্ণ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিব নোৱাৰোনে? বৰ্তমান ভাৰতৰ মাটিৰ পৰা বছৰি প্ৰায় পাঁচৰ পৰা ছটাকৈ ডাঙৰ ৰকেট উৎক্ষেপণৰ সাক্ষী হৈ থাকোঁ। মই বিচাৰিম ব্যক্তিগত খণ্ডই আগভাগ লওক যাতে অহা পাঁচ বছৰত আমি এনে এটা পৰ্যায়ত উপনীত হওঁ য’ত আমি প্ৰতি বছৰে পঞ্চাশটা ৰকেট নিক্ষেপ কৰিব পাৰোঁ। প্ৰতি সপ্তাহত এটাকৈ! ইয়াৰ বাবে দেশৰ বাবে প্ৰয়োজনীয় পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ আনিবলৈ চৰকাৰৰ উদ্দেশ্য আৰু ইচ্ছাশক্তি দুয়োটা আছে। মই আপোনালোকক আশ্বাস দিছো, চৰকাৰে প্ৰতিটো খোজতে আপোনালোকৰ লগত থিয় দিব।

বন্ধুসকল,

ভাৰতে মহাকাশ প্ৰযুক্তিক কেৱল বৈজ্ঞানিক অন্বেষণৰ মাধ্যম হিচাপেই নহয়, সহজ জীৱন-যাপনৰ এক আহিলা হিচাপেও গণ্য কৰে। আজি মহাকাশ-প্ৰযুক্তি ভাৰতত শাসন ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ফছল বীমা যোজনাত উপগ্ৰহ ভিত্তিক মূল্যায়নেই হওক, উপগ্ৰহৰ জৰিয়তে মাছমৰীয়াক প্ৰদান কৰা তথ্য আৰু সুৰক্ষাই হওক, দুৰ্যোগ ব্যৱস্থাপনাই হওক অথবা পি এম গাতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিত ভূ-স্থানীয় তথ্যৰ ব্যৱহাৰেই হওক, মহাকাশত ভাৰতৰ অগ্ৰগতিয়ে সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তুলিছে। ঠিক এই দিশতে কালি কেন্দ্ৰ আৰু ৰাজ্য দুয়োটা পৰ্যায়তে মহাকাশ-প্ৰযুক্তি’ৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে ‘নেচনেল মিট ২.০’ৰ আয়োজন কৰা হৈছিল। ভৱিষ্যতেও এনে প্ৰচেষ্টা অব্যাহত থকাটো বিচাৰিম। আমাৰ মহাকাশ ষ্টাৰ্ট-আপসমূহক আমাৰ নাগৰিকসকলৰ সেৱাৰ বাবে নতুন সমাধান আৰু উদ্ভাৱন সৃষ্টি কৰিবলৈও আহ্বান জনাইছো। মোৰ বিশ্বাস আগন্তুক সময়ত ভাৰতৰ মহাকাশ যাত্ৰাই নতুন উচ্চতা স্পৰ্শ কৰিব। এই আত্মবিশ্বাসেৰে পুনৰবাৰ আপোনালোক সকলোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."