"আজি সংসদীয় গণতন্ত্ৰৰ বাবে গৌৰৱৰ দিন, ই এটা গৰিমাময় দিন। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবেআমাৰ নতুন সংসদত এই শপত গ্ৰহণ কৰা হৈছে"
"কাইলৈ ২৫ জুন। ৫০বছৰ আগতে আজিৰ দিনটোতে, সংবিধানত এটা ক'লা দাগ পৰিছিল। দেশলৈ যাতে এনে দিন কেতিয়াও নাহে, সেয়া নিশ্চিত কৰিবলৈ আমি চেষ্টা কৰিম"
"স্বাধীনতাৰ পাছত দ্বিতীয়বাৰৰ বাবে এখন চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে। এই সুযোগটো ৬০বছৰৰ পিছত আহিছে"
"আমি বিশ্বাস কৰো যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, কিন্তু দেশ খন চলাবলৈ সহমত অতি গুৰুত্বপূৰ্ণ"
"মই দেশবাসীক আশ্বাস দিছো যে আমাৰ তৃতীয় কাৰ্যকালত আমি তিনিগুণ অধিক পৰিশ্ৰম কৰিম আৰু তিনিগুণ ফলাফল লাভ কৰিম"
"দেশক শ্লোগানৰ প্ৰয়োজন নাই, ইয়াক সাৰ্থকতাৰ প্ৰয়োজন। দেশক ভাল-দায়িত্বশীল বিৰোধীৰ প্ৰয়োজন"

বন্ধুসকল,

সংসদীয় গণতন্ত্ৰত আজিৰ দিনটো হৈছে এক গৌৰৱৰ দিন। স্বাধীনতাৰ পিছত এই প্ৰথমবাৰৰ বাবে আমাৰ নতুন সংসদ ভৱনত এই শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই পৰ্যন্ত এই প্ৰক্ৰিয়াটো পুৰণি সদনতে চলি আছিল। আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত মই সকলো নৱ নিৰ্বাচিত সাংসদক হৃদয়েৰে স্বাগত জনাইছোঁ, সকলোকে অভিনন্দন জনাইছোঁ আৰু সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ।

ভাৰতৰ সৰ্বসাধাৰণ মানুহৰ সংকল্প পূৰণৰ বাবেই সংসদৰ এই সংগঠন হৈছে। নতুন উৎসাহ, উদ্যমেৰে, নতুন গতি আৰু নতুন উচ্চতা প্ৰাপ্ত কৰাৰ এয়া হৈছে এক অতিকে গুৰুত্বপূৰ্ণ সুযোগ। এই সকলোবোৰ সপোন, এই সকলোবোৰ সংকল্পৰ সৈতে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত কৰি এক মহান ভাৰত গঢ়াৰ লক্ষ্যৰে আজিৰ পৰা অষ্টাদশ সংখ্যক লোকসভাৰ অধিৱেশন আৰম্ভ হ'ব। বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন এক দৰ্শনীয় আৰু গৌৰৱময় ধৰণে অনুষ্ঠিত হোৱাটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। এয়া ১৪০ কোটি দেশবাসীৰ বাবেই গৌৰৱৰ বিষয়। ৬৫ কোটিতকৈয়ো অধিক ভোটাদাতাই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হৈছে, কিয়নো স্বাধীনতাৰ পিছত দ্বিতীয়বাৰৰ বাবে দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে একেখন চৰকাৰক সেৱা আগবঢ়োৱাৰ সুযোগ দিছে। আৰু এই সুযোগ ৬০ বছৰৰ পিছত আহিছে, ই আক্ষৰিক অৰ্থতে এক গৌৰৱান্বিত হ’ব পৰা ঘটনা।

বন্ধুসকল,

যেতিয়া দেশৰ জনসাধাৰণে তৃতীয়টো কাৰ্যকালৰ বাবেও চৰকাৰ এখনক পছন্দ কৰে, অৰ্থাৎ, তেওঁলোকে এই চৰকাৰৰ উদ্দেশ্য, এই চৰকাৰৰ নীতিসমূহত মোহৰ মাৰিছে। জনসাধাৰণৰ প্ৰতি এইখন চৰকাৰৰ সমৰ্পণৰ মনোভাৱত মোহৰ মৰা হৈছে আৰু ইয়াৰ বাবে মই দেশবাসীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা ১০টা বছৰত আমি নিৰন্তৰভাৱে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি অহা পৰম্পৰাটো, কিয়নো আমি বিশ্বাস কৰোঁ যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়, পিছে, দেশখন চলাবলৈ সহমত নিতান্তই গুৰুত্বপূৰ্ণ। আৰু সেয়েহে ১৪০ কোটি দেশবাসীৰ আশা-আকাংক্ষা পূৰণ কৰি সকলোকে লগত লৈ ভাৰত মাতৃৰ সেৱা কৰাটো আমাৰ নিৰন্তৰ প্ৰয়াস হ'ব।

আমি সকলোকে লগত লৈ আগবাঢ়িব বিচাৰো, সংবিধানৰ মৰ্যাদা অক্ষুন্ন ৰাখি সিদ্ধান্তসমূহক ত্বৰান্বিত কৰিব বিচাৰো। অষ্টাদশ লোকসভাত, এইটো আমাৰ বাবে সুখৰ বিষয় যে ভালে সংখ্যক যুৱ সাংসদ আহিছে। আৰু যেতিয়া আমি ১৮ অংকৰ কথা কওঁ, যিসকলে ভাৰতৰ পৰম্পৰা জানে, যিসকল ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত, তেওঁলোকে জানে যে আমাৰ দেশত ১৮ অংকৰ যথেষ্ট সত্বিক মূল্য আছে। গীতাৰো ১৮ টা অধ্যায় আছে – আমি তাৰ পৰা কৰ্ম, কৰ্তব্য আৰু কৰুণাৰ বাৰ্তা পাওঁ। আমাৰ দেশত ১৮ খন পুৰাণ আৰু উপ-পুৰাণ আছে। ১৮ৰ মূলাংক হৈছে ৯ আৰু ৯ য়ে পূৰ্ণতাৰ নিশ্চয়তা প্ৰদান কৰে। ৯ হৈছে পূৰ্ণতাৰ প্ৰতীক সংখ্যা। ১৮ বছৰ বয়সত আমি ভোটদানৰ অধিকাৰ পাওঁ। অষ্টাদশ লোকসভা ভাৰতৰ অমৃত কালৰ, এই লোকসভাৰ গঠন, সেয়াও হৈছে এক ভাল সংকেতেই।

 

বন্ধুসকল,

 

আজি আমি ২৪ জুনত মিলিত হৈছো। কাইলৈ ২৫ জুন, যিসকল এই দেশৰ সংবিধানৰ মৰ্যাদাৰ প্ৰতি সমৰ্পিত, ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি আনুগত্য ৰখা সকলৰ বাবে ২৫ জুন এক পাহৰিব নোৱাৰা দিন। কাইলৈ ২৫ জুনত, ভাৰতৰ গণতন্ত্ৰৰ ওপৰত যি কলংক লাগিছিল, তাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। ভাৰতৰ নতুন প্ৰজন্মই এইটো কথা কেতিয়াও পাহৰিব নোৱাৰে যে ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হৈছিল। সংবিধানৰ মৰ্যাদা ধূলিস্যাত্ কৰি দিয়া হৈছিল, দেশখন কাৰাগাৰলৈ পৰিৱৰ্তিত কৰা হৈছিল, গণতন্ত্ৰক সম্পূৰ্ণৰূপে দমন কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ এই ৫০টা বছৰ, এইটো সংকল্পৰ আছিল যে আমি আমাৰ সংবিধানক গৌৰৱেৰে সুৰক্ষিত ৰাখি ভাৰতৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক পৰম্পৰাৰ সুৰক্ষা নিশ্চিত কৰি দেশবাসীয়ে সংকল্প গ্ৰহণ কৰিব যে ভাৰতত আৰু কোনেও পুনৰ এনে সাহস নকৰিব, যিটো ৫০ বছৰৰ আগতে কৰা হৈছিল আৰু লিখিত হৈছিল গণতন্ত্ৰৰ ক’লা ইতিহাস। আমি এক জীৱন্ত গণতন্ত্ৰৰ সংকল্প গ্ৰহণ কৰিম, ভাৰতৰ সংবিধানে নিৰ্ধাৰিত কৰা নিৰ্দেশনা অনুসৰি সাধাৰণ মানুহৰ সপোন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিম।

 

বন্ধুসকল,

 

দেশৰ জনসাধাৰণে আমাক তৃতীয়বাৰৰ বাবে সুযোগ দিছে, এয়া নিতান্তই এক মহান বিজয়, এক অতিকে বিশাল বিজয়। আৰু এনে প্ৰেক্ষাপটত আমাৰ দায়িত্বও তিনিগুণে বৃদ্ধি পাইছে। আৰু সেয়েহে আজি মই দেশবাসীক আশ্বাস দিছো যে আপোনালোকে আমাক তৃতীয়বাৰৰ বাবে যি সুযোগ দিছে, দুবাৰকৈ চৰকাৰ চলোৱাৰ অভিজ্ঞতা আমাৰ আছে। মই আজি দেশবাসীক আশ্বাস দিছো যে আমাৰ তৃতীয়টো কাৰ্যকালত আমি আগৰ তুলনাত তিনিগুণে অধিক পৰিশ্ৰম কৰিম। আমি সাফল্যবোৰকো তিনিগুণ কৰিম। আৰু এই সংকল্পৰে আমি এই নতুন দায়িত্ব গ্ৰহণ কৰি আগবাঢ়িব খুজিছো।

 

সকলো মাননীয় সাংসদৰ পৰা দেশখনে বহুত আশা কৰে। মই সকলো সাংসদক এই সুযোগটো ৰাজহুৱা স্বাৰ্থ, ৰাজহুৱা সেৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰু ৰাজহুৱা স্বাৰ্থত সম্ভৱপৰ সকলো  পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। দেশৰ মানুহে বিৰোধীৰ পৰা ভাল পদক্ষেপ আশা কৰে। এতিয়ালৈকে যি হতাশা লাভ কৰিছে, সম্ভৱ এই অষ্টাদশ লোকসভাত বিৰোধীয়ে দেশৰ সাধাৰণ নাগৰিকসকলৰ বাবে বিৰোধী হিচাপে ভূমিকা পালন কৰিব, গণতন্ত্ৰৰ মৰ্যাদা বজাই ৰাখিব বুলি আশা কৰিছো। মই আশা কৰোঁ বিৰোধীয়ে তেওঁলোকৰ আশা পূৰণ কৰিব।

 

বন্ধুসকল,

 

সাধাৰণ মানুহে সদনত বিতৰ্ক আৰু কৰ্মতত্পৰতাৰ প্ৰদৰ্শন হোৱাটো আশা কৰে। কেৱল কাঁজিয়া কৰা, নাটকৰ অভিনয় কৰা আৰু অযথা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাটো জনসাধাৰণে কেতিয়াও কামনা নকৰে। মানুহে সাৰগৰ্ভতা বিচাৰে, শ্লোগান নিবিচাৰে। দেশক এক ভাল বিৰোধী, দায়িত্বশীল বিৰোধীৰ প্ৰয়োজন আৰু মই নিশ্চিত যে এই অষ্টাদশ লোকসভালৈ বিজয়ী হৈ অহা আমাৰ সাংসদসকলে সাধাৰণ মানুহৰ সেই প্ৰত্যাশাসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিব।

 

বন্ধুসকল,

 

উন্নত ভাৰতৰ সংকল্প পূৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব, আমি একেলগে সেই দায়িত্ব পালন কৰিম আৰু আমি জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰিম। ২৫ কোটি নাগৰিকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা কথাটোৱে এক নতুন আত্মবিশ্বাস প্ৰদান কৰিছে যে আমি অচিৰেই ভাৰতক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সফলতা অৰ্জন কৰিব পাৰিম আৰু ই মানৱ জাতিৰ বাবে প্ৰকৃতাৰ্থতেই এক সেৱা হ'ব। আমাৰ দেশৰ জনসাধাৰণে, ১৪০ কোটি নাগৰিকে কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষেত্ৰত কেতিয়াই ত্ৰুটি নাৰাখে। আমি তেওঁলোকক যিমান পাৰি সিমান সুযোগ প্ৰদান কৰা উচিত। এই দৃষ্টিভংগী, আৰু আমাৰ এই সদনখন সংকল্প গৃহত পৰিণত হ'ব। আমাৰ অষ্টদশ লোকসভা সংকল্পৰে ভৰি আছে যাতে সৰ্বসাধাৰণ মানুহৰ সপোনবোৰ বাস্তৱায়িত কৰিব পৰা যায়।

 

বন্ধুসকল,

 

আকৌ এবাৰ মই নতুন সাংসদসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ, মই সকলো সাংসদক অভিনন্দন জনাইছোঁ আৰু বহুতো আশা বুকুত বান্ধি, আহকচোন আমি সকলোৱে একেলগে দেশৰ জনসাধাৰণে দিয়া নতুন দায়িত্ব পালন কৰোঁ, ইয়াক নিষ্ঠাৰে পূৰণৰ ব্যৱস্থা কৰোঁ, বহুত বহুত ধন্যবাদ বন্ধুসকল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Uttar Pradesh meets the Prime Minister
August 08, 2026

Chief Minister of Uttar Pradesh, Shri Yogi Adityanath met the Prime Minister, Shri Narendra Modi, today.

The Prime Minister posted on X:

Chief Minister of Uttar Pradesh, Shri @myogiadityanath met Prime Minister @narendramodi.

@CMOfficeUP