এন চি চিয়ে ভাৰতৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অহৰহ অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতী বিশ্ব মংগলৰ বাবে এক শক্তিঃ প্ৰধানমন্ত্ৰী
বিগত ১০ বছৰত আমি ভাৰতৰ যুৱক-যুৱতীসকলে সন্মুখীন হোৱা বহু বাধা দূৰ কৰাৰ দিশত কাম কৰিছো, ইয়াৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা বৃদ্ধি পাইছে: প্ৰধানমন্ত্ৰী
এই অমৃত কালত আমি এটা লক্ষ্যহে মনত ৰাখিব লাগিব – আমাৰ প্ৰতিটো সিদ্ধান্তৰ মাপকাঠী বিকশিত ভাৰত, কাৰণ আমাৰ প্ৰতিটো কাম বিকশিত ভাৰতৰ হ’ব লাগেঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!

এনচিচি দিৱস উপলক্ষে আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ মাজত ১৮ খন বন্ধুত্বপূৰ্ণ দেশৰ প্ৰায় ১৫০ গৰাকী কেডেটো ইয়াত উপস্থিত আছে। এই সকলো কেডেটক মই আদৰণি জনাইছোঁ। লগতে মেৰা যুৱ ভাৰত, মাই ভাৰত, দেশৰ সৈতে জড়িত সতীৰ্থসকলক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

গণৰাজ্য দিৱসৰ পেৰেডলৈ নিৰ্বাচিত হোৱাটো এক কৃতিত্ব। এইবাৰৰ পেৰেডো বিশেষ আছিল, কাৰণ আমাৰ গণৰাজ্যই ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। বন্ধুসকল, এই স্মৃতি আপোনাসৱৰ মনত আজীৱন থাকিব। ভৱিষ্যতে আপোনালোকৰ নিশ্চয় মনত থাকিব যে গণৰাজ্যখনে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভলগনত আমি পেৰেডত অংশ লৈছিলোঁ। শ্ৰেষ্ঠ কেডেট বঁটা লাভ কৰা সেই বন্ধুসকললৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। শেহতীয়াকৈ ইয়াত একাধিক এনচিচি মিছনৰ ফ্লেগ-অফৰ সুযোগ পাইছোঁ। এনচিচিৰ এনে প্ৰচেষ্টাই ভাৰতৰ ঐতিহ্যক যুৱ আকাংক্ষাৰ সৈতে সংযোগ কৰে। এই অভিযানসমূহেৰে জড়িত কেডেটসকলক আন্তৰিক শুভেচ্ছা জনালোঁ।

 

বন্ধুসকল,

দেশে স্বাধীনতা লাভৰ সময়ছোৱাতে এনচিচি প্ৰতিষ্ঠা হৈছিল। এক প্ৰকাৰে আপোনালোকৰ সংগঠনৰ যাত্ৰা দেশৰ সংবিধানৰ আগৰেপৰাই আৰম্ভ হৈছিল। গণৰাজ্যৰ ৭৫ বছৰে ভাৰতৰ সংবিধানে সদায় দেশক গণতান্ত্ৰিক প্ৰেৰণা যোগাই আৰু নাগৰিকৰ কৰ্তব্যৰাজিৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়াই আহিছে। একেদৰে এনচিচিয়েও ভাৰতৰ যুৱক-যুৱতীসকলক সদায় ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে অনুপ্ৰাণিতকৰণেৰে অনুশাসনৰ গুৰুত্ব সম্পৰ্কে বুজাই আহিছে। মই সন্তোষ পাইছোঁ যে বিগত বছৰকেইটাত চৰকাৰে এনচিচিৰ পৰিসৰ আৰু দায়িত্ব উভয়কে বৃদ্ধিৰ বাবে একাধিক প্ৰচেষ্টা হাতত লৈছে। আমাৰ সীমান্তৱৰ্তী অঞ্চল, সাগৰীয় সীমান্তৰে সংলগ্ন জিলাসমূহলৈ এনচিচিক সম্প্ৰসাৰণ কৰা হৈছে। আজি এনচিচি দেশৰ ১৭০ ৰো অধিক সীমান্ত তালুক আৰু প্ৰায় ১০০ উপকূলীয় তালুকত উপনীত হৈছে। লগতে তিনিওটা সেনাবাহিনীক অভিনন্দন জনাইছোঁ, এই জিলাসমূহৰ এনচিচিৰ কেডেটসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদানৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিছে, আজি সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা হাজাৰ-হাজাৰ যুৱক-যুৱতী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কেডেটৰ পৰিসংখ্যাতো এনচিচিৰ সংস্কাৰ সাধনৰ ফল আমি দেখিবলৈ পাইছোঁ। ২০১৪ত এনচিচিৰ কেডেটৰ পৰিসংখ্যা আছিল প্ৰায় ১৪ লাখ। আজি এই সংখ্যা ২০ লাখ হৈছেহি। গৌৰৱৰ বিষয় যে ৮ লাখৰো অধিক ছাত্ৰী কেডেট আছে, তেওঁলোক আমাৰ কন্যাসকল। আজি আমাৰ এনচিচিৰ কেডেটসকলে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এনচিচিৰ কেডেটসকলে ক্ৰীড়াৰ জগতখনতো নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে। মই গৌৰৱান্বিত যে এনচিচি হৈছে বিশ্বৰ সৰ্ববৃহৎ ইউনিফৰ্ম পৰিহিত যুৱ সংগঠন।

বন্ধুসকল,

আপোনাসৱে একবিংশ শতিকাত ভাৰত আৰু বিশ্বৰ উন্নয়ন নিৰ্ধাৰণ কৰিবলৈ ওলাইছে। ভাৰতৰ যুৱক-যুৱতীসকল কেৱল ভাৰতৰ বাবেই এক শক্তি নহয়, বৰঞ্চ বিশ্বৰ মংগলৰ বাবেও এক শক্তি। আজি বিশ্বই এই কথা স্বীকাৰ কৰিছে। শেহতীয়াকৈ বাতৰিকাকতত এক প্ৰতিবেদন প্ৰকাশ পাইছে। ইয়াত যি কোৱা হৈছে সেয়া অতিশয় গুৰুত্বপূৰ্ণ কথা। যোৱা দশকত ভাৰতৰ যুৱক-যুৱতীসকলে ডেৰ লাখ ষ্টাৰ্ট-আপ আৰু ১০০ৰো অধিক ইউনিকৰ্ণ সৃষ্টি কৰিছে। আজি বিশ্বৰ ২০০ৰো অধিক বৃহৎ কোম্পানীক ভাৰতীয় মূলৰ লোকে নেতৃত্ব প্ৰদান কৰি আছে। এই কোম্পানীসমূহে বিশ্বৰ জিডিপিত লাখ-লাখ কোটি টকাৰ বৰঙণি আগবঢ়াইছে, কোটি-কোটি লোকৰ জীৱন-যাত্ৰাৰ সলনিত সহায় কৰিছে। ভাৰতৰ বিজ্ঞানী, ভাৰতীয় গৱেষক, শিক্ষকসকলেও বিশ্বৰ অগ্ৰগতিক ত্বৰান্বিত কৰি তুলিছে। অৰ্থাৎ যিকোনো খণ্ডই হওঁক, ভাৰতৰ যুৱ শক্তি অবিহনে, ভাৰতৰ প্ৰতিভা অবিহনে বিশ্বৰ ভৱিষ্যৎ কল্পনা কৰাটো কঠিন। আৰু, সেইবাবেই মই আপোনালোক সকলোকে বৈশ্বিক মংগলৰ বাবে এক শক্তি বুলি কওঁ।

 

বন্ধুসকল,

ব্যক্তিয়েই হওঁক বা দেশেই হওঁক, অপ্ৰয়োজনীয় বাধা অতিক্ৰম কৰা মাত্ৰেকে ইয়াৰ শক্তি বাঢ়ি যায়। মই সন্তুষ্ট যে বিগত ১০ বছৰত ভাৰতৰ যুৱক-যুৱতীসকলে পূৰ্বে যি-যি বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল, সেই সকলোবোৰ বাধা আঁতৰোৱাৰ বাবে আমি কাম কৰিছোঁ। ইয়াৰ ফলত ভাৰতৰ যুৱ প্ৰজন্মৰ শক্তি, দেশৰ শক্তি বৃদ্ধি পাইছে। ২০১৪ত আপোনালোকৰ বয়স ১০ বা ১২ বা ১৪ বছৰ আছিল। আপোনাৰ পৰিয়ালৰ লোকক সুধিলে তেওঁলোকে আগতে কি পৰিস্থিতি আছিল, সেই কথা ক’ব। উদাহৰণস্বৰূপে নথি-পত্ৰৰ প্ৰমাণ। আগতে নামভৰ্তিয়েই হওঁক, পৰীক্ষাই হওঁক, নিযুক্তিয়েই হওঁক, যিকোনো প্ৰ-পত্ৰ পূৰণেই হওঁক, সকলোৱে নথি-পত্ৰ গেজেটেড বিষয়াৰ জৰিয়তে প্ৰমাণিত কৰিব লাগিছিল আৰু ইয়াৰ বাবে বহু দৌৰা-দৌৰি কৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰে যুৱক-যুৱতীসকলৰ এই অসুবিধা দূৰ কৰিলে আৰু আপোনালোকক বিশ্বাস কৰি এতিয়া স্ব-প্ৰমাণীকৰণৰ ব্যৱস্থা কৰিলে। আগতে যুৱক-যুৱতীসকলে বৃত্তিৰ বাবে আৱেদন, বৃত্তি লাভত বহু অসুবিধাৰ সন্মুখীন হৈছিল। আগতে বৃত্তিৰ টকাক লৈ বহু হেতালি খেলা হৈছিল, টকাখিনি ল'ৰা-ছোৱালীৰ একাউন্টলৈ যোৱা নাছিল। এতিয়া একক উইণ্ড’ চিষ্টেমে পুৰণি সকলো সমস্যা নোহোৱা কৰি পেলাইছে। আগতে বিষয় বাছনি সন্দৰ্ভত আন এক গুৰুতৰ সমস্যা আছিল। যদি আপুনি ব’ৰ্ডৰ অধীনত পঢ়ি থাকোঁতে কোনো বিষয় লৈছিল, তেন্তে সেয়া সলনি কৰাটো কঠিন আছিল। এতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আপোনাৰ ইচ্ছামতে বিষয় সলনিৰ নমনীয়তা প্ৰদান কৰিছে।

বন্ধুসকল,

১০ বছৰ পূৰ্বে যুৱক-যুৱতীসকলে সহজে বেংকৰ লোন লাভ নকৰিছিল। আগতে বেংকে কৈছিল যে লোন বিচাৰিলে প্ৰথমে কিছু নিশ্চয়তা দিয়ক। ২০১৪ত যেতিয়া দেশৰ জনসাধাৰণে মোক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্ব্যাহৰ সুযোগ প্ৰদান কৰিছিল, তেতিয়া মই কৈছিলোঁ, মই মোৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিশ্চয়তাৰ দায়িত্ব ল’ম। আমি মুদ্ৰা যোজনা আৰম্ভ কৰিছিলোঁ, যিয়ে বেংকৰ নিশ্চয়তা অবিহনে ঋণ দিয়ে। ইয়াৰ পূৰ্বে ১০ লাখ টকা পৰ্য্যন্ত ঋণ নিশ্চয়তা অবিহনে লাভ কৰা হৈছিল। এতিয়া চৰকাৰৰ তৃতীয় কাৰ্য্যকালত আমি ২০ লাখলৈ এয়া বৃদ্ধি কৰিছোঁ। ১০ বছৰত আমি মুদ্ৰা ঋণৰ অধীনত ৪০ লাখ কোটিৰো অধিক টকা প্ৰদান কৰিছোঁ। আপোনালোকৰ দৰে লাখ-লাখ যুৱক-যুৱতীয়ে এই ঋণৰ সহায়েৰে নিজ-নিজ ব্যৱসায় আৰম্ভ কৰিছে।

 

বন্ধুসকল,

যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল দেশৰ নিৰ্বাচনী ব্যৱস্থা। মাত্ৰ দুদিন পূৰ্বে আমি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰিছিলোঁ। আপোনালোকৰ বহুতেই প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিছে। ভোটাৰ দিৱসৰ উদ্দেশ্য হৈছে সৰ্বাধিক সংখ্যক ভোটাৰে প্ৰক্ৰিয়াটোত অংশগ্ৰহণেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে। আজি বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন ভাৰতত অনুষ্ঠিত হয়, কিন্তু ইয়াৰ আন এটা দিশ হ’ল ভাৰতত কেইমাহমানৰ মূৰে-মূৰে নিৰ্বাচন হৈয়েই থাকে। স্বাধীনতাৰ পিছত বহুদিনলৈ এনেকুৱা হৈছিল যেতিয়া লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল। কিন্তু তাৰ পিছত এই আৰ্হিটো নোহোৱা হৈ পৰিছিল, ইয়াৰ বাবে দেশখন বহু ক্ষতিগ্ৰস্ত হৈছে। প্ৰতিটো নিৰ্বাচনতে ভোটাৰ তালিকা আপডেট কৰা হয়, বহু কাম কৰা হয় আৰু আপোনালোকে নিশ্চয় দেখিছে যে ইয়াত আমাৰ শিক্ষকসকলে দায়িত্ব পালন কৰে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কাৰ্য্য ব্যাহত হয়, তেওঁলোকৰ পৰীক্ষাৰ প্ৰস্তুতিত প্ৰভাৱ পৰে। সঘনাই হোৱা নিৰ্বাচনৰ বাবে শাসন ব্যৱস্থাতো অসুবিধাৰ সৃষ্টি হয়। যাৰ বাবে আজিকালি দেশত এক অতিশয় গুৰুত্বপূৰ্ণ আলোচনা অব্যাহত আছে। এই বিষয়ত সকলোৱে নিজৰ-নিজৰ মতামত জনাইছে আৰু গণতন্ত্ৰত এই বিবেচনা অতিশয় প্ৰয়োজনীয়, সকলোৱে নিজৰ-নিজৰ মতামত প্ৰকাশ কৰা উচিত, যি অতিশয় প্ৰয়োজনীয়। বিষয়টো হৈছে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন। লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব লাগে আৰু প্ৰতি ৫ বছৰৰ মূৰে-মূৰে অনুষ্ঠিত কৰিব লাগে। আজি ভাৰতৰ যুৱক-যুৱতীসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ, এনচিচিৰ কেডেটসকলক অনুৰোধ কৰিছোঁ, মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলক অনুৰোধ কৰিছোঁ, এনএছএছৰ সতীৰ্থসকলক অনুৰোধ কৰিছোঁ, আমি য'তেই নাথাকো কিয়, আমি এই আলোচনাত ভাগ লওঁ যেন, ইয়াক আগুৱাই নিওঁ যেন, ইয়াৰ নেতৃত্ব দিওঁ যেন, আমি এই বিতৰ্কত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। এয়া আপোনালোকৰ ভৱিষ্যতৰে প্ৰত্যক্ষভাৱে জড়িত বিষয়। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত নতুন চৰকাৰ গঠনৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়, তাত চাৰি বছৰৰ মূৰে-মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। আপোনালোকৰ নিজৰ কলেজ বা স্কুলতো ছাত্ৰ পৰিষদৰ নিৰ্বাচন একে সময়তে সম্পূৰ্ণ হয়। এবাৰ ভাবি চাওঁকচোন, যদি প্ৰতিমাহে নিৰ্বাচন অনুষ্ঠিত হৈ থাকে, তেন্তে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত পঢ়া-শুনা সম্ভৱ হ’বনে? গতিকে এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ বিতৰ্কৰ নেতৃত্ব দিয়া উচিত; দেশজুৰি আলোচনা হ’ব লাগে যাতে দেশখনে সঠিক দিশত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল’ব পাৰে।

বন্ধুসকল,

আজি একবিংশ শতিকাৰ বিশ্বখন অতি দ্ৰুতগতিত সলনি হৈছে। আজি সময়ৰ আহ্বান এয়ে যে আমিও অতি দ্ৰুত-গতিত আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত আপোনালোক সকলোৰে, দেশৰ যুৱক-যুৱতীসকলৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে, সেয়া শিল্পৰ ক্ষেত্ৰয়েই হওঁক, গৱেষণাৰ ক্ষেত্ৰয়েই হওঁক, উদ্ভাৱনৰ ক্ষেত্ৰয়েই হওঁক, আপোনালোকৰ উদ্ভাৱনী ধাৰণা, সৃষ্টিশীলতাৰে নতুন শক্তি সৃষ্টি কৰিব লাগিব। তেনেকুৱা আন এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ’ল ৰাজনীতি। আমাৰ দেশৰ যুৱক-যুৱতীসকলে যিমান পাৰে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিব লাগে, নতুন পৰামৰ্শ আগবঢ়াব লাগে, নতুন শক্তিৰে আহিব লাগে, উদ্ভাৱনী ধাৰণা লৈ আহিব লাগে। এয়াই আজি দেশৰ প্ৰয়োজন। সেইবাবেই মই লালকিল্লাৰপৰাই কৈছোঁ যে এক লাখ যুৱক-যুৱতী ৰাজনীতিলৈ আহিব লাগে। যুৱক-যুৱতীসকলৰ শক্তি কি, এই কথা আমি বিকশিত ভাৰতঃ ইয়ং ইণ্ডিয়া ডায়লগৰ সময়তো দেখিছোঁ। ইয়াত দেশৰ ভিন্ন প্ৰান্তৰ লাখ-লাখ যুৱক-যুৱতীয়ে অমূল্য পৰামৰ্শ আগবঢ়াইছে, এখনি উন্নত ভাৰত গঢ়াৰ বাবে নিজৰ মতামত প্ৰকাশ কৰিছে।

বন্ধুসকল,

স্বাধীনতা সংগ্ৰামৰ সময়ত দেশৰ প্ৰতিটো শ্ৰেণীৰ লোকেই নিজ-নিজ একমাত্ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল – সেয়া আছিল দেশৰ স্বাধীনতা আৰু যুৱক-যুৱতীসকলেও ইয়াত অতিশয় উৎসাহেৰে অংশগ্ৰহণ কৰিছিল, ত্যাগ কৰিছিল, যৌৱনৰ সময়ছোৱা কাৰাগাৰত কটাইছিল। একেদৰে এই অমৃতকালতো আমি মাত্ৰ এটা লক্ষ্য ৰাখিব লাগিব – সেয়া হৈছে এখনি উন্নত ভাৰত। আমাৰ প্ৰতিটো সিদ্ধান্তৰ মাপকাঠী, প্ৰতিটো কামৰ মাপকাঠী এখন উন্নত ভাৰত হ’ব লাগে। আৰু ইয়াৰ বাবে আমি আমাৰ পঞ্চ পণসমূহ সদায় মনত ৰাখিব লাগিব। পঞ্চ পণৰ অৰ্থ হ’ল – আমি এখনি উন্নত ভাৰত গঢ়িব লাগিব, দাসত্বৰপৰা মুক্ত হ’ব লাগিব, আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব লাগিব, ভাৰতৰ ঐক্যৰ বাবে কাম কৰিব লাগিব আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰিব লাগিব। এই পঞ্চ পণেই প্ৰতিগৰাকী ভাৰতীয়ক মাৰ্গ-দৰ্শন কৰিব, যি প্ৰতিগৰাকী ভাৰতীয়ৰে প্ৰেৰণা। এতিয়া আপোনাসৱে যি আশ্চৰ্য্যকৰ সাংস্কৃতিক পৰিবেশন কৰিলে, সেয়ায়ো ইয়াৰেই প্ৰতিফলন ঘটায়। এক ভাৰত – শ্ৰেষ্ঠ ভাৰতৰ অনুভৱ দেশৰ এক বৃহৎ শক্তি। সম্প্ৰতি প্ৰয়াগত যি মহাকুম্ভ অব্যাহত আছে, তাতো দেশৰ ঐক্যৰ এই প্ৰতিফলন দেখা গৈছে। গতিকে এই মহা কুম্ভ একতাৰ মহা কুম্ভ। এই ঐক্য দেশৰ প্ৰগতিৰ বাবে প্ৰয়োজনীয়।

 

বন্ধুসকল,

লগতে সদায় নিজৰ কৰ্তব্যবোৰ মনত ৰাখিব লাগিব। কৰ্তব্যৰ ভেটিত এখন বিশাল আৰু ঐশ্বৰিক উন্নত ভাৰত গঢ়িব লাগিব।

বন্ধুসকল,

আজি মই আপোনালোকৰ মাজলৈ আহি আপোনালোকৰ উদ্যম আৰু উৎসাহ দেখিবলৈ পাইছোঁ, মই এটা সময়ত কেইটামান শাৰী লিখিছিলোঁ, সেই শাৰীকেইটা আজি মোৰ মনলৈ আহিছে, মই এটা সময়ত লিখিছিলোঁ-

অগণন ক্ষেত্ৰৰ শক্তি, সকলোতে আছে দেশৰ প্ৰতি ভক্তি!

উঠি ত্ৰিৰংগা জোঁকাৰি ভাৰতৰ ভাগ্য উত্তোলন কৰক।

কৰিব নোৱাৰা একো নাই, অৰ্জন কৰিব নোৱাৰা একো নাই

তুমি উঠা, তুমি যোৱা!

নিজৰ শক্তি চিনি লওঁক, নিজৰ কৰ্তব্য জানি লওঁক!

 

 

বন্ধুসকল,

আকৌ এবাৰ আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনাইছোঁ আৰু আপোনালোক সকলোকে বহু-বহু ধন্যবাদ জনালোঁ। আমি সমস্বৰে কওঁচোন আহক-

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi speaks with the President of Iran
March 12, 2026
President Pezeshkian shares his perspective on the situation in Iran and the region.
PM reiterates India’s consistent position on resolving all issues through dialogue and diplomacy.
PM highlights India’s priority regarding safety and well-being of Indian nationals and unhindered transit of energy and goods.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the current situation in Iran and shared his perspective on recent developments in the region.

The Prime Minister expressed deep concern about the evolving security situation in the region and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

The Prime Minister highlighted India’s priority regarding the safety and well-being of Indian nationals in the region, including in Iran, as also the importance of unhindered transit of energy and goods.

The two leaders agreed to remain in touch.